ফটাঢোল

ফটা লিমাৰিক- ধনজিৎ বৰুৱা

                   ১) 

বেজ বৈদ্যৰ তীৰকঁপে জ্বৰ উঠে নগৰত 

পুত্ৰই নিচিনে ঔষধ পৰি গ’ল জগৰত 

নিশিকালে যে  আন কাকো 

নিজেও আন নিশিকিল একো

আনলোকে শোকৰ বিষয়ো কৈ আছে ৰগৰত। 

                 (২) 

চোৱাওঁতে নাম জয়াপ্ৰদা লিখিত জেনিফাৰ 

সোঁৱৰণীৰ  লিখাবোৰক কৰিলে অত্যাচাৰ 

ঘৰে বুলিলে পণ্ডিত মিছা 

পণ্ডিতে বোলে তেৰাৰ ইচ্ছা 

যতন নল’লে  ভাল আলুৰ খেতিতো উঠে খাৰ। 

                (৩) 

দে মোবাইল, দে গাড়ী, বাইক, ঘৰ ধাৰত  লীন 

বন্ধকী মাটিত আঘোণৰ ফটোৰে মাডাৰ ফাডাৰ দিন 

বোপাই ইহঁতে যম দূত 

অৰ্থনীতিৰ নামত সূত 

ভোট দিয়ে সেইকাৰণে এতিয়া চৰকাৰে মাৰক ঋণ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *