মেন ৱিল বি মেন- নীলাক্ষি কাকতি
ছেঃ দেৰিয়েই হ’ল৷ গিতালীৰ চাগে খঙেই উঠিব! তাই দুপৰীয়া এক বজাত চানফ্লাৱাৰ ৰেষ্টুৰেণ্টত মোক লগ কৰিবলৈ মাতিছিল৷ আজি বোলে তাই মোক পাৰ্টি দিব নতুন এটা ম’বাইল লোৱাৰ বাবে৷ আচলতে আমাক দুয়োজনীকে কিবা খোৱাৰ বাবে মাত্ৰ এটা অজুহাতৰ প্ৰয়োজন৷ ‘পাৰ্টি’-বোলা শব্দটো আচলতে আমাৰ বাবে বাহানাহে৷ এই ক্ষেত্ৰত আমি দুয়ো একেবাৰে হাল বাবৰ বাবে ব্যৱহাৰ হোৱা গৰুহালৰ দৰে৷ এটা কুৰ্টি কেইমাহমান পিন্ধাৰ পিছত চিলনিবোৰ ফাটিবলৈ আৰম্ভ কৰেই৷ যিটো অনুপাতত আমি দুয়ো বাঢ়ি গৈ আছোঁ সেই হিচাপত চক্ৰবৃদ্ধি সূতো নাবাঢ়ে৷ হোষ্টেলৰ অন্য ছোৱালীবিলাকে যিদৰে মেইনটেইন কৰে নাইবা ডায়েটিং কৰে, সেইবোৰ দেখিলে ভাৱ আহে আমিও এইবোৰ কৰি কেইকেজিমান কমাব পাৰোঁ দেখোন! পিচে তাৰ লগে লগেই ভাৱ আহে, নাই নালাগে৷ অন্নক সন্মান কৰা উচিত৷ সকলোৱে যদি খোৱা এৰি দিয়ে তেন্তে বজাৰৰ কি অৱস্থা হ’ব? দোকানীৰ কিমান লোকচান হ’ব? দেশৰ আৰ্থিক ব্যৱস্থা জহন্নামে যাব৷ নাই নাই৷ এনে হ’ব দিব নোৱাৰি৷ দেশৰ উন্নতিৰ বাবে আমি খাবই লাগিব৷ দোকান-বজাৰ, হোটেলৰ কথা আমি চিন্তা কৰিবই লাগিব৷ হঠাতে পিঠিত এটা ঢকা পোৱা যেন অনুভৱ হ’ল৷ উভতি চালোঁ৷ গিতালীয়ে ঘামি-জামি মোৰ পিছফালে ৰৈ আছে৷
: ঐ মৰতী৷ কি ভাবি আছ’? মোক পাৰ হৈ ক’লৈ গৈ আছ’? কিমান সময় ৰৈ আছোঁ গম পাৱনে এই গৰমত?
: নহয় অ’৷ হোষ্টেলৰ পৰা ঠিক সময়তে ওলাইছিলোঁ৷ চিটি বাছখনেহে দেৰি কৰিলে৷ ইমান ৰখাই ৰখাই আহিছে নহয়৷ তাতে আকৌ মানুহ এজনৰ লগত কণ্ডাক্টৰৰ ভাৰা লৈ কাজিয়া লাগিল৷ নক’বি আৰু! ব’ল ব’ল৷ ৰেষ্টুৰেণ্টত সোমাওঁ আহ৷ মই সেইবোৰ ভাবি ভাবি আহি থাকোঁতেই তোক দেখাই পোৱা নাছিলোঁ৷
ৰেষ্টুৰেণ্টত সোমাই দুয়ো এঠাইত বহিলোঁ৷ আহিয়েই চিধাই মেনুখন চাবলৈ আৰম্ভ কৰিলোঁ৷ আমাৰ কাষতে তিনিজন ল’ৰাই আড্ডা মাৰি আছে৷ সিহঁতৰ হাঁহি আৰু চিঞৰ-বাখৰত ৰেষ্টুৰেণ্টখনত খাবলৈ অহা মানুহবোৰে অলপ অশান্তি পোৱা যেন অনুভৱ হৈছে, কিয়নো দুই এজনে সিহঁতৰ ফালে অলপ বিৰক্তিৰ ভাৱত চাবলৈ আৰম্ভ কৰিছে৷ সিহঁতৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ আমি দুয়োজনীকে দেখি সিহঁতে সৰু সৰুকৈ কিবা কৈ অলপ বেঁকাকৈ হঁহাটো মই লক্ষ্য নকৰা নহয়৷ সেইটো স্বাভাৱিক৷ সিহঁতৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ আমি দুয়ো দেখনীয়াৰ নহয়৷ ৱেটাৰজনক অৰ্ডাৰ দি আমি দুয়ো কথা পতাত লাগিলোঁ৷ ল’ৰাকেইজনৰ কথা-বতৰা আমাৰ কাণত উফৰি আহি পৰি আছে মাজে মাজে৷ মডেলিং, ক্ৰিকেট, ৱেব চিৰিজ ইত্যাদি বিভিন্ন বিষয়৷ তাৰ মাজে-মাজে,
: আব্বে, শুন না৷ নীহাৰিকাই তপনক তামাম মক্কেল বনালে ৰে৷
: কিয় কি হ’ল? তাই তাক ব্ৰেকআপ দিলে নেকি?
: তই গমেই নাপাৱ নেকি? ভঙুৱাৰ জাত চাল্লা তই৷ শুন৷ তাই তপনক বেয়া টুপি দিলে৷ তাৰ যোগেদি তাই চিনেমাৰ প্ৰডিউচাৰ এটাৰ লগত চিনাকি হ’ল৷ এতিয়া তাই তপনক কৈছে তাইৰ বোলে সেই প্ৰডিউচাৰটোৰ লগত সঁচা প্ৰেম হৈ গ’ল৷ সেয়ে তাই তাৰ লগত কণ্টিনিউ কৰিব নোৱাৰে বোলে৷ শুনামতে প্ৰডিউচাৰটোৱে তাৰ নেক্সট প্ৰজেক্টটত তাইক হিৰোইন বনাব৷
: ধেই৷ এই ছোৱালীমখাক বিশ্বাসেই কৰিব নাপায়৷ এদিন হ’লেও লাঠ দিবই৷ দেখা নাই৷ টাইটানিকত হিৰ’টোক মক্কেল বনাই হিৰ’ইনহে জীয়াই থাকিল৷ ইমান যদি প্ৰেম আছিল তায়ো ডুবি দিব লাগিছিল৷ এই প্ৰেম-চেম এইবোৰ এক্কেবাৰে বেকাৰ বস্তু বে! প্ৰথমতে পটাবৰ বাবে ঘটিয়ে ঘটিয়ে পানী খা আৰু তাৰপিছত কেইদিনমান থাকি লাঠ খোৱাৰ বাবে মদ খা৷ মোৰে ভাল৷ আজি যদি ৰীতা কালি মীতা৷ এনেয়ো বিয়া পতাৰ পিছত টেনচনেই টেনচন৷ প্ৰেম কৰি কিয় টেনচন খাম ৰে?
সিহঁতৰ কথাবোৰ মই শুনি আছিলোঁ৷ হওঁতে আমাৰ বয়সৰে হ’ব৷ তেতিয়ালৈ আমাৰ অৰ্ডাৰো আহি পাইছিল৷ আমাৰ খাদ্য সম্ভাৰ দেখি এজনে কোৱা বাক্য এটা মোৰ মিহিকৈ কাণত পৰিছিল৷ “চা না বে৷ পথালি কোমোৰা৷ কেনে খাৱন!” সেই সময়তে মোৰ দৃষ্টি সন্মুখৰ দুৱাৰখনৰ ফালে গ’ল৷ এজনী ছোৱালী সোমাই আহিছে৷ ভৰিত হিল৷ পাতল সেউজীয়া ৰঙৰ এটা কুৰ্টি আৰু জিন্স৷ বিশেষ প্ৰসাধন নাই যদিও গঢ়টো বৰ ধুনীয়া৷ মন কৰিলোঁ অত সময়ে জোৰে জোৰে কথা পাতি থকা ল’ৰাকেইজনেও তাইক মন কৰিছে৷ সিহঁতৰ হাঁহি-খিকিণ্ডালিবোৰোচোন পাম দিয়া বেলুনটোৰ দৰে কমি গৈছে! ‘টক্ টক্’ তাইৰ হিলযোৰৰ শব্দটো ক্ৰমান্বয়ে বাঢ়ি আমি বহি থকা কাষৰ টেবুলখনত শেষ হ’ল৷ তাই বহিয়েই ম’বাইলটো উলিয়াই ল’লে৷ সঁচাকৈয়ে বৰ ধুনীয়া৷ মনতে ভাবিলোঁ ময়োচোন তাইৰে বয়সৰ! অকণমান চেষ্টা কৰিলে তাইৰ দৰে ফিগাৰ এটা বনাব পৰা যায়! কিন্তু ৰাতিপুৱাই উঠা আৰু উঠি ব্যায়াম কৰা, কমাই ভাত খোৱা, চালাড খোৱা, কমকৈ খাই যদি প্ৰেচাৰ ল’ হয়, ইত্যাদি কথাবোৰ মনলৈ অহাৰ লগে লগেই মনৰ জোৰটো আধা কমিয়েই আহিল৷ তাৰোপৰি সন্মুখতে থকা বাটাৰ চিকেন আৰু তণ্ডুৰী চিকেনৰ প্লেটখন দেখি স্বাস্থ্যৰ যত্ন ৰখা কথাটো সাময়িকভাবে স্থগিত ৰাখিলোঁ৷ মন কৰিলোঁ ল’ৰাকেইজনৰ কথা-বতৰাবোৰ সলনি হৈছে৷ হাত-ভৰি মেলি কথা পতাৰ পৰিৱৰ্তে সিহঁত দেখোন চিধা হৈ বহিছে এইবাৰ! শব্দবোৰ মিহি হৈ গৈছে৷ মন কৰিলোঁ সিহঁতে মাজে মাজে তাইৰ ফালে চাই চাই কিবা কথা পাতিবলৈ আৰম্ভ কৰিছে৷ পুনৰ কাণ থিয় কৰিলোঁ৷
: তোৰ প্ৰেজেণ্টেশ্যনটো কিমানখিনি আগবাঢ়িছে? মোৰ প্ৰায় শেষ হওঁ হওঁ৷
: হ’বই আৰু শেষ৷ সন্ধিয়া আকৌ গীটাৰো প্ৰেকটিচ কৰিব লাগে যে৷ ৰাতিপুৱা আকৌ জিমতো গৈ আছোঁ৷
: মই আকৌ এইকেইদিন ৰাস্তাৰ কুকুৰক খাদ্য দিয়াৰ কাম এটাত লাগি আছোঁ৷ এটা NGO ৰ চেক্ৰেটাৰীজনে ফোন কৰি মোক কৈছে মই সহায় নকৰিলে বোলে সিহঁতৰ এই কামটো কৰাত দিগদাৰ হ’ব৷ পঢ়া-শুনাতো সৱেই কৰে ন কিন্তু সমাজৰ কথাওতো ভাবিব লাগিব৷
: হয় কথাটো৷ ময়ো প্ৰেজেণ্টেশ্যনটো কমপ্লিট কৰি ট্ৰেকিং কৰিবলৈ যাম৷
ৱাহ! হঠাৎ ইমান সলনি! একেবাৰে “পু বনি পাৰ্বতী”ৰ মেল ভাৰ্চন গোটেইকেইজন৷ নাই নাই এইবাৰ দহ কেজি ওজনৰ শিল এটা বুকুত থৈয়ো স্বাস্থ্য কমাবই লাগিব৷
: অ’ দীপম৷ সোমাই আহা৷ মই ইয়াতেই বহি আছোঁ৷ লাষ্টৰ ফালে আছোঁ৷ ছোৱালীজনীয়ে ফোনত কাৰোবাক কিবা কৈছে৷ কিছুসময় পিছতেই ওখকৈ, মাৰ্জিত সাজেৰে এজন সুদৰ্শন ল’ৰা সোমাই আহিল। ছোৱালীজনীয়ে ল’ৰাজনক দেখি হাতখন জোকাৰি দিলে৷
: দেৰি হ’ল দেই৷ বেয়া নাপাবা৷ ট্ৰেফিকৰ কথাটো বুজি পোৱাই৷
: একো প্ৰব্লেম নাই৷ তোমাক জানো বেয়া পাব পাৰোঁ?
ল’ৰাকেইজনলৈ মন কৰিলোঁ৷ অলপ সেমেনা-সেমেনি কৰিছে৷ এজনে আকৌ বেঁকাকৈ হাঁহিছে৷
: এই ৱেটাৰ৷ ইমান দেৰি হয় নেকি বিলটো আনোতে হা? ঐ, ব’ল যাওঁ৷
মনতে ভাবিলোঁ, ইহঁত বা এতিয়া ক’লৈ যাব? জিমলৈ নে গীতাৰ বজাবলৈ! নে সিহঁতে প্ৰেজেণ্টেশ্যন শেষ কৰিব এতিয়া! আমি দুয়ো যাবলৈ ওলালোঁ৷ মই কাইলৈৰ পৰা অলপ স্বাস্থ্য সচেতন হ’ম৷ তাৰ আগতে আজি কেইটামান ফুচকা খাই লওঁ ইয়াৰ পৰা ওলায়৷
☆ ★ ☆ ★ ☆
10:55 am
সুন্দৰ কাহিনী ৷
5:31 pm
হা হা। বঢ়িয়া লাগিল। “পু বনি পাৰ্বতি”ৰ মেল ভাৰ্জন। এইটো তামাম।
9:23 pm
বঢ়িয়া লাগিল নীলাক্ষী৷ এইটোৰে মেগাজিন পঢ়া আৰম্ভ কৰিছো৷
6:56 am
ভাল লাগিল।
1:25 pm
বঢ়িয়া৷
1:41 pm
বৰ ভাল লাগিল বা।