ফটাঢোল

ইলিছীয় – ভাস্কৰ জ্যোতি বৰুৱা

কেইদিনৰনো আগৰ কথা, ছয় মাইলৰ বজাৰত ইলিছ মাছৰ দাম শুনি চিটিকি উফৰি আহোঁতে ভৰিত কচকা খোৱা? সেইখন বজাৰতে এতিয়া বেপাৰীয়ে মোলায়েমকৈ মাতিছে –

: অ’ দাদা, লৈ যাওক, তিনচ’কে দিব।

জিভাৰ বহুদিনৰ অপূৰ্ণ বাসনা পূৰণ কৰাৰ হাবিয়াসে মোক চোঁচৰাই লৈ গৈছে মাছ বেপাৰীৰ ওচৰলৈ। কিন্তু কিনিবলৈ সাহস গোটাব পৰা নাই। ৰন্ধাৰ শেষত যদি ফেচবুকতেই নিদিওঁ, তেনে মাছ খাই কি সোৱাদ পামনো? লাইক-কমেণ্টতেইতো আচল টেষ্ট। অৱশ্যে কোনেও মোক ইলিছ কিনিবলৈ বাধা দিয়া নাই। কিন্তু সন্ধিয়া ৮ ৰ টিভিত আলোচনা আৰু ফেচবুক বন্ধুৰ কেইটামান আপডেটে মোক ভয়াতুৰ কৰি তুলিছে। পৰিবেশৰ শত্ৰু কিদৰে হওঁনো?

ছালমন মাছৰ দৰেই ইলিছো এবিধ সাগৰীয় মাছেই বোলে। মাত্ৰ কণী পাৰিবলৈকে বিশুদ্ধ নিমখবিহীন নদীৰ পানীৰে উজাই আহিছে। কণী পাৰি আকৌ উভতি যাব। বাংলাদেশতো বোলে এক অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈকে ইলিছ মাছ মৰা বন্ধ। মহা সমস্যা! ডাঙৰ মাছকেইটা ৰাইজে বাছি-বাছি লৈছেই, মই একো সিদ্ধান্ত ল’ব পৰা নাই।

আচ্ছা, মতা ইলিছ কিনিলে বাৰু পৰিবেশ বিনষ্ট কৰা দোষৰ পৰা অলপ হ’লেও বাচিম নেকি? কিন্তু সিহঁতেওতো এনেয়ে অহা নাছিল কিজানি। নিশ্চয় এচক’ৰ্ট দিহে আহিছিল মাইকীকেইজনীক। দুৰ্ভাগ্য, বেচেৰাকেইটাৰ। সিহঁতৰো কেইটামান কিন্তু কম নহয়। কাৰণ এইবাৰ ইলিছ মাছ উজাই বিশ্বনাথমানলৈকে আহিছে বোলে। সাধাৰণতে ধুবুৰী মানলৈকেহে আহে। নিশ্চয় উৰুলিপুঙা প্ৰেমিককেইটামানেই মিচগাইড কৰিলে বেচেৰীকেইজনীক।

: দাদা, ল’বনে?

সেয়া বেপাৰীয়ে আকৌ সুধিছে। সিদ্ধান্ত এতিয়াও ল’ব পৰা নাই। কিনিলোৱেই যেনিবা মতা এটা চাই, মই কেনেকৈ প্ৰমাণ কৰিম? পেটত কণী নাথাকিলেও মোৰতো ডি এছ এল আৰ কেমেৰা নাই যে ইমান নিখুত ফটো ল’ম আৰু প্ৰমাণ কৰিব পাৰিম। তদুপৰি কণীখিনি উলিয়াই মাছ ৰান্ধিছে বুলি অভিযোগ কৰিলে কি হ’ব মোৰ প্ৰতিৰোধ? মইতো মাছ বিশেষজ্ঞ নহয় যে এইটো মাছ মাইকী নহয় বুলি ৰন্ধাৰ পাচত প্ৰমাণ কৰিব পাৰিম। মহা সমস্যা।

নিজৰ ওপৰতে খং উঠি আহিল – কি দৰকাৰ আছিল তেনে আপডেট খুচৰি খুচৰি পঢ়াৰ? মোৰ আৰু কাম নাছিল নে সন্ধিয়াৰ টিভিত ইলিছ মাছৰ আলোচনা চাই বহি ৰৈছিলো? কিছু দিনৰ আগতে আমাৰ ইয়াত স্থানীয় মাছৰ কণী পৰা সময় আছিল। তেতিয়া প্ৰশাসনে নৈ-বিলত মাছ মৰা বন্ধ কৰিছিল। এতিয়া আকৌ ইলিছ মাছৰ বাবে পৃথককৈ? হয়তো সম্ভৱ। বজাৰলৈ নহা হ’লে কথা নাছিল, এতিয়া এফুট আঁতৰৰ পৰা মই কেনেকৈ নিকিনি উভতো? মাছ বেপাৰীলৈ চালো – সি মোক আৰু বেচিবলৈ চেষ্টা কৰা নাই। সম্ভাব্য গ্ৰাহকৰ তালিকাৰ পৰা হয়তো মোৰ নামটো ইতিমধ্যেই মছি দিছে।

এক মিনিট, এক মিনিট। ৰাইজে যে কৈ থাকে ব্ৰহ্মপুত্ৰৰ ইলিছৰ সোৱাদ নাই, পদ্মাৰ কথাই বেলেগ, কিন্তু সাগৰৰ পৰা অহা মাছৰ পদ্মালৈকে সোৱাদ আৰু অসমত সোমালে সেই মাছ সোৱাদহীন কেনেকৈ হৈ পৰে? মই ভাবিবলৈ ধৰিলো। ঘৰলৈ গৈ গুগোল মেপ উলিয়াই মই অংক কৰিবলৈ সিদ্ধান্ত ল’লো – পদ্মাৰ মোহনাৰ পৰা ধুবুৰীলৈ কেই কিলোমিটাৰ? ইলিছৰ গতিবেগ কিমান? কেইদিনৰ আগলৈকে এইকেইটা পদ্মাৰ সোৱাদ থকা ইলিছ আছিল? অৱশ্যে এইটোও হ’ব পাৰে যে পদ্মাত কণী নপৰা সময়ত ধৰা ইলিছ মাছকেইটাৰ সোৱাদ বেছি।

: দাদা, নিকিনে যদি অলপ চাইড দি দিয়ক।

আঃ, কি অপমান! তাক কেনেকৈ বুজাওঁ মোৰ সমস্যা? নকওঁ, নালাগে থাকক। মেকুৰীয়ে মৎস্যকুলৰ চিন্তা কৰা বুলি সি হাঁহি দিব পাৰে।

বাংলাদেশত এই যে ইলিছ মাছ ধৰা অক্টোবৰত বন্ধ কৰে, তাৰ পৰা ইলিছকুলৰ বৃদ্ধিত সহায়ক হোৱাৰ লগতে আন সময়ত সেই কণীৰ পৰা হোৱা মাছে বাংলাদেশৰ অৰ্থনীতিতো ধনাত্মক প্ৰভাৱ নিশ্চয় পেলায়। স্বাৰ্থপৰৰ দৰে যদি ভাবো – আমি বাৰু এই সময়ত ইলিছ মাছ নধৰো, নাখাওঁ। কিন্তু আমি কি পাম? মাছ আহিল, কণী পাৰিলে, পোনা হ’ল আৰু জাকে-জাকে উভতি গ’ল সাগৰৰ অভিমুখে। অন্যমনস্ক বা বেমাৰীকেইটামান হয়তো ৰৈ যাব ব্ৰহ্মপুত্ৰক বদনাম কৰিবলৈ। এখন চুক্তিৰে বাংলাদেশক বাধ্য কৰিব নোৱাৰিনে সুলভ মূল্যত পদ্মাৰ ইলিছ অসমক দিবলৈ? অক্টোবৰত ইয়াত ইলিছ মাছ নধৰাৰ ক্ষতিপূৰণ।

মই উভতিলো।

★★★★

One comment

  • হেমন্ত কাকতি

    এইটো মজ্জা লিখিছা ভাস্কৰ ৷ আগতে গোটত পঢ়িলো, আজি আকৌ এবাৰ ৷
    ফ্ৰন্ট ফুটত খেলি থাকা ৷ নেৰিবা ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *