ভোক- অসমী গগৈ(বৰুৱা)
সঠিক খবৰটো কোনেও পোৱা নাই। এনেয়ো সৰু মানুহে ডাঙৰ মানুহৰ খবৰ সহজে নাপায়েই। তথাপিও অহুকাণে-পহুকাণে সকলোৱে শুনিছে যে চহৰৰ ধনী-মানী মানুহঘৰত কিবা এটা হৈছে, কি কোনেও নাজানে। ওখ ওখ দেৱালেৰে ঘেৰা ঘৰটোৰ ভিতৰৰ খবৰ বাহিৰলৈ অহাতো বৰ সহজ কথা নহয়। তথাপিও ঘনে ঘনে সৰু-বৰ গাড়ীৰ সঘন আহ-যাহে কিবা এটা হোৱাৰে ইংগিত বহন কৰিছে। চকুত পৰিছে মানুহবোৰৰ। বাটৰ কাষৰ ঘৰ, তাতে সুদৃশ্য। স্বাভাৱিক কৌতূহল এটাই সকলোকে সদায়েই ঘেৰি থাকে। তাতে এতিয়া জটিল সময়।
হয়, সময়বোৰ এতিয়া জটিল। মহামাৰীৰ বতাহে কোৱাই গৈছে দেশ কাল। স্তব্ধ হৈ পৰিছে জনজীৱন। সোমাই আছে মানুহবোৰ ঘৰৰ ভিতৰত। নিতান্ত প্ৰয়োজন নহ’লে কোনো ওলাই সোমাই ফুৰা নাই। জীৱন হেৰুৱাৰ ভয়ত সকলো সন্ত্ৰষ্ট। কিন্তু জীৱিকা!
হয়, জীৱিকাও হেৰাল বহুতৰ আৰু তেনে জীৱিকা হেৰুওৱা দুজনমান লোক লগ হৈ চাই আছে সুদৃশ্য ঘৰটোৰ ফালে।
: হেৰা, চোৱা চোৱা আকৌ দুখন গাড়ী সোমাল।
: হয় হয়…
: অলপ আগতে সোমাইছিলহে দুখন।
: কাৰোবাৰ কিবা টান নৰীয়া হৈছে যেনেই লাগিছে বুজিছা।
: হ’ব পাৰে।
: হয়েই বুজিছা! আমি দুহাত দূৰৰ পৰাই নাড়ী নক্ষত্ৰ ধৰিব পৰা মানুহ। কেনেবাকৈ এবাৰ ভিতৰলৈ যাবলৈ পোৱাহেঁতেন, মোৰ কবিৰাজী পথ্যৰে নিমিষতে বেমাৰ দূৰ কৰিলোঁহেঁতেন।
: এঃ থোৱাহে, বেমাৰ নহ’বও পাৰে।
: হৈছেই কাৰোবাৰ। এবাৰ বুজিছা, এঘৰ ধনী মানুহৰ ঘৰৰ মহিলা এগৰাকীৰ কোনেও ধৰিব নোৱৰা বেমাৰ মোৰ পথ্যৰে ঠিক কৰি দিছিলোঁ। তাৰ পাছত তোমাক কৈছোঁ নহয়… মাননিৰ বয়-বস্তুৰে মোৰ দুমাহ জুৰিছিল।
: থোৱাহে! আজিকালি তোমাৰ পথ্যক কোনে পোচে!
: মই যদি ভিতৰলৈ যাবলৈ পালোঁহেঁতেন, তোমাক প্ৰমাণ দেখুৱাই দিলোঁহেঁতেন।
: হেই, ৰ’বাহে তোমালোক! মোৰ মতে তেওঁলোকৰ কিবা গ্ৰহদোষ পৰিছে। মহা মৃত্যুঞ্জয় যজ্ঞ এভাগ কৰালেই সৱ দোষ খণ্ডন হ’লহেঁতেন। কেনেবাকৈ ভিতৰলৈ যাবলৈ পোৱাহেঁতেন মই সৱ ঠিক কৰি দিলোঁহেঁতেন।
: ইমান ডাঙৰ মানুহে পূজা পাতলত বিশ্বাস নকৰে।
: উৱা! তুমি আমাৰ মন্ত্ৰী বিধায়কসকলক চাবাচোন, আঙুলিবোৰ বিধে বিধে আঙুঠিৰে ভৰি থাকে।
: এইষাৰ কিন্তু হয় দেই। দুহাততে লাখ লাখ টকা লৈ ফুৰে।
মানুহ কেইজনে গম নোপোৱাকৈ আন এজন মানুহ কিছু দূৰত বহি তেওঁলোকৰ কথা বতৰা শুনি আছিল। অলপ ওচৰ চাপি আহি মাত লগালে,
: কথা এষাৰ কওঁ দেই,
: আপুনি?
: মই সেই ৰাজহুৱা শ্মশানখনৰ চাণ্ডাল।
মানুহ কেইজন অলপ লৰি-চৰি বহিল।
: এই যে আপোনালোকে ডাঙৰ মানুহৰ কথা পাতি আছে, এওঁলোক আচলতে মহা পাপী। নমৰেও সোনকালে। লেলাট ভুঞ্জে।
: হেই, কি কথা কৈছা হে! কাৰোবাৰ কাণত পৰে যদি!
: এই ৰামু চাণ্ডালে কাকো ভয় নকৰে বুজিছে। বাপ বুলিতো আটায়ে মোৰ ওচৰলৈকে আহে শেষত।
: কথাটো হয় পিচে।
: গতিকে মই কাকো খাতিৰ নকৰোঁ। পিচে এইবাৰ বেমাৰটোৱে জুৰুলা কৰিছে। জানেইতো পাপীৰ পিঠাতে মন। পিচে বেচি সাবধান হোৱাৰ পৰা কোনো নমৰাই হ’ল।
: বুজিছোঁ দিয়া।
: গতিকে সেই ঘৰটোৰ পাপীবোৰৰ এটা মৰাটোকেই কামনা কৰিছোঁ।
: নাপায় নাপায়
: কিয় নাপায় হে, তেওঁলোক খাই মৰিব আৰু আমি নাখাই মৰিম!
: তাকেহে ভাই, মোৰো কামটো নোহোৱা হ’ল।
: কি কাম?
: হস্পিতালত বেমাৰী ৰখা কাম।
: এনেকুৱা কামো থাকে নেকি?
: থাকে থাকে। পইচা দি মাক বাপেকক পৰীয়া দিয়ায়।
: চিৰি বিষ্টু!
: মানুহবোৰ ভাবিব নোৱাৰাকৈ সলনি হ’ল,
: হয় দেই
: তাকেই ভাবি আছোঁ, মানুহঘৰৰ কাৰোবাৰ যদি বেমাৰ হৈছে, ময়ে পৰ
দিব পাৰিলোঁহেঁতেন!
চাৰিওজনে ঘৰটোলৈ চাই বহি থাকিল। গাড়ীবোৰ ওলাইছে সোমাইছে। কোনোবাই সঠিক খবৰটো আনি দিয়াহেঁতেন!
লোকচক্ষুৰ আঁৰত ঘৰটোৰ ভিতৰত তেতিয়া চলিছিল আন এক আখৰা। ৰাজনীতিৰ আখৰা। চহকী মানুহজনে ৰাজনীতিত খোজ দিবলৈ মন মেলিছে। গতিকে প্ৰথম খোজ হিচাবে এই মহামাৰীৰে গইনা লৈছে। তেওঁ বাচি লোৱা সমষ্টিটোত দ’মে দ’মে মাস্ক, চেনিটাইজাৰ, চাবোন বিতৰণ কৰিছে। এতিয়াতো এইবিলাক অতি অপৰিহাৰ্য। এজনো মানুহ যাতে বাদ পৰি নাযায় তাৰ বাবে ভাগে ভাগে মানুহক দায়িত্ব দি দিছে, গাড়ী দি দিছে। গতিকে গাড়ী মটৰৰ সঘন আহ-যাহ। ব্যস্ত সকলো, ইয়াতকৈ ভাল সুবিধা আৰু পোৱা নাযাব। সেয়ে চাৰিওফালে মেলি দিছে বিশ্বস্ত মানুহ।
আৰু সেই মানুহবোৰৰ সঘন আহ-যাহকে চাই আছে মানুহ কেইজনে। কোনেও কাকো কোৱা নাই যদিও সৱেই বুজিছে জীৱিকা হেৰুওৱাৰ যাতনা কেনেকুৱা! দেহে-মনে ভোক একোটা লৈ বহি থকা মানুহকেইজনৰ চকুৰ আগত তেতিয়া ঘৰত থকা লঘোণীয়া মুখকেইখনে অগা-দেৱা কৰি আছিল আৰু ঘৰটোৰ পৰা বিলাসী গাড়ীবোৰ ওলাইছিল আৰু সোমাইছিল।
☆ ★ ☆ ★ ☆
7:57 pm
সুন্দৰ ব্যংগ ।সমাজৰ দুটা শ্ৰেণীৰ মানুহৰ মানসিকতা খুব ভালদৰে ফুটি উঠিছে ।
10:08 pm
আন্তৰিক ধন্যবাদ জনালোঁ।
11:35 am
ভাল লাগিল৷