বিনা মেঘে ব্ৰজপাত- চন্দামিতা শৰ্মা
: মই এতিয়া তাৰমানে একো নজনাৰ শাৰীতহে পৰিলোঁ।
স্বগতোক্তি কৰাৰ দৰে কৈ উঠা পত্নীৰ কথাত থাইৰয়ডৰ সৰু সৰু পিল থকা বটলটো খুলি তাৰ পৰা দুটা পিল এখন হাতত উলিয়াই লৈ আনখন হাতেৰে সাফঁৰটো বন্ধ কৰি থকাৰ পৰা শৰ্মাই মাত লগালে,
: কি নজনা হ’লা, গৰম পানী তপতাব?
: কি কয়হে আপুনি। বোৱাৰী হৈ ঘৰ সোমোৱাৰ পিছতে সদায় পোন্ধৰজনমান মানুহৰ ভাতৰ যোগাৰ কৰিছিলোঁ আৰু এতিয়া মোক আপুনি গৰম পানী উতলাব নজনাৰ কথা ক’বলৈ আহিছে।
তামৰ গিলাচ এটাত এগিলাচ কুহুমীয়া পানী শৰ্মালৈ আগবঢ়াই শৰ্মানীয়ে ক’লে।
: হেৰা মই কিবা নাজানোনে দেখা নাই। পিচে তুমি পানী গৰম কৰি থাকোঁতে কথাষাৰ ক’লা যে সেইকাৰণেহে আচৰিত হৈ সুধিলোঁ।
পত্নীৰ হাতৰ পৰা পানী গিলাচ লৈ এটা পিল নিজে ৰাখি আনটো পত্নীলৈ আগবঢ়াই দিলে। পিলটো গিলি উঠি লাহে লাহে গিলাচৰ বাকী পানীখিনিও শেষ কৰাৰ সমান্তৰালভাবে পত্নীলৈও চাই থাকিল। আজি কাৰবাৰ অলপ বেলেগ যেন অনুভৱ হ’ল শৰ্মাৰ।
দেৱালত আঁৰি থোৱা ঘড়ীটোলৈ চালে, পাঁচ বাজিবলৈ দহ মিনিট আছেই। অলপ চিন্তাক্লিষ্ট হৈ থকা পত্নীৰ পিনে আৰু এবাৰ চালে আৰু লাহেকৈ মাত লগালে,
: হেৰা, সোনকালে উঠাৰ বাবে গা বেয়া লাগিছে নেকি? নহ’লে অলপ শুই লোৱা যোৱা।
: আপুনিনো তেতিয়াৰ পৰা কি কৈ আছেহে? বোৱাৰী পুৱাতে উঠা আজি প্ৰথম নেকি? আগতে দ্বায়িত্বৰ বাবে আৰু এতিয়া অভ্যাসৰ বাবে সদায়েই বোৱাৰী পুৱাতে উঠোঁচোন। আজি আৰু সোনকালে উঠাৰ কথা ইয়াৰ মাজত কিয় আহিল।
: নহয় মানে আজি তুমি চুপচাপ বহি আছা যে। ইহঁত দুজনীৰ কিবা সমস্যা হৈছে নেকি?
: কি যে কয় নহয় এই ৰাতিপুৱাই। কি হ’ব সিহঁতৰ। দুয়োজনী ঠিকে আছে। জোঁৱাই দুজন আৰু ল’ৰা ছোৱালী তিনিটাও ঠিকে আছে। কি যে সোধে নহয়!
হাত দুখন ওপৰলৈ প্ৰাৰ্থনা কৰাৰ ভংগীত দাঙি শৰ্মানীয়ে ক’লে।
: নহয় মানে দুয়োজনীয়ে ৰাতি ৰাতি ঘণ্টাজুৰি তোমাৰ লগত কথা পাতেতো। মোৰ লগত সেই নিত্য নৈমিত্তিক কথাকেইটাহে। এক মিনিট হ’বই নাপাইচোন তাৰপিছত তোমাকহে বিচাৰে।
শৰ্মাই লাহেকৈ ক’লে।
: আপুনিও যে আৰু! একদম সৰু ল’ৰাৰ দৰে কথা কৈছে। আপোনাৰ লগতনো সিহঁতে কি শাক খোৱা পাত খোৱা কথা পাতি থাকিব।
বিৰক্তৰে শৰ্মানীয়ে উত্তৰ দিলে।
: অ’ তাৰমানে তোমালোকে সেই ঘণ্টাজুৰি সেইবোৰহে বলকি থাকা। কি ৰান্ধিলে, কি কাপোৰ কিনিলে সেইবোৰেৰে সেইবাবে মোবাইলৰ গেলেৰী ভৰি থাকে। টাবত এটা ফুল ফুলিলেও হওক বা গছত বিলাহী এটা লাগিলেও হওক লগে লগে ফটো আপলোড।
হাঃ হাঃ কৰি সশব্দে হাঁহি হাঁহি শৰ্মাই পত্নীৰ মুখলৈ চালে।
: অ’ ৰ’বাচোন।
হঠাতে কিবা এটা মনত পৰাৰ বাবে শৰ্মাই পুনৰ আৰম্ভ কৰিলে,
: তুমি যে ৰাতি কৈছিলা ডাঙৰ নাতিনীজনীৰ কিবা এটা কথা ক’ম বুলি, কি হ’লনো তাইৰ?
: অ’ তাইৰ মুৰত হেনো ওকণি সোমাইছে। মাকৰ বৰ চিন্তা হৈছে।
: পিচে তুমি কি উপদেশ দিলা?
: মই হিম’গ্লবিন লেভেলটো এবাৰ চেক্ কৰিব কৈছোঁ।
: হিম’গ্ল’বিনৰ লেভেল!
ডিঙিত চৰ্চৰণি খোৱাৰ দৰে অনুভৱ কৰিলেও তাক কোনোমতে বন্ধ কৰি মাতটো যথাসম্ভৱ সৰু কৰি শৰ্মাই সুধিলে।
: অঁতো। ওকণিবিলাকে তেজ নুশুহিব জানো! গতিকে লগে লগে এবাৰ হিম’গ্লবিন লেভেলটো চোৱা ভাল।
ফুল কনফিডেণ্টত শৰ্মানীয়ে উত্তৰ দিলে।
“ঠিকেই ডাক্তৰৰ মাক যে!” – মুখেৰে একো নামাতি শৰ্মাই মনেৰে ভাবিলে ।
সহধৰ্মিণীৰ মুডটো অকণমান ঠিক হোৱা যেন দেখি শৰ্মাই লাহেকৈ মাত লগালে,
: হেৰা এতিয়া কোৱাচোন ৰাতিপুৱাৰ পৰা কি চিন্তা কৰি আছা।
: কি হ’ব আপোনালোকক কৈ, কিবা লাভ আছে জানো?
চকীত বহি হাতেৰে সৰু-সুুুুৰা এক্সাৰচাইজ কৰি থকাৰ পৰাই শৰ্মানীয়ে ভোৰভোৰাই উঠিল।
: হেৰা, লাভ-লোকচান বাদ দিয়াচোন। কি হৈছে খুলি নোকোৱা কিয়?
শৰ্মাইয়ো জানে অলপ পিছতে সৰসৰকৈ পানী পৰাৰ দৰে কথাৰ বান ব’ব। তথাপিও অলপ আগেয়ে শুনাৰ আমেজটো শৰ্মাই এৰি দিব নুখুজিলে।
: কিনো ক’ম। কাক ক’ম, কোনে বুজিব! সেই কাৰণে আজিকালি একো কথাতে মাত মাতিব নোখোজোঁ। মইতো এতিয়া একো নজনাই হ’লোঁ। কমখন কষ্ট কৰি তিনিটাকৈ ল’ৰা -ছোৱালী তুলিলোনে। তাৰে এটাক ডাক্তৰ আৰু এটাক ইঞ্জিনিয়াৰ কৰিলোঁ। মইহে জানিছিলোঁ ঘৰখন কেনেকৈ চলাইছিলোঁ। আপোনাৰতো দৰমহাৰ পইচাকেইটা হাতত তুলি দিয়েই দায়িত্ব শেষ!
চকু মুদি আঙুলিৰ এক্সাৰচাইজ কৰি থাকিয়েই শৰ্মানীয়ে মাত লগালে।
: তুমিনো সেইবোৰ আকৌ উনুকিয়াব লাগেনে? তুমি কিমান দায়িত্বশীলা সেই কথা বাৰু মোক আৰু বুজাব লাগে নেকি? মই নাজানো নেকি তুমি কিমান কষ্ট (?) কৰি ডাক্তৰৰ মাক হৈছা। এতিয়া পিচে আচল কথাটো কোৱা।
শৰ্মাই লাহেকৈ মাত লগালে।
: সদায়েই ইহঁতৰ আপত্তি! মই হেনো ঘৰত সহায়িকা এজনী নাৰাখো। হেৰৌ, কিয় নাৰাখো মইহে জানো। সেই সৰা-মোচা কামটোতে যিমানহে পইচা লয়। মইনো বাৰু নকৰাকৈ আছোঁ নেকি? এই পয়সষ্ঠি বছৰো পাৰ হওঁ হওঁ সেইবুলি কি নকৰাকৈ আছোঁ! কোনোবা এজনী আহিলে অনবৰতে বৰ্ডাৰত থকা জোৱানকেইটাৰ দৰে চকু ৰাখিব লাগিব। চাই থাকিব লাগিব, নহ’লেতো বিছনাৰ তলৰ ধূলি-মাকতিয়ে হওক বা চুকে-কোণে থকা মকৰাজালেই হওক সেইবোৰতো কোনোকালে নুগুছিবই।
দুখতে নে খঙতে শৰ্মানীয়ে কথাবোৰ কৈ আছে শৰ্মাই ধৰিবই পৰা নাই।
: জানো জানো। পিছে আচল কথাটোলৈ আহাঁচোন।
এইবাৰ দস্তুৰমত বিৰক্ত হৈ শৰ্মাই মাত লগালে।
: জানিছিলোঁ মই। ইমান বছৰে আপোনাক বুজিব বাকী আছেনে? আপুনি, ল’ৰা, বোৱাৰী সব এফলীয়া হৈছে আৰু মোক বেলেগ কৰিছে। আপোনালোকে সদায়েই কৈ থাকে নহয় মই হেনো পইচা খৰচ হোৱাৰ ভয়ত সহায়িকা এগৰাকীক ৰাখিবলৈ টান পাওঁ কিন্তু আজি যিবা এজনী ঠিক কৰিলোঁ, এতিয়া তাকে লৈ সকলোৰে আপত্তি।
: অঁ কথা তাৰমানে সেইটোহে। আপত্তি কিয় জানাই দেখোন।
যথাসম্ভৱ মাতটো কোমল কৰি শৰ্মাই ক’লে।
: জানোতো কিয় নাজানিম। দস্তুৰমত ডাক্তৰৰ মাক মই। এই মহামাৰীৰ সময়ত বাহিৰা মানুহ ঘৰত সোমাবলৈ দিয়াটো কিমান বিপজ্জনক সেয়া কিবা নাজানো নেকি।
: হয়তো ডাক্তৰৰ মাক হৈ সেইখিনি নাজানিবানে! পিচে তোমাৰ ইমান খং উঠিছে কিয়?
আচৰিত হৈ শৰ্মাই সহধৰ্মিণীৰ মুখলৈ চালে। আচৰিত হোৱাৰে কথা। কথাবোৰ বুজিও পাই অথচ খঙো কৰে।
: খং নুঠিবনে? মই নালাগে বুলি কোৱাৰ পিছতো আপোনালোকৰ কথা শুনি তাইক আজিৰ পৰা আহিবলৈ বন্দবস্ত কৰিলোঁ। এতিয়া যেতিয়া তাই আহি ওলাবহি তেতিয়া বাৰু মই কি বুলি তাইক আৰু আহিব নালাগে বুলি ক’ম? আপোনালোকেতো কালি ৰাতিয়েই নিজৰ নিজৰ মতামত জনাই দি শুবলৈ গ’ল। তাইক এইসময়ত মইনো কি ভাবি ঠিক কৰিলোঁ, সেইটো কথাক দেখোন এটা একেবাৰে টিভিত দেখি থকা টক্ শ্ব’ৰ দৰে কৰি পেলাইছিল কালি। কিন্তু কথাখিনি মইহে মেনেজ কৰিব লাগিব। জানেনে ইহঁতে চাৰিওফালে কাম কৰি ঘূৰি ফুৰে আৰু সেইবাবে বেছিভাগ ঘৰৰ কথা ইহঁতৰ নখদৰ্পনত। এতিয়া যদি কালি ঠিক কৰি আজি নালাগে বুলি কওঁ তেনেহ’লে মিছাকৈ কাৰ ঘৰত গৈ আমাৰ বদনাম ৰটিব তাৰ ঠিকনা নাই। মইহে সকলো ভাবিব লাগে।”
: অ’ সেইটোহে কথা। একো নহয় দিয়া। তুমি বুজাই ক’লে বুজিব দিয়া।
ইমান সময় উঠি থকা খঙটোৰ আচল গুৰিটো গম পাই শৰ্মাৰ মনটো ফৰকাল হ’ল।
: তেনেকুৱা মানুহক এনেকৈ বুজালে নুবুজিব। মোৰ মনত এটা বুদ্ধি খেলাইছে। মই ক’ম যে মোৰ ল’ৰাটো ডাক্তৰ আৰু সি কৈছে এই মহামাৰীৰ সময়ত ভালদৰে ঘৰত থকাহে ভাল কাম। সাৱধান হৈ থাকি, এই কৰোণা ভাইৰাচৰ উৎপাত অলপ কমিলে আহিলে হ’ল। এনেয়ে মোক লাগিবই কিন্তু এইকেইদিন অন্ততঃ নালাগে আহিব। বঢ়িয়া, এনেকৈ বুজালে বুজি পাব। নে কি কয়? ঠিকে আছেনে?
কথাখিনি কৈয়ে শৰ্মাৰ পিনে মুখখন ঘূৰোৱা সহধৰ্মিনীলৈ চাই হাঁহি এটা মাৰিলে শৰ্মাই।
: বঢ়িয়া। বৰ ভাল চিন্তা কৰিলা। ডাক্তৰৰ মাক যে।
লাহেকৈ খোচ এটা মাৰি শৰ্মাই দেৱালত আঁৰি থোৱা ঘড়ীটোলৈ চালে।
ছয় বাজি পোন্ধৰ মিনিট।
: হেৰা উপায় ওলাল যেতিয়া এতিয়া গ্ৰীণ টি কাপ খোৱাৰহে কথা। প্ৰেচাৰৰ টেবলেট খাবলৈ নাই জানো? যোৱা চাহ দুকাপ বাকি আনা।
এক চমৎকাৰী উদ্ভাৱন কৰি বিৰিঙোৱা হাঁহিৰ লেখিয়াকৈ ওঠত হাঁহি এটা বিৰিঙাই থকা পত্নীৰ পিনে চাই শৰ্মাই লাহেকৈ মাত লগালে। বহাৰ পৰা উঠি পাকঘৰলৈ সন্তোষ মনেৰে খোজ লোৱা শৰ্মানীলৈ এবাৰ চাই শৰ্মাও গ’ল বেলকনিলৈ, পেপাৰ বিলোৱা ল’ৰাজনে পেপাৰখন গে’টত ভাঁজ লগাই থৈ গৈছে নে নাই চাবলৈ।
একেলগে চাহকাপ খাই প্ৰেচাৰৰ টেবলেট গিলি ইটো সিটো কাম কৰি থকাৰ মাজতে শৰ্মানীয়ে মাত লগালে,
: …হেৰা … সাতটা বাজিলচোন। তাই এতিয়াও নাহিল যে। কালিচোন সাতটাতে আহিম বুলি কৈছিল।
এবাৰ গেট আৰু এবাৰ ঘড়ীটোলৈ চোৱা শৰ্মানীলৈ চাই শৰ্মাই লাহেকৈ মাত লগালে,
: ভালহে হৈছে। তাই নাহিল যেতিয়া তুমি আৰু তাইক বুজাব লগা টেনশ্যনটো নোহোৱা হ’ল।
বোৱাৰীয়েকৰ হাতৰ পৰা বাতৰি কাকতখন লৈ শৰ্মাই ক’লে।
: ভাল কিদাল হ’ব। মই ভাবিছিলোঁ তাই আহিবই যেতিয়া তাইক কিবা এটা পইচা দিম। লগতে বাহিৰৰ চোতালখন সাৰিবলৈ দি টাবকেইটাৰ বনখিনি অকণমান চিকুণাবলৈ দিম। টাবৰ বন চিকুণাওতে মোৰ কঁকাল বেঁকা হৈ গৈছে। আপোনালোকৰতো সেইবোৰত মন-কাণেই নাই।
হয়তো কমখনো কষ্ট কৰেনে! য’তে ফুলৰ সঁচ পাই লগে লগে ঘৰলৈ আনে। কষ্ট কৰি সম্মুখৰ বাগানখন ৰমক্-জমক কৰি তোলা বাবেহে প্ৰায়েই ফেইচবুকত পোষ্ট দিয়ে, “মাই বিউটিফুল গাৰ্ডেন” বুলি। পিচে অকল ফুল নহয় চালানী মাছৰ কাৰ্টনত দুই এবিধ পাচলিৰ খেতিও হৈছে। এইকথাত কিন্তু কোনো সন্দেহ নাই। পত্নীৰ কথাত মুখেৰে একো নামাতি মাথোঁ মনতে কথাখিনি ভাবি প্ৰথম মহলাৰ বেলকনিৰ পৰা তললৈ চালে, কিজানিবা ‘তাই’ আহি ওলাইয়ে।
: আজি এইজনীলৈ ৰৈ থাকোঁতে পুৱাৰ সময়খিনি বৰবাদ গ’ল। এতিয়ালৈকে গাটো ধুই আজৰি হ’ব পৰা নাই।
কাপোৰ এখনেৰে টিভি, টেবুলৰ ওপৰৰ ধূলি-মাকতি মচি মচি শৰ্মানীয়ে ভোৰভোৰাই থাকিল। ঘড়ীটোলৈ পুনৰ এবাৰ চাই শৰ্মানীয়ে গা-পা ধুই গোসাঁই ঘৰত বন্তি জ্বলাই আজৰি হৈ অহা বোৱাৰীয়েককে পুৱাৰ জলপান ৰেডী কৰিবলৈ দিহা দিলে।
হঠাতে ‘খিটিঙ’কৈ হোৱা শব্দত শৰ্মানী একেকোবে বেলকনি পালেগৈ। হয় ঠিকেই, ‘তাই’ আহিছে। মানুহজনী গে’ট খুলি সোমাই কোনফালেৰে ভিতৰলৈ সোমাব লাগে তাৰ আও-ভাও নেপাই তলৰ চোতালত থিয় হৈ আছে।
: তুমি তাতে থাকাচোন। মই গৈ আছোঁ ৰ’বা দেই।
বেলকনিৰ পৰা চিঞৰি শৰ্মানীয়ে ক’লে।
: হেৰা তেতিয়াৰ পৰাই ইয়াত বহি বাতৰি কাকত পঢ়ি আছে অথচ মানুহ আহি গে’ট খুলি ভিতৰ সোমাইছে খবৰেই নাই। সেইখন পালে সকলো পাহৰে। একান্তমনে বাতৰি কাকত পঢ়ি থকা শৰ্মাক এষাৰ শুনাই দৌৰাদৌৰিকৈ শৰ্মানী তল পালেগৈ।
: হেৰা তুমি এইখন লোৱাচোন। টাবৰ গুৰিকেইটা অকণ অকণকৈ খুচৰি বন কেইডালৰ গুৰি চিকুণাই দিয়া।
বন চিকুণোৱা সৰু খন্তি এখন আগবঢ়াই দি শৰ্মানীয়ে ক’লে।
পৰম বিৰক্তিৰে খন্তিখন হাত পাতি লৈ তাই লগা-লগ মুখখন খুলিলে,
: এটা কথা বাইদেউ, কালি আমাৰ মাজত ঘৰ সৰা-মোচা কামৰহে বন্দবস্ত হৈছিল। এইবিলাকৰ বাবে কিন্তু এক্সট্ৰা পইচা লাগিব, এতিয়াই কৈ থলোঁ। পিছত যাতে কোনো ঝামেলা নহয়।
: হ’ব দিয়াহে, কাম কৰিবা যেতিয়া পইচা নিদিয়াকৈ নাথাকোঁ নহয়। তুমি বনখিনি গুচাই থাকা, মই চাফা কৰা টাবকেইটাত পানী দি থাকোঁ। অলপ সাৱধান কিন্তু, নজৰ ৰাখিবা যাতে ফুলৰ পুলি উভালি নেপেলোৱা।
টিঙিচকৈ উঠা খঙটো কোনোমতে সম্বৰণ কৰি শৰ্মানীয়ে ক’লে।
: মই এইবিলাক কাম কৰি ভাল নাপাওঁ। আজি প্ৰথম দিন বাবেহে কৰিছোঁ। বেলেগ মানুহ লগাব লাগে এইবিলাকৰ বাবে। এতিয়া ব’লক ওপৰলৈ। কামখিনি কি কৰিব লাগে দেখাই দিয়ক।
কিবাকৈ টাবকেইটাৰ পৰা বনখিনি চিকুণাই তলৰ গেৰেজৰ ওচৰত থকা পানীৰ টেপটো খুলি হাত দুখন ধুই ধুই তাই ক’লে।
: এটা কথা হ’ল নহয়। তুমি আজি আহোঁতে দেৰী কৰিলা যে, সেইবাবে মই আৰু বোৱাৰীয়ে লগ লাগি সৰা-মোচাখিনি কৰি অটালোঁ। তুমি আজি এই চোতালখন আৰু সেই ওপৰলৈ যোৱা চিৰিকেইটা ভালকৈ চাফা কৰিলেই হ’ব। সৌটো ঝাৰু। প্ৰথমে সাৰি লোৱা তাৰপিছত ভালকৈ পানী মাৰি আৰু এবাৰ চাফা কৰি দিবা। বুজিছা নহয়?
টাবকেইটা শাৰী শাৰীকৈ চিজিল কৰি থৈ থকাৰ পৰা শৰ্মানীয়ে মাত লগালে।
তাই মাস্কখন মুখৰ পৰা থুতঁৰিলৈ নমাই ঝাৰুটো হাতত ল’বলৈ ধৰোঁতেই শৰ্মানীয়ে চিঞৰি উঠিল,
: হেৰা কি কৰাহে। সেইখন নুখুলিবা। কি দিনকাল পৰিছে গম পোৱাই দেখোন। সাৱধান হৈ থকাতোহে আচল কথা। বাপৰে সেই এটা ভাইৰাছে গোটেই পৃথিৱীক সন্ত্ৰাসিত কৰি তুলিছে। সেইখন নুখুলিবা।
: নাই এই অলপ সময়হে। এনেয়ে এইখন লগাই থাকোঁ। আৰু হাতত ঘঁহাটোও লগাও নহয়।
খচখচকৈ ঝাৰু মাৰি মাৰি তাই কৈ থাকিল। শৰ্মানীয়ে “অঁ আ”কৈ শলাগি ফুলৰ টাবৰ কাষত এটা মাছৰ কাৰ্টনত হোৱা ভাতকেৰেলা, ভেন্দি আদিৰ গুৰিত পানী দিলে।
: বাইদেউ হ’ল।
ঝাৰুটো আগৰ ঠাইত থৈ শাৰীৰ আচলেৰে মুখ মচি মচি তাই আহি শৰ্মানীৰ কাষ পালে।
: তোমাৰ ঝাৰু দিয়া হ’ল যিহেতু এটা কথা কওঁ ৰ’বা। আমি এতিয়া সাৱধান হৈ থকা উচিত। গম পাইছাই দেখোন দেশৰ কি বিষম পৰিস্থিতি হৈছে। তোমাৰতো ঘৰত ল’ৰা-ছোৱালী আছে। গতিকে এটা কাম কৰিলেই হ’ল, কেইদিনমান তুমি আহিব নালাগে। তোমাৰ ফোন নাম্বাৰটো মোক দি যোৱা। মই পৰিস্থিতি ভাল হোৱাৰ লগে লগে খবৰ কৰিম। আজি যে এইখিনি কাম কৰিলা তাৰ বাবত তোমাক কিবা এটা দিম। পিছৰ হিচাপ বেলেগ হ’ব। আচলতে মোৰ ল’ৰাটো ডাক্তৰ যে, সিয়েই এইখিনি কথা তোমাক বুজাই ক’বলৈ কৈছে।
“ল’ৰাটো ডাক্তৰ” সেই কথাটো অলপ গৰ্বেৰে জোৰ দি কৈ এখন দুশটকীয়া নোট আগবঢ়াই দিয়াৰ লগে লগে তাই দুখোজ পিছুৱাই গ’ল। শৰ্মানী হতভম্ব হ’ল।
: কি হ’ল? পইচা কম হ’ল নেকি? কমটো হ’ব নালাগে। এইখিনিহে কাম, এঘণ্টাই হোৱা নাইচোন।
আচৰিত হৈ শৰ্মানীয়ে সুধিলে।
নোটখন তাতে থওক। তাতে মানে বাৰান্দাৰ গ্ৰীলখনলৈ আঙুলিয়াই তাই।ক’লে।
: আপুনি যে ডাক্তৰৰ মাক সেই কথাটো আগতে কিয় কোৱা নাছিল? ইস্ ইস্! এইখন ঘৰত ডাক্তৰ থকা বুলি জানিলে মই নাহিলোঁহেতেন। ভাল ঝামেলাৰ পৰা বাচিলোঁ।
কিবা এটা ক’বলৈ শৰ্মানীয়ে মুখ মেলিবলৈ লওতেই তাই পুনৰ ক’লে,
: ডাক্তৰবিলাকে সেই কৰুণা বেমাৰীক নাচাই জানো! বাপৰে বাপ্ ডাক্তৰ থকা ঘৰত মই কাম নকৰোঁ দেই। আপোনালোকেও ভালকৈ থাকিব।
কথাখিনি কোনোমতে শেষ কৰি নোটখনত কঁকালৰ শাৰীৰ খোঁচনিৰ পৰা চেনিটাইজাৰৰ সৰু বটলটো উলিয়াই হাতেৰে অলপ মোহাৰি দি তাৰ পিছত সৰু বেগ এটাত ভৰাই লৈ তাই দৌৰাদৌৰিকৈ গে’টখন খুলি, বন্ধ নকৰাকৈ ৰাস্তা পালে। হাঁহিব নে কান্দিব তাক থিৰাং কৰিব নোৱাৰি বিনা মেঘে বজ্ৰপাত পৰাৰ লেখীয়াকৈ বাৰান্দাতে থিয় হৈ ৰোৱা শৰ্মানীলৈ চাই, প্ৰথম মহলাৰ বেলকনিৰ পৰা ইমান পৰে পত্নীৰ আৰু তাইৰ কথোপকথন শুনি থকা শৰ্মাই মুখ টিপি হাঁহি হাঁহি অলপ চিঞৰি কোৱাৰ দৰে ক’লে,
: হেৰা ডাক্তৰৰ মাক, গে’টখন সোনকালে বন্ধ কৰা নহ’লে গৰু-ছাগলী সোমাই তোমাৰ ফুলনিখন সমুলাঞ্চে তহিলং কৰিব।
☆ ★ ☆ ★ ☆
10:17 am
বহুত ভাল লাগিল ৷ অভিনন্দন
1:16 pm
ভাল লাগিল পঢ়ি৷
3:41 pm
[email protected]
Nice
3:42 pm
Nice