ফটাঢোল

কৌতুক-আদিত্যজ্যোতি বৰঠাকুৰ

এবাৰ আমেৰিকাত এখন বিমান উৰি থকা সময়ত বেয়া বতৰৰ কাৰণে ওপৰতে লুটি বাগৰ খাবলৈ ধৰিলে।

যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগিল!

পাইলট জনে বহু কষ্ট আৰু কৌশল প্ৰয়োগ কৰি পাহাৰ-পৰ্বতৰ মাজেৰে অবশেষত বিমানখন অবতৰন কৰোৱালে।

বিমানৰ পৰা নমাৰ লগে লগে পাইলট জনক মানুহে ঘেৰি ধৰিলে, আৰু সুধিলে……..

ইমানবোৰ কৌশল,অনুভৱ আপুনি কৰ পৰা আয়ত্ব কৰিলে?

পাইলটজনে গম্ভীৰভাবে উত্তৰ দিলে…..

আগতে মই গুৱাহাটীত চিটিবাছ চলাইছিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • কমল নেওগ, তেজপুৰ৷

    বিমানৰ পাইলট হোৱাৰ আগতে গুৱাহাটীৰ চিটিবাচৰ পাইলট হোৱাটো সেয়েহে বাধ্যতামূলক কৰিবলাগে৷

    Reply

Leave a Reply to কমল নেওগ, তেজপুৰ৷ Cancel reply

Your email address will not be published. Required fields are marked *