ফটাঢোল

সম্পাদকীয় পৃষ্ঠাৰ আঁক্-বাঁক্

তুম ইটনা জো মুস্কুৰা ৰহে হো
ক্যা গম হ্যে জিচকৌ চুপা ৰহে হো!

 

গীতটো ঠিক মই গুণগুণাই থকা নাই। অথবা শুনিও থকা নাই। নেপথ্যত কিন্তু সুৰটো বাজিছে। মই শুনিছোঁ। মোৰ মন- মগজু জোকাৰি তুলিব পৰাকৈ গীতটো বাজি আছে। যেন মোৰ এই মূহুৰ্তৰ অসহায় অৱস্থাকেই বৰ নিৰ্মম ভাৱে প্ৰতিফলিত কৰি আছে।

পাৰ হৈ যোৱা সময়ছোৱাত কোনোবাই “আলোচনীৰ বাবে লেখা এটা দিব” বুলি ক’লে মুখৰ মাত হেৰুওৱা মানুহটো এইবাৰ সম্পাদনা মেজত বহি সম্পাদকীয় লিখিবলৈ লোৱা এই অভুতপূৰ্ব ঘটনাটোৰ সৈতে যেন গীতটো বৰ সুন্দৰকৈ মিলি পৰিছে।

আগে-পিছে গীতটো বাৰু মই অলপ বেলেগ দৃষ্টিৰে চাইছিলোঁ মানে অনুধাৱন কৰিছিলোঁ।

হয়নে নহয় বাৰু কওঁকচোন হাঁহিবোৰ ইমানেই মহঙা অথবা হাঁহিবোৰক আমি ইমানেই মহঙা কৰি তুলিলোঁ যে কোনোবাই কিবা ভাল লগা কথা মনত পৰি মিচিক্ কৈ হাঁহি এটা মাৰিলেও আমি হাঁহিটোৰ কাৰণ বিচাৰি কত মিনিট খৰচ কৰি পেলাওঁ! সন্মুখত  থকা জনে আমালৈ চাই হাঁহিলে প্ৰত্যুত্তৰ দিয়াৰ সলনি ‘ঠিকে আছেতো সকলো!’  –এই ভাৱেৰে নিজক পুনৰীক্ষণ কৰি পেলাওঁ মুহূৰ্ততে।

চিলিণ্ডাৰ আনিবলৈ যোৱা শাৰীটো, অথবা চিকিৎসক, অথবা অন্যান্য বিভাগৰ সন্মুখৰ  শাৰীত থিয় হৈতো আপুনি ভাবিবই নোৱাৰে কাৰোবাক হাঁহি এটিৰে সম্ভাষণ জনোৱাৰ কথা! কাৰণ হাঁহিৰে সঁহাৰি জনালেই বিপদ! কিজানিবা কোনোবাই কৈ পেলায় তেওঁৰ বিশেষ অসুবিধা আছে, তেওঁক অকণমান সুবিধা লাগে!

গতিকে আমি আমিবোৰক আসৈ মুঠেই নিদিওঁ! আনকি আনৰ ওলাব খোজা হাঁহিবোৰকো আমি বৰ নিদাৰুণ ব্যৱহাৰ কৰোঁ। দাষ্টবিনত পৰি থকা শিশু এটিয়ে যদি আনৰ পেলনীয়া বাৰ্বীপুতলা এটি তুলি লৈ খেলিব খোজে, আমাৰ তথাকথিত সভ্য সমাজেই তাইৰ মুখত ফুটি উঠা হাঁহিটোক লৈও বিদ্ৰুপৰ চাৱনি এটা এৰিবলৈ নেৰোঁ! কাৰণ আমি ঠিৰাং কৰি পেলাইছোঁ কোনে কি কাৰণত হাঁহিব, সেয়াও যেন আমিয়েই ঠিৰাং কৰিম! আমি নিজেও নাহাঁহো আনকো হাঁহিবলৈ নিদিওঁ।

বৰঞ্চ ওলাই আহিবখোজা হাঁহিবোৰকো জোৰকৈ সুমুৱাই তলা বন্ধ কৰি গহীন ভদ্ৰলোকৰ ইমেজ এটা ধৰি মুখাখন পিন্ধি পেলাওঁ। অ’হ! মুখা বুলি কওঁতে মনলৈ আহিল এইযে আমি মুখাখন পিন্ধোঁ, মানে প্ৰায় দুবছৰমান ধৰি যিখন মুখা আমি সকলোৱে পিন্ধিবলৈ আৰম্ভ কৰিছোঁ, আমিবোৰে বাৰু অকল সেইখন মুখাই পিন্ধোনে? এইখন মুখাটো বৰ সহজেই। অ অৱশ্যেই দামী, কমদামী, দুতৰপীয়া এইবোৰ ওলাইছে। চাৰ্জিকেল মুখা অথবা এন নাইন্টিফাইভ বুলি ক’লে অকণ কথাষাৰ শুনিবলেই ভাললগা হৈ যায় দিয়কচোন! কিন্তু আমাৰ এই মুখাৰ আঁৰতো কতবোৰ মুখা আমি পিন্ধি থাকো নহয়নে? কেতিয়াবা দুৰ্ভাগ্যবশত অথবা সৌভাগ্যবশত কাৰোবাৰ মুখাখন খুলি যায় আৰু আমি হতচকিত হৈ পৰোঁ, দুখ কৰোঁ, কান্দো, অনুতাপ কৰোঁ। চিনাকি মানুহ এজনৰ অচিনাকি ৰূপটো চিনিলৈ পুনৰ নিজেও এখন মুখা পিন্ধি আগলৈ যোৱাৰ পথত অগ্ৰসৰ হওঁ অথবা কেতিয়াবা আগলৈ গৈ থকাৰ অভিনয় কৰি চিন্তাৰে নিজেও পিছুৱাই থাকোঁ আনকো টানি থাকোঁ।

কোনেও উমান নাপায়। কাৰণ মুখাবোৰ সকলোৰে বৰ সহজে খুলিপৰা বিধৰ নহয়।এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰাকৈ দহটকাত উপলব্ধ মুখাবোৰৰ দৰে নহয়। নিকপকপীয়াকৈ বান্ধি লোৱা ভাল মুখা।ভাল মানুহৰ মুখা, ভদ্ৰ মানুহৰ মুখা।

মুখাৰ আঁৰত কত ইতিহাস থাকে,কত যন্ত্ৰনা থাকে, কত কাহিনী থাকে!

দেখিছেনে বাৰু! সেই তেতিয়াৰে পৰা আবোল-তাবোলখন লিখি আছোঁ কাৰণ ময়োযে এজন গহীন, উপযুক্ত সম্পাদকৰ মুখাখন পিন্ধি সম্পাদকীয়টো লিখি উপযুক্ত সময়ত তুলি ধৰিব লাগিব। এইযে এই দীৰ্ঘসময় মই দুশাৰী লিখিবলৈ সীমাহীন কষ্ট অনুভৱ কৰিছোঁ, সেয়া আঁৰতেই ৰৈ যাব লাগিব। কাৰণ সেয়া উদঙাই দিলে মোৰচোন গোটেই সম্পাদকৰ ইমেজটোৱেইচোন কিবা হৈ যাব।

তথাপিও কওঁ আহকচোন হাঁহি থাকো!  কৃত্ৰিমতাৰে নহয়, আন্তৰিকতাৰে হাঁহি এটি জিলিকাই তুলিব পৰাকৈ মগজুৰ চিন্তাবোৰক অকণমান একাষৰীয়াকৈ থওঁ! কৃত্ৰিম অদেখা  মুখাবোৰ খুলি সঁচা মানুহ হওঁ। নহ’লে দেখিছেই নহয়, সোঁচৰিব লাগে হাঁহিবোৰ, সোঁচৰে ভাইৰাছবোৰ, অসুখবোৰ।

বিয়পিব লাগে মন ভৰি উঠা খবৰবোৰ, বিয়পে মনবোৰ তচনচ কৰি পেলোৱা বেয়াখবৰবোৰহে!

মুস্কুৰায়েতো মুস্কুৰানেকী কৰ্জ উটাৰনে হোগে!

সেয়া শুনিছে! অ’হ! মইহে শুনিছোঁ কৰ্জ উটাৰনে হোংগে। ধাৰ সুজিবলৈ লৈছোঁ বুলি ক’লেও একপ্ৰকাৰৰ ধৃষ্টতা হ’ব। তথাপিও কৃতজ্ঞতাৰে কওঁ এইযে ফটাঢোল হাস্যব্যংগৰ পৰিয়ালে মোৰ দৰে অভাজনক এই গধুৰ দায়িত্বটো দি কান্ধখন ডাঙিব নোৱাৰাকৈ গধুৰ কৰি পেলালে,কৃতজ্ঞতা যাঁচিলোঁ সেইসকলক যি সকলে নিজৰ বহুমূলীয়া সময় খৰচ কৰি এই অভাজনৰ অনুৰোধ ৰক্ষা কৰি লেখা একোটাকৈ দি আলোচনীখন সমৃদ্ধ কৰিলে। লেখাসমূহ সুন্দৰকৈ পৰিকল্পনা অনুযায়ী সজাই-পৰাই আগুৱাই দিয়াত ছাঁৰ দৰে মোৰ লগ দিয়া সমূহ সম্পাদনা গোটৰ সদস্যৰ ওচৰত ধৰুৱা হৈ ৰ’ম। ফটাঢোল হাস্যব্যংগ ফেচবুক গোটৰ ই-আলোচনী ‘ফটাঢোলে’ অসমীয়া হাস্যব্যংগৰ পথাৰত সোণগুটি চটিয়াই পথাৰখন জীপাল কৰি ৰাখক। এই আশাৰে আৰু অনিচ্ছাকৃত সকলো ভুল-ত্ৰুটিৰ মাৰ্জনা প্ৰাৰ্থনাৰে আপোনালোকৰ হাতত ফটাঢোল ই-আলোচনীখনৰ জুলাই মাহৰ সংখ্যাটো তুলি দিলোঁ।

ইতি
সম্পাদক, ফটাঢোল ই- আলোচনী
চতু্ৰ্থ বৰ্ষ,দ্বাদশ সংখ্যা

31 Comments

  • আদিত্য

    ভাল লাগিল ।

    হাঁহিবোৰ সোঁচৰক ।

    Reply
  • rintumoni dutta

    ভাল লাগিল ৰূপম

    হাঁ‌হিবোৰ কেওফালে বিয়পি পৰক

    Reply
  • সত্যেন্দ্ৰ শৰ্মা ।

    সুন্দৰ হৈছে,লুপ্ত ।

    Reply
  • সত্যেন্দ্ৰ শৰ্মা ।

    সুন্দৰ হৈছে, ৰুপম ।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল । হাঁহিবোৰ আচল মহৌষধ …সকলোৱে হাঁহি থাকক, কুশলে থাকক

    Reply
    • Anonymous

      হয় বাইদেউ। ধন্যবাদ।

      Reply
  • জ্যোতিৰূপা

    অমলিন হাঁহিবোৰ স্থায়ী হওক! ভাল লাগিল সম্পাদকীয় পঢ়ি৷

    Reply
  • দিগন্ত

    খুব ভাল লাগিল

    Reply
  • বিজয়

    ভাল লাগিল

    Reply
    • Anonymous

      পঢ়া বাবে ধন্যবাদ।

      Reply
  • Rimjhim Borthakur

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল

    Reply
    • Anonymous

      ধন্যবাদ জনালোঁ ৰিমঝিম।

      Reply
  • UTPAL deka

    Bhal lagil porhi

    Reply
  • মানসী

    হাঁহিবোৰ সোঁচৰক,মন ভৰি উঠা খবৰবোৰ বিয়পি পৰক।সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল দাদা।

    Reply
    • Anonymous

      জানি ভাল পালোঁ। ধন্যবাদ দেই।

      Reply
  • ৰাজু কুমাৰ নাথ

    সম্পাদকীয়টো খুওব ভাল লাগিল।

    Reply
  • HEMANTA KAKATI

    BHAL LAGIL RUPAM.

    Reply
  • বৰ ধুনীয়া লিখনি দাদা। ।মুখাৰ আঁৰত কত যে মুখা ।।।।।

    Reply
    • Anonymous

      ধন্যবাদ ত্ৰিলোচন।

      Reply
  • মুকুট ভট্টাচাৰ্য্য

    আন্তৰিকতাৰে হাঁহি থাকক সকলোৱে

    Reply
  • Ajoy

    Borhia hoise Rupam Da

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *