সংখ্যাটোৰ আঁৰৰ কথা
ৰবিবাৰৰ দুপৰীয়া । ভাত খাই বিচনাখনত এনেই বাগৰ দিছোঁ। ফোনটো লৈ দেখিলোঁ মেছেঞ্জাৰত ‘মেছেজ’ নটিফিকেচন এটা। খুলিলোঁ। ৰিন্টুমনি দাৰ মেছেজ। মোৰ ফোন নম্বৰটো বিচাৰিছে। বুকুখন অলপ ফুলি গ’ল। আফ্টাৰ অল ফটাঢোলৰ ডাঙৰ মানুহ। মোক কিবা কামতেই বিচাৰিছে। ভাবিলোঁ কামটো কি হ’ব পাৰে! যোৱা কেইবাৰমান মই আলোচনীত লেখা দিয়া নাই। হয়তো সেয়ে ফোন কৰি মোক অলপ বুজাব। নহ’লে, আন এটা কথা হ’ব পাৰে।মই জনাত, কুৱেইটৰ পৰা কম দামত মনে মনে অনা তেওঁৰ এটা বন্দুক আছে। আলোচনীত লেখা নিদিলে সেইটোৰ সঠিক ব্যৱহাৰ কৰি লেখা আদায় কৰি লয় তেওঁ। সেই বন্দুকটোৰ লাইচেন্স উলিওৱা বা ৰিনিউ কৰা জাতীয় কাম হ’ব পাৰে। ফোন নম্বৰটো দিলোঁ। কিন্তু বহুদিন একো খবৰ নাহিল। চিন্তা বাদ দিলোঁ।
এদিন দেৱজিতে ফোন নম্বৰটো বিচাৰিলে। দিলোঁ। অলপ পিছত দেৱজিতৰ ফোন। মোচৰ তলেৰে হাঁহি এটা ওলাল। হুহ্! ফটাঢোলত মানে মোৰ গুৰুত্ব বাঢ়িছে। এওঁৰ কাষতগৈ কলোঁ, “শুনিছানে দেৱজিত শৰ্মাই ফোন কৰিছে। বিজয় মহন্তৰ লগত ফোনত কথা পাতিয়ে থাকোঁ । মানুহৰ মাজত হাঁহৰ স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালা এখনৰ আয়োজন বিষয়ে তেওঁ খুউব আগ্ৰহী। কাকতিদাৰ লগত কথা পাতিয়ে থাকো দিনটোৰ কৰ্ম ব্যস্ততাৰ পিছত গধূলিৰ সময়খিনি কেনেকে ৰঙীন কৰিব পাৰি। চমঝদাৰ মানুহ দাদা।ৰিন্টুমনিদাই ফোন নাম্বাৰ লৈছে। এতিয়া দেৱজিতৰ ফোন। চোৱাহি!” কথা শেষ হয় মানে ফোনৰ লাইনটো কাটি গ’ল। এওঁ ক’লে, “একো ডাঙৰ কথা হোৱা নাই। কিবা অফিচিয়েল কামত বিচাৰিছে চাগে।”
মই ক’লো, “আলোচনীৰ কামত মোক বিচাৰিছে নেকি বাৰু?” মানে সম্পাদক হিচাপে!”
এওঁৰ, কৰি থকা কামটো প’জ কৰি বেঁকা চাৱনিৰে উত্তৰ, “থোৱা থোৱা! আলোচনীৰ বাবে? (মোক আকৌ সুধিছে যেন শুনাহে নাছিল!) হৌৰা, আলোচনীৰ বাবে তোমাক নিবিচাৰে। বহুত জনা মানুহ আছে ঢোলত।”
এওঁৰে যেতিয়া মোৰ ওপৰত বিশ্বাস নাই, ঢোলৰ মানুহে বাৰু কি বিশ্বাস কৰিব মোক? গতিকে চিন্তাটো বাদ দি অলপ ৰিলাক্স হৈ ল’লো।
এনেতে দেৱজিতে আকৌ ফোন কৰিলে। চোফাখনত বহিলৈ হাঁহি হাঁহি ফোনটো ধৰিলোঁ, “হেল্ল’ দেবজিত কোৱা…………।”
মোৰ হাঁহি বেছি সময় নাথাকিল। পাম্প যোৱা বেলুনটোৰ নিচিনা হৈ গ’ল মনটো যেতিয়া গম পালোঁ জুলাই মাহৰ আলোচনীৰ সম্পাদক হিচাপে মোক বিচৰা হৈছে। দেৱজিতক সুধিলোঁ কাৰোবাক কিবা মেনেজ- তেনেজ কৰি সম্পাদক নোহোৱাকৈ থাকিব পাৰি নেকি ? দেৱজিতে ক’লে মেনেজ কৰিবলৈ গ’লে বিপদ মোৰেই হ’ব। বিজয় মহন্তই আগতেও বোলে বহুকেইজনক ফটাঢোলৰ পৰা খেদিছে। মোৰ ইজ্জতৰ কথা আছে। বিশেষকৈ ঘৰৰ মানুহজনীৰ আগত…..
ফটাঢোলৰ নিচিনা হাস্য -ব্যংগ গোটৰ মাহেকীয়া ই-আলোচনী খনৰ সম্পাদকৰ গুৰু দ্বায়িত্ব পালন কৰিবলৈ সঁচা অৰ্থতে মই উপযুক্ত নহওঁ। আলোচনীখনে প্ৰতিমাহতে যোগ্যজনৰ উপযুক্ত সম্পাদনাত ন ৰূপ লৈ অসমীয়া ব্যংগ সাহিত্যলৈ এক সবল অৰিহনা যোগাই আহিছে। সেয়ে নিজৰ জ্ঞানৰ দীনতা আৰু কভিড সৃষ্ট প্ৰতিকূল পৰিস্থিতিৰ মাজতে মোৰ এৰাব নোৱৰা কৰ্মব্যস্ততাৰ দোহাই দি মই সম্পাদকৰ দৰে দ্বায়িত্ব এটা নল’বলৈ চেষ্টা কৰিছিলোঁ। কিন্ত ৰিন্টুমনিদা আৰু দেবজিতৰ আহ্বান আৰু আশ্বাসক নেওচা দিব নোৱাৰি অৱশেষত মই সম্পাদকৰ দায়িত্ব মূৰ পাতি ল’বলৈ বাধ্য হ’লো।
মোক কোৱা হ’ল যে সম্পাদক হ’লেও মই বিশেষ একো কৰিব নালাগে। প্ৰথমে, লেখা বিচাৰি ঢোলত ‘গোহাৰি’ এটা দিব লাগে নিজৰ ভাষাত। দ্বিতীয়তে, হোৱাটচএপ, মেছেঞ্জাৰত যাক পাৰি লেখা খুজি মেছেজ দিব লাগে। আৰু তৃতীয়তে, মাজে মাজে দুই এবাৰ আকৌ মানুহবোৰক লেখা বিচাৰি কামুৰিব লাগে। বচ্ এইখিনিয়েই। বাকী কামবোৰ ভাগে ভাগে কৰা মানুহ আছে। আকৌ মোক কোৱা হৈছিল যে এইবাৰৰ পৰা লেখাৰ মুঠ সংখ্যা হ্ৰাস (মানে নিৰ্দিষ্ট) কৰা হৈছে যাতে পাঠকে আলোচনী খন ভালকৈ পঢ়িবলৈ সুবিধা পায়। মনে মনে ভাবিলোঁ ইমান সাধাৰণ কষ্টতেই যদি আলোচনীৰ সম্পাদক হ’ব পাৰি তেন্তে চিন্তাৰ কাৰণ নাই দেখোন! উৎসাহ গোটাই গোটাই সাজু হ’লো।
কামবোৰ আগবাঢ়িল। গোহাৰি দিলোঁ,তাৰ আগতে দিনটোত সাতাইশ বাৰ ম মুখখন ধুই ধুই অকণ কেমেৰাত জিলিকিব পৰাকৈ ফটোএখনো তুলি দিলোঁ গোহাৰিৰ সৈতে দিবলৈ। যাক য’ত মেছেজ আদি কৰিব পাৰি কৰিলোঁ। কাৰোবাক ফোন কৰিলোঁ। তাৰ পিছত কেইদিনমান বিন্দাচ থাকিলোঁ “মোৰ কাম বেছিখিনি হৈয়েই গ’ল” ভাৱ এটা লৈ। এইভাৱটোও মোৰ বেছিদিন নিটিকিল যেতিয়া, সম্পাদনা কমিটিয়ে গ্ৰুপত “সম্পাদক ডাঙৰীয়াক গ্ৰুপত বিছৰা হৈছে” বুলি মেছেজ দি ও উত্তৰ নাপাই মোক ফোন কৰিব লগীয়াত পৰিল। লাহে লাহে বুজি উঠিলোঁ যে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত বাস্তব ৰূপ দিবলগীয়া, সকলোৱে আশা কৰা প্ৰত্যাহবানপূৰ্ণ কাম এটাৰ সফল ৰূপ দিয়াৰ গধুৰ দায়িত্ব মোৰ কান্ধৰ ওপৰত ন্যস্ত কৰা হৈছে!!
জুন মাহৰ তিনি তাৰিখে সম্পাদনা সমিতিৰ হোৱাটচএপ গ্ৰুপত মোক যোগ কৰাই দিয়া হয়। বাইশ জনীয়া সদস্যৰে গঠিত এক অভিজ্ঞ সম্পাদনা সমিতি। মইহে অনভিজ্ঞ।
আৰম্ভণিতে বিভিন্ন নীতি নিৰ্দেশনাৰে মোক পথ প্ৰদৰ্শন কৰিলে ৰিন্টুমনিদাই। তাৰপিছত বিভিন্ন দিহা পৰামৰ্শৰে গুৰি ধৰিলে হেমন্ত কাকতি দা, অভিজিত কলিতা দা, দেবজিতে শৰ্মা, যোগেশ ভট্ট, হিমাংশু ৰাজখোৱা আৰু সঞ্জীৱ ভট্টাচাৰ্য্যই। যাৰ অবিহনে মই সম্পাদনাৰ চোতালত আগুৱাবই নোৱাৰিলোহেঁতেন।
আলোচনীখনৰ মূল বিষয় “বৰ্ণাশুদ্ধি’ৰ কাম খিনি নিয়াৰিকৈ কৰি দিলে চাবিনা ইয়াচমিন বাইদেউ, প্ৰণিতা গোস্বামী বৰঠাকুৰ বাইদেউ, ৰিমঝিম বৰঠাকুৰ, পৰিস্মীতা গগৈ আৰু ঋতুপৰ্ণা মহন্তই। নিজৰ লগতে ঘৰৰ দৈনন্দিন কামৰ বোজাৰ মাজতো এখেতসকলে আলোচনীৰ বাবে দিয়া দ্বায়িত্ব যি কৰ্মনিষ্ঠাৰে পালন কৰিলে সি মোৰ লগতে আন বহুতৰ বাবে এক আদৰ্শ ৰূপে চিহ্নিত হৈ ৰ’ব। দেবজিত শৰ্মা, হিমাংশু ৰাজখোৱা আৰু যোগেশ ভট্টাচাৰ্যৰ কৰ্মস্পৃহা, কৰ্মপটুতা আৰু মোৰ প্ৰতি দেখুওৱা দ্বায়িত্ববোধত সঁচাকৈ মই অভিভূত। চন্দন বৰি আৰু দিম্পল কলিতাই আগবঢ়োৱা কাৰিকৰী সহযোগ খিনি মই কেতিয়াও নাপাহৰোঁ। বেনাৰ আৰু অলংকৰণ সজাই পৰাই তোলা আৰাধনা বৰুৱা আৰু দিগন্ত ভট্টাচাৰ্য্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাঁচিলো। বিজয় মহন্ত, ৰাজশ্ৰী শৰ্মা, নীলাক্ষি কাকতি আৰু ডলী তালুকদাৰে মোৰ প্ৰতি আগবঢ়োৱা অকৃত্ৰিম সহযোগৰ বাবে তেওঁলোকৰ ওচৰত মই আজীৱন ঋণী।
আলোচনীৰ আন এটা অবিচ্ছেদ্য অংগ সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰটোত মোক সহযোগ কৰিলে নয়নমনি হালৈ আৰু মোৰ পত্নী লখিমী হাজৰিকাই। বাণীবদ্ধ ৰূপত গ্ৰহণ কৰা সাক্ষাৎকাৰটো পিছলৈ লিখিত ৰূপলৈ পৰিৱৰ্ত্তিত কৰাৰ কষ্টসাধ্য আৰু দুৰুহ কামখিনিৰ দ্বায়িত্ব হেলাৰঙে মূৰ পাতি লোৱা লখিমী আৰু নয়নমণি হালৈলৈ মই যাচিলোঁ। অন্তৰৰ অশেষ মৰম আৰু শ্ৰদ্ধাসিক্ত কৃতজ্ঞতা।
আলোচনীৰ খনক এক সাকাৰ ৰূপ দিয়াৰ পথত বিভিন্ন জনে আগবঢ়োৱা উপদেশ, সহায় সহযোগিতাৰ বাবে তেখেত সকলৰ প্ৰতি সহৃদয়তাৰে শ্ৰদ্ধা নিবেদিছোঁ। যিসকল লেখকে তেখেতসকলৰ মূল্যবান সময় খৰচ কৰি এই সংখ্যাৰ আলোচনীলৈ তেখেতসকলৰ বহুমূলীয়া লেখা প্ৰেৰণ কৰি আলোচনীখনক এক পূৰ্ণাংগ ৰূপ প্ৰদান কৰিলে তেখেতসকলৰ ওচৰতো মই চিৰদিন ঋণী হৈ থাকিলোঁ। সমাজত আমাৰ আশে-পাশে এনে বহু ব্যক্তি আছে যিসকলে সমূহীয়া স্বাৰ্থৰ বাবে কিমান সততা আৰু নিস্বাৰ্থ ভাবে নিজকে উৎসৰ্গিত কৰিব পাৰে। আলোচনীখনৰ লগত জড়িত হৈ মই এইকথা পুনৰবাৰ অন্তৰেৰে উপলব্ধি কৰিলোঁ। ফটাঢোল ই আলোচনীৰ সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যৰ কৰ্তব্যপৰায়ণতাক মই বিমুগ্ধচিত্তে স্বীকাৰ কৰি তেখেতসকলক মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা আৰু সেৱা জনাই সামৰিছোঁ।
জয়তু ফটাঢোল।
ৰূপম ঠাকুৰীয়া,
সম্পাদক, ফটাঢোল ই আলোচনী,
চতুৰ্থ বৰ্ষ দ্বাদশ সংখ্যা।
☆ ★ ☆ ★ ☆
10:28 am
আঁৰৰ কথাখিনি ভাল লাগিল ।
12:49 pm
অশেষ ধন্যবাদ।
12:42 pm
আঁৰৰ কথাখিনি বৰ ভাল লাগিল। ইমান ৰসালকৈ লিখিছে আৰম্ভনিখিনি।
12:49 pm
পঢ়ি চোৱা বাবে ধন্যবাদ বাগ্মিতা।
1:05 pm
অভিনন্দন জনালো আপোনালৈ
1:33 pm
ধন্যবাদ জনালোঁ দেই।
1:10 pm
ইমান ৰসালকৈ লেখিলে কোনে নপঢ়িব বাৰু। আৰৰ কথাখিনি গম পাই ভাল লাগিল।
1:34 pm
পঢ়া বাবে ধন্যবাদ জনালোঁ ।
1:11 pm
দাদা বিশেষ একো কৰি দিব নোৱাৰিলো দুঃখিত
1:34 pm
লগত আছা সেয়ে বহুত। ধন্যবাদ
1:20 pm
প্ৰাঞ্জল আৰু অকৃত্রিম সম্পাদকীয়…. বৰ ভাল পালো।
২৭ বাৰ মুখ ধোৱাটো বৰ দুূৰূহ কাম…?
1:35 pm
অশেষ ধন্যবাদ পঢ়া বাবে।
1:25 pm
আঁৰৰ কথাখিনি জানিবলৈ পাই ভাল লাগিল৷
1:36 pm
ধন্যবাদ থাকিল।
1:27 pm
আঁৰৰ কথাখিন জানিবলৈ পাই ভাল লাগিল
1:36 pm
বহুত ধন্যবাদ ।
2:02 pm
অভিনন্দন জনালোঁ
2:24 pm
ধন্যবাদ দেই।
2:22 pm
নাম ললে ন?এই ফ্ৰী কৈ নামটো ওলাই থাকে বাবেই লিখাৰ কষ্ট নকৰো।
2:24 pm
নাম নলৈ আৰু পাৰিনে?
3:02 pm
অভিনন্দন জনালোঁ। আলোচনী সুন্দৰ হৈছে।
3:04 pm
ভাল লাগিল৷
5:04 pm
আঁৰৰ কথা ভাল লাগিল।