ফটাঢোল

লিমাৰিক -যোগানন্দ মহন্ত

                ( ০০১)

নভবাকৈ এজনীলৈ টিপিয়ালোঁ চকু

মোচন দেখি দূৰৈতে কঁপিছিল বুকু

খেদি আহিছিল মোক

লাগি ধৰিছিল জোক

পিঠিতে শোধাইছিল হাঁহি-সনা  ভুকু।

                (০০২)

চাম বুলি ছোৱালী ওলালোঁগৈ মাজুলী  

চকুবোৰ ধুনীয়া ঘনে মাৰে বিজুলী 

প্ৰেমৰ বান্ধিলোঁ নাও

ফুৰিলোঁ গোটেই গাঁও 

ৰাইজে বুলিলে ছোৱালী চোৱা ভেকুলী।

                   (০০৩)

ঘৈণীজনী ভাল, মৰম উখহা গাল

কলিজাতো খান্দি থৈছে চেনেহৰ খাল

ৰাইজে দেখি শলাগে

জেঠতো নাচে ব’হাগে

শতৰুৱে কোৱা শুনো ভাগ্য মোৰ ভাল‌।

                   (০০৪)

বোৱাৰী নতুন, মুখৰ মইনা মাত

দেখাজনৰ চকুত, ৰূপে মাৰে চাৎ

বোৱাৰী চাবলে আহে

মৰম অকণো শোহে

আশীৰ্বাদৰ উলাহে বগাইগৈ গাত।

                  (০০৫)

ধুনীয়া ছোৱালীলৈ মৰম নালাগে কাৰ

পুহত যেনেকৈ মেৰিয়াই ধৰা জাৰ

মৰম যায় বাগৰি

ঘৰৰজনী পাহৰি

ডুবিলেহে নাপায়গৈ সাঁতুৰিও পাৰ।

               (০০৬)    

      

অফিচত কাম নহয় নিদিলে টকা

লাজ নাই খাই লৈ ধন নাইবা ঢকা

ৰাইজখনে পাহৰে

তেওঁকে নেতা সামৰে

জিন্দাবাদ ধ্বনিৰে দুশ ছয়ৰ জঁকা।

                (০০৭)

তোমাৰ সৈতে পদূলিত দিওঁতে খাপ

গাত এদিন পৰিছিল কাৰ্শলা সাপ

তুমি দিছিলা চিঞৰি

ময়ো গৈছিলোঁ শিঁয়ৰি

মৰমেও মাৰি দিলে লম্বা এটা জাঁপ।

                 (০০৮)

‘বোপা’ কিয় গাড়ীখন চলোৱা বেগত

‘ককা’ আমি ডেকা ল’ৰা ৰজাও জেপত

নীতি নিয়ম নিলগ

আমি মানুহ ‘বিলগ’

আমি বহা ঠায়ো ৰজা মন্ত্ৰীৰ ‘গেপ’ত।

                (০০৯)                

মাৰিছিলোঁ সুহুৰি শুনিবা বুলি তুমি

বাপেৰে আহি চোতালতে খুন্দিলে ভূমি 

পলাই মাৰিলোঁ ফাৎ

বিচাৰি ফুৰিলোঁ গাঁত

তথাপি আশাৰে পদূলিত থাকোঁ জুমি।

                (০১০)

খুলশালীৰে এদিন, খেলোঁতেই লুডু

খেদি আহিল চিলনী, কৰে বুলি যাদু 

কাষতে থাকিল বহি

হাঁহিৰ বিজুলী সহি

পাইছিল হাঁহিত সৰা বাকলি, বাদু।

☆ ★ ☆ ★ ☆

One comment

  • পূৰৱী কাকতী

    বৰ সুন্দৰ ?। ভাল লাগিল বহুত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *