ফটাঢোল

দৃষ্টিভঙ্গী -বৰ্ণালী পাঠক

থং…থং

ভিতৰৰ পৰা ভাঁহি আহিল কিবা বাচন পৰাৰ শব্দ এটা।বাৰাণ্ডাত পেপাৰ পঢ়ি থকাৰ পৰাই বৰুৱাই হাঁহি এটা মাৰি নিজকে কৈ উঠিল,

: কি বা হ’ল? বাচনটো নিজে পৰিল নে কোনোবাই পেলালে?

কাষতে বহি থকা নিহাৰ আচৰিত হ’ল,

: বৰতা,বাচনো নিজে পৰে?

: অ…আমাৰ ঘৰত পৰে!

: মানে?

:মানে যদি বৰমাৰৰ দ্বাৰা হ’ল, তেওঁ কয়,

: ইস…এই যে মৰা বাচনডাল পৰিল‌।

আৰু যদি বেলেগৰ, বিশেষকৈ বৌয়েৰৰ হাতৰ পৰা হয়,

তেতিয়া কয়,

: ইস… পেলালে পেলালে এইজনীয়ে পেলালে।

হাঁহি ৰখাবই পৰা নাই নিহাৰে, পেটত ধৰি হোঁহোৱাই হাঁহিছে।

হাঁহিৰ শব্দত বৰুৱানী ওলাই আহিল, নিহাৰক দেখি সুধিছে,

: অঁ নিহাৰ, কেতিয়া আহিলা গমেই নাপাওঁ!

: হ’ল অলপ সময় বৰমা, আপোনালোক ব্যস্ত বুলি বৰতাৰ লগতেই বহিছোঁ।

: অঁ নক’বা আৰু মাইকী মানুহৰ ব্যস্ততা, এই ভাজিৰ বাতিটো ডাইনিং টেবুলত থ’বলৈ ওলাওঁতেই বাতিটো নিজে নিজে  পৰি থাকিল নহয়। কাম বাঢ়িল আকৌ। তুমি বহাচোন। মই হাঁহিৰ শব্দ শুনিহে চাবলৈ আহিলোঁ, চাফা কৰিবলৈ আছেই!

নিহাৰে কিবা কোৱাৰ আগতেই পুনৰ ভাঁহি আহিল ভিতৰত কিবা পৰাৰ শব্দ। লগালগ কৈ উঠিল বৰুৱানীয়ে,

: ইস এইজনীয়ে কিবা পেলালে চাগৈ।

ধামধুম ভিতৰলৈ সোমাই গ’ল বৰুৱানী।

বৰুৱানীৰ কাম বাঢ়িল আৰু নিহাৰৰ হাঁহিৰ কোব। সি পেটত ধৰি হাঁহিয়েই আছে এতিয়ালৈ আৰু বৰুৱাই মিলমিলাই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *