ফটাঢোল

অসমৰ নাৰীৰ মেদবহুলতা – জয়ন্ত শৰ্মা

অসমৰ নাৰী, মেদবহুলতা আৰু ইয়াৰ কাৰণ সম্পৰ্কে অসম স্বাস্থ্য সংস্থা (AHO)ই আজি এখন প্ৰতিবেদন প্ৰকাশ কৰে৷ প্ৰতিবেদনখনত উল্লেখ কৰা সমীক্ষা মতে দৰং, কামৰূপ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ আদি কেইখনমান জিলাত ত্ৰিশোৰ্দ্ধৰ মহিলাসকলৰ হঠাতে বাঢ়ি অহা মেদৰ বাবে আন আন কেইবাটাও কাৰণৰ লগতে স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰো এটা কাৰণ হিচাপে প্ৰকাশ কৰিছে৷ প্ৰতিবেদন মতে অসমত প্ৰায় ৩৪% স্নাতক উত্তীৰ্ণ গৃহিণীয়ে ফেচবুক ব্যৱহাৰ কৰে৷

ৰিম’ট টিভি আৰম্ভ হোৱাৰপৰাই এই মেদবহুলতা সমস্যাটোৰ আৰম্ভণি হৈ এতিয়া ফেচবুক হোৱাটছএপত মধ্যবিত্ত ঘৰৰ গৃহিণীসকল ব্যস্ত থকাৰ ফলত মেদবহুলতাৰ সমস্যাটোৱে গুৰুতৰ ৰূপ ধাৰণ কৰা বুলি প্ৰতিবেদনখনত উল্লেখ থাকে৷ মোবাইলত ব্যস্ত থকাৰ ফলত চলা ফুৰা কমকৈ কৰাৰ বাবে অতিৰিক্ত কেলৰীসমূহ চৰ্বী হিচাপে গোট খাই মহিলাগৰাকীক আপচু কৰি তোলাত গৃহস্থসকল আন মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে সমাজত বিশৃংখলতা বঢ়া বুলিও প্ৰতিবেদনখনত প্ৰকাশ৷ একেদৰেই চুবুৰীয়াৰ লগত আহ যাহ নোহোৱাৰ ফলত সম্পৰ্কসমূহত আউল লগা বুলিও প্ৰতিবেদনখনত উনুকিয়ায়৷ আনহাতে মেদবহুলতাৰ পাৰ্শ্বক্ৰিয়া হিচাপে দেখা দিয়া এলাহ, শৰীৰৰ বিষ তথা আন আন উপসৰ্গবোৰে তেখেতসকলৰ মনতো ক্ৰিয়া কৰি তেওঁলোকক হতাশগ্ৰস্ত আৰু খিংখিঙীয়া কৰি তোলে৷ ফেচবুকৰ বিতৰ্কসমূহত ভাগ লৈ শেষত সমুদায় খং পতিসকলৰ ওপৰত জাৰি পতিসকলৰো মনৰ ফূৰ্ত্তি, কাম কৰাৰ উৎসাহত বাধা জন্মায়। ফলত ই মুঠ ঘৰুৱা উৎপাদন (GDP)ত প্ৰভাৱ পেলায় বুলি প্ৰতিবেদনখনত প্ৰকাশ হয়৷
অসম চৰকাৰক ইয়াৰ প্ৰতিকাৰ হিচাপে মহিলাসকলে দিনত যাতে এঘণ্টাতকৈ বেছি ফেচবুক ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কিবা ব্যৱস্থা কৰাৰ বাবে জুকাৰবাৰ্গলৈ প্ৰস্তাৱ প্ৰেৰণৰ পৰামৰ্শ আগবঢ়ায়৷

এঘণ্টাতকৈ বেছি ব্যৱহাৰ কৰিলে যাতে নিজে নিজেই ফেচবুক নট ৰেচপণ্ডেড মেচেজ আহে আৰু পতিসকলৰ আঙুলিৰ চাপ দিহে আকৌ ফেচবুক ব্যৱহাৰ কৰিব পাৰি তাৰো ব্যৱস্থা কৰিবৰ বাবে মোবাইল কোম্পানীক বাধ্য কৰিবলৈ টেলিফোন ৰেগুলেটৰী অথ’ৰিটি অৱ অসম (TRAA)ক আবেদন জনাবলৈ অসম চৰকাৰক আহ্বান জনায়৷

ইতিমধ্যে প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ লগে লগেই এয়া নাৰীৰ স্বাধীনতাত হস্তক্ষেপ আৰু পুৰুষতন্ত্ৰ বাহাল ৰখাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি কেইবাটাও নাৰী সংগঠনৰ বিষয়ববীয়াসকলে এক উমৈহতীয়া বিবৃতি দাঙি ধৰে৷ তেওঁলোকৰ মতে এইটো কোনো ধৰণৰ সমস্যা নহয়৷ এয়া মহিলাসকলেও যাতে ইণ্টাৰনেট বা ফেচবুক ব্যৱহাৰ কৰি পুৰুষসকলৰ সমানে সমানে আগবাঢ়ি যাব নোৱাৰে তাৰ বাবে পুৰুষসৃষ্ট এক কাল্পনিক সমস্যাহে৷ ছোৱালী কালত মাক দেউতাক, ককায়েকবোৰৰ শাসন, বোৱাৰী কালত শাহু-শহুৰ, পতিৰ শাসন আৰু বৃদ্ধাৱস্থাত পুত্ৰৰ শাসনে মহিলাসকলৰ স্বাধীনতাক যুগ যুগ ধৰি কোঙা কৰি ৰাখিছে৷ এতিয়া ইণ্টাৰনেটৰ যোগেদি স্ত্ৰী প্ৰধান অঞ্চলৰ হাৱ ভাৱ শিকি কৌটিকলিয়া পৰম্পৰাৰ শিকলি ছিঙাৰ ভয়তে এচাম চকুচৰহাই কোনো দিনে নাম নুশুনা সংস্থা এটাৰ হতুৱাই তথ্যৰ নামত কিছু আং বাং প্ৰকাশ কৰি স্ত্ৰী জাতিৰ বিকাশত হেঙাৰ দিয়াৰ এক কৌশল হে মাথো বুলি বিবৃতিটোত কয়৷ সংস্থাটোক গৰিহণা জনাই তেওঁলোকে কোনো পৰিস্থিতিতেই শুনানি অবিহনে এই একপক্ষীয় পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব আৰু সকলো শক্তি প্ৰয়োগ কৰি হ’লেও এই ষড়যন্ত্ৰক মষিমূৰ কৰিবলৈ নাৰী সংগঠন সমূহক একগোট হ’বৰ বাবে আহ্বান জনায়৷

ইতিমধ্যে নাৰী সংগঠনসমূহে ঠায়ে ঠায়ে ৰাস্তালৈ ওলাই ইয়াৰ তীব্ৰ প্ৰতিবাদ জনোৱা দেখা গৈছে৷ জিলাই জিলাই নাৰী সংগঠনৰ সদস্যসকলে হাতে হাতে পুৰুষতন্ত্ৰ নিপাত যাওক, আমাৰ স্বাস্থ্য আমাৰ কথা, জয় আই অসম লিখা প্লেকাৰ্ড লৈ সংস্থাটোৰ কাৰ্যালয়ৰ অনুসন্ধান কৰে যদিও কোনো ঠাইতে কাৰ্যালয়ৰ অৱস্থিতিৰ উমান পোৱা নগ’ল৷

নাৰীবাদী সংগঠনসমূহক ADCO (all day chatting organisations) ৰ পুৰুষসকলৰ ফালৰপৰা নৈতিক সমৰ্থন জনোৱাৰ কথা আগবঢ়াইছে৷ তেওঁলোকৰ মতে মেদবহুলতাৰ বাবে ফেচবুকক জগৰীয়া কৰাটোৱেই হাস্যকৰ৷ সমস্যাটো ৰিম’ট টিভি ওলোৱাৰ পৰা নহয় তাৰো আগৰ ইন্ধন গেছ ওলোৱাৰ পৰাই সৃষ্টি হৈছে৷ সমস্যা যদি সঁচাই শেষ কৰিবলৈ বিচাৰে তেতিয়া ইন্ধন গেছ বন্ধ কৰাৰ পৰাই আৰম্ভ কৰিব লাগিব৷ তদুপৰি বিয়া নোহোৱালৈকে ল’ৰাজন কেনেকুৱা হ’ব বা এজন ভাল ল’ৰালৈ বিয়া হ’বৰ বাবে মনে ভাল পোৱা কিছুমান ইচ্ছা জোৰ কৰি দমন কৰি ৰখাৰ ফলত তেওঁলোকৰ শৰীৰ আৰু মনত একপ্ৰকাৰ চাপ সৃষ্টি হৈ থাকে৷ বিয়াৰ পিছত এই চাপৰ পৰা মুক্ত হোৱাৰ বাবেও তেওঁলোক শকত হয়৷ থাইৰয়ডৰ সমস্যাক দেখুওৱাৰ লগতে সংগঠনটোৱে কয় যে মহিলাসকলৰ মনৰ আটাইতকৈ প্ৰিয় খাদ্যই হ’ল পৰচৰ্চা৷ মনেমিলা সংগীজনীৰ লগত পৰচৰ্চা কৰি যি সুখ পোৱা যায় সেই সুখ আন একোৰে লগতেই তুলনা নহয়৷ ল’ৰা ছোৱালীক স্কুলত থ’বলৈ গৈ ৰৈ থকাৰ সময়ত তেওঁলোকে এই বিমল আনন্দ লোৱাৰ সুবিধা পোৱাটোও শকত হোৱাৰ আন এটা কাৰণ৷

সংগঠনৰ বিবাহিত পুৰুষসকলে সমৰ্থন জনোৱা কথাটো কিন্তু একেমুখে অস্বীকাৰ কৰিছে৷ ফেচবুক একাউণ্ট খোলাৰ দুদিনমান পিছৰপৰাই ঘৰৰ বাতাবৰণ একেবাৰে সলনি হৈ যায়৷ যতনৰ অভাৱত ৰন্ধা খাদ্যৰ সোৱাদ কমা হেতুকে ল’ৰা ছোৱালীয়ে খাবলৈ মন নকৰা হয়৷ ফলত পুষ্টিহীনতা আৰু অলসতাত ভোগে৷ পতিসকলেও অফিচলৈ যাবৰ সময়ত ভাত নোহোৱাৰ বাবে হোটেলৰ অত্যধিক মছলা দিয়া খাদ্য খাই পেটৰ অসুখত ভোগে৷

দুচকীয়া যান বাহন নিৰ্মাণ কোম্পেনীবিলাকে প্ৰস্তাৱটোত আদৰণি জনাইছে৷ কোম্পেনীসমূহে অটোভানত নিব লগা পৰিমাণৰ ওজন বাইকত নিয়াৰ ফলত এবজৰ্বাৰসমূহ সততে বেয়া হৈ কোম্পেনীসমূহৰ দুৰ্নাম কৰাৰ লগতে বিগত কেইবছৰ মান যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল বুলি মত প্ৰকাশ কৰে৷

আনহাতে মোবাইল কাৰ্ডৰ খুচুৰা বিক্ৰেতাসকলে আপত্তি দৰ্শাই কয় যে তেওঁলোকৰ সিংহভাগ গ্ৰাহকেই হ’ল মহিলা৷ এইবিলাক অপপ্ৰচাৰেৰে তেওঁলোকৰ পেটত লাঠ মাৰি সমগ্ৰ ব্যৱসায়টো পুঁজিপতি বণিক গোষ্ঠীৰ হাতত দিবলৈ পাং পাতিছে৷

★★★★

2 Comments

  • Gitika Saikia

    ৰিচাৰ্ছ বেছ ইণ্টাৰেষ্টিং আছিল দেই! যিনহওক পঢ়ি ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    আগতে ফটাঢোলত পঢ়া যদিও আকৌ এবাৰ পঢ়ি ভাল লাগিল ৷ এইটো পঢ়ি লাগিছে তুমি বৈদ্য ভাল লিখা ৷ নেৰিবা ৷ মজ্জা লাগিছে ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *