প্ৰাণ ৰাখবি মোৰ- নাজিয়া হাচান
অকণমানি ৰঙা পৰুৱা এটা দঁতাল হাতী এটাৰ মেৰুদণ্ডত গৈ বহিল। ইমানপৰে মাটিৰ পৰা বগাই বগাই হাতীৰ পিঠিত বহা ৰঙা পৰুৱাটোলৈ হাতীটোৱে নীৰৱে চাই থাকি, শেষত গলখেকাৰি মাৰি গৰগৰীয়া কণ্ঠৰে ৰঙা পৰুৱাক সুধিলে,
: কি অ’ পৰুৱা, কথা নাই বতৰা নাই তই ইমানকণি জীৱই, মোৰ দৰে এইহেন বিয়াগোম প্ৰাণী এটাৰ পিঠিত একেকোবে উঠি বহিলিহি যে! তোৰ কি অলপো ভয় নালাগিল নে মোলৈ?
প্ৰশ্নভাগ তাক কোনে কৰিলে বুলি সি মূৰ ঘূৰাই ইফালে সিফালে চাই কাকো নেদেখি, শেষত এই প্ৰশ্ন হাতীৰেই হ’ব বুলি সি নিঃসন্দেহ হ’ল; লগে লগে পিঠিৰ ওপৰৰ পৰা হাতীৰ মুখখন চাবলৈ ধৰি, সি হাতীৰ পিঠিখন ভালকৈ সাৱটি ধৰিলে আৰু পিঠিৰ ওপৰৰ পৰা যিমান পাৰে শিৰনত কৰি হাতীৰ নেত্ৰহাল দেখা নেদেখা অৱস্থাত থাকি সি ক’লে,
: মোৰনো আৰু কিহৰ ভয়? ডাঙৰ ডাঙৰ পাহাৰ-পৰ্বত, নদ-নদীত বগাই মেলি, উটি-ভাঁহি, তিঘিলঘিলাই থকা জীৱহে আৰু আমি! থ’ড়িনা আপোনাৰ পিঠিখনতে বগাওঁ; ভয় খাবলৈ!
: বাপৰে! হয়নে অ’? ইমান বাহাদুৰি মৰা কথানে অ’ তোৰ! মোৰ নিশাহৰ বতাহৰ ভৰো সহিব নোৱাৰা জীৱহে অ’ তই! তোৰ আকৌ নিজক লৈ ইমান অহংকাৰ! ইমান গৰ্ব!
এইবুলি হাতীয়ে নিজৰ সৰু সৰু চকুহাল আৰু বেছি সৰু কৰি, ওপৰৰ পৰা তাৰ মুখখন চোৱাৰ চেষ্টাত থকা পৰুৱাটোক দৃষ্টি মিলাই সুধিলে।
হাতীৰ নেত্ৰ হঠাৎ ৰঙা পৰুৱাৰ নেত্ৰত পোনে পোনে পৰাত ৰঙা পৰুৱা কিছু অপ্ৰস্তুত হ’ল। সি তাৰ নয়ন পতাযোৰ লাহেকৈ জপাই আগতকৈ কিছু নম্র সুৰত হাতীক ক’লে,
: নমস্কাৰ দেউ। কিযে কয় আৰু আপুনিও। মোৰনো আকৌ অহংকাৰ কৰিবলৈ কিটোনো আছে বাৰু! সঁচা কথাবোৰহে কৈছোঁ আৰু মই; দাই-দোষ নধৰিব আৰু মোক।
: উম! তাকেই! কওঁতে তই কথাখিনি বাৰু ঠিকেই কৈছ। সঁচাই, তহঁতৰ নিজক লৈ অহংকাৰ কৰিব পৰাকৈ বহু গুণ আছে। মই একমত। আজিকালি চকুৰে মনিব নোৱাৰা জীৱবোৰৰেই অহংকাৰ কৰিব পৰা গুণ বহু আছে। আমিবোৰ শৰীৰেৰেহে ডাঙৰ; পিচে আমাৰ অহংকাৰ কৰিব পৰা গুণ কিন্তু একোডাল নাই বুইছ? তহঁতৰ কাম-কাজবোৰ দেখি মোৰ নিজৰ জীৱনটোক আজিকালি ধিক্কাৰ দিবলৈ মন যায়; কিনো এই জীৱন বুলি!
এইবুলি হাতীয়ে এটা দীঘল উশাহ সলাই দূৰৰ হাবিখনলৈ বৰ উদাস দৃষ্টিৰে চাই থাকিল।
হঠাৎ দঁতাল হাতীৰ এনেধৰণৰ আচৰণত পৰুৱাটো বৰকৈ আচৰিত হ’ল। সি হাতীক লগে লগে কপাল কোঁচাই সুধিলে,
: এয়া আপুনি কি কৈছে দেউ? মই আচৰিত হৈছোঁ, আপোনাৰ এই অনুভৱত! হঠাৎ এইদৰেনো আপুনি কিয় ভাবিছে মই বুজিব পৰা নাই! আপুনি ইমান বলৱান স্বাস্থ্যৱান প্ৰাণী! লগতে ইমান অসাধাৰণ ব্যক্তিত্বৰ গৰাকী আপুনি! ইচ্ছা কৰিলে আপুনি কি কৰিব নোৱাৰে বাৰু? আপুনি মোৰ দৰে জীৱৰ লগত নিজক তুলনা কৰিছে! আপুনি অকাৰণত মনলৈ এই বেদনা আনিছে দেউ! এই অনুভৱ আপোনাৰ ব্যক্তিত্বত শোভা পোৱা নাই।
: এহ্! থ, আমাৰ বলৱান স্বাস্থ্যৱানৰ কথা। থ, আমাৰ ব্যক্তিত্ব। আমি কেৱল নিজৰ মাজতেইহে ৰজা বুইছ? নিজৰ মাজতেই আমি কেৱল বলৱান শক্তিৱান! সঁচা কথা ক’বলৈ গ’লে, নিজৰ জোখতকৈ ডাঙৰ-দীঘল কাম কৰিবলৈ আমাৰ কিঞ্চিটো সাহেই নাই অ’ তহঁতৰ নিচিনা! তহঁতে দেখিছনে বাৰু কেতিয়াবা, আমি নিজতকৈ ডাঙৰ কিবা এভাগ কাম কৰা? ক’ৰ পৰা দেখিবি? আমি কেতিয়াবা কৰিলেহে দেখিবি।
হাতীটোৰ কথাত ৰঙা পৰুৱাৰ হৃদয়খন ক’ৰবাত যেন হাঁহাকাৰ কৰি উঠিল। ইমান ডাঙৰ বন্যপ্ৰাণী আৰু নিজক লৈ ইমান অসন্তুষ্ট! সঁচা কথাটোৰ উমান ল’বলৈ সি লৰালৰিকৈ পিঠিৰ পৰা নামি, এইবাৰ হাতীটোৰ সুৰডালৰ মাজত আহি বহিল আৰু এখন গালত হাতখন থৈ চিন্তিত নয়নেৰে হাতীৰ উদাস মুখখনলৈ চাই মনতে ভাবিলে, কথাটো ময়ো হাতীৰ বিষয়ে এইদৰেই ভাবোঁ বাৰু। তেওঁলোক যিমানটো প্ৰাণী সিমানেইহে পিচে গাত বল,শক্তি। শৰীৰৰ জোখতকৈ ডাঙৰ কিবা বস্তু বা কাম তেওঁলোকে থ’ড়িনা আমাৰ দৰে ডাঙিব কৰিব পাৰে! নোৱাৰে, সাত জনম ল’লেও নোৱাৰে বুলি মই লিখি দিব পাৰিম। কিন্তু তেওঁ মোৰ দৰে ক্ষুদ্ৰ জীৱ এটাৰ আগত নিজৰ অহংকাৰ কৰিবলৈ এৰি, ওলোটাই তেওঁ মোৰ ওচৰত এইদৰে দুখ শ্বেয়াৰ কৰিছে যে! তাকে ভাবিহে মই বৰ আচৰিত হৈছোঁ!
পৰুৱাই পিঠিৰ পৰা নামি হাতীৰ সুৰত আহি এইদৰে বহা দেখি, হাতীয়ে লৰাই থকা সুৰডাল লৰাবলৈ বন্ধ কৰি ক’লে,
: এতিয়া তয়ে কচোন পৰুৱা, কালিলৈ যদি এই বনত বানপানী আহে; তহঁত পৰুৱাই লাড়ু এটা বান্ধিয়েই ভৰ বানৰ মাজতো নিজক ৰক্ষা কৰিব পাৰিবি, হয়নে নহয়; কিন্তু আমি? আমাৰ দৰে ডাঙৰ প্ৰাণীবোৰলৈ চাচোন। না সাঁতুৰিব জানো, না বোলে লাড়ু বান্ধিবলৈ! এইবোৰ স্বাস্থ্যৰনো কি কাম, যি নেকি বিপদৰে বন্ধু নহয়! হয়নে নহয় ক? আৰু আমাৰ শৰীৰৰ যি শক্তি, সেইবোৰ শক্তি আমি আমাৰ নিজৰ কামতনো কিমান খটুৱাব পাৰোঁ; সেই কলগছকেইডাল উঘালি উঘালি খোৱাৰ বাহিৰে? এয়া চা, এই যে মোৰ ওলাই অহা দাঁত দুটা; দেখিছ নহয়? এই দুটাক লৈয়ো মই মহা চিন্তাত দিন কটাইছোঁ! ৰাতি দিনৰ সকলো নিদ্ৰা মোৰ হৰণ কৰিছে, এই ওলাই থকা দীঘল দন্ত দুটাই! কোন মহান মানুহে বা কোন সময়ত আহি মোৰ এই দাঁতক পাবলৈ মোৰ প্ৰাণটোক কাঢ়ি নিয়ে, সেয়া একো ভৰসা নাই! লুকাই চুৰকৈ দূৰৰ পৰা মোলৈ মানুহে এটা গুলি এৰিলেই মই চিধা লুটি খাই পৰিম। ওলোটাইতো মই একো এক্সন ল’ব নোৱাৰোঁ! তোৰ জীৱনত সেইবোৰ কথালৈ একো ভয় নাই। কিমান আজাদি জীৱন তোৰ! মোৰ দুখ বহুত। কিমান যে দুখৰ বোজা লৈ চলি আছোঁ; সেয়া মই কৈ শেষ কৰিব নোৱাৰোঁ। শৰীৰ ডাঙৰ হ’লেইতো সকলো নহয়! বাৰু সেইবোৰ বাদ দে। এতিয়া ক, তই বাৰু মোৰ পিঠিত উঠিবলৈ কিয় আহিলি?
: দেউ, এহ নক’ব আৰু দেউ; মোৰ জীৱনৰ কথা। জীৱটোতো মোৰ তেনেই কণমানিয়েই বাৰু; কণমানি বুলিয়েই মোক কোনেও গুলি মাৰিবলৈয়ো নাহে, মানিলোঁ বাৰু। কিন্তু বিপদ-আপদবোৰ মোৰ জানো কণমানি! কিমান সংগ্ৰাম কৰি কৰি একোটা দিনৰ এটা এটা মুহূৰ্ত প্ৰাণ ৰক্ষাৰ নামত কটাব লাগে সেয়া মইহে জানো! সেইযে গছ-গছনিৰে ভৰা জংঘলখিনি দেখিছে? আপোনাৰ দৰে প্ৰাণীৰ কাৰণেতো সেয়া মামুলি দুবৰি বনহে একোডাল। কিন্তু মোৰ বাবে সেইবোৰ থ’ড়িনা দুবৰি বন? মোৰ বাবেতো সেয়া এখন মস্ত ডাঙৰ অভয়াৰণ্য! সেই অৰণ্যৰ সিপাৰে থকা নদীখন যে; মই সেই নদীখন ইয়াৰ পৰা একেবাৰেই দেখা নাপাওঁ দেউ। সদায় সদায় বৰ কষ্টৰে অৰণ্য ভাঙি নদীৰ পানী কিমান বাঢ়িছে মই চাই চাই আহোঁগৈ। ল’ৰা-ছোৱালীকেইটা মোৰ বহুত সৰু সৰু। হঠাৎ যদি বনত বান আহে সিহঁতক লৈ বানত প্ৰাণ বচাবতো লাগিব দিয়কচোন। কিন্তু সেইবোৰ তৈয়াৰী আগতেই নকৰিলে কেনেকৈনো বাচিম পৰিয়াল সামৰি? সেয়ে আজিও নদীৰ পানী চাবলৈকে গৈ আছিলোঁ। পিচে ইয়াত আপুনি ৰৈ থকা দেখি ভাবিলোঁ, ইমানখিনি জংঘল ভাঙি যোৱাতকৈ আপোনাৰ পিঠিত উঠিয়েই নদীৰ পানীখিনিৰ উমান লওঁ। সেয়েহে দেউ আপোনাৰ…
এইবুলি হাতদুখন যোৰ কৰি, শিৰনত কৰি সি হাতীৰ উত্তৰলৈ বাট চালে।
: বাঃ! হয় নে অ’? কম বুধিয়ক নহয় দেই তই। গছ-বন ভাঙি নদীৰ কাষলৈ যোৱাতকৈ মোৰ পিঠিৰ পৰা চায়েই নদীৰ পানীৰ উমান ল’বলৈ আহিছ তই? তাকেই ঈশ্বৰে তহঁত ক্ষুদ্ৰ জীৱবোৰক দেখাতহে সৰু কৈ স্ৰজিলে অ’। বাকী গুণ-বুদ্ধি সকলো তহঁতকেইহে ঢালি দিলে, হয় দে। নাজানো আৰু; সকলো ঈশ্বৰৰ বিচাৰ!
: দেউ, দুখ নকৰিব। ঈশ্বৰে কাকো কম বেছিকৈ সৰজা নাই। সমান ৰূপতে সৰজিছে। আমি খালী নিজৰ গুণবোৰ নেদেখোঁ বাবেহে তেনে ভাব এটা আহে বাৰু! কিন্তু চাওক, আপোনাৰ যিখিনি কাম কৰাৰ কেপাচিটি আছে, সেই তুলনাত মোৰ জানো সেইবোৰ আছে, দেউ! আমি আপোনাৰ কেঞা আঙুলি এটাৰো যোগ্য নহওঁ! হ’ব পাৰোঁ আপোনাৰ কাণৰ ভিতৰত সোমাই যাব পৰা জীৱ। আপোনাৰ দৰে প্ৰাণীবোৰৰ মগজত এণ্ট্ৰি মাৰি, পগলা কৰি দিব পৰা ক্ষমতা থকা কণমানি জীৱ। কিন্তু আমাৰ জীৱনটোৰ জানো কিবা ভৰসা আছে? কাৰ ভৰিৰ পতাৰ তলত আমাৰ প্ৰাণ কেতিয়া চুতে তাৰতো একো বিচাৰ নাই দেউ! খাওঁতেতো আমি আমিষ-নিৰামিষ সকলো খাওঁ। তথাপি আপোনাৰ শক্তিৰ লগত আমাৰনো আৰু তুলনা হয়নে…
: উম! তুলনা হয় অ’ তুলনা হয়। মানুহৰ দৰে সৰ্বশ্ৰেষ্ঠ জীৱকো আজি ক্ষুদ্ৰ জীৱয়েই প্ৰাণ কাঢ়ি নিয়াত সফল হোৱা নাই জানো! প্ৰাণৰনো কি ভৰসাটো আছে! এতিয়া চাচোন, সেই যে কলগছডাল; খাওঁতেতো কলগছডাল তহঁতেও খাব পাৰ আৰু আমিও খাওঁ। সেইটোতো কম আচৰিত কথা নহয়!
পৰুৱাৰ কথাত বাধা দি দঁতাল হাতীয়ে মূৰটো অলপ বেঁকা কৰি পুনৰ উদাস দৃষ্টিৰে এইবাৰ আকাশলৈ চাই ক’লে।
☆ ★ ☆ ★ ☆
3:42 pm
ধুনীয়া লাগিছে পঢ়ি
5:25 pm
ধন্যবাদ
7:37 pm
হয় কথাটো।ঈশ্বৰে সজোৱা সময়ত শৰীৰ বোৰ সৰু ডাঙৰ কৰিলে। কিন্তু প্ৰয়োজন অনুসৰি। সৰু হ’লেও অবজ্ঞা কৰিব নোৱাৰি বুদ্ধিৰ চোকা। কোনো কিছুতে কোনো কম নহয়।
5:25 pm
ধন্যবাদ