ফটাঢোল

ছুইট ছেল্ফি : পদ্মজা বৰুৱা মহন

“আৰু কি বাকী থাকিল আৰু কি বাকী থাকিল…”

মনত পেলাই পেলাই আৰু মনত নপৰাত ওচৰতে বাঁহ গাঁজ গুচাই থকা নগাকে ধমক এটা দিলে প্ৰীতিয়ে,

: ঐ জহনীতযোৱা আৰু কিবা থাকি গ’ল নেকি মোনাত সোমোৱাবলৈ, মনত পেলাই দে চোন।

: ঐ, তহঁতে পথাৰত খাবলৈ যাৱনে ৰুবলৈ যাৱ হেৰ’। অথনিৰে পৰা খোৱাবস্তুসোপাকে ভৰাই থকা দেখিছোঁ।

সিয়ো চিঞৰিয়েই উত্তৰটো দিলে।

: ধৈ ওপৰচকুৱা, খোৱাবস্তুবোৰ সদায় বেছি দেখ তহঁতে। অতগাল ৰোৱনী আহিব সুদাপেটে ৰুব নেকি পথাৰত?

: নেজানো কি নিয় কি নিনিয়। ঠাণ্ডা পানী নিবলৈ নেপাহৰিবি খালী। নহ’লে পথাৰত গৰু খোজৰ পানী খাব লাগিব।

কৈ কৈ নগাই পুনৰ গাঁজ কটাত মগ্ন হ’ল।

: নৰকীটো, কথা এষাৰৰ ভালকৈ উত্তৰ নিদিয়ে!

প্ৰীতিয়ে মনতে ভোৰভোৰাই পুনৰ পাকঘৰ পালেগৈ।

প্ৰীতিহঁতৰ আজি ন-ভূঁই, লগতে সাঁউৰি। ওচৰ-চুবুৰীয়া ৰোৱনীসোপাকে মাতিছে ৰুবলৈ। গিৰিয়েকে কৈছিল, 

: বাদ দিয়া সাঁউৰি চাউৰি পাতিবলৈ। হাজিৰা ৰোৱনী বিশজনীমান লৈ আহিম, একেদিনাই আইধা পৰিব ৰুই।

পিচে প্ৰীতিৰ মনে নেমানে। আনিব বাৰু হাজিৰা ৰোৱনীও। পিচে এইদৰে সাঁউৰি পাতি লগেভাগে ফূৰ্তি-তামাচা কৰি কাম কৰাৰ আনন্দও বেলেগ নহয়। আনন্দও হওক, সাঁউৰিৰ পৰম্পৰা ৰক্ষাও হওক। চুবুৰীয়া ৰোৱনীবোৰেও সিহঁতৰ ঘৰৰ সাঁউৰিটোলৈ বৰ আশা কৰে। মাতিলে নহাকৈ নেথাকে। হাঁহি ফূৰ্তি কৰি ৰোৱে।

তাকে বুলি ঘৰৰ গৃহিণী হিচাপে প্ৰীতিয়ে কালিৰ পৰা ব্যস্ত হৈ আছে। পুৱা উঠিয়েই ঘৰৰ আটাইকে জা-জলপান খুৱাই নিজেও দুটামান খাই সাঁউৰিৰ ৰোৱনীৰ বাবে খোৱা-বোৱাৰ যা-যোগাৰ কৰাত লাগি গৈছে। আগৰাতিয়েই তৰা পাতত বান্ধি সিজাই থোৱা বৰা চাউলৰ টোপোলা, ভাত পঁচিশটামান মোনাত ভৰাই লৈছে, লগত চেনীৰ টেমা, আকৌ পাত এখনত গুৰ এলদা বান্ধি লৈছে বেলেগে। দুটা ফ্লাস্কত গাখীৰ চাহ, এটাত ৰঙা চাহ ভৰাই তামোল-পাণৰ টোপোলা এটাৰ লগতে ডবুৱা কটাৰীখন, বাৰীৰ ঢাপৰ ৰসাল আনাৰস দুটা, ঘৰৰ গছৰ নাচপতি ছয় সাতোটামান। পকা কঁঠাল ডাঙৰ টিফিন এটাত এটিফিন, মালভোগ কল এআষি। ঘৰত চাহ খাবলৈ বুলি বনোৱা কে’কটোৰ এফালো টুকুৰা টুকুৰাকৈ কাটি কণ্টেইনাৰ এটাত ভৰাই লৈছে। সকলো যোগাৰ কৰি থৈ গ’লে গিৰিয়েকে মোনাকেইটা ল’ব আৰু যাব পাৰিব।

লাওপানী, ভাজি এইবোৰ যেনিবা শাহুৱেকে যতনাই দিব। তাৰ বাবে ৰহি এজগ আচুতীয়াকৈ থোৱাই আছে। ৰোৱা গছি লওঁতে মৃতকলৈ বুলি ডাঙৰ মতা কুকুৰা এটা মাৰিছিল, তাৰ মঙহো আছে। শাহুৱেকে নিজৰ পচন্দমতে ৰান্ধিব।

দুপৰীয়া ভাত ৰান্ধিবলৈ ওচৰৰ খুৰীয়েক এগৰাকীক মাতি থৈ আহিছে। তেওঁ আহিব। ই নগাই হাঁহজনী মাৰি কুটি-বাচি দিব। গিৰিয়েকে পথাৰৰ পৰা আহি এইবোৰ কৰিবলৈ সময় নহ’ব।

নগাৰ ভাল নাম নগেন। প্ৰীতিহঁতৰ ঘৰৰ ওচৰৰে। সমন্ধত তাইৰ দেওৰেক হয়। সেয়ে নগা বুলি মাতে তাই ধেমালিতে।

: আৰু শুন আকৌ নগা, গঁৰালতে হাঁহ আটাইখিনি বান্ধি থোৱা আছে। তাৰে মোহিনী হাঁহিজনী ধৰিবি। কণী চনী নেপাৰে সেইজনীয়ে, তেল ধৰিলে চাগৈ।

: মই সৈবোৰ নেজানো। যিজনী আটাইতকৈ গধুৰ পাওঁ সেইজনীকে ধৰিম।

নগাই ক’লে।

: শনিটো, যি তি হাঁহ নেমাৰিবি। কণী পাৰি আছে দুজনীমানে আৰু শুন পথাৰৰ পৰা ককায়েৰ আহিলে এই গোটাই থোৱা আটাইখিনি লৈ যাবলৈ ক’বি চাহ খাবলৈ দেই। আৰু…

আৰু কিবা বুলি ক’ব খোজোঁতেই বাহিৰত গাড়ী এখন ৰোৱা যেন শুনি ৰান্ধনী ঘৰৰ পৰা ওলাই চ’ৰাঘৰৰ পৰাই ভুমুকিয়াই চালে তাই। হয় অনলৰ গাড়ীখন। অনল নামি আহিছে, পিছে পিছে জাক ছুইটি।

প্ৰীতিৰ বৰজনাক অনল। টাউনৰ ভাড়াঘৰত থাকে। আনকালে খেতিৰ বতৰত নাহেচোন। আজি বা হালৰে আহিবলৈ কি মন গ’ল। সিদিনা ফোন কৰি সুধিছিল ন-ভূঁই কেহানিকৈ ৰুব বুলি, পিচে আহিব বুলি ভবা নাছিল কোনেও।

এনেই ভাবিলে প্ৰীতিয়ে। পিছমুহূৰ্ততে বেছি নেভাবি ভিতৰলৈ সোমাই গৈ শাহুৱেকক বৰজনাক অহাৰ কথা জনালেগৈ।

: আদৰঙাকিটা কেলেই আহিছে অ’ খেতিৰ বতৰত।

গজগজাই উঠিল শাহুৱেক।

: অ’ আমাৰ ছেল্ফি ৰাণী আহিছে নেকি? ৰুবলে আহিছে আকৌ। খেতিৰ বতৰত কেলেই আহে।

নগেনে মাত লগালে।

: ওও তেজখোৱা। টাউনীয়া বৌৱেৰে আহি গোটেইখন ৰুই শেষ কৰি থৈ যাব এতিয়া। আমি মুখ মেলি চাই থাকোঁতেই যাব।

শাহুৱেকৰ কথা শুনি নগেন, প্ৰীতি দুয়ো হাঁহিলে।

আচলতে শাহুৱেকে এনেদৰে কোৱাৰ কাৰণ আছে। আজি বিয়াৰ আঠবছৰে দেখি আহিছে প্ৰীতিয়ে খেতিৰ মাটি থাকিলেও বৰজনাক অনল আৰু জাক ছুইটি কিন্তু খেতি-বাতিৰ প্ৰতি একেবাৰে উদাসীন। বোকাপানী বুলি ক’লে দুইজনে দূৰতে নাক কোঁচায়। বৰজনাকে টাউনৰ কিবা কোম্পানীত সৰু কাম এটা কৰে কিন্তু বহুত ডাঙৰ চাকৰিয়াল দৰে ভাও দেখুৱায়। খেতি কৰিব লাগিব বুলিয়েই বোলে ছুইটিয়ে বিয়াৰ পিছৰ বছৰেই ভাড়াঘৰলৈ গুচি গৈছিল। কিন্তু ঘৰৰ লাহী ধানৰ চাউলকেইটা, বাৰীৰ কল, বনশাকৰ পাতকেইটা নিবলৈ আকৌ ঘনাই আহে। শাহুৱেকৰ লগত পিচে জাক ছুইটিৰ বৰকৈ ৰাহি যোৰা নাহে।

নগেন আৰু শাহুৱেকক পাকঘৰত এৰি প্ৰীতিয়ে বৰজনাক জাকক আগবঢ়াই আনিলেগৈ।

: ওৱৱ ইমান ধুনীয়া ফুল। মই প্ৰথমে ফটো দুকপিমানহে তোলোঁ দেই।

বাৰাণ্ডাৰ কাষত ফুলি থকা ফুলখিনি দেখি ছুইটিয়ে ৰ’বই নোৱাৰিলে। বিভিন্ন ভংগীমাৰে তাই ফুলৰ সৈতে ছেল্ফি ল’বলৈ ধৰিলে।

বৰজনাক ভিতৰলৈ সোমাই গ’ল মাকৰ লগতে নগেনকো মাত লগাই পুনৰ বাহিৰলৈ ওলাই আহিল। ইতিমধ্যে ছুইটিৰ ছেল্ফি তুলি শেষ হৈছিল চাগৈ। দুয়ো আহি চ’ৰাঘৰত বহিলহি।

: হাল চাল বাবলৈ টকা পইচা জোৰা মৰিছেগৈনে প্ৰীতি।

আগবঢ়াই দিয়া বঁটাৰ পৰা তামোল এখন লৈ সুধিলে তেওঁ প্ৰীতিক। নুসুধিলেই নহয় বাবেহে যেন সুধিলে তেওঁ।

: হৈছে জোখে-মাখে।

প্ৰীতিয়ে উত্তৰ দিলে। এনেয়ো জানে তাই জোৰা নাই মৰা বুলি ক’লেও তেওঁলোকে জেপৰ পৰা এটকা এটাও উলিয়াই নিদিয়ে। মহা কৰাইচ দুয়োটা।

: দিম বুলিয়েই ভাবিছিলোঁ বুইছানে কেইটকামান। পিচে আমাৰ এইগৰাকীয়ে আকৌ সিদিনা হঠাতে হাতৰ পৰা পেলাই ম’বাইলটো ভাঙিলে নহয়। ভাঙিলে মানে বেয়াকৈ ভাঙিলে। মেকানিকে ক’লে ৰিপেয়াৰ কৰিবলৈ যিমান টকা লাগিব তাৰ লগত আৰু দুটকামান দিলে নতুন এটাকে পাম। সেয়ে নতুন এটাকে আনি দিলোঁ বিশহেজাৰ টকা দি।

মাত্ৰ বিশহাজাৰ!

প্ৰীতিৰ চকু কপালত উঠিল। আয়ৈ দেহি, এইফালে ভায়েকটোৱে অকলে অকলে পথাৰত হাল বাই, আলি দি, কঠিয়া পেলাই কষ্ট কৰি মৰিছে আৰু ইফালে এই শামুকভঙাহালে বিশহেজাৰটকীয়া ম’বাইল লোৱাৰ কথা যহাবলৈ আহিছে।

হ’লেও প্ৰীতিয়ে একো নক’লে।

: ভালেই হৈছে আকৌ। লাগে ভাল ম’বাইল এটা হাতত।

এইদৰে কৈ বৰজনাকৰ শলাগ ল’লে।

: ঠিক আছে তেনে, যাওঁ। আবেলিকৈ সোমাই এওঁক লৈ যাম।

বৰজনাক  ওলাই গ’ল।

: বাইদেউ, আহক কাপোৰ-কানি সলাই ল’ব।

প্ৰীতিৰ পথাৰলৈ যাবলৈ দেৰি হৈছিল। তাই খৰধৰ কৰিলে।

: আপুনি ঘৰতে থাকক। বিশেষ কাম নাই। চাহ ৰেডি হৈয়েই আছে। ভাত ৰান্ধিবলৈ খুড়ীদেউ আহিব। তেওঁৰ ওচৰত থাকি কিবা লাগিলে যতনাই দিব।

: আয়ৈ কি কোৱা প্ৰীতি।

জঁপিয়াই উঠিব যেন ছুইটি।

: মই কিহৰ জগৰত ঘৰত থাকিম। পথাৰত ফটো তুলিম, ভিডিঅ’ কৰিম বুলি ইমান দূৰৰ পৰা ঢপলিয়াই আহিছোঁ। বিশহেজাৰ টকা দি ম’বাইলটো এনেই লৈছোঁ নেকি…!

চকু টিপ মাৰি কোৱা ছুইটিৰ কথাতহে প্ৰীতিৰ ভুল ভাগিল। অ’ লাহৰী তাৰমানে শাওণৰ পথাৰত ৰুবলে অহা নাই। ফটো তুলিবলৈ, ভিডিঅ’ বনাবলৈ আহিছে।

: ঠিক আছে তেন্তে বাইদেউ। আপুনি অলপ জিৰাই-সতাই আহি থাকিব। মই আগে ভাগে যাওঁ।

ছুইটিৰ কথালৈ বাট নাচাই প্ৰীতিয়ে পুনৰ পাকঘৰত সোমাই শাহুৱেকক আৰু নগেনক দিবলগীয়া দিহা দি হাতত ঠাণ্ডা পানীৰ জগ আৰু তামোলৰ টোপোলা লৈ ওলাই গ’ল।

পথাৰলৈ ঘৰৰ পৰা অলপ দূৰ হয়। তাই গৈ পাইগৈ মানে বাকী ৰোৱনীও দুই এজনীকৈ আহি পালেহি। লাহে লাহে সাঁউৰিলৈ মতা আটাইখিনি ৰোৱনীও আহিল। বিশ বাইশজনী ৰোৱনীৰ উঁকি আৰু হাঁহিত পথাৰত তালফাল লাগিল। চকুৰ পচাৰতে এচিটা মাটি ৰুই শেষ হ’ল।

হাঁহি-ধেমালিৰে আনচিটা মাটিলৈ যাওঁ বোলোঁতেই দেখিলে প্ৰীতিয়ে ছুইটি আহিছে। লগত প্ৰীতিহঁতৰ দহবছৰীয়া ছোৱালী মৌখাম।

: আমাৰ টাউনীয়া ৰোৱনীও আহিছে দেই। এইবাৰ ৰোৱা খৰ হ’ব ঐ প্ৰীতি।

এজনীয়ে ছুইটিক দেখি চিঞৰিলে।

: প্ৰথমতে আমালৈ কি আনিছা দি লোৱা ছুইটি। তাৰপিছত পথাৰত নামিবা।

আন এজনীয়ে চিঞৰিলে।

ছুইটিৰ সেইবোৰ কথালৈ কাণসাৰ নাই। তাই পথাৰত নামিয়েই ছেল্ফি, ফটো তুলিবলৈ লাগিল।

বিবিধ ভংগীমাৰে, নানাৰকমে। হাতত কঠিয়া লৈ, ৰোৱনীৰ মাজত ৰৈ, আলিত বহি লৈ। কণমানি মৌখামে বৰ সাৱধানেৰে এপায়েকৰ বহুকেইখন ফটো তুলি দিলে। মাজে মাজে গান বজাই ভিডিঅ’ দুটামান বনালে।

এইখন কৰি থাকোঁতে দুপৰীয়া চাহ খাবৰ সময় হ’লহি। চাহ লৈ গিৰিয়েকো পালেহি।

: চাহ খাই লহি ঐ ৰোৱনীবোৰ। ৰোৱা তোলা পিছতো হ’ব। খোৱাটো আগত।

প্ৰীতিয়ে চিঞৰি-বাখৰি আটাইবোৰ ৰোৱনীক বহিবলৈ ক’লে। চাৰিডৰা পথাৰৰ মাজৰ শুকান চাৰিআলিটোতে গোটেইজাক ৰোৱনী বহিল।

: এইবাৰ এখন ছেল্ফি ল’ম দেই আটাইৰে লগত, ফে’চবুকত দিবলৈ।

ৰোৱনীজাক বহা দেখি ছুইটি কাষ চাপি আহিল।

: থ তই আমাৰ লগত ছেল্ফি ল’বলৈ। ৰ’দে বৰষুণে ক’লা পৰা চেহেৰা। তাতে বোকা পানী লাগি এদায় হৈ আছে। তই আকৌ এই চেহেৰা ছেল্ফি তুলি ফে’চবুকত দিব নেলাগে।

ভণ্টিৰ মাকে ভেঁকাহি মাৰি কৈ উঠিল।

: একো নহয় খুড়ীদেউ। বিশহেজাৰ টকা দি নতুন ম’বাইল লৈছোঁ। এনেকুৱা বগা ধুনীয়া ফটো উঠিব নহয় আপুনি নিজেকে নিজেই চিনি নেপাব।

: বাদ দে তই ছেল্ফি বেল্ফি ল’বলৈ। চাহ ভগাই দেহি আমাক। পিয়াঁহত ডিঙি শুকাই গৈছে। সোনকালে ৰুই ঘৰলৈ যাব লাগে।

কণদৈ বোলাগৰাকীয়ে ডবিয়াই কৈ উঠিল।

: ৰ’বচোন এপাদেউ। কেলেইনো ইমান খৰধৰ। ছেল্ফিহে মাৰিম। আপোনালোকে বহি থাকক। মাত্ৰ সাউৎকে এইফালে এবাৰ চাই দিলে হ’ব। জাষ্ট ক্লিক কৰিম মাত্ৰ।

: চাই দে ঐ চাই দে মৰতীহেঁত। তহঁতৰ ভাগ্য বুলিছোঁ ইমান দামী ম’বাইলত ফটো উঠিবলৈ পাবি। জাষ্ট ক্লিক কৰিব।

: হয়তো। প্ৰীতি তুমিও চাই দিবা এপাক।

: মোৰ চাবলৈ তাবলৈ সময় নাই দেই। এইদৰে তুলিব। হাতবোৰ মেল ঐ ৰোৱনীবোৰ। পাতবোৰ ল। খাৱনে নেখাৱ?

প্ৰীতিয়ে সকলো ৰোৱনীৰ হাতে হাতে টোপোলা ভাত এটা এটা দি গ’ল আৰু কাণেৰে উমান লৈ থাকিল ছুইটিৰ ম’বাইলৰ ক্লিক শব্দটো শুনালৈ।

“হৈছেনে?”

ৰোৱনীবোৰে আমনি পাইছিল। কোনোবা এজনীয়ে চিঞৰিলে।

: হৈছে হৈছে। এইফালে চাই দিয়কচোন সকলোৱে।

গালে-মুখে বোকা অলপ সানি চিঞৰিলে ছুইটিয়ে।

বোকাপানী নেলাগিলে পথাৰত ফটো তোলা বুলি কেনেকৈ গম ধৰিব ৰাইজে।

“ছুইট ছেল্ফি।”

ছুইটিয়ে চিঞৰিলে।

সকলো ৰোৱনীয়ে অনিচ্ছাস্বত্বেও তাইৰফালে চালে। টোপোলাভাত বিলাই শেষ হোৱাত চাহৰ গিলাচ দিবলৈ লৈ প্ৰীতিয়েও ছুইটিৰফালে কাণ উনালে।

এইজনীয়ে কি মূৰাটো কৰিবলৈ পথাৰলৈ আহিল জানো। মনে মনে তাইৰ প্ৰচণ্ড বিৰক্তি ভাৱ।

সোনকালে ফটো তোলে কি তোলে আজৰি হ’লেই হয়। জাষ্ট ক্লিক কৰিব হেনো।

ক্লিক… 

এই শব্দটোলৈ তাই অপেক্ষা কৰিলে। বহুত কাম আছে তাইৰ। ফটো তোলাৰ নামত ৰৈ থাকিব নোৱাৰে। চাহৰ সৰঞ্জাম আৰু ভগাবলৈ আছেই।

ফ্লাস্কটো খুলি চাহকণ বাকিবলৈ লওঁতেই…

খিলিক…

টুপুক….

হেঁ….

এয়া কি…

ক্লিক শব্দৰ সলনি খিলিকহে হ’লচোন! আৰু টুপুক কিহৰ শব্দ!

উৎকণ্ঠাৰে ওপৰলৈ মুখ কৰি অবাক আশ্চৰ্যৰে দেখিলে প্ৰীতিয়ে ছেল্ফি তুলিবলৈ টোঁৱাই থাকোঁতে অসাৱধানবশতঃ ছুইটিৰ হাতৰ পৰা পিছলি গৈ বিশহেজাৰটকীয়া নতুন ম’বাইল লুপথুপীয়া বোকাত সোমাই পৰিছে। আৰু বিকট চিঞৰ মাৰি ছুইটিয়ে নিজৰ চুলিখিনিকে আঁজুৰি উঠিছে।

বাকি হোৱা চাহকণ একাষৰীয়াকৈ থৈ প্ৰীতিয়ে স্বগতোক্তি কৰি উঠিল, 

“হায়ৰে ছুইট ছেল্ফি!”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *