দ্য ৰিটাৰ্ণ জাৰ্ণী- উজ্জ্বল দিপ্লু গগৈ
সেই বিশেষ দিনটো আছিল ২০১৫ চনৰ জাৰকালিৰ কোনোবা এটা শুক্ৰবাৰ৷ এই বাৰটো আমাৰ সহকৰ্মীসকলৰ বাবে উদযাপনৰ দিন৷ কাৰণ সেইদিনা সাপ্তাহান্তিক৷ শুক্ৰবাৰে বিয়া নকৰা আটাইকেইটা ল’ৰা গোট খাই, ৰাতিটো পাৰ্টী চলে, পাছদিনাখন দুপৰীয়া সময়ত সাৰ পাই গোটেইবোৰৰে নেমু পানী খোৱাৰ প্ৰতিযোগিতা বাঢ়ে৷ সেইদিনাখন অৱশ্যে সাপ্তাহান্তিক উদযাপনৰ পৰিকল্পনা কাৰোৰে নহ’ল৷ আচল ফূৰ্তিবাজ ল’ৰা আটাইকেইটাই ঘৰলৈ যাবলৈ বাছ আৰু ট্ৰেইনৰ টিকেট কৰিছিল, শুক্ৰবাৰে ৰাতি গৈ শনিবাৰ আৰু দেওবাৰে দিনটো ঘৰত কটাই ৰাতি ঘূৰি আহি সোমবাৰে ডিউটিত জইন কৰিবহি৷ অফিচৰ ডিউটি ক্ষতি নকৰাকৈ ঘৰৰ পৰা অহা-যোৱা কৰাৰ সৰ্বোত্তম উপায়৷
বাহিৰত সেইদিনা কুঁৱলী দেৰিলৈকে পৰিছিল৷ গুৱাহাটীত কুঁৱলী বেছি হোৱা মানে ধূলি-ধোঁৱাৰ সৈতে চামনিবোৰ ডাঠ হোৱাৰ কথা৷ সেইদিনা কাম অলপ পাতলীয়া হোৱাৰ বাবে চকীতে বহি এনেয়ে কম্পিউটাৰটো খুঁচৰি আছিলোঁ৷ ৱাটচআপৰ অফিচ গ্ৰুপটোত সহকৰ্মীসকলৰ মেচেজবোৰ আহি আছিল কাৰ কেইবজাত ঘৰলৈ যোৱাৰ বাছ আছে কাৰ ট্ৰেইন আছে ইত্যাদিবোৰ৷ হঠাৎ আঙুলিৰ ফাঁকত ঘূৰাই থকা কলমডাল ৰখাই লৈ সাঁফৰখনত কামোৰ এটা মাৰি ভাবিলোঁ, ময়ো গুচি যাব পাৰোঁ দেখোন ঘৰলৈ বুলি! বেছি সময় চিন্তা নকৰি অনলাইন টিকেট পাওঁ নেকি পৰীক্ষা কৰিলোঁ৷ গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যোৱা সকলোবোৰ বাছৰেই ছিটবোৰ বুকড দেখালে৷ বহুসময় বিচাৰ-খোচাৰ কৰাৰ পাছত শেষত যেনিবা এখনত টিকেট এটা পালোঁগৈ৷ চিংগল ছিট, একেবাৰে শেষৰ গান্ধী ছিটৰপৰা দুটা ছিটৰ আগলৈ৷ চকাৰ ওপৰতে হ’ল যদিও বিশেষ ভাবি নাথাকিলোঁ, টোপনি অহাৰ পাছত চকা ঘূৰি আছে ৰখি আছে সেয়া মোৰ মগজুৰ আয়ত্বৰ বাহিৰত৷
বাছৰ সময় আছিল সাত বজাত খানাপাৰাৰ পৰা কিন্তু অফিচৰ পৰা সোনকালে ওলাই অহাৰ মনেৰে পাঁচবজাত বাছ ধৰিব লাগে বুলি চাৰি বজাতে ওলাই আহিলোঁ৷ ঘৰলৈ যাম বুলি ফোন কৰিম বুলি ভাবিও চাৰপ্ৰাইজ কৰাৰ মানসেৰে ফোন নকৰিলোঁ৷ জু-ৰ’ডৰ মোৰ সৰু কোঠালিটোলৈ আহি গা-পা ধুই বেগত প্ৰয়োজনীয় দুটামান কাপোৰ, টুথব্ৰাছ, পানীৰ বটল ইত্যাদিবোৰ সোমোৱালোঁ৷ লেপটপটো নিয়াৰ কথা নাছিল যদিও সেইদিনা ৰাতিপুৱাৰ বাতৰি কাকতত পঢ়া গুৱাহাটীৰ লেপটপ চুৰিৰ ঘটনাবোৰ মনত পৰাত সেইটোও লগতে ভৰাই ল’লোঁ ঘৰলৈকে লৈ যাম বুলি৷ প্ৰায় ছয়মান বজাত খানাপাৰা অভিমুখে টেক্সি এখন বুকিং কৰি ওলাই গ’লোঁ৷
সাত বজাত আহি পাবলগীয়া বাছখন আহি পোৱালৈকে আঠ বাজিছিল৷ ঠাণ্ডা দিন বুলি জেকেট, বান্দৰ টুপীৰে সৈতে মুখখন ঢাকি গৈছিলোঁ৷ কণ্ডাক্টৰে কোনটো ছিট বুলি সোধা প্ৰশ্নটোৰ উত্তৰ নিদি মুখৰ ইংগিতেৰেই লাষ্টলৈ বুলি বুজাই দিলোঁ৷ বাটটো এৰি দিয়াত শেষলৈ গ’লোঁগৈ৷ ছিটত বহি লৈ এবাৰ বেঁকা কৰি চালোঁ, কণ্ডিচনটো ঠিকেই আছিল৷ টোপনি যোৱাৰ পাছত পাছৰ চকাৰ জোকাৰণিয়েও যে মোক জগাব নোৱাৰে তাৰ বাবে নিশ্চিত আছিলোঁ৷ বেগটো ভৰি দুটাৰ মাজত থৈ ছিটটো বেঁকা কৰি হেলান দিলোঁ৷ হেডফ’নডাল জোঁটপোট খাই বেগৰ চুকটোত সোমাই আছিল, উলিয়াই লৈ জঁটবিলাক ঠিক কৰোঁতে এপৰ গ’ল৷ বাছখন তেতিয়ালৈকে চলিবলৈ আৰম্ভ কৰিছিল৷ যোৰাবাটৰ পাককেইটাত ঘূৰোঁতে মোৰ সদায়ে মূৰ ঘূৰাই, সেইদিনাও ব্যতিক্ৰম নহ’ল৷ পাকবিলাকত অলপমান অশান্তি পালোঁ, খিৰিকীখন খুলি দিয়াত ঠাণ্ডা ফেৰফেৰীয়া বতাহ এজাক সোমাই আহিল৷ আগৰ ছিটটোত বহা মানুহজনে খিৰিকীখন বন্ধ কৰিবলৈ কৈছিল যদিও মই হেডফ’নত গান লগাই শুনাৰ এক্টিং কৰি পাত্তা নিদিলোঁ৷ ঠিক যোৰাবাট পাৰ হোৱাৰ পাছতে বাছখনত পুৰণি চিনেমা এখন লগাই দিছিল৷ গোবিন্দা আৰু কেদাৰ খানৰ চিনেমা৷ মামৰে ধৰা চাউণ্ডবক্স কেইটাৰ পৰা ফটা চেৰচেৰীয়া মাতেৰে ডাইলগবোৰ আহি আছিল৷ বাছৰ মালিকপক্ষই যাত্ৰীক মনোৰঞ্জন কৰিবৰ বাবে চিনেমা লগাইছিল যদিও সেই চিনেমাই যাত্ৰীৰ মনত কিমান অশান্তি লগাইছিল তাৰক্ষেত্ৰত তেওঁলোক নিৰ্বিকাৰ আছিল৷ তাৰমাজতো ব্যতিক্ৰমী যাত্ৰী ওলায়৷ মাজৰ পৰা কোনোবা এজনে চিঞৰা শুনিলোঁ, “ভলিউমটো এডজাষ্ট কৰি দিয়াচোনহে ভাইটি, কথাকেইটা বুজিকেই পোৱা নাই৷”
নাকেৰে দুবাৰ উজোৱাৰ পাছতহে অনুভৱ কৰিলোঁ ঠাণ্ডা বতাহজাকৰ উৎপাত বাঢ়িছে৷ খিৰিকীখন বন্ধ কৰি দিলোঁ৷ আগৰ ছিটৰজনে মোক উদ্দেশ্যি ফোনতে কাৰোবাক কৈ কটাক্ষ কৰি শুনালে,
“ঠাণ্ডা লাগিল হ’বলা পাছফালে বহাজনৰ৷”
পাত্তা নিদিলোঁ৷ বেগৰ পৰা পাতল স্কাৰ্ফখন উলিয়াই গায়ে-মূৰে মেৰিয়াই ল’লোঁ৷ ম’বাইলত গান খুঁচৰিলোঁ৷ ‘ৰং দে বচন্তী’ চিনেমাখনৰ ‘ৰুবাৰু’ গানটো লগাই ল’লোঁ৷ সুহুৰি এটা মাৰিবলৈ খুউব ইচ্ছা জাগিছিল যদিও সেই ইচ্ছাক দমন কৰি ৰখাই শ্ৰেয় বুলি সেইদৰেই সামৰি থ’লোঁ৷ দিনটোৰ ভাগৰ আৰু বাছত উঠিবলৈ অহা দৌৰা-দৌৰিৰ সময়বোৰে ভাগৰ লগাই তুলিছিল, চিলমিলকৈ টোপনি এটাও আহিছিল, কিন্তু সেয়া বেছি দেৰি নহ’ল৷ জাগীৰোড পোৱাৰ আগত গাড়ীখন এবাৰ ৰখাই কণ্ডাক্টৰে চিঞৰিলে,
“বাছ চিধা জখলাবন্ধাত ৰ’বগে দেই, কোনোবা বাহিৰলৈ গ’লে গৈ ল’ক৷”
ম’বাইলতে বেলেগ গানকেইটামানৰ কিউ কৰি লৈ শুনি গ’লোঁ৷ খিৰিকীৰে বাহিৰলৈ চাওঁ মাজে মাজে ক’ত পাইছোঁহি বুলি৷ ৰাতিৰ আন্ধাৰত ধৰিব নোৱাৰি৷ দোকানকেইখনমানৰ লাইটৰ পোহৰত ঠাইখিনি ৰহা পাৰ হোৱা বুলি গম পাইছিলোঁ৷ হামি দুটামান আহিছিল৷ অলপ পাছতে কেতিয়ানো টোপনিত পৰিলোঁ গমকে নাপালোঁ৷ থেকেচনি অলপ মাজে মাজে খোৱা যেন লাগিছিল, কিন্তু মোৰ কুম্ভকৰ্ণ টোপনি ভাঙিবলৈ সেয়া দুৰ্বল আছিল৷
বহুসময় চাগৈ সেইদৰেই পাৰ হৈ গৈছিল৷ বাছখন ৰৈ থকা যেন লগাত লাহেকৈ চকু এটা মেলি চালোঁ৷ বাছখন সঁচাকৈয়ে ৰৈ আছিল৷ এজন দুজনকৈ মানুহবোৰ ভিতৰলৈ উঠি আহিছিল৷ থতমত খাই থিয় হ’লোঁ মই৷ সময় চাবলৈ ম’বাইলটোৰ স্ক্ৰীণখন অন্ কৰিব লওঁতেহে গম পালোঁ ম’বাইলত ইতিমধ্যে চাৰ্জ শেষ হৈ চুুইটচ অফ্ হৈছে৷ বহি থকা মানুহ এজনক সুধি গম পালোঁ সময় তেতিয়া ৰাতি বাৰ বাজি গৈছে আৰু বাছখন ৰখোৱা বহুত দেৰি হৈ ইতিমধ্যে এৰিবৰ হৈছে৷ টোপনিটোৰ ওপৰত খং উঠি আহিল৷ ৰাতিৰ সাঁজ বুলি একোকে খোৱা নহ’ল৷ কমচেকম কেকৰ পেকেট এটাকে কিনি লওঁ বুলি লৰালৰিকৈ বাহিৰলৈ দৌৰ দিলোঁ যদিও কেবিনৰ ওচৰৰ পৰা আকৌ ঘূৰি আহিলোঁ,
“লেপটপৰ বেগটো যে তেনেকৈ এৰি যাব নোৱাৰি৷”
জখলাবন্ধাৰ হোটেল কেইখনৰ পাছফালৰ মূত্ৰগোন্ধময় টইলেটৰে এটালৈ গৈ আজৰি হৈ আহি মুখত অলপ পানী মাৰিলোঁ৷ শ্বক খোৱাৰ দৰে সাৰ পোৱা মোৰ টোপনিৰ জাল তেতিয়াও ভালদৰে যোৱা নাছিল৷ শাৰী শাৰীকৈ ৰখাই থোৱা বাছবোৰৰ আগেৰে অলপ আঁতৰলৈ গৈ দোকান এখনৰ পৰা কেক দুপেকেট আৰু চিপচৰ পেকেট এটা কিনিলোঁগৈ৷ দোকানীৰ হাতত দিয়া পাঁচশ টকাৰ নোটখনৰ বাকীখিনি পইচা মোক ঘূৰাই দিয়ে মানে মই অহা বাছখনলৈ চকু যোৱাতহে গম পালোঁ বাছ ইতিমধ্যে ড্ৰাইভাৰে ষ্টাৰ্ট দি উলিয়াবলৈ লৈছে৷ থাকি যোৱাৰ ভয়ত দোকানীৰ হাতৰ পৰা থাপ মাৰি ঘূৰাই লোৱাৰ দৰে পইচাকেইটা লৈ দৌৰ দিলোঁ৷ বাছখন নি মেইন ৰাস্তাৰ কাষ পাইছিলগৈ৷ মই গৈ জাঁপ মাৰি উঠোঁ মানে কণ্ডাক্টৰে সকলো আহিল নাই চাই লৈ অঁটাইছিল৷ হুৰমূৰকৈ তেখেতৰ গাত ঠেলা এটা মাৰি মই মোৰ ছিটটো পালোঁগৈ৷ ছিটত হেলান দিয়াৰ অলপ পাছতহে গাৰ ফোঁপনি কমি আহিছিল৷ জেকেট আৰু স্কাৰ্ফখনে সেই ঠাণ্ডাতো গাৰ ভিতৰত ঘাম বোৱাই পঠিয়াইছিল৷ খিৰিকীখন খুলি দিয়াৰ বাহিৰে গৰমত মোৰ গত্যন্তৰ নাছিল৷ আগৰজনে কিবা ক’লে ওলোটাই কিবা এষাৰ শুনাম বুলি জিভাখন সাজু কৰি খিৰিকীখন খুলিলোঁ৷ তেখেতে সেইবাৰ একো নক’লে৷ মইও গৰম দূৰ কৰিবলৈ স্কাৰ্ফখন আঁতৰাই জেকেটৰ চেইনডাল অলপ খুলি দিছিলোঁ৷ বাছখনে তেতিয়া হাইৱেত চেঁকুৰিবলৈ আৰম্ভ কৰিছিল৷
কেকৰ পেকেট এটা খাই চিপচৰ সৈতে আনটো পেকেট থৈ দিলোঁ৷ ম’বাইলটো চাৰ্জ দিবলৈ পাৱাৰবেংকটো বেগত খুঁচৰিলো৷ বেগত সেইটো নাছিল; গুৱাহাটীৰ ৰূমত পাহৰি এৰি আহিছিলোঁ৷ নিৰাশ হৈ ম’বাইলটো বেগত ভৰাই ছিটটো বেঁকা কৰি টোপনি যাবলৈ চেষ্টা কৰিলোঁ৷ জখলাবন্ধাৰ পৰা তিনিচুকীয়া পোৱালৈকে টোপনি মৰাৰ বাহিৰে কোনো কামো নাছিল৷ বাছৰ ইঞ্জিনৰ শব্দ, মাজে মাজে আন গাড়ীক অভাৰটেক কৰিবৰ সময়ত দিয়া হৰ্ণৰ শব্দৰ বাহিৰে আন শব্দ নাছিল৷ অৱশেষত শান্তিৰে টোপনিৰ কোলাত নিজকে এৰি দিছিলোঁ৷
হঠাৎ শ্বক খালোঁ৷ টোপনিৰ পৰা সাৰ পাইয়েই মূৰটো ঘূৰোৱা যেন লাগিল মোৰ৷ বাছখন যেন ঘন কুঁৱলীৰ মাজত একাবেঁকা হৈ চলিবলৈ আৰম্ভ কৰিছিল৷ সাংঘাতিক ধৰণে ভয় খালোঁ বাছে কণ্ট্ৰল হেৰুৱালে বুলি৷ কিবাকৈ ছিটৰ হেণ্ডেলডালত ধৰি নিজকে চম্ভালিলোঁ৷ বাহিৰত ডাঠ কুঁৱলীৰ প্ৰকোপত একোকে ধৰিব নোৱাৰি৷ বাছখন যে আৰু কেইটামান চেকেণ্ডৰ ভিতৰত বাগৰি পৰিব সেই বিষয়ে মই নিশ্চিত হৈছিলোঁ৷ ষষ্ঠ ইন্দ্ৰিয়ই মোক সকিয়ালে লুটি খোৱাৰ লগে লগে কোনফালে ধৰি থাকিব লাগিব৷ মৃত্যু ভয়ে প্ৰায় শেষ কৰি আনিছিল, চকুৰ সন্মুখত যমৰ দূত দেখিছিলোঁ কিন্তু মোৰ বাহিৰে আনবোৰ যাত্ৰী আছিল সম্পূৰ্ণ নিৰ্বিকাৰ৷ কথাষাৰে মোক আচৰিত কৰাৰ সময়তেই বাছখন ৰাস্তাৰ পৰা হঠাৎ বাওঁদিশে সোমাই গ’লগৈ৷ মই চকু দুটা মুদি দিলোঁ নিজকে ভগৱানৰ হাতত এৰি দি……৷ পৰিয়ালৰ কথা মনত পৰি আহিছিল………৷
হঠাৎ বাছখন ৰৈ গৈছিল৷ বুকুৰ ধপধপনি স্থিৰ হোৱাই নাছিল৷ বাছৰ খিৰিকীখনৰ সিপাৰে পেট্ৰ’ল পাম্প এটা দেখা পাইছিলোঁ৷ চকু দুটা মোহাৰিলোঁ, এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো মোহাৰি মোহাৰি চকুৰ দৃষ্টি মুকলি কৰি পেলালোঁ৷
“এইটোচোন যোৰাবাটৰ ইণ্ডিয়াল অইলৰ পেট্ৰ’ল পাম্প, বাছখনে তেল ভৰাইছে তাতে ৰৈ৷”
মূৰটো এইবাৰ আৰু দহগুণ বেগেৰে ঘূৰিবলৈ ধৰিলে৷ আগদিনা গুৱাহাটীৰ পৰা তিনিচুকীয়াৰ বাছত উঠা মইটো আকৌ কেনেকৈ আহি গুৱাহাটী পালোঁহি৷ ব্ৰেইনটোৱে কাম কৰা বন্ধ কৰিছিল৷ দৌৰি যোৱাদি গৈ বাছখনৰ পৰা নামিলোঁ৷ বাছৰ কণ্ডাক্টৰে মোলৈ অলপ সন্দেহৰ চকুৰে চালে৷ ঘটনাৰ আকস্মিকতা বুজি নোপাৱা মইটোৱে গৈ তেখেতক সুধিলোঁগৈ
: এইখন তিনিচুকীয়ালৈ গৈ থকা বাছ নাছিল জানোঁ?
মোক ভৰিৰ পৰা মূৰলৈ ভালকৈ দুবাৰমান চাই কণ্ডাক্টৰজনে ক’লে,
: হৌৰি ৰাতিপুৱাই কিবা খালে নেকি! এইখন তিনিচুকীয়াৰ পৰা আহিছেহে গুৱাহাটীলৈ৷
পকেটৰপৰা টিকেটতো উলিয়াই তেখেতক দেখুৱালোঁ,
: চাওক এইটো মোৰ গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ থকা টিকেট৷ এইখন নীলা ৰঙৰ বাছতেই মই উঠিছিলোঁ কালি৷
কথাবোৰ পাতি থাকোঁতে কিবা এটা অঘটন হৈছে বুলি অনুমান কৰি কেইবাজনো মানুহ ওচৰ চাপি আহিছিল৷ টিকেটতো পঢ়ি লৈ কণ্ডাক্টৰজনে এবাৰ মোৰ মুখলৈ ভালকৈ চাই কঁকালটো ভাঙি এখন হাতেৰে তাত ভেঁজা দি টিকেটতো লৈ থকা আনখন হাতেৰে নিজৰ চুলিকোচা খজুৱাবলৈ ধৰি বেলেগ ধৰণে মোক চাৱনি দিবলৈ ধৰিলে৷ তাৰপাছত এইফালে আহক বুলি মোক মাতি নি বাছৰ আগফাল পোৱাই টিকেটতো মোৰ হাতত দি ক’লে,
: মিলাই চাওঁক দুইটা নম্বৰ৷
মই মিলালোঁ, টিকেট আৰু বাছৰ দুইটা নম্বৰ বেলেগ আছিল৷ মানুহৰ মাজত হাঁহিৰ ৰোল উঠিছিল৷ কোনোবাই মোক ঠাট্টা কৰি হাঁহিছিল, কোনোবাই কাণ্ডটোত ৰস পাই, আন কোনোবাই মোক লৈ পুতৌ কৰি সান্ত্বনাসূচক হাঁহি মাৰিছিল৷ বাছৰ পৰা নামি নহাবোৰে খিৰিকী খুলি দাঁত নিকটাই আছিল৷ বুৰ্বকৰ দৰে হাঁহি এটা মইয়ো সকলোকে উদ্দেশ্যি এৰি দিছিলোঁ৷ তাৰ বাহিৰে গত্যন্তৰ নাছিল৷
খানাপাৰা আহি পোৱালৈকে কথাবোৰ পাগুলিলোঁ৷ জখলাবন্ধাত কেক কিনিবলৈ যাওঁতেই গোটেই অথন্তৰটো হ’ল৷ কেক কিনি থাকোঁতে বাছ ওলালে নেকি বুলি ডিঙি মেলি চাই থাকোঁতে নীলা ৰঙৰ বাছখন ষ্টাৰ্ট কৰা দেখি মই তিনিচুকীয়ালৈ গৈ থকাখন বুলি ভাবি দৌৰ মাৰি তাতে উঠি দিছিলোঁগৈ৷ কপাল বেয়া আছিল, কণ্ডাক্টৰেও মোক চেক নকৰিলে আৰু মই প্ৰথম বাছখনত বহি অহা সেই নিৰ্দ্দিষ্ট ছিটতো দ্বিতীয়খনতো খালী হৈ আছিল৷ চুলি কোঁচা আঁজুৰি চিঙি পেলাম যেন লাগিছিল৷ বিড়ম্বনাই লগ এৰা দিয়া নাছিল৷ কণ্ডাক্টৰে মোক জখলাবন্ধাৰ পৰা গুৱাহাটীলৈকে উঠি অহাৰ ভাড়াটো বিচাৰিলে৷ তলমূৰকৈ টকাকেইটা গতাই দিলোঁ৷ ঘৰত চাৰপ্ৰাইজ দিবলৈ গৈ মোৰ জীৱনত চাৰপ্ৰাইজৰ নতুন অধ্যায় এটাৰ সংযোজন হ’ল৷ তিনিচুকীয়া অভিমুখী বাছখনৰ কথা মনত পৰিল৷ খুবসম্ভৱতঃ তাৰ পৰা মোক যদি ফোনো কৰিছিল, চুইটচ অফ পোৱা ম’বাইলটোৰ পৰা আৰম্ভ কৰি মোৰ নামত কিমানসোপা গালি পাৰিছিল মনতে ভাবিলোঁ৷
খানাপাৰা পাইছিলোঁগৈ৷ ডিঙিটো যিমান পাৰি সিমান তললৈ বেঁকা কৰি মানুহৰ ফিচিঙালি কৰা হাঁহিৰ মাজেৰে নামি আহিলোঁ৷ বাছৰ পৰা নামি এটা, দুটাকৈ খোজৰ স্পীড বঢ়াই তুলিলোঁ৷ যিমান পাৰি সিমান সোনকালে বাছখনৰ ওচৰৰ পৰা আঁতৰ হোৱাটো মোৰ বাবে প্ৰয়োজনীয় আছিল৷
☆ ★ ☆ ★ ☆
4:27 pm
কি যে নহয় এই ল’ৰাটোৰ লগত। ভাল লাগিল পঢ়ি।
12:23 am
বৰ দুঃখজনক হাঁহি উঠা কথা ?
8:03 pm
ভাল লাগিল।