ফটাঢোল

পুৰীয়া পুৰাণ -অৰ্চন শৰ্মা

কাগজখন হাতত লওঁতেই বুকুখন ঢিপিঙকৈ মাৰিলে।

: ধেৎ, একেবাৰে কণ্ট্ৰল নোহোৱা বুকুহে! অলপ সময় ঠাণ্ডা হৈ থাক।

নিজেই নিজকে ধমকি এটা দিলোঁ। পিচে ক’ত আৰু বুকুৰ ধপধপনি কমিব, কমক চাৰি বাঢ়িহে আহিল।

কোন মহাপণ্ডিতে কৈছিল জানো “এখিলা কাগজৰ টুকুৰাই তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে” সেইজনৰ মূৰলৈ সেই মুহূৰ্তত এটা প্ৰকাণ্ড শিল দলিয়াবলৈ মন গ’ল মোৰ।

পিচে ভাবি-গুণি লাভ নাই, অকণমান আগলৈ পিছলৈ চাই ল’লোঁ, কিজানিবা কোনোবা ভাল ল’ৰা-ছোৱালী পৰিছেই। পিচে নাই, ভাল ল’ৰা বুলি মদৰ সৈতে চাকনা কৰি খাবলৈও এটাও প্ৰাণী ওচৰে-পাজৰে নাই, গোটেইবোৰ মোৰ দৰেই পণ্ডিত। পিচে আগৰ বেঞ্চখন এতিয়াও খালী আৰু  অংকিত এতিয়ালৈকে অহা নাই, যদিহে এইখনত অংকিত পৰে তেন্তে দুয়ো মিলাই মেলি পাছ মাৰ্কৰ উপৰিও দুটামান নম্বৰ ভাজি খাবলৈকে বুলি ৰাখিব পাৰিম। মনত কিঞ্চিত আশাৰ ৰেঙনি জাগিল, মনে মনে ঈশ্বৰক খাতিলোঁ,

:হে ঈশ্বৰ মিলাই দিয়া, মই প্ৰতিদিনে এটকা চাৰিঅনাকৈ তিনিমাহলৈ তোমালৈ আগবঢ়াম।

 পিচে তেৰাৰ অফিচত যে ঘোচ-ঘাচ নচলে সেয়া মোৰ দৰে অল্পবুদ্ধিয়ে কেনেকৈনো বুজিম! মই ঈশ্বৰৰ ঘৰলৈ আগবঢ়োৱা বাম্পাৰ অফাৰ ৰিজেক্ট কৰি সেইখন বেঞ্চ অংকুৰেহে দখল কৰিলে। মোৰ মূৰতে আকাশখন সৰি পৰিল, ফিজিক্সৰ ঠাইত কেমেষ্ট্ৰীৰ সূত্ৰ লিখি থৈ অহা প্ৰাণী অংকুৰ, তাৰ সৈতে চৰকাৰ পতা মানে ডিজেল গাড়ীত কেৰাচিন ভৰাই চলাবলৈ চেষ্টা কৰা৷ ইফালে সত্যবাদী যুধিষ্ঠিৰৰ বংশৰ এক্সটাৰ্নেল কেইগৰাকীৰ উৎপাত আৰম্ভ হ’লেই নহয়,

:হেই হেই, পিছলৈ ঘূৰি নাচাবা।

:সৌৱা চোৱা চিচিটিভি আছে।

:এই তুমি তাৰ ফালে কেলে বেঙা মেলিছা?

মানে হৰেক ৰকমৰ মানসিক অত্যাচাৰ, এগৰাকীয়ে আকৌ কথাই কথাই চিচিটিভি-ৰ কথা কৈ ভয় খুৱাবলৈ আহে, এনেয়ে ফিজিক্সৰ উত্তৰ মিলা নাই, ইফালে অংকুৰৰ প্ৰশ্নসোপা আছেই, তাতে যদি এখেতে চিচিটিভি-ৰ বিজ্ঞাপন দিবলৈ আহে কাৰ মূৰ গৰম নহ’বহে!

শেষত উপায় নাপাই কৈয়ে দিলোঁ,

: মেদাম, আপুনি ইমানকৈ যে চিচিটিভি-ৰ কথা কৈ আছে আপুনি গম পাইনে যে সেইটো যোৱা দুমাহৰ পৰাই বন্ধ হৈ আছে ?

তেখেতৰ মুখখন ৰঙা-ক’লা পৰি আহিল, মুখতে কিবা এগাল ভোৰভোৰাই মোৰ কাষৰ পৰা পলাল, মই বোলো,

: ৰক্ষা, এতিয়া যি লিখোঁ নিজৰ মতে লিখিব পাৰিম, ভালেই হওক বা বেয়াই হওক!

পিচে তাতো লাগিল লেঠা, আধা প্ৰশ্ন জীৱনত দেখিয়ে পোৱা নাই, বাকী আধা প্ৰশ্ন জানিলেও বুজি পোৱা নাই, মুঠতে কলম, বহী আৰু মগজুৰ তয়াময়া ৰণ। দুঘণ্টা সময় তেনেকৈয়ে পাৰ হৈ গ’ল পিচে ভালকৈ দুখন পেজ লিখিব পৰা নাই, ভূতৰ ওপৰত দানহ পৰাদি আকৌ দুগৰাকীমান এক্সটাৰ্নেলৰ টিপ্পনীবোৰ আছেই নহয়,

: ইস, ইহঁতে আকৌ বোলে ফিজিক্সৰ পৰীক্ষা দিছে, হৈছে ফালিব!

: হয় হে, কথাহে পাতি আছে অথনিৰ পৰা, কথাৰে নম্বৰ পাব চাগে!

যিমানে কথাবোৰ কাণত পৰে সিমানে মূৰটো গৰম হৈ যায়, তাৰে মাজৰে এগৰাকী এক্সটাৰ্নেল আকৌ ভাল দেই, দেখাত শ্ৰীদেৱীৰ দৰে, কথাবোৰো ভাল। মই ভাবিলোঁ এওঁৰ হতুৱাই যদি আমাৰ ফিজিক্স পঢ়োৱা ছাৰক মতাই আনিব পাৰোঁ তেন্তে দেখোন এক নম্বৰৰ প্ৰশ্নকেইটাকে সুধিব পাৰিম, পিচে নাই! গম লৈ বুজিলোঁ ছাৰ হেনো অহাই নাই কলেজলৈ। 

খা বাপ্পেকে মৰ ক’তে মৰ’ এতিয়া! যেনেতেনে পাছ মাৰ্কটো লিখিছোঁহে আৰু যদি দহ এটা মিলাব পাৰোঁ অন্ততঃ আন নহ’লেও মাৰ্কছিটখনকে চাই ভাল লাগিব।

সাধাৰণতে কোনোবাই মোক এবাৰ ৰিজেক্ট কৰাৰ পাছত অমুকাই দুনাই ঘূৰি নাচাওঁ, এবাৰ মই বুকুৰ তেজেৰে কবিতাৰে ভৰা চিঠি এখন লিখি এজনীক প্ৰপজ কৰিছিলোঁ, মৰতীয়ে তাত এশমান বানান উলিয়াই লগে লগে মোৰ প্ৰস্তাৱ নাকচ কৰিছিল, তাৰ দুদিন পিছত তাই হামখুৰি খাই ৰাস্তাৰ কাষৰ নলাত চিটিকি পৰোঁতেও মই ঘূৰি চোৱা নাছিলোঁ, সহায় কৰাটো দূৰৰে কথা, কিয় কৰিম সহায়! বুকুৰ তেজেৰে লিখা চিঠি দিয়াৰ পিছতো ৰিজেক্ট কৰিছে মোক, হ’ব পাৰে তেজখিনি মোৰ নহয় গাহৰি এটাৰ বুকুৰেই আছিল তাতে কি হ’ল। এটোপাল তেজৰ মূল্য পালেনে তাই বুজি?

বাৰু যি কি নহওঁক, সেইবোৰ সাধাৰণ নৰমনিছৰ কথা আছিল, ঈশ্বৰৰ বেলিকা এবাৰ কি দহবাৰ খেদা খালেও যাবলৈ প্ৰস্তুত, এইবাৰ অকণ অফাৰটো বঢ়াই দি পুনৰ প্ৰাৰ্থনা কৰিলোঁ,

:হে ঈশ্বৰ, একটাৰ সলনি পাঁচটকা চাৰিঅনা তোমালৈ আগবঢ়াম, টেণ্ডাৰটো পাছ কৰাই দিয়া আৰু! 

প্ৰাৰ্থনা শেষ হওঁ হওঁ হৈছে, সময়ো আছেগৈ আধাঘণ্টা বা চল্লিশ মিনিটমান, এনেতে পিছফালৰ পৰা ভাঁহি আহিল এটা অনাকাংক্ষিত সু-খবৰ, সুপ্ৰতিমৰ ওচৰত দহ নম্বৰৰ দুটা প্ৰশ্ন থকা পুৰীয়া এটা আছে পিচে এতিয়া সেইটো ফটাফট টুকিব পৰা কোনোবা এজন পালেই কাম হৈ যাব, তাৰপিছত লাগে বহীখন ব্ৰহ্মাণ্ডৰ য’তে থাকক কথা নাই আৰু ফাষ্ট ৰাইটাৰ বুলি অমুকাৰ নাম এটা আগৰে পৰাই আছে গতিকে চাৰিমিনিট যোৰা ফুচফুচনিৰ মেলৰ অন্ততঃ অমুকাৰ হাততে এই গুৰুভাৰ অৰ্পণ কৰা হ’ল।

ভয়ে ভয়ে পুৰীয়া ভাগি হাতৰ মুঠিত লুকুৱাই লিখা আৰম্ভ কৰিলোঁ, জীৱনত প্ৰথম কৰিছোঁ এই দুষ্কর্ম, ইফালে এগৰাকীৰ চকু মোৰ ওপৰত আগৰে পৰাই আছেই, যেতিয়াৰ পৰা চিচিটিভি বন্ধ হৈ আছে বুলি গম পালে তেওঁ নিজকে চাগে চিচিটিভিৰ ৰিপ্লেছমেন্ট বুলিয়ে ভাবি লৈছে। সময় কমি আহিছে, ময়ো টুফান গতিৰে লিখি গৈছোঁ কাৰণ তাৰপিছত মোৰ বহীখন বিলাবও লাগিব, শেষ হ’বলৈ অকণমান বাকী হঠাতে পিছফালৰ পৰা কোনোবাই মাত দিলে,

:দিয়া!

ওছেইন বল্টৰ স্পীদত চলি থকা হাতখন ৰৈ গ’ল মোৰ, মুহূৰ্ততে গোটেই দুনীয়াখন আন্ধাৰ হৈ গ’ল মোৰ চকুৰ আগত, মনে মনে ভগৱানক বোলোঁ,

“হে প্ৰভু, যদি এইবাৰো অফাৰ পচন্দ নাছিল আগতেই ক’ব লাগে, এনেকৈ সাগৰৰ মাজত পেলাই কি ৰং চালা?” 

পিচে মোৰ চিন্তাক থানবান কৰি আকৌ ভাঁহি আহিল এক্সটাৰ্নেলৰ মাত

:দিয়া আকৌ জল্দী!

মই আৰু কি কৰিম অসহায় বালক, দহ নম্বৰৰ আশা পানীত পেলাই হৃদয়ৰ সমস্ত দুখ একাকাৰ কৰি তেওঁৰ হাতত তুলি দিলোঁ মোৰ আশাৰ পুৰীয়াটো।

: মেডাম, লাইফট ফাৰ্ষ্ট আছিল, প্লীজ এক্সপেল নকৰিব!

কঁপা কঁপা মাতেৰে কৈ উঠিলোঁ।

তেওঁ মিচিককৈ হাঁহি এটা মাৰি মোৰ বহীখন দাঙি ল’লে। মোৰ বুকুখন চিৰিঙকৈ গ’ল, আজি মই শেষ!

কিবা এটা খচখচাই লিখি মোৰ ফালে বহীখন আগবঢ়াই দিলে তেওঁ।

মই ভয়ে ভয়ে বহীখনত চকু ফুৰালোঁ, ক’তো দেখোন ডব্লিউ বা একো নোট নাই, মই প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালোঁ,

: তোমাৰ বহীখন অথনি চাইন কৰিবলৈ ৰৈ গৈছিল, মই তোমাক সেইখনহে বিচাৰিছিলোঁ নকলটো বিচৰা নাছিলোঁ, হ’ব দিলা যেতিয়া ল’লোঁ আৰু, বেষ্ট অফ লাক!

হাঁহি এটা মাৰি তেওঁ আঁতৰি গ’ল, হাতৰ মুঠিত মোৰ লগতে সমগ্ৰ ক্লাছৰ দহ নম্বৰটোও লৈ গ’ল, মই আৰু কি কৰিম পুনৰ লাজ মান কাটি কৰি ভগৱানৰ চৰণতে পৰিলোঁগৈ,

“হে প্ৰভু, যি হ’ল হ’ল আৰু কিবা এটা কৰি বচাই দিয়া, যাতে বহীকেইখন কাৰোবাৰ টেবুল পোৱাৰ আগতেই গৰু-ছাগলীৰ পেটত পৰেগৈ, হে প্ৰভু পিলিজ!”

☆ ★ ☆ ★ ☆

7 Comments

  • অনামী

    কাম নকৰা চিচি কেমেৰাই সৰ্বোচ্চ সন্মান কলেজতে পায় অৱশ্যে ।
    কিন্তু অনভিজ্ঞ লোকে পুৰীয়াৰ সহায় ল’বলৈ গ’লে এনে লটিঘটি হয়েই । গতিকে আঁতৰি থকাই ভাল আৰু।

    Reply
  • বন্দিতা জৈন

    ??পিছে পিছত কি হ’ল।দহ নম্বৰ টো কামত আহিলনে নাই।

    Reply
  • এপ’লো

    মজা!

    Reply
  • পল

    সত্যবাদী জীৱ আও

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কেনে হাঁহিছো ঐ

    Reply
  • জিতু

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এ মজা!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *