ফটাঢোল

চিনাকি মানুহৰ সুবাস- ঈশান জ্যোতি বৰা

বহুদিনৰ মূৰত আজি মনটো ভাল লাগিছে৷ কাৰণ বহুদিনৰ মূৰত আজি স্কুলীয়া বন্ধু তগৰক লগ পাম৷ অৱশ্যে ‘স্কুল’ নামৰ শব্দটি দেখাৰ লগে লগেই সোণালী শৈশৱৰ সোণোৱালী দিন স্মৰণ কৰি ‘নষ্টালজিক’ হৈ পৰা ৰাইজক জনাই থওঁ যে, মোৰ মন ভাল লগাৰ ‘মেইন’ কাৰণ স্কুল বা তগৰ নহয়৷ তাৰ প্ৰকৃত কাৰণ হৈছে তগৰৰ এটা বিৰল চাৰিত্ৰিক বৈশিষ্ট্যহে৷ এটা যাদুকৰী বৈশিষ্ট্য৷ যাৰ বলত তগৰ নামৰ মানুহজন জীৱনৰ জখলাইদি এদোপ-দুদোপকৈ উঠি আহি বৰ্তমানে ৰজাৰ দৰে এইখন চহৰত ৰাজত্ব কৰিব পৰা হৈছেহি৷ হিন্দী চিনেমাৰ সেই বিখ্যাত সংলাপটোলৈ মনত পেলাওক৷ “মোৰ ওচৰত ঘৰ আছে, দুৱাৰ আছে, গাড়ী আছে, অট্টালিকা আছে, তোৰ হাতত কি আছে অ’?” ইয়াৰ উত্তৰ আপুনি কিদৰে দিয়ে, নাজানো; পিচে তগৰে বৰ গহীনাই আত্মবিশ্বাসেৰে সৈতে ক’ব- “মোৰ ওচৰত চিনাকি মানুহ আছে!” বচ; তাতেই আপোনাৰ কণ্ঠ হৈ পৰিব ৰুদ্ধ৷ মূৰ কৰিব লাগিব তল৷ এই যে তগৰৰ ওচৰত মানে হাতৰ মুঠিত অনেক ‘চিনাকি মানুহ আছে’- সেইটোৱেই হৈছে তাৰ মূল আকৰ্ষণ৷ 

আমি তেতিয়া এল.পি. স্কুলত৷ তৃতীয় শ্ৰেণী৷ বতৰটো আছিল গোমা৷ অলপ পাছতেই বৰষুণ দিব৷ শ্ৰেণীকোঠাত ধৰিত্ৰী বাইদেৱে অসমীয়া পঢ়াই আছে৷ মই আৰু তগৰে বাটত বান্দৰৰ নাচ চাই থাকোঁতে বিদ্যালয়ত প্ৰৱেশ কৰা পলমেই হ’ল৷ দৌৰাদৌৰিকৈ শ্ৰেণীকোঠালৈ সোমাই গ’লোঁ৷ 

: কি হ’ল! কিয় ইমান দেৰি হ’ল?

চকুহাল ৰঙা কৰি বাইদেৱে মোক সুধিলে৷

: বাইদেউ, মানে…

: কি মানে মানে! কিয় ইমান দেৰি হ’ল?

: বাইদেউ ৰাস্তাত বান্দৰ নাচ চাই আছিলোঁ৷

: বদমাছ৷ যা, বাহিৰত কাণত ধৰি আঁঠু কাঢ়ি থাক৷

বেগটো ডেস্কখনত থৈ বাহিৰলৈ সেমেনা-সেমেনিকৈ আগবাঢ়িলোঁ৷ অৱশ্যে মনটো ইমান বেয়া নালাগিল৷ তগৰো অলপ পাছতেই মোৰ সংগী হ’ব৷ দুয়োটাই পকেটত থকা বগৰী খাব পাৰিম৷ পিচে, মোৰ সমস্ত আশা নিৰ্বাপিত হ’ল৷ তগৰ আঁঠু কাঢ়িবলৈ নাহিল৷ “কি হ’ল বা ইয়াৰ!” মনতে ভাবিলোঁ- “চাগে বাইদেৱে তাক ভিতৰতে আঁঠু কঢ়াই থ’লে৷” পিচে নহয়৷ অসমীয়াৰ পাঠদান শেষ হোৱাৰ পিছত ভিতৰলৈ গৈ দেখোঁ, তগৰে ‘হৌহৌহৌ’কৈ বিৰাট ৰঙেৰে মোৰ ফালে চাই হাঁহিছে আৰু ৰাজেশ খান্নাৰ লেখিয়াকৈ নিজৰ কেশসজ্জাৰ ওপৰেৰে ওলোটাকৈ হাত বুলাই “দেখিলি বুৰ্বক! মোৰ একো নহ’ল”, জাতীয় ভংগীমা এটা প্ৰদৰ্শন কৰিছে৷ 

: তোক আঁঠু নকঢ়ালে যে!

মই তাৰ ওচৰলৈ গৈ বিস্ময়েৰে সুধিলোঁ৷

: ধৰিত্ৰী বাইদেউ মোৰ চিনাকি৷ আমাৰ দোকানৰ পৰা সদায় আলু নিবলৈ আহে৷  

: মানে তই পঢ়া নোৱাৰিলেও বাইদেৱে তোক নামাৰে!

: নামাৰে৷

সেইদিনা স্কুলৰ পৰা বাহিৰে-বাহিৰে গৈ ঘৰত খুব তৰ্জন-গৰ্জন কৰিলোঁ৷ পিতাইক হেঁপাহ পলুৱাই গালি দিলোঁ৷ মাকো কৰিলোঁ প্ৰচণ্ড কৰ্কথনা৷ “আমাৰো দোকান এখন দেচোন৷ বাইদেউ-ছাৰহঁত আমাৰ দোকানলৈ আহিব৷ আমাৰো চিনাকি বাঢ়িব পৰীক্ষাতো নম্বৰ সৰহকৈ পাম৷” পিচে লাভ নহ’ল৷ পিতৃ আৰু মাতৃ দুয়ো মিলি দোকান খোলাৰ পৰিৱৰ্তে মোক বেতেৰে কোবাই পিঠিখন সেৰেলা-সেৰেল কৰিলে আৰু ভৱিষ্যতে এনেধৰণৰ অসৎ চিন্তা মনলৈ নানিবলৈ ‘খবৰদাৰ’ কৰি থ’লে৷ মই মনে মনে থাকিলোঁ যদিও তেওঁলোকৰ আদৰ্শবাদী কথা পোনছাতেই বয়কট কৰিলোঁ৷ খঙটো বাঢ়িল তেতিয়া, যেতিয়া ‘গৰু’ৰ বিষয়ে চাৰিশাৰী লিখিয়েই তগৰে ছমহীয়া পৰীক্ষাৰ ৰচনাত দহৰ ভিতৰত আঠ আৰু মই দুইপৃষ্ঠা লিখিও দহৰ ভিতৰত ছয় পালোঁ৷ নিজকে ধিক্কাৰ দিলোঁ৷ কিয় বাৰু মোৰ ‘চিনাকি’ মানুহ নাই! প্ৰশ্নটো বাৰে বাৰে সুধিলোঁ৷

‘চিনাকি’ মানুহৰ কলা-প্ৰদৰ্শন কৰি তগৰে নিজৰ সুগন্ধি বঢ়াই থাকিল৷ একেখন স্কুল, একেখন হাইস্কুল বগাই বগাই  আমি দুয়োটা কলেজ পালোঁগৈ৷ নতুনকৈ লাভ কৰা যৌৱন৷ নতুনকৈ লাভ কৰা বন্ধু, আৰু বান্ধৱী৷ পদাৰ্থ বিজ্ঞানত আমি নিউটনৰ গতিসূত্ৰ আৰু ৰসায়ন বিজ্ঞানত বয়লৰ সূত্ৰ পঢ়ি উৎপাত কৰি আছোঁ৷ নতুনকৈ পৰিচয় হোৱা কলন গণিতৰ ৰোমাঞ্চকৰ সমস্যাবোৰো নেফানেফ কৰিব লাগিছোঁ৷ তেনে এক থ্ৰিলাৰধৰ্মী সময়ত ক্লাছ ক্ষতি কৰিবলৈ মন যায় জানো! মনোজগতত সিপিনে ওলমি থাকে ডিছকলেজিয়েট হোৱাৰ ভয়৷ প্ৰিন্সিপাল সন্দিকৈ ছাৰ যে দুৰ্দান্ত মানুহ৷ বাটে-পথে মানুহ পিটি দিয়াৰ অভিলেখ ৰচি থৈছে৷ কিন্তু তগৰক এইবোৰ একোৱেই বলে নোৱাৰে৷ তগৰ স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত৷ 

শুকুৰবাৰ এটাৰ কথা৷ কলেজ কেণ্টিনৰ পৰা সেইদিনা তাক হুৰমূৰকৈ পদ্মিনীৰ লগত ওলাই অহা দেখিছিলোঁ৷ মাত্ৰ দুদিনমানৰ আগতেহে মোৰ পৰা পদ্মিনীয়ে পদাৰ্থ বিজ্ঞানৰ নোটচখিনি “প্লিজ দিয়াচোন” বুলি কৈ চান কাঢ়িছিল৷ ময়ো মুখত পৰ্যাপ্ত পৰিমাণৰ মিচিকিয়া হাঁহি সানি বিপদত পৰা ছোৱালীজনীক নোটচখিনি দিছিলোঁ৷ নোটচখিনি আগবঢ়াই দিয়াৰ আঁৰত আশা বেছি নাছিল, মাত্ৰ ওলাওঁতে-সোমাওঁতে পদ্মিনীয়ে ‘আহিলা’ অথবা ‘ভালনে’ বুলি সৌজন্যসূচক প্ৰশ্ন দুটামান সুধিলেই আমি আনন্দিত৷ দিনটোলৈ শান্তি৷ পিচে এতিয়া তগৰৰ সৈতে পদ্মিনীক দেখি মনটোলৈ এচাটি অশান্তিৰ বতাহ দুপদুপকৈ সোমাই আহিল৷ মই এইবাৰ তগৰৰ টালিবাজি একেবাৰে অপচন্দ কৰিলোঁ৷ খৰখোজেৰে গৈ সিহঁত দুটাৰ কাষ পালোঁগৈ৷ মোক সমুখত দেখিয়েই পদ্মিনীয়ে মুখখন এনেভাৱে বিকটাই দেখুৱালে যেন তাই এইমাত্ৰ আধাকেজিমান তিতাকেৰেলাহে কেঁচাই কেঁচাই চোবালে!

: কি কৰিছ?

তগৰলৈ মোৰ পোনপটীয়া প্ৰশ্ন৷ তগৰে মোৰ পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদিলে৷ তাৰ পৰিৱৰ্তে সি সুধিলে,

: তই বোলে পদ্মিনীক ফিজিক্সৰ নোটচ দিছ!

: তাই বিচাৰিছিল৷

: তাকেই৷ পিচে নোটচখিনি নালাগে দে৷

: কিয়?

মই হতবাক-বিস্মিত৷ ই আকৌ অভিভাৱক দেখুৱাবলৈ কোন!

: মানে ফিজিক্স পঢ়ুওৱা জোছেফ ছাৰৰ লগত মোৰ পুৰণা চিনাকি৷ এই বিপদত পৰা দেখি মই জোছেফ ছাৰক গৈ কথাটো ক’লোঁগৈ৷ ছাৰে নিজ হাতে লিখি থোৱা নোটচখিনি তাইক দিম বুলি কথা দিছে৷

: হয় নেকি!

মোৰ মুখৰ পৰা যেনেতেনেহে শব্দ দুটা ওলাল৷ “আকৌ চিনাকি মানুহৰ খেলখন দেখুৱাই মোক ঠেকত পেলালি নহয়নে!” মনৰ ভিতৰতে তগৰক জোৰদাৰ গালি এটা পাৰিলোঁ৷ মুখেৰে ভোৰভোৰাই ওভতনি পথেৰে খোজ দিলোঁ৷ ওভতোঁতে খাই-পাত-ফলা পদ্মিনীৰ পৰা নোটচখিনি ল’বলৈ নাপাহৰিলোঁ৷ আমাৰ বেটচটোৰ ফলাফল উচ্চতৰ মাধ্যমিকত ভালেই হ’ল৷ পিচে বাৰটা মাহত বাৰটাও ক্লাছ নকৰা তগৰে কিদৰে আৰু কেনেকৈ তিনিটাকৈ বিষয়ত লেটাৰ পালে, টলকিবই নোৱাৰিলোঁ৷ বহুদিনৰ মূৰতহে বিশেষ সূত্ৰৰ পম খেদি গম পালোঁ, ব’ৰ্ডৰ কাৰ্যালয়ত তগৰৰ “ভাল চিনাকি৷” কলেজৰ পৰা ওলাই আমি আটাইবোৰ দিহিঙে-দিপাঙে ৰাওনা হ’লোঁ৷ তগৰ ক’লৈ গ’ল, খবৰ ৰখা নাই৷

স্নাতকোত্তৰ শিক্ষা শেষ৷ এইবাৰ চাকৰি বিচৰাৰ পাল৷ শিক্ষা বিভাগত প্ৰাথমিক শিক্ষা-উপদেষ্টাৰ পদ দহটা খালী হৈছিল৷ লগেলগে আবেদন কৰিলোঁ৷ অৰ্হতা আছে, দক্ষতা আছে, দুখনকৈ বিদ্যালয়ত পদাৰ্থ বিজ্ঞান পঢ়োৱাৰ সততাপূৰ্ণ অভিজ্ঞতাও অৰ্জন কৰি থৈছোঁ৷ গম পালোঁ, আৱেদনকাৰী মাত্ৰ পঞ্চাছজন৷ ভালেই হ’ল৷ পোৱাৰ তাৰমানে আশা এটা আছে৷ সাক্ষাৎকাৰত বহিবলৈ সোমবাৰে মাতিছে৷ সাজি-কাচি নিৰ্দিষ্ট সময়ত হাজিৰ হ’লোঁ৷

: কি খাই আহিছা?

বয়োজ্যেষ্ঠ সাক্ষাৎগ্ৰহণকাৰীৰ প্ৰশ্ন সুধি থতমত খালোঁ৷ আলহী খাবলৈ অহা যেনহে লাগিল৷

: ভাত খাই আহিছোঁ ছাৰ৷

: তোমাৰ ঘৰ গাঁৱত নেকি? পুখুৰীত মাছ আছেনে?

শিক্ষা-উপদেষ্টাৰ লগত মৎস্যপালনৰ কি সম্পৰ্ক থাকিব পাৰে মই মনত পেলালোঁ৷ মনত নপৰিল৷

: হয় ছাৰ৷ মাছ আছে ছাৰ৷

তৃতীয়টো প্ৰশ্ন বোধহয় “কালি সেইফালে ধুমুহা আহিছিলনে?” সুধিবলৈ ওলাইছিল, পিচে নুসুধিলে৷ কোঠাটোৰ বন্ধ হৈ থকা দুৱাৰখনে কৰ্কশ মাত এটা উলিয়াই খোল খালে৷ মোৰ সমস্ত চেতনাক গুলীবিদ্ধ কৰি তগৰ কোঠাটোলৈ সোমাই আহিল৷ হয়, চিনাকি মানুহৰ কাৰখানা সাজি থোৱা সেইজন তগৰেই৷ চেহেৰা পূৰ্বতকৈ সলনি হৈছে৷ চকুত চশমা এযোৰ লাগিছে৷ আগফালৰ চুলি দুই-চাৰিডাল সৰিছে৷ হাতখনলৈ চালোঁ৷ দহটা আঙুলিত আঠটা আঙুঠি৷ মাত্ৰ বৃদ্ধাংগুলিহে বাদ৷ সৰ্বপ্ৰথমে তাক দেখি ভাবিছিলোঁ, ই চাগৈ সাক্ষাৎকাৰ দিবলৈ আহিছে৷ পিচে মোৰ সমুখত খালী হৈ থকা চকীখন টানি আনি সি যেতিয়া গপচত ভৰিৰ ওপৰত ভৰি থৈ বহি গ’ল, মোৰ অনুমান অশুদ্ধ প্ৰমাণিত হ’ল৷ তাৰমানে তগৰে মোৰ এতিয়া সাক্ষাৎকাৰ ল’ব৷ স্কুলত বান্দৰ নাচ চায়ো আঁঠু নকঢ়া, পদ্মিনীক জোছেফ ছাৰৰ পৰা নোটচ আনি দিয়া তগৰে ‘মোৰ’ সাক্ষাৎকাৰ ল’ব৷ হায় বিধি!

: চিনি পাইছনে?

: তগৰ!!

: হৌহৌহৌ৷ অঁ ময়েই৷

তগৰৰ সেই চিৰপৰিচিত হাঁহিটো৷

: বহুদিন খবৰ নাই৷

: নাপাবিতো৷ খবৰ ল’লেহে খবৰ পাবি৷ যোৱা বছৰতেই চাকৰিটো পালোঁ৷ মানে আমাৰ হাইস্কুল ডিভিজনৰ ‘ছিফ এডুকেশ্বন অফিচাৰ৷’ 

: বৰ ভাল খবৰ৷ আমি দেখোন ইণ্টাৰভিউৰ খবৰকে নাপালোঁ৷

: অঁ, চৰকাৰী শিক্ষা বিভাগৰ গোটেইবোৰ মানুহ মোৰ চিনাকি৷ মিনিষ্টাৰ গগৈ ছাৰ আমাৰ কলনীতে থাকে৷ তেখেতেই চাঞ্চটো দিলে৷ চাকৰিটো পোৱাৰ পিছত অফিচত ডাঙৰ পাৰ্টি এটা দিলোঁ৷ দিবলৈ মন নাছিল৷ আটায়ে হেঁচি ধৰাত মোৰো মনটো কুমলিল৷

: আচ্ছা! ভালেই দে৷

মনটো সেমেকি গ’ল৷ কিন্তু কৃত্ৰিম আনন্দ প্ৰকাশ নকৰিলেও বেয়া দেখি৷

: তই কেতিয়া জইন কৰিবি এতিয়া?

: মানে?

মই পুনৰ থতমত খালোঁ৷

: কি মানে? আৱেদনকাৰীৰ তালিকাত তোৰ নামটো দেখিয়েই মই আমাৰ বচক কৈ থৈছোঁ৷ তোৰ চাকৰি হৈ গ’ল৷ অহা মাহৰ এক তাৰিখে জইন কৰি দে৷

: হয় নেকি!

হঠাতে আনন্দ আৰু উৎসাহৰ বিপুল ঢৌকেইটামানে আহি মোক সাবটি ধৰিলেহি৷ এপাক নাচি দিবলৈ মন গ’ল৷ হৃদস্পন্দনো বাঢ়িছে৷

: পাছত কথা পাতিম যা৷ মোৰ ঘৰলৈ আহিবি৷

: যাব লাগিব দে৷ পিচে থাক ক’ত?

: জালুকবাৰীত৷ শৰ্মা ছাৰৰ ঘৰৰ সমুখতে৷

: অকেই৷ তোক অশেষ ধন্যবাদ৷ তোৰ এই উপকাৰ কেতিয়াও নাপাহৰোঁ৷

: হেৰৌ হ’ব যাচোন৷ বন্ধুক আকৌ কিহৰ ধন্যবাদ! হৌহৌহৌ! 

চাকৰিটোৰ প্ৰাপ্তিয়ে মোৰ মনত থকা তগৰ-কেন্দ্ৰিক অশুদ্ধ ধাৰণাবোৰ ধুই চাফা কৰি পেলালে৷ আত্মশুদ্ধি হ’ল৷ তগৰক অনুসৰণ কৰি ‘চিনাকি মানুহ’ৰ নেটৱৰ্ক এখনত ময়ো ভৰি থৈছোঁ৷ চিনাকি মানুহৰ ফৌজ এটা ধীৰে ধীৰে তৈয়াৰ হৈছে৷ অসমৰ আটাইকেইটা বিভাগতেই মোৰ এতিয়া এজন হ’লেও চিনাকি মানুহ আছে৷ সামাজিক ক্ষেত্ৰতো দোপতদোপে উন্নতি কৰিছোঁ৷ ভ্ৰাম্যমান হওক, বাণিজ্য মেলা হওক, নতুন অসমীয়া ছবিৰ প্ৰিমিয়াৰ হওক-‘চিনাকি’ মানুহৰ সমীকৰণ খটুৱাই ‘ফ্ৰি পাছ’বোৰ সময়ত পাই যাওঁ৷ একো কাম-বন নকৰাকৈ মাজতে ‘উদীয়মান সমাজকৰ্মী’ৰ বঁটা এটাও লভিলোঁ৷ মেলে-মিটিঙেও দুই-এটা কথা ক’বলৈ চিনাকি মানুহবোৰে মাতে৷ ময়ো নিৰাশ নকৰাকৈ দুই-চাৰিটা ‘ডাঙৰ কথা’ আঁওৰাওঁ৷ সিপিনে জন্মস্থানত মোৰ পপুলাৰিটি মন কৰিবলগীয়া৷ এতিয়ালৈকে বিশজনমানক চাকৰিত সুমুৱালোঁ৷ মাজতে চিনাকি এমএলএ-ক কৈ মূল পথছোৱাৰো আধাৰশিলা স্থাপন কৰিলোঁ৷ চাবলৈ গ’লে সকলোফালৰ পৰাই উদ্গতি হৈছে৷

পিচে শেহতীয়াকৈ এটা নতুন সমস্যাই দেখা দিলে৷ যাৰ কাৰণে আজি প্ৰায় ছমাহৰ মূৰত তগৰক লগ পাবলৈ আহিছোঁ৷ সৰুতে কবিতা লিখিছিলোঁ৷ এই ধৰক-‘মোৰ মন যায়’, ‘ আমাৰ এজনী মেকুৰী আছে’ ধৰণৰ৷ হাইস্কুললৈকে দুটামান তেনেজাতীয় কবিতা লিখিলোঁ৷ কলেজত কাব্যচৰ্চা সামৰিলোঁ৷ পিচে হঠাতে ছ’চিয়েল মিডিয়াৰ পাকচক্ৰত পৰি এদিন পুৰণি কাব্যপোকটোৱে কামোৰ এটা মাৰিলে৷ ময়ো তৎমুহূৰ্ততে ‘লিখিম ৰ’ বুলি পোকটোক সান্ত্বনা দিলোঁ৷ নতুন উদ্যমেৰে, নতুন ভাৱনাৰে এমাহৰ পিছত কাব্যচৰ্চা আৰম্ভ কৰিলোঁ৷ লিখোঁতে-লিখোঁতে এশ বিশটা কবিতা হ’ল৷ পাঠকসমাজত আদৰ-সাদৰ ভালেই৷ দুটামান কবিতা ভাইৰেলো হ’ল৷ তাৰে একডজন কবিতা চিনাকি সু-কবি এজনেও পপুলাৰ বৌদ্ধিক আলোচনী এখনত প্ৰকাশ কৰোৱালে৷ 

কাকত-আলোচনীবোৰত মোৰ কবিতাৰ কদৰ আছে৷ বৌদ্ধিক ভঁৰালৰ শ্ৰদ্ধাভাজন ‘ইনটেলেকচুৱেল’সকল মোৰ চিনাকি৷ ফোনত কথা পাতিয়েই থাকোঁ৷ ফে’চবুকতো ইম’জী-বিনিময়, টেগা-টেগি দুৰন্ত গতিৰে চলি থাকে৷ তাৰে মাজত আহুকলীয়া বিতৰ্কতো জাঁপ মাৰোঁ৷ মাজতে কোনোবা এটা অহৌবলিয়া সমালোচকে মোৰ কবিতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল- “ইমান নিম্ন মানৰ কবিতা! কোনো চিত্ৰকল্প নাই৷ ব্যঞ্জনাৰ নাম-গোন্ধ নাই৷ জাৰৰ দিনত গৰম লাগিল, গৰমৰ দিনত লাগিল ঠাণ্ডা-সেইটোনো বাৰু আধুনিক কবিতাৰ থিম হ’ব পাৰেনে?” বোপাৰ দুঃসাহস দেখি মোৰ বুকু কঁপি উঠিল৷ ততালিকে ফোন কৰি জ্যেষ্ঠ সম্পাদক বিনম্ৰ সৌকাধৰাক ক’লোঁ, “এতিয়াই এইজন পাবতগজা সমালোচকক বৌদ্ধিক সমাজৰ পৰা এঘৰীয়া কৰক৷ গেট আউট কৰি দিয়ক৷” সৌকাধৰাৰ লগত মোৰ চিনাকি ফে’চবুকৰ জন্মলগ্নৰ পৰাই৷ তেখেত বিশটামান ফে’চবুক গোটৰ প্ৰশাসক৷ সেয়েহে অবালচন্দ সমালোচকক এঘৰীয়া কৰিবলৈ তেওঁৰ বেছিপৰ নালাগিল৷ মই স্বস্তিৰ নিশ্বাস এৰিলোঁ৷ 

যি কি নহওক; যোৱা মাহত মোৰ সপোনৰ কাব্যগ্ৰন্থখন উলিয়ালোঁ৷ প্ৰকাশকৰ লগত ভাল চিনাকি৷ মাজনিশা ফে’চবুকত কিবা এটা লিখিলেই একেবাৰে টোপনিৰ পৰা উঠি কমেণ্ট কৰিবলৈ আহে৷ দুবাৰমান আমাৰ ঘৰত মাছে-মঙহে উদৰ পূৰাই খায়ো গৈছেহি৷ তেওঁৰ জহতেই এতিয়া কিতাপখনৰ দুটা মুদ্ৰণ ওলাল৷ তৃতীয়টো মুদ্ৰণ অহা সপ্তাহত ওলাব৷ কালি কাকতত ‘সাহিত্য বঁটা’ৰ বাবে মনোনয়ন বিচাৰিছে৷ মই মন কৰিলোঁ, জীৱনত কাম ঢেৰ কৰিছোঁ যদিও সাহিত্যৰ নামত আজিলৈকে বঁটা পোৱাৰ সৌভাগ্য হোৱা নাই৷ কেনেবাকৈ বঁটা এটা অধিকাৰ কৰিব পাৰিলে, জীৱনৰ লক্ষ্য এটা পূৰণ হয়৷ পিচে, সাহিত্যৰ ঊৰ্দ্ধতন কতৃপক্ষৰ লগত মোৰ বিশেষ চিনাকি নাই৷ সিপিনে প্ৰতিভাশালী অনেক লেখকেই বঁটাৰ বাবে আৱেদন কৰিব বুলি খবৰ পাইছোঁ৷ তেনে এক প্ৰেক্ষাপটত চিনাকি মানুহৰ সমীকৰণ ব্যৱহাৰ কৰাৰ বাহিৰে দ্বিতীয় বিকল্প নাই৷ সেই উদ্দেশ্যেই আজি তগৰৰ লগত চিনাকি হ’ম৷ তাৰ হেনো ছিলেকশ্যন বৰ্ডত কোনোবা ভাল চিনাকি আছে৷

তিনিটামান বজাত তাৰ বগা ইন’ভাখন হোটেলৰ সমুখত ৰ’লহি৷ ছ্যুট-টাই পিন্ধা তগৰ গাড়ীৰ দুৱাৰ খুলি ওলাই আহিল৷ অঁ, পিছে পিছে দেখোন মহিলা এগৰাকী৷ চিনিব পৰা নাই৷

: আহ আহ৷

: কি খাবি ক? এখেতক চিনি নাপালোঁ৷

মই হাঁহি এটা মাৰি সৌজন্যেৰে নমস্কাৰ এটা কৰিলোঁ৷

: হৌহৌহৌ!

: হাঁহিলি যে!

: মই কোৱা নাছিলোঁ নে যে ই গাধই তোমাক চিনি নাপায় বুলি!

তগৰে মোৰ পৰা দৃষ্টি আঁতৰাই মহিলালৈ চালে আৰু দুয়ো চকী একোখন টানি ফেনখনৰ তলতে বহিল৷ ময়ো চকুত আশ্বৰ্য এসোপা লৈ সিহঁতৰ সমুখতে থম থম মদন গোপালৰ দৰে বহি পৰিলোঁ৷ ডিঙি তিয়াবলৈ ক’ল্ড কফি অৰ্ডাৰ কৰিলোঁ৷

: মোক চিনি পোৱা নাই!

: ওহোঁ৷

: পদ্মিনী যে! তুমি যে ফিজিক্সৰ নোটচ দিছিলা!

লগে লগেই মোৰ মনটো প্ৰায় পোন্ধৰ বছৰ পুৰণি কলেজীয়া দিনলৈ উৰা মাৰিলে৷ খঙ আৰু ক্ষোভৰ সোঁত এটা ক’ৰবাৰ পৰা পুনৰ উঠি আহিছিল যদিও যেনেতেনে তাৰ গতি স্তিমিত কৰিলোঁ৷

: বহুতদিনৰ মূৰত লগ পাই ভাল পালোঁ৷

মই অভিব্যক্তিলৈ সামান্য গাম্ভীৰ্য আনিলোঁ৷

: আৰু ভাল পাবি ৰহ৷

তগৰৰ চকুত প্ৰবল উছাহ৷

: মানে?

মই তৎ ধৰিব পৰা নাই৷

: মানে, পদ্মিনী এইবাৰ সাহিত্য বঁটাৰ নিৰ্বাচকমণ্ডলীৰ মুৰব্বী৷ গতিকে তোৰ কামটো হৈয়েই যাব বুলি ধৰ৷

কি কাণ্ড! মোৰ তগৰৰ মূৰ্তি এটা সাজি আজীৱন পূজা কৰি থাকিবলৈ মন গ’ল৷ ক’ল্ড কফিকাপ কোৎ-কোৎকৈ পান কৰি পদ্মিনীক অস্থিৰভাৱে ক’লোঁ-

: তোমাক কি বুলি যে ধন্যবাদ দিম!

: কিযে আৰু তুমি! বন্ধুক হ’বলা ধন্যবাদ দিয়ে৷ বঁটা পোৱাৰ পাছত হাইৱে ধাবাত পাৰ্টি এটাকে দিবা৷

: একদম পাক্কা৷

মই প্ৰতিশ্ৰুতিবদ্ধ হ’লোঁ৷ চকুত আনন্দৰ লহৰ৷

: পিচে তোমাৰ কবিতাপুথিখনৰ নামটো কি কোৱাচোন? মই লিখি থওঁ৷

স্মাৰ্টফোনটো হাতলৈ লৈ পদ্মিনীয়ে সুধিলে৷

‘চিনাকি মানুহৰ সুবাস৷’

কিঞ্চিত গৌৰৱেৰে মই গহীনাই ক’লোঁ৷

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *