গুপ্তধন-নীলাক্ষি কাকতি
: হে হৰি! মই ক’তে মৰোঁ? এই কঁকালৰ বিষতো অলপ আগতে মই ঘৰটো সাৰি-মচি আনিছিলোঁ৷ এই লেতেৰা পলিথিনৰ পেকেটটো আনি কোনে ইয়াত থ’লে হয়নে?
: হেৰা নিচিঞৰিবাচোন৷ সেইটো ময়ে আনিছোঁ৷ লাহে লাহেও মানুহে কথা সুধিব পাৰেতো! ব-চুঙা এটা ডিঙিত ফিট কৰি লৈছা নেকি? এনেকৈ চিঞৰিব লাগেনে? পেকেটটো ময়ে আনিছোঁ৷
: অ’ হয়নে? বোলো কি সকামত আনিলে পেকেটটো? নে সৌটোতো কিবা হীৰা মণি মুকুতা বিচাৰি পালে?
: নহয় হে৷ দমকলৰ পাৰত আমাৰ ভাৰাতীয়া বিপিনৰ ঘৈণীয়েকে পাচলি ধুই আছিল৷ তাই বন্ধাকবিৰ বুঢ়া পাতখিনি এৰুৱাই এই পলিথিনটোত থৈ দিছিল৷ মই তাই ভিতৰলৈ সোমাওঁতে পলিথিনটো লৈ আনিলোঁ৷ হেৰা সিহঁতে কি বুজিব বন্ধাকবিৰ বুঢ়া পাত কেইটাৰ মূল্য? ভালকৈ খাৰেৰে এইখিনি বনাবা৷ এসাঁজ বৰ জুতি লগাই খাব পাৰিম৷
: হৰি হৰি! লোকৰ তিৰোতাই কি কাটিছে, কি কৰিছে সেয়াও চাই আপুনি? প্ৰভু তুমি এই মৰ কৰাইচ, মাখিৰ মূৰৰ ঘিঁউ কাঢ়ি খোৱাজনৰ লগতে মোক সং কৰি দিলা কিয়? লোকে পেলাই দিয়া পাতকণো এৰি নিদিয়ে অ’৷ বোলো পেলাওক, কৈছোঁনে এইমাত্ৰ মোৰ চকুৰ আগৰ পৰা এইবোৰ নিয়ক৷
: হেৰা খং কিয় কৰিছা হয়নে? এই মহঙা দিনত এইকণো সোণৰ লেখিয়া হে৷
: হেৰি মোৰ মূৰটো আপুনি আৰু কিমান খায় হয়নে? এইখিনি পেলাওক৷ কোনোবা দিনা মই ঘৰ এৰি গুচি যাম৷ থাকিব আপুনি ঘৰ-বাৰী কুবেৰৰ দৰে ৰখি৷
জগত হাজৰিকা ওৰফে চেপা, মফচলীয় অঞ্চলটোৰ পঞ্চায়ত অফিচটোৰ ওচৰতে ঘৰ সাজি থকা বহু বছৰেই হ’ল তেওঁৰ৷ সেই ঠাইখনৰ প্ৰত্যেকৰে বাবে এখন চিনাকি আৰু হাঁহিৰ খোৰাক জন্মোৱা মুখখনেই হ’ল জগত হাজৰিকা৷ গড়কাপ্তানি বিভাগত নিম্নবৰ্গৰ সহায়কৰ কাম কৰিছিল৷ এতিয়া অৱসৰ ল’লে৷ তেওঁৰ পৰিয়াল বুলিবলৈ পত্নী মনোমতী আৰু জীয়ৰী পাহী৷ পাহীয়ে এইবাৰ বি এ ফাইনেল দিব৷ জীৱিত কালত বিভিন্ন ব্যক্তিয়ে ভাল নাইবা বেয়া- এই দুয়োটা কাৰণৰ ভিতৰত এটাৰ বাবে কেতিয়াবা জনাজাত হয়৷ এওঁৰ ক্ষেত্ৰত কথাটো সুকীয়া৷ এওঁ বিখ্যাত কৃপণালীৰ বাবে৷ তেওঁক চেপিলেও তেওঁৰ হাতৰ পৰা এক অনা এটাও কোনেও উলিয়াব নোৱাৰে বাবে তেওঁ ‘চেপা’ বুলি জনাজাত৷ নিজৰ ঘৰটোৰ লগতে তেওঁ দুটা ৰূম বনাই ভাড়া দিছে৷ এটাত স্বামী-স্ত্ৰী এহাল থাকে৷ বিপিন আৰু বিনীতা৷ আনটো ৰূমত অটোচালক ৰূপম নামৰ ডেকাজন থাকে৷ ওচৰ চুবুৰীয়াসকলে এই কৰাইচৰ ঘৰত তেওঁলোক কিদৰে ভাৰাতীয়া হৈ আছে -তাকে ভাবি আশ্চৰ্য প্ৰকাশ কৰে৷ মাহৰ এক তাৰিখ পৰাৰ দিনাই কাউৰী কুকুৰ নুঠোঁতেই তেওঁ ভাৰাতীয়া দুঘৰৰ দৰ্জাৰ সন্মুখত ৰৈ থাকে ভাৰাৰ বাবে৷ পানী দমকলৰ পৰা মাত্ৰ চাৰি বাল্টিহে উঠাব পাৰিব৷ আলহী বেছিকৈ আহিব নোৱাৰিব৷ এনে বিভিন্ন চৰ্তৰ বাবেই দুদিন পিছতে ভাৰাতীয়াই বেলেগ ঘৰৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে৷ পিচে ভাৰাতীয়া ৰূপমে আগৰ ভাৰাতীয়াৰ সকলো ৰেকৰ্ড ভংগ কৰি একেলেথাৰিয়ে আঠমাহ আছে৷ লগতে সি হাজৰিকাৰ সকলো চৰ্তও মানি চলি আহিছে৷ বোধকৰো সেয়ে এই আঠমাহত তাৰ ভাগ্যত দুবাৰ লালচাহ আৰু কাটা বিস্কুট সি মালিকৰ ঘৰৰ পৰা উপহাৰ হিচাপে পাইছে৷
সন্ধিয়া-
: হেৰা শুনাচোন৷ আমাৰ খিৰিকীৰ পৰ্দাকেইখন দাঙি দিয়াচোন৷
: বোলো কিয়? এই সন্ধিয়া যি মহৰ উৎপাত পাৰিলে আমাক মহে দাঙি নিব৷ আপুনি আকৌ সেই তেজপিয়া জাকক বৰ সবাহলৈ নিমন্ত্ৰণ দিছে যে পৰ্দা দাঙিবলৈ দি?
: হেৰা মনো৷ তুমি একেবাৰে আঁকৰীজনী হৈ আছাহে৷ বিনীতাই ধূনা দি আছে৷ পৰ্দাখন দাঙি দিলে ধোঁৱা আমাৰ ঘৰতো সোমাব৷ মহবোৰ তেতিয়া উৰি গুচি নাযাব নেকি? আৰু এয়া লোৱা, ৰূপমে কলগেটটো শেষ নহৌতেই পেলাই দিছিল৷ মই জাবৰ পেলোৱা গাঁতটোৰ পৰা উঠাই আনিছোঁ৷ ভালকৈ চেপিলে এসপ্তাহমান যাব আৰামত৷
: পাহী অ’ পাহী৷ কাপোৰ-কানি পিন্ধি ল৷ মই মোমায়েৰৰ ঘৰলৈ যাওঁ৷ নোৱাৰোঁ আৰু এই যখটোৰ লগত দিন কটাব৷ চাচোন চা৷ ট্ৰাক এখন ওপৰেদি গ’লেও চাগে অকণমানো টুথপেষ্ট নোলাব এই পুৰণা কলগেটটোৰ পৰা৷ সেইটোও জাবৰৰ দ’মৰ পৰা খুচৰি খুচৰি উলিয়াই আনিছে৷ হয় আজি এই ঘৰখনত এওঁ থাকিব নহ’লে মই থাকিম৷
: খুৰী৷ ক’লৈ যোৱাৰ কথা ওলাইছে? ক’ৰবালৈ যাব নেকি?
পৰ্দাখন ঠেলি মুখৰ কোঠাটোলৈ ৰূপম সোমাই আহিল৷ মাক- দেউতাকৰ ওখনা-ওখনি চাই থকা পাহীয়ে ৰূপম অহা দেখি হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ’ল৷
: অঁ ৰূপম আহিছা৷ নাই অ’ খুৰীয়েৰাৰনো আৰু কি কাম আছে? মোক কথাই প্ৰতি গালি নাপাৰিলে এওঁৰ পেটত গেচ হয়৷ তাকে উগাৰি আছিল৷ পিচে কি বা সকামত আহিলা?
: হয় হয়৷ মোৰ বেলেগ কাম নাই যে৷ খুৰাৰাক হে চৰকাৰে দেশ চলোৱা কাম দি থৈছে৷ বহা ৰূপম৷
: মানে খুৰী৷ এই টোপোলাটো লওক৷ মই মানে ঘৰলৈ গৈছিলোঁ৷ মায়ে আহোঁতে ঘৰৰ পাচলি অলপ দি পঠালে৷ ভাবিলোঁ অকলশৰীয়া মানুহজনে কিমাননো অকলে খাম? সেয়ে আধা আপোনালোকক দিছোঁ৷
: হেঃ হেঃ ৰূপম ভাল কৰিলা, ভাল কৰিলা৷ আজিকালি বজাৰত সতেজ শাক-পাচলি পাবলৈয়ে নাই৷
: ইহ বৰ একেবাৰে৷ হেৰি আপুনি সতেজ পাচলি কিনে কেতিয়া? পাচলি বেপাৰী বয়বস্তু সামৰি যাবলৈ ওলোৱাৰ সময়ত শুকাই যোৱা পাচলি দুবিধমান কম দামত পাই লৈ আহে৷ থওক আপোনাৰ কথা৷ হেৰা ৰূপম৷ তুমি বহা৷ মই চাহ বাকোঁ৷
: হেৰা হেৰা৷ তুমি ল’ৰাটোক চাহ খুৱাই তোমাৰ দৰে গেষ্ট্ৰিক বেমাৰী বনাব বিচাৰিছা নেকি হে? তাতকৈ তাক পানী এগিলাচ দিয়া৷ গৰমত সি পানী গিলাচ খায়েই ভাল পাব৷ পাহী ৰূপমক দুটামান লং খাবলৈ দেচোন৷ মুখখন ভাল লাগিব তাৰ৷
: খবৰদাৰ৷ লং কেইটাৰ নাম নল’ব৷ বুজিছা ৰূপম খুৰাৰাৰ দাঁতৰ বিষ হওঁতে দুটামান লং শইকীয়াহঁতৰ ঘৰৰ পৰা খুজি আনিছিল৷ তাৰে দুটামান ৰৈছিল৷ পিচে সাঁচোঁতে-সাঁচোঁতে সেইকেইটা পঁইটাচোৰাই নষ্ট কৰিলে৷ আজি তাকে ধুই ৰ’দত দিছিল৷ মই দেখি দলিয়ালোঁ৷ তুমি বহা৷ অ’ পাহী চাহৰ চচটো গেছত উঠাই দেচোন৷ মই গৈ আছোঁ৷
: হেঃ হেঃ এই মাইকী মানুহবোৰৰ পৰা নোৱাৰি বুজিছা৷ আমি টকা ঘটা কেইজনেহে বুজোঁ টকা ঘটিবলৈ কিমান ওপৰৰ ঘাম তললৈ নিব লাগে! বাৰু তুমি কোৱাচোন ঘৰলৈ কিয় গৈছিলা? কি সকামত?
: মানে খুৰা কথাটো গোপনীয়৷ পিচে আপোনালোকক মই নিজৰ বুলিয়ে ভাবোঁ৷ আপোনাকনো আৰু কি লুকুৱাম? আমাৰ গাঁৱৰ কাষৰ গাঁওখনত এজন তান্ত্ৰিক ওলাইছে৷ সাংঘাতিক মহিমা আছে তেওঁৰ গাত৷ তেওঁক দেখা কৰিবলৈ দূৰদূৰণিৰ পৰা মানুহৰ পৰুৱাৰ লানিৰ দৰে ভিৰ৷ তেওঁ গুপ্তধনৰ সম্ভেদ দিয়ে৷ মাত্ৰ এটা আগৰ দিনৰ পাতি-পইচা নিব লাগে৷ তেওঁ পইচাটোত কিবা মন্ত্ৰ মাতি জাৰি দিয়ে৷ তাৰপিছত আপোনাক আৰু কি ক’ম? টকা কোন ফালৰ পৰা আহিব আপুনি ক’বই নোৱাৰিব৷
: কি কোৱাহে? সঁচানে? এঃ আজিকালি ঠগ-প্ৰৱঞ্চকৰ দিন৷ বিশ্বাস কৰিব পাৰি জানো?
: সেয়া খুৰা৷ মই সেইকাৰণে আপোনাক ক’বই বিচৰা নাছিলোঁ৷ আপুনি সোধাতহে ক’লোঁ৷ আমাৰ গাঁৱৰ ৰঘু৷ তাৰ খাবলৈ ভাত এসাঁজৰ বাবেও চিন্তা আছিল৷ তান্ত্ৰিক বাবাৰ কৃপাত সি দুদিন আগতে টাটা মেজিক এখন কিনিছে৷ তেওঁ দিয়া গুপ্তধনৰ সম্ভেদ পাই আজি তাৰ জয়জয়-ময়ময় অৱস্থা৷
: কি কোৱাহে ৰূপম! হেৰা—হেৰা৷ মোকো লৈ ব’লাচোন বাবাজনৰ ওচৰলৈ৷ মোৰ ওচৰত দেউতাৰ দিনৰে পাতি-পইচাকেইটামান আছে৷ হেৰা কাইলৈয়ে ব’লা মোক লৈ৷
: খুৰা আপুনি কৈছে যেতিয়া কিবা এটা কৰিব লাগিব৷ পিচে কাইলৈ নহ’ব৷ পৰহিহে আপুনি যাব পাৰিব৷ বাবাই মংগলবাৰে ধ্যানত থাকে৷ পিচে মইহে আপোনাৰ লগত যাব নোৱাৰিম৷ মোৰ কিবা এটা এৰাব নোৱাৰা কাম আছে৷ কিন্তু আপোনাক মই ঠিকনাটো দি দিম৷ আপুনি সেইমতে গৈ বাবাক লগ কৰিব পাৰিব৷
: ৰূপম দা চাহ খাওক৷ পাহীয়ে লাজলাজকৈ ৰূপমৰ ফালে চাই হাঁহি এটা মাৰি চাহকাপ আগবঢ়াই দিলে৷
: মাজনী এনেকৈনো আলহীক শুদা চাহ দিয়েনে? যাচোন যা৷ মই কাটা বিস্কুট আনি থৈছোঁ৷ লগতে খাবলৈ দে৷ বুজিছা বোপা৷ আজিকালিৰ ছোৱালীয়ে আলহীক ভালকৈ সোধপোচ কৰিবই নাজানে৷
: হ’ব দিয়া পাহী৷ চাহেই খাম আৰু একো নালাগে৷
: বাৰু, চাহ খাওক৷
: খুৰা এটা কথা৷ আপুনি বস্তাকেইখনমান যোগাৰ কৰি থ’ব কাইলৈ৷ মানে গুপ্তধন পোৱাৰ পিছত অতসোপা টকা কিহতকৈ আনিব? মইতো এইটোও শুনিছোঁ তান্ত্ৰিক বাবাই মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিলে টকা দৰ্জা, খিৰিকী আনকি ভেণ্টিলেটৰৰ ফুটাৰেও উৰি আহে৷
: হেৰা–হেৰা আৰু নক’বা৷ মোৰ দেখোন কিবা বকুৰ ধপধপনি বাঢ়ি গৈছে৷ তুমি মোক ঠিকনাটো এই বহীখনতে লিখি দিয়া৷ কি ভাগ্যৰ বলত যে মই তোমাক ভাৰাতীয়া হিচাপে পালোঁ৷ উফ উফ! চাহখোৱা৷
দুদিন পিছত-
: হেৰি৷ আপুনি কাউৰী পুৱাতে উঠি হাতত টোপোলা লৈ ক’লৈ গৈছিল হয়? ঘামি-জামি এই সন্ধিয়া পাইছেহি যে? পাহীও দুপৰীয়াৰ পৰা ঘৰত নাই৷ টিউচনলৈ যাম বুলি কৈ এতিয়ালৈ অহাই নাই৷
: হেৰা৷ পানী এগিলাচ দিয়া৷ উফ! বৰ ভাগৰ লাগিছে৷
: এয়া লওক পানী৷ আহক আহক৷ ফেনৰ তলত বহক৷ গোটেই মানুহজনৰ অৱস্থা নাইকিয়া হৈছে৷ সঁচাকৈ কওকচোন কোনফালে গৈছিল?
: হেৰা৷ ক’ম ক’ম৷ তাৰ আগতে সৌ বহীখন দিয়াচোন৷ তাত ঠিকনা এটা আছে৷ মই চাব লাগে৷
: ৰ’ব৷ এয়া লওক৷
: অ’ ৰ’ব৷ কিবা কাগজ এখন পৰিলচোন! অ’ ইয়াত কিবা লিখা আছে৷
: চাওঁ৷ মোক দিয়া৷ অ’ এয়া দেখোন চিঠি৷ ৰ’বা পঢ়ি দিছোঁ-
“পূজনীয় দেউতা৷ সেৱা ল’ব৷ মই মাক মিছাকৈ কৈছোঁ টিউচনলৈ যাম বুলি৷ আচলতে মই ৰূপমদাক ভাল পাওঁ৷ তেওঁ আপোনাক আমাৰ সম্পৰ্কটোৰ কথা ক’বও বিচাৰিছিল৷ পিচে মই মানা কৰিলোঁ৷ মই ভালকৈয়ে জানো আপুনি মোক অট’ৱালা এজনলৈ নিদিয়ে৷ কিন্তু আপোনাৰ লগত থাকি মই শিকি গৈছোঁ কম টকাত চলিবলৈ৷ আপোনাৰ বন্ধুৰ ল’ৰা পৱনলৈ মই মৰি গ’লেও বিয়া নহওঁ৷ লাগিলে সি মাহত লাখ টকাই ইনকাম নকৰক কিয়৷ সি এটা মহা অভদ্ৰ৷ তাতকৈ মই ব্ৰহ্মপুত্ৰত জাঁপ দিম৷ মই সেয়ে ৰূপমদাৰ লগত গুচি আহিলোঁ৷ মই তেওঁৰ লগতেই সুখী হ’ম৷ মাক চম্ভালিব৷ আপুনি নিয়ম মতে ভালেই পাব লাগে৷ মোৰ বিয়াৰ খৰচটো আপোনাৰ কমিল আৰু এটা কথা কোনো তান্ত্ৰিক বাবা আচলতে নাই৷ লগতে ৰূপমদাহঁতৰ গাঁৱৰ কাষত কোনো বকুলতল বুলিও গাঁও নাই৷ ক্ষমা কৰিব দেউতা৷ আপোনাৰ আজি বহুত কষ্ট হ’ব৷ কিন্তু আপুনি থকা অৱস্থাত মই ৰূপমদাৰ লগত পলাই অহা কথাটোত কিবা সমস্যা হ’ব পাৰে বুলি আপোনাক গুপ্তধন বিচৰাত ব্যস্ত ৰাখিব লগা হ’ল৷ আমাক দুয়োকে ক্ষমা কৰিব৷ দুদিনমান পিছত আশীৰ্বাদ ল’বলৈ আপোনালোকৰ ওচৰলৈ আহিম৷ সেৱা জনালোঁ৷
ইতি
আপোনাৰ পাহী৷
☆ ★ ☆ ★ ☆
8:28 am
কি মজা প্লেনিং মানে?
10:31 am
ভাল লাগিল।
5:35 pm
মজা লাগিল। ৰহস্যটো ধুনীয়াকৈ ধৰি ৰাখিলা।
7:33 pm
মজাৰ গল্প