সংখ্যাৰ আঁৰৰ কথা
তেওঁলোকে কৈছিল বিশেষ একো কৰিব নালাগে৷ সঁচা আছিল কথাষাৰ- আলোচনীৰ সৈতে জড়িত ব্যক্তিসকলক গোটেই মাহটো যেতিয়াই তেতিয়াই চৰ্চৰণি খাবলৈ বাধ্য কৰোৱাৰ বাহিৰে একোৱেই নকৰিলোঁ মই৷
এপ্ৰিল মাহ, মেছেঞ্জাৰত দেবজিৎ শৰ্মাদাৰ বাৰ্তা পালোঁ- “ফোন নংটো পাম নেকি, সম্পাদনা সম্পৰ্কীয় কথা আছিলে৷” মগজু ঘোদালি পেলালোঁ যদিও কি কথা হ’ব পাৰে একো উলিয়াব নোৱাৰিলোঁ৷ ফটাঢোল গোটত তেতিয়ালৈ মই বেবেৰিবাং এসোপা লিখি মাজে মাজে পোষ্ট কৰি থাকোঁ৷ প্ৰথমবাৰলৈ ই-আলোচনীৰ জানুৱাৰী সংখ্যাত মৃদুল নাথদাদাৰ তগিদাত গল্পৰ নামত কিবা এটা লিখিছিলোঁ৷ এতিয়া এই বেবেৰিবাঙসোপা লিখাৰ কাৰণে কিবা ৱাৰ্ণিং দিব বুলিহে বাৰে বাৰে ভাবি পাইছিলোঁ৷ ফোন নংটো দিয়াৰ পিছত আবেলি ফোন আহিল- “আপোনাক ফটাঢোল ই-আলোচনীৰ কোনোবা এটা সংখ্যাৰ সম্পাদনাৰ দায়িত্ব দিবলৈ ঠিক কৰা হৈছে৷” কথাষাৰ শুনাৰ পিছত মই কেনেকৈ আচৰণ কৰিব লাগে পাহৰি গৈছিলোঁ- এনেই কথা পাতিব নজনা মানুহ৷ নাই নহ’ব, নোৱাৰিম আদি বুজাবলৈ বাংবিং কথা কিছুমান ক’লোঁ৷ আগতীয়াকৈ জনাম বুলি কৈ ফোন থ’লে দেবজিতদাই৷ এওঁক কথাবোৰ কওঁতে ক’লে, বঢ়িয়া, পাৰিবা দিয়া মই হেল্প কৰিম নহয়৷ তেওঁৰ হেল্পৰ নমুনা মনত পেলাই পিছদিনা আকৌ মেছেজ দিলোঁ দেবজিতদাক, “কথাটো আকৌ এবাৰ বিবেচনা কৰি চাব৷” তেওঁ ক’লে, “পাৰিব, একো টান কাম নহয়৷” গ’ল কথা গুচিল, সময় বাগৰিল৷ বহুতদিন একো খা-খবৰ নোহোৱাত ভালেই পালোঁ পাহৰিল বুলি৷ পাহৰা বেমাৰটো যে মোৰহে আছে তেওঁলোকৰ নাই সেইটো জুন মাহতে গম দি দিলে৷ আকৌ দেবজিতদাৰ ফোন- আগষ্ট সংখ্যাৰ দায়িত্ব দিয়া হ’ব৷ নাই-নুই কৰাৰ একো সুযোগ নিদি সম্পাদক অভিষেকৰ কথা জনাই দিয়া হ’ল৷ হাতত ৰছীৰে বান্ধি চুৰ চুৰ বুলি এদিন আবেলি মোৰ কণমানিটোৱে মোক টানি আজুৰি ফুৰা সময়তে ফোন এটা আহিল- আপুনি মোক চিনি নাপাব, মই ৰিণ্টুমণি দত্তই কলোঁ৷ মাত শুনিয়ে থোতামোজা লাগিল৷ অকণমান আপত্তি কৰিছিলোঁ যদিও হয় হয় কোৱাৰ বাহিৰে আৰু একো কোৱা নহ’ল৷ সেই সময়ত মোৰ মনলৈ এটা নামেই আহিল, মোৰ দাদাৰ বন্ধু যোগেশ ভট্টাচাৰ্য্যদাদা৷ তেওঁক গোটেইখিনি জনোৱাৰ পাছত ক’লে, মাজত মাত্ৰ এটা ৰবিবাৰ আছে ট্ৰেইন চলোৱা তেতিয়া গোটৰ মানুহখিনিৰ সৈতে চিনা পৰিচয় হ’ব৷ আগতে এবাৰ ট্ৰেইন চলাবলৈ দিওঁতে নচলাওঁ কোৱা মানুহজনীয়ে অন্য পথ একো নেদেখি হ’ব বুলিলোঁ৷ ৰেলযাত্ৰাত চিনা পৰিচয় বাঢ়িল৷ জুলাইৰ তিনি তাৰিখে আগষ্ট আলোচনী সংখ্যা নামৰ ৱাটচআপ গ্ৰুপ এটালৈ মোক আদৰি নিয়া হ’ল৷ সোমায়েই উদুলিমুদুলি দেখি গৈছোঁ৷ আন্তৰিকতাৰে সম্পাদনা সমিতিৰ প্ৰত্যেকজনে মাত লগাইছে৷ সমনীয়া ৰাজশ্ৰী শৰ্মাক পাই সহজ হ’লোঁ৷ বিজয় মহন্তদাদাৰ খুহুটীয়া কথাৰে ভৰি উঠা বাবে ক্ষণিকতে ধেমালি-ধুমুলা ভৰা ঘৰুৱা পৰিবেশ এটা অনুভৱ কৰিলোঁ৷ মনলৈ ভাৱ আহিল- ধেমালি ধেমালিতে আলোচনী এখন উলিয়াই দিব পৰা ধেমালি গোটনে এইটো!
লাহে-লাহে সকলোবোৰ বুজাই দিয়া হৈছিল মোক৷ ৰিণ্টুমণি দত্তদাদাই নিয়মাৱলী এখন দি মোক দায়িত্বভাৰ গতাই দিছিল৷ হিমাংশু ৰাজখোৱাদাদাই দিছিল প্ৰথম কামটো- এখন ফটো আৰু এখন গোহাৰি তেওঁলৈ পঠিয়াই দিয়াৰ৷ মূৰে সকলো কাৰ্যকলাপ বন্ধ কৰিবলৈ ধৰাৰ পৰা মোক উদ্ধাৰ কৰিলে, চবিনা ইয়াছমিন বাই৷ সৰু ভনীক কোৱাৰ দৰে ইমান মৰমেৰে কথাবোৰ বুজাই দিলে যে মোৰ সাহস বাঢ়িল৷ সম্পাদকৰ দায়িত্ব কি তাৰ আভাস পালোঁ চবিনাবাৰ পৰা৷ এদিন সন্ধিয়া হেমন্ত কাকতিদাদাই ফোন কৰি সাহসেৰে ভৰাই দিলে মোক, এটা এটা দিশ আঙুলিয়াই কেনেকৈ কি কৰিব লাগিব কৈ গ’ল তেওঁ৷ দেবজিতদাক সুধিলোঁ কি কৰিম এতিয়া? ক’লে লেখকসকলৰ লিষ্ট এখন দিম সেইমতে তেওঁলোকক যোগাযোগ কৰি লেখাৰ বাবে অনুৰোধ কৰিবা, আব্দাৰ ধৰিবা দাবী কৰিবা৷ বচ! মোৰ হ’ল খাৰখোৱা জিভা মুখেৰে ওলাই কিবাকিবা৷ ভালকৈ কথা পাতিব নাজানো বাবে চিন্তাই হৈছিল, মোৰ মাত শুনিলেই লেখা কি উকা কাগজত ৰেখা এডালো নিদিব৷ সকলোৰে আশীৰ্বাদ লৈ মৰসাহসেৰে সকলোকে যিমান পাৰোঁ ৱাটচআপত, মেছেঞ্জাৰত কাতৰ অনুৰোধ জনালোঁ৷ ফোনত পোৱাসকলক ফোন কৰি যেনেকৈ নহওক লেখা এটা বিচাৰি অনুৰোধ কৰিলোঁ৷ “নিশ্চয় দিবলৈ চেষ্টা কৰিম” এই কথাষাৰে মৰুভূমিত এক টেংকি পানী পোৱাৰ সমান সুখ দিলে৷ জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শমতে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিলোঁ৷ এদিন নিলাক্ষী কাকতিবাই ক’লে, তোমাক বহুতে চিনি নাপায়- মুখামুখিলৈ আহা৷ নিলাক্ষী বাই এই আঁকৰী ভনীয়েকজনীক কি কি কৰিব লাগিব হাতত ধৰি দেখুৱাবলৈহে অকল বাকী থাকিল৷ কেনেকৈ লেখাবোৰ পৰিপাটীকৈ থৈ যাব লাগিব, খেলিমেলি নহ’বলৈ কি কৰা উচিত সকলোবোৰ বুজাই দিলে৷ তাৰপিছত আহিল সাক্ষাৎকাৰৰ প্ৰসংগ৷ এই বিষয়ত হিমাংশু ৰাজখোৱাদাই নিশ্চিন্ত হৈ থাকিবলৈ দিলে৷
মোৰ এই মাহযোৰা যাত্ৰাত সকলোকে যেতিয়াই মন যায় তেতিয়াই মনত পেলাব পৰাকৈ, সহায় বিচাৰিব পৰাকৈ সহজ হৈ পৰিলোঁ৷ মই ইমানেই সকলোকে মনত পেলাওঁ যে দিনটোত প্ৰত্যেকজনে এবাৰ হ’লেও নিশ্চয় চৰ্চৰণি খায়৷ “বৰ্ণাশুদ্ধি টিমৰ“ প্ৰণিতা গোস্বামী বৰঠাকুৰ বাইদেউ, ৰিমঝিম বৰঠাকুৰ, চবিনা ইয়াছমিন বা পৰিস্মিতা গগৈ আৰু ঋতুপৰ্ণা মহন্ত- এওঁলোক আছিল মোৰ সম্পাদনা গাড়ীখনৰ ষ্টেয়াৰিং আৰু চকা আৰু যাৰ অবিহনে সঠিক দিশত এক ইঞ্চিও লৰিব নোৱাৰিলোঁ হয়৷ প্ৰণিতা বাইদেউৰ কামৰ খৰ গতি দেখি অবাক হওঁ মই৷ সাৰথি হ’ল দেবজিত শৰ্মাদা- আটাইতকৈ চৰ্চৰণি খাব লগা হোৱা মানুহ তেঁৱেই৷ গাৰ ছাঁটোৰ দৰে থাকি সকলো ক্ষেত্ৰতে মাৰ্গ দৰ্শন কৰি থাকিলে যোগেশ দাদাই৷ আনক কিবা এটা ক’বলৈ দোধোৰমোধোৰত পৰিলেই কাষ চাপোঁ যোগেশদাদাৰ৷ এইসকলৰ ওপৰি ফটাঢোলত লিখিবলৈ উৎসাহিত কৰা মৃদুল নাথদাদা আছিল মোক সময়ে সময়ে দৰকাৰী কথাবোৰ মনত পেলাই দিয়া মানুহ৷ আলোচনীৰ আঁৰত থাকি দিম্পল কলিতা আৰু অভিজিৎ কলিতাদাই সকলো সময়তে সহায় কৰি থাকিল৷ বেনাৰখন আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলাৰ বাবে আৰাধনা বৰুৱাবা আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্যদাৰ ওচৰত মই চিৰকৃতজ্ঞ৷ আঁৰত থাকি দায়িত্বসহকাৰে সকলো কৰি যোৱা সঞ্জীৱ ভট্টদাকো মই ধন্যবাদ জনালোঁ৷ বিভিন্ন সময়ত সু দিহা-পৰামৰ্শ আৰু ফটাপ্ৰশ্ন শিতানৰ দায়িত্ব লৈ কান্ধৰ বোজা পাতলাই মোক কৃতাৰ্থ কৰিলে যোগেশ ভট্টাচাৰ্য্যদা আৰু ৰাজশ্ৰী শৰ্মাই৷ প্ৰচাৰ বিভাগৰ সকলো কাম সুকলমে চলাই নিয়াৰ বাবে চন্দন বড়িদা আৰু হিমাংশু ৰাজখোৱাদাৰ ওচৰত মই চিৰঋণী৷
এদিন হঠাতে হিমাংশু দাই ক’লে, “কাইলৈ পদ্মশ্ৰী ইমৰাণ শ্বাহদেৱৰ সাক্ষাৎকাৰ ল’বলৈ যোৱা হ’ব তোমাৰ কিবা প্ৰশ্ন সুধিবলগীয়া আছে যদি সাজু কৰা৷” মোৰ ভাবি থাকোঁতেই গ’ল, ৰাতাৰাতি তেখেতে প্ৰশ্ন সাজু কৰি জীমনি গগৈ বাইদেউ আৰু ভাস্কৰজ্যোতি দাসদাদাক সাক্ষাৎকাৰৰ বাবে প্ৰয়োজন হ’বলগীয়া যাৱতীয় কামবোৰ কৰি অঁতালে৷ চিনেমাৰ ক্ষেত্ৰত অনিশ্চয়তা ভুগি থকা সময়তে ডলী তালুকদাৰ বাই চাৰপ্ৰাইজ দি দিলে- “লিখিবলৈ লৈছোঁ৷” মুখলৈ আৰু অকণ পানী আহিল৷ এইসকলৰ ঋণ মই মোৰ জীৱনকালত কেতিয়াও সুজিব নোৱাৰিম৷
এই যাত্ৰাৰ মূল চালিকাশক্তি তীক্ষ্ণ কলমধাৰীসকলৰ সহায় সহযোগিতা অবিহনে এই সকলো আয়োজন বৃথা হ’ল হয়৷ তেওঁলোকৰ সঁহাৰি আৰু উৎসাহে মোক অফুৰন্ত শক্তি দিলে৷ এই ক্ষেত্ৰত মই দিগন্ত কুমাৰ ভট্টাচাৰ্য্যদাদাৰ কথা ক’বই লাগিব৷ যিসময়ত মই লেখকসকলক সময়ে সময়ে লেখাৰ বাবে সোঁৱৰাই আছিলোঁ, দিগন্তদাদাই মোক নিজেই কৈ দিয়ে-“মই দিম দেই, দিমেই খাটাং, নিশ্চিন্ত থাকা, ৩০% লিখা হৈছে, পুৰা ৰে’ডী কৰি দিম৷” হাতত পৰা প্ৰত্যেকটো লেখাই মোৰ বাবে আছিল অক্সিজেন৷
মোৰ এই সম্পাদনাৰ যাত্ৰা, সংখ্যাৰ আঁৰত নিস্বাৰ্থভাৱে কাম কৰি যোৱা প্ৰত্যেকজন ব্যক্তিৰ আশীৰ্বাদৰে পুষ্ট নোহোৱাহেঁতেন, কোনোকালেই সফলতাৰে সামৰিব নোৱাৰিলোঁহেঁতেন৷ অজ্ঞানবশতঃ যিসকলৰ প্ৰতি এই মুহূৰ্তত নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পাহৰি গৈছোঁ কৰযোৰে তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷
মই লেখাবোৰ পঢ়ি হাঁহিলোঁ আৰু সেইসমূহ ইফালৰ পৰা সিফাল কৰিলোঁ- তাৰ বাহিৰে সম্পাদক হিচাপে একোৱে কৰিব লগা নহ’ল৷ আচৰিত নহয়নে! সম্পাদনা সমিতিৰ ২২ জন বিষয়ববীয়াৰ নিৰ্ভেজাল সহায় সহযোগিতাৰ বাবে সুকলমে হৈ উঠিল এই সকলোবোৰ৷ “ভাল মানুহ” এচামৰ মাজলৈ আহি নতুন অভিজ্ঞতাৰে মোৰ জীৱনৰ এডোখৰ ভৰাই ল’লোঁ৷ এই সুযোগ দিয়াৰ বাবে “ফটোঢোল” পৰিয়ালৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম! মোক সকলো সময়তে সহায় সহযোগিতা আগবঢ়োৱা মোৰ জীৱনসংগী আৰু অকণমানি ল’ৰাটোৰ ওচৰতো মই চিৰঋণী৷ শেষত সকলোৰে কুশল-মংগল কামনা কৰি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ৷ হাঁহি থাকক, হঁহুৱাই থাকক৷ জয়তু “ফটাঢোল”৷
সম্পাদক,
ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ, প্ৰথম সংখ্যা
10:43 am
ভাল লাগিল, আলোচনীখনৰ আঁৰৰ মানুহকেইজনৰ বিষয়ে জানি ।
10:46 am
ভাল লাগিল আৰৰ কথা জানিব পাৰি
11:10 am
ভাল লাগিল আলোচনীৰ আঁৰৰ কথাখিনি গম পায়। আচলতে আমি তেওঁলোকক যদিও ভয় কৰি থাকোঁ নতুন বুলি তেওঁলোকে কিন্তু সহজ কৰি দিয়ে আমাক। মই গ্ৰুপত কিছুদিন মনত থকা কিছুমান হাস্য হয় নে নহয় তাকো নাজানো সেই লেখাবোৰ দিলে তেওঁলোকে মন্তব্য এটি দি যি সাহস দিয়ে সঁচাকৈ ভাললগা। পঢ়িম সকলো লেখা। আপোনাক অভিনন্দন জনালোঁ।
11:19 am
মন ভৰি গল কথাখিনিয়ে।
11:28 am
ইউ আৰ উৱান অফ দা জেমছ ফটাঢোল হেভ এভাৰ গট থ্রো দা মেগাজিন-
ইংৰাজীত কৈছোঁ অলপ গহীন হবলৈ কিন্তু সঁচা কৈছোঁ।
11:52 am
এনেকৈ প্ৰতিমাহে নামটো ওলাই থাকে বাবেই লিখিবলৈ মন নাযায়
12:06 pm
তুমি বৰ সুন্দৰকৈ সম্পাদনা কৰিলা৷ অভিনন্দন তোমালৈ৷
12:21 pm
বৰ ধুনীয়া আলোচনী এখন দিলা তুমি সকলোকে। ধন্যবাদ
12:34 pm
মোৰ নামটো দুবাৰ দেখা পাই ফুলি গৈছোঁ। নিজৰ বাটিটোৰ পৰা দুটুকুৰা মাংস তোমালৈ আগবঢ়ালোঁ। বাকী তোমাক কৈছিলোয়ে,সম্পাদনা সমিতিৰ
(আঁৰত থকা) প্ৰতিজনৰে লগত এৰাব নোৱৰা সম্পৰ্ক এটা স্থাপন হব, গ্ৰুপৰ আড্ডা বোৰ তুমিও খুবেই মিছ কৰিবা, যিটো মই কৰোঁ, সদায় কৰোঁ ।
1:01 pm
ভাল লাগিল, আলোচনীখনৰ আঁৰৰ মানুহখিনিৰ বিষয়ে জানি ৷
2:32 pm
বৰ ধুনীয়াকৈ কথাবোৰ প্ৰকাশ কৰিলা ।পঢ়ি বৰ ভাল লাগিল। তোমালৈ শুভেচ্ছা আৰু আন্তৰিক মৰম জনালোঁ। বাই চ+ম+প+আ।
11:00 pm
ৱাহ। মোৰ নাম দুবাৰ লৈছা। বহুত মৰম আৰু অভিনন্দন আকৌ এবাৰ। বৰ ধুনীয়াকৈ কৰিলা কামবোৰ তুমি।