ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

এদিন ৰাতিপুৱা, পূজা সেৱা কৰি গুৰু আসনত বহিছোঁ মাত্ৰ। এনেতে আহিল নহয় পুলিচ চাৰিজন আৰু অফিচাৰ এজন। মই বোলো পুত্ৰসকল আসন গ্ৰহণ কৰা আৰু আশ্ৰমত পদধূলি দিয়াৰ কাৰণ ব্যাখ্যা কৰা। পিছে তেওঁলোকে আসন গ্ৰহণ কৰিবলৈ অহা নাই, মোক থানালৈ নিবলৈ আহিছে। মই হেনো কোনোবা এজন ব্যক্তিক চিনাক্ত কৰিব লাগে। মই বোলো আমাৰ নিচিনা সাধু সন্ত মহাপুৰুষক কিয় এইবোৰ কামত লেটিয়াব লাগে? পিছে তেওঁলোক শেনৰ এজাত, মই থানালৈ যাবই লাগিব হেনো। 

উপায় নাপাই গ’লোঁ। গৈ দেখিলোঁ তাতে আমাৰ  দামোদৰ বাপুক আগৰে পৰা ৰখাই থৈছে। মোক দেখি তাৰ মনটো অলপ প্ৰফুল্লিত হ’ল। ইমান সময়ে সি লকআপৰ ভিতৰত অকলে বহি বহি বৰ বিৰক্ত হৈছিল। ভালদৰে চাই দেখিলোঁ তাৰ শৰীৰৰ বহু ঠাই ফুলি আছে। পকেট মাৰি ধৰা পৰোতে মোৰ ওপৰত যি লাঠীৰ কীৰ্তন হৈছিল দামোদৰৰ বেলিকাও নিশ্চয় সেয়াই হৈছে। মোক দেখা মাত্ৰে সি ভৰি চুই সেৱা কৰিলে।

: বাপু দামোদৰ।

: গুৰুদেৱ!

: শৰীৰত বৰ কষ্ট হৈছে নেকি?

: অলপ অচৰপতো হ’বই গুৰুদেৱ। নতুন অ’ চি,  আমাক চিনি নাপায়। দুদিন পাছত সকলো ঠিক হৈ যাব।

: মই অৱশ্যে শুনিছিলোঁ এইজনে হেনো টকা পইচা নাখায়, সৎ পথত চলা মানুহ।

: গুৰুদেৱ চিন্তা নকৰিব। ইহে পইচা নাখায়, ইয়াৰ ওপৰৰবোৰে খাই নহয়।

মোক গ্ৰেপ্তাৰ কৰাৰ ঘটনা ইতিমধ্যে বাতৰি কাকতত প্ৰচাৰিত হৈছিল। বহু ভক্তই মোৰ খবৰ ল’বলৈ আহি চকুলো বোৱালে। মই সকলোকে সান্তনা দিলোঁ। “পুত্ৰসকল বিচলিত নহ’বা, এনেকুৱা ঘটনা যুগে যুগে ঘটি আহিছে। সাধু সন্তৰ ওপৰত অত্যাচাৰৰ ঘটনা একেবাৰে স্বাভাৱিক।”

 

আমাক দুয়োকে জেলত ৰাখিছিল আৰু তাৰ পৰা থানালৈ, কোৰ্টলৈ অনা নিয়া কৰি সোধপোচ  কৰিছিল। 

দামোদৰে বিচাৰকৰ আগত কৈছিল, “ধৰ্মাৱতাৰ মই আশ্ৰমলৈ আহোতে গুৰুদেৱৰ কাৰণে আটা অলপ আনিছিলোঁ, তাকে ড্ৰাগছ বুলি মোক পুলিচে সন্দেহ কৰিছে।” দামোদৰে শিকাই দিয়া মতে ময়ো ক’লোঁ, “হয় ধৰ্মাৱতাৰ মই তেওঁক আটা অলপ আনিবলৈ কৈছিলোঁ।”

ইতিমধ্যে দামোদৰৰ হাতত পোৱা ড্ৰাগছৰ টোপোলাটো পৰীক্ষাগাৰলৈ পঠোৱা হৈছিল। তাৰপৰা  ৰিপোৰ্ট আহিল টোপোলাটোৰ ভিতৰত আটা পোৱা গৈছে, ড্ৰাগছ নহয়। 

এয়াই হ’ল ধন আৰু শক্তিৰ মহিমা। উপযুক্ত প্ৰমাণৰ অভাৱত আমি বীৰদৰ্পে পুলিচৰ চক্ৰবেহুৰ পৰা ওলাই আহিলোঁ। ভক্তসকলে ডিঙিত ফুলৰ মালা পিন্ধালে। সকলোকে অভয় মুদ্ৰাৰে আশীৰ্বাদ দিলোঁ। ভগৱান কৃষ্ণক অক্ৰুৰে মথুৰালৈ নিয়াৰ সময়ত গোকুলত যি বিৰহ আকুল পৰিৱেশৰ সৃষ্টি হৈছিল সেই একেটা পৰিৱেশ মোৰ আশ্ৰমতো সৃষ্টি হৈছিল। 

: মানুহৰ ইমান মৰম চেনেহ শ্ৰদ্ধা ভক্তি ক’ৰপৰা আহে বাপু ঘটিৰাম? 

: স্বাৰ্থৰ পৰা আহে বাপু। সকলো কাম কৰি দিয়া জীৱনৰ সকলো সমস্যা সমাধান কৰি দিয়া জীৱন্ত ভগৱান মানুহে বিচাৰে। সেই কাৰণে সংসাৰত ভগৱান সকলৰ প্ৰতি মানুহৰ ইমান ভক্তি। নিজক উন্নত কৰিবলৈ সংসাৰৰ অতি কম মানুহে ভগৱানক বিচাৰে, গুৰুক বিচাৰে, ৯৯ শতাংশ মানুহে সাংসাৰিক স্বাৰ্থপূৰণৰ বাবে ভগৱানক বিচাৰে। মোৰ গুৰুগিৰি জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। লগতে ইয়াকো কওঁ যিসকলে নিজকে উন্নত কৰিব বিচাৰে তেওঁলোকে এনেকৈ গুৰুৰ পিছে পিছে ঘূৰি নুফুৰে। তেওঁলোকে সদায় গুৰুৰ পৰা পোৱা বিদ্যাৰ অনুশীলন কৰে।

(আগলৈ)

☆ ★ ☆ ★ ☆

One comment

  • Anonymous

    সুন্দৰ লিখনি। বৰ ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *