জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া
: হেল্লো ! হেল্লো কলিতাদা?
: ……………..
: হেল্লো কলিতাদা…..শুনিছেনে?
:
হেল্লো …..হেল্লো….এতিয়া শুনিছোঁ। কওক আপোনাৰ। নেটৱৰ্কটো বৰ বেয়া আপোনাৰ।
: নহয়, আপুনি ক’ত আছে? (নেটৱৰ্ক মোৰহে বেয়া! তেওঁ বা আছে ক’ত সোমায়।)
: মই গৈ আছোঁ আপোনাৰ।
: কালিৰ ‘আৰজেণ্ট’ চিঠিখন দি আহিব লাগিছিল সোনকালে। আপুনি আছে ক’ত মানুহজন কওকচোন?
: মই আপোনাৰ ঘৰত আছোঁ আপোনাৰ।
(আমাৰ ঘৰত? কি কৰিছে তাত মানুহজনে? আমাৰ এওঁৰ লগত সিদিনাখন চিনাকি হৈছিলহে মাত্ৰ! আজি ঘৰ ওলালেইনে? তাকো অফিচ আৱাৰত, তাতে ময়ো অফিচত আছোঁ।……..বাৰু ঘৰত সোমাইছে সোমাইছে, এতিয়া সোনকালে আহিলেই হয় আৰু। অফিচত কাম আছে। মনটোক বুজালোঁ )
: গৈছে ঠিকেই আছে বাৰু দিয়ক। ঘৰত একাপ চাহ খাই সোনকালে আহক। চাহ নোখোৱাকৈ নাহিব কিন্তু।
(খঙটোতো আৰু দেখুৱাব নোৱাৰি!)
: চাহ-তাহ খোৱাৰ সময় নাই এতিয়া আপোনাৰ। মই আপোনাৰ মিছেচক ডাক্টৰৰ ওচৰলৈ লৈ যাবলৈ ওলাইছোঁ আপোনাৰ।
(হাৰে কলিতাদাই কয় কি? মানুহজনীৰ গাটো আজি অলপ বেয়া বুলি জানো মই। কিন্তু ডাক্টৰৰ ওচৰলৈ যাব লগাতো হোৱা নাছিল! যাব লগা হ’লে মোকতো জনালে হয়। আৰু গ’লেই যেনিবা, মোক নোকোৱাকৈ এই মানুহজনৰ লগত যাবনে?)
: কলিতাদা, আপুনি কষ্ট কৰিব নালাগে। মিছেচক মই ডাক্টৰৰ ওচৰলৈ লৈ যাম। আপুনি আহক সোনকালে। কাম আছে।
:মিছেচৰ কাৰণে আপুনি কিয় কষ্ট কৰিব আপোনাৰ? মই লৈ যাম।
(মানুহজনে বাৰু কৈছে কি? মিছেচক তেওঁ ডাক্টৰৰ ওচৰলৈ নিয়ে? তেওঁৰ কি দৰকাৰ? মই গিৰিয়েকটো আছোঁ কি ঘটিটো কৰিবলৈ?)
:কলিতাদা আপুনি সোনকালে অফিচলৈ আহক। একদম দেৰি নকৰিব। (অলপ খঙেৰেই ক’লোঁ মই।)মিছেচক মই ডাক্টৰৰ ওচৰলৈ লৈ যাম। আপুনি একদম টেনচন ল’ব নালাগে।
: আৰে মোৰ মিছেচৰ গা বেয়া আপোনাৰ। তেওঁক ডাক্টৰৰ ওচৰলৈ নিয়াটোহে মোৰ প্ৰথম কাম এতিয়া আপোনাৰ। তাৰ পিছতহে মই অফিচলৈ যাব পাৰিম আপোনাৰ। আৰু মোৰ মিছেচক আপুনি কিয় ডাক্টৰৰ ওচৰলৈ নিব আপোনাৰ। মানুহে ক’ব কি আপোনাৰ? মিছেচেই বা ভাবিব কি আপোনাৰ?
(হে ভগৱান এওঁ নিজৰ মিছেচৰ কথাহে কৈ আছে নেকি তাৰমানে ইমান সময়! মইহে উল্টা বুজি আছোঁ! এই মানুহজনে ‘আপোনাৰ আপোনাৰ’ কৰি থাকেবা কিয় প্ৰতি কথাতে! বৰ কনফিউজ কৰালে। মিছা-মিছি বেয়াকৈ ক’লোঁহেতেন এতিয়াই! ধেই।)
: হ’ব দিয়ক কলিতাদা। আপুনি বৌক (তেওঁৰ মিছেচক) ডাক্টৰক দেখুৱাই আহিব অফিচলৈ। মই বাৰু ইফালে চম্ভালি ল’ম। পইচা-পাতিৰ কিবা দৰকাৰ হ’লে মোক জনাব। টেনচন ল’ব নালাগে আপুনি।
: হ’ব দিয়ক আপোনাৰ।
ফোন কাটিয়েই পিয়নজনক চিঞৰিলোঁ,
: হবিব, ঠাণ্ডা পানী এগিলাচ লৈ আহ তৎক্ষণাত। পাৰ যদি কৰবাৰ পৰা বৰফ দুটুকুৰাও পেলাই আনিবি তাত।
(ৰাতি পুৱাই পুৱাই মূৰটো নষ্ট হ’ল চাল্লা!)
অসমৰ প্ৰতি উপায়ুক্তৰ কাৰ্য্যালয়তে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা নামৰ বিভাগ এটা আছে। এই বিভাগটোৰ বেছিভাগ বিষয়া- কৰ্মচাৰীয়েই যোগান সঞ্চালকালয়, অসমৰ অধীনৰ হয় আৰু এওঁলোক উপায়ুক্তৰ নিয়ন্ত্ৰণত থাকে। তাৰে মাজৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এই কলিতাদা। বয়স প্ৰায় সাতাৱন্ন বছৰ মান হ’ব। মোক দুদিন আগতে এই বিভাগটোলৈ বদলি কৰাৰ পিছতহে মই এই কলিতাদাক ভালকৈ লগ পাওঁ। তেওঁৰ লগত আগে-পিছে তেনেকৈ কথা-বতৰা হোৱা নাছিল কাৰণেতেওঁৰ কথা কোৱাৰ ধৰণটোত মই অভ্যস্ত হোৱা নাছিলোঁ। আজি দুদিন ভালকৈ লগ পাই বুজি পাইছোঁ যে তেওঁক সকলোৱে ‘আপোনাৰ কলিতা’ বুলিহে জানে। লাহে লাহে তেওঁৰ লগত ঘনিষ্ঠতা হ’ল। গম পালোঁ তেওঁ আমাৰ ঘৰৰ বাটেৰেই সদায় অফিচলৈ অহা-যোৱা কৰে। আমাৰ ঘৰটো আগৰ পৰাই চিনি পাই তেওঁ। আনকি আমাৰ দেউতাৰ লগতো চিনা-পৰিচয় আছে তেওঁৰ।
: অ’ কলিতাদা, আপোনাৰ কথা কোৱা ষ্টাইলটো অলপ সলনি কৰিবৰ হ’ল। আপুনি প্ৰতি কথাতে ‘আপোনাৰ আপোনাৰ’ কৈ থাকে কাৰণে কেতিয়াবা আমাৰ অলপ অসুবিধা হয়।
: এতিয়া এই বয়সত আৰু কথা কি সলনি হ’বহে আপোনাৰ…..মানে মোৰ! মই যেতিয়া আপোনাৰ কাৰ্বি আংলঙত চাকৰি কৰিছিলোঁ, তেতিয়া মোৰ মিছেচ আপোনাৰ……..
: কলিতাদা হ’ব, বন্ধ কৰক। এই যে আপুনি কাৰ্বি আংলঙখন মোৰ বুলি ক’লে, আপোনাৰ মিছেচ মোৰ বুলি ক’লে এইবিলাকে কেতিয়াবা বিপদ ঘটাব। আপোনাৰ মিছেচ বাৰু মোৰ হ’ব পাৰে নেকি?
মোৰ কথাখিনিত অফিচৰ মানুহকেইটাৰ বাহিৰেও তাত থকা কেইজনমান অন্য মানুহেও ডাঙৰকৈ হাঁহি দিলে। কলিতাদাই লাজ পালে অলপ।
: মই তামোল এখন খাই আহোঁ আপোনাৰ।
কলিতা বহাৰ পৰা উঠিল।
: তামোলো মোৰ?
মোৰ কথা শুনি কলিতা এক ছেকেণ্ডো ৰৈ নাথাকিল তাত।
আজি তিনিদিন আগতে শাহুমা আহিছে, জীয়েকৰ খবৰ ল’বলৈ। জীয়েকক বিয়া দিয়াৰ পিছত এয়া তেওঁৰ নলবাৰীলৈ দ্বিতীয় ভ্ৰম। কেইদিনমান থকাকৈ আহিছে এইবাৰ। এইবাৰ অৱশ্যে তেওঁৰ আন এটা উদ্দেশ্যও আছে। অলপ সময়ো চশমা নোহোৱাকৈ চলিব নোৱাৰা মানুজনীৰ প্ৰায়েই মূৰৰ বিষ হৈ থাকে বাবে ময়েই প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ আহিলে নলবাৰীত মোৰ চিনাকি ভাল চকুৰ ডাক্টৰ এজনক দেখুৱাই চিকিৎসা কৰাম। সেইমতে গধূলি চাহ খাই থকাৰ মাজতে মই ক’লোঁ,
: কাইলৈ আপোনাক আমাৰ চিভিল হস্পিতালত মোৰ চিনাকি ডাক্টৰজনৰ তাত চকু দেখুৱাম। খুব ভাল ডাক্টৰ তেওঁ। কিন্তু এটা কথা হ’ল। কাইলৈ মোৰ অলপ জৰুৰী কাম আছে অফিচত। এৱোঁ স্কুললৈ যাব। আপুনি ৰিক্সা এখনত উঠি যাব পাৰিবনে নাই? ৰিক্সাৱালাক ক’লে সি আপোনাক চিভিল হস্পিতাল পোৱাই দিব।
: মই পাৰিম দিয়া। তোমালোকৰ ঘৰৰ আগত অলপ ৰৈ দিলে ৰিক্সা পায়েই। এখনত উঠি দিলেই হ’ল। তিনিশ পঞ্চাশ কিলোমিটাৰ দূৰৰ পৰা নাইট চুপাৰত অকলে আহিছোঁ ! এইখিনি চিভিল হস্পিতালখন উলিয়াব নোৱাৰিমনে?
বৰ আত্মবিশ্বাসেৰে শাহুমাই কথাখিনি কোৱাত মোৰ চিন্তা অলপ কমিল।
পিছদিনাখন মই অফিচৰ কামখিনি কৰি অঁতাই শাহুমাক ফোন কৰি ক’লোঁ যে মই চিভিল হস্পিতাললৈ যাবলৈ ওলাইছোঁ গতিকে তেৱোঁ যেন পলম নকৰে। শাহুমাই ক’লে যে তেওঁ হেনো ওলাব লৈছেই।
বেছ কিছু সময় হস্পিতালত ৰৈ থকাৰ পিছতো শাহুমাৰ দেখা-দেখি নাই। উপায় নাপাই পুনৰ শাহুমাক ফোন লগালোঁ। ফোন নধৰিলে।
বহুত পলম হৈছে। ইফালে অফিচত গেছ এজেঞ্চিৰ আৰু পেট্ৰ’ল ডিপ’ৰ মালিকসকলৰ লগত এখন মিটিঙো আছে। ডি চি ছাৰে ল’ব মিটিং। তাৰে প্ৰিপাৰেচনৰ কাৰণেও কিছু সময় লাগিব মোক। কি কৰা যায়? কলিতাদাকে ফোন এটা কৰোঁ। মই গৈ পোৱালৈ মিটিঙৰ বাবে কোনোবা আহিলেও তেওঁলোকক মিটিং হলত বহিব দিয়া, তেওঁলোকৰ উপস্থিতিৰ স্বাক্ষৰ লোৱা আদিবোৰ অন্ততঃ কৰি থ’ব পাৰে তেওঁ। অৱশ্যে তেওঁৰো আজি আহি পোৱাত অলপ পলম হ’ব পাৰে বুলি কৈছিল কালিয়ে। তথাপি ফোনটো লগাই চাওঁচোন।
: কলিতাদা অফিচ পালেনে?
: নাই পোৱা আপোনাৰ।
(এই মানুহজনে প্ৰায়ে দেৰি কৰে। কিন্তু কিনো ক’ম? অৱসৰলৈও বেছি দিন নাই!)
: কিমান সময় লাগিব আপোনাৰ? আপুনি বৰ্তমান ক’ত আছে?
: মই মাক আপোনাৰ হস্পিতাললৈ লৈ গৈ আছোঁ আপোনাৰ।
(মোৰ মাক হস্পিতাললৈ আনি আছে? মাৰ দেখোন একো হোৱা নাই? পিছমুহূৰ্ততে মোৰ সম্বিৎ আহিল। ধেই, কি যে ভাবোঁ মই। তেওঁ নিজৰ মাকৰ কথা কৈছে আকৌ। তেওঁৰ কিবা বেমাৰ চাগে। মই আগতে এনেকৈ ভুলকৈ ভাবি লাজ পাই থৈছোঁ।)
: অফিচ কেতিয়া মানে পাব কলিতাদা?
: মোক আপোনাৰ হস্পিতালখন আগতে পাবলৈ দিয়কচোন আপোনাৰ।
(হস্পিতালখনো যেন মোৰহে। উপায় নাই মানুহজনৰ লগত।)
:হ’ব দিয়ক।
বুলি ফোনটো কাটিলোঁ। আৰু কিছুসময় অন্ততঃ ৰ’বই লাগিব। চাহ একাপ খাই লওঁ। হস্পিতাল চৌহদৰ পৰা প্ৰায় পঞ্চাশ মিটাৰ দূৰত থকা ভাল ৰেষ্টুৰেণ্টখনত চাহ একাপ খাওঁ বুলি খোজ ল’লোঁ। ৰেষ্টুৰেণ্টখনৰ প্ৰায় সন্মুখ পাওঁ পাওঁ হোৱাৰ মুহূৰ্ততেই অলপ বেগত অহা ক’লা ৰঙৰ ‘স্প্লেণ্ডাৰ’ মটৰ চাইকেল এখনে, কালিৰ বৰষুণ জাকত পথত জমা হোৱা পানীৰ ছিটিকণি এটা মোলৈ মাৰি পঠিয়ালে। বিচক্ষণতাৰে ঠাইতে জাঁপ এটা মাৰি লেতেৰা পানীখিনিৰ পৰা মই নিজকে বচালোঁ।
“বৰ অভদ্ৰ মানুহ দেই। অলপো চাই-চিতি নচলায় মানুহবোৰে।”
মুখৰ ভিতৰতে গালি পাৰি মটৰ চাইকেলৰ অৰোহীলৈ চাই পঠিয়ালোঁ। এজন আদহীয়া মানুহ এজনৰ পিছফালে মহিলা এজনী বহি গৈছে। হঠাৎ আৰোহী দুগৰাকীক মোৰ অলপ চিনাকি চিনাকি লাগিল। তেওঁলোক ইতিমধ্যেই হস্পিতালৰ সন্মুখত ৰ’লগৈ। কিবা ভাবি, চাহ খোৱাৰ আশা বাদ দি মুহূৰ্ততে ঘূৰি খোজ ল’লোঁ হস্পিতালৰ ফালে। দুয়োৰে ওচৰ পাওঁ পাওঁ হওঁতেই মোৰ চকু থৰ হ’ল!
কলিতাদাই খুব সন্তুষ্টিৰ হাঁহি এটাৰে শাহুমাক কিবা কৈ নিজৰ ফোনটো কাণত লগালে! মুহূৰ্ততে মোৰ পকেটত ফোনটো বাজিবলৈ ধৰাত হাতখন জোকাৰি কলিতাদাক চিঞৰিলোঁ,
: মই আছোঁ ইয়াতে।
ওচৰ পাই দুয়োৰে মুখ দুখন ভালকৈ চাই ল’লোঁ এবাৰ। শাহুমা অলপ গহীন হৈ আছে যদিও কলিতাদাৰ মুখ প্ৰশান্তিৰে ভৰা। শাহুমাই ক’লে,
: মই বাটত ৰিক্সালৈ ৰৈ থাকোঁতে এখেতে আহি মোৰ ওচৰত ৰৈ নিজৰ চিনাকি দিলে। তোমাৰ কথা ক’লে। মই হস্পিতাললৈ আহিম বুলি গম পাই এখেতেই মোক ইয়ালৈ লৈ আহিব খুজিলে। মই তোমালৈ ফোন লগালোঁ। কিন্তু ফোন নাপালোঁ। উপায় নেদেখি, বৰ বিশেষ নাভাবি সোনকালে হস্পিতাল পোৱাৰ স্বাৰ্থত মই এখেতৰ লগতেই গুচি আহিলোঁ।
: আপোনাৰ আলহী মানে, মোৰ আলহী আপোনাৰ। মাক আপোনাৰ ৰ’দত তেনেকৈ থিয় দি থকা চাই থাকিব পাৰি নেকি আপোনাৰ? সেয়ে মইয়ে জোৰ কৰি বাইকত তুলি লৈ আহিলোঁ আপোনাৰ।
কলিতাদালৈ চাই ভাবিলোঁ, বয়সৰ জোখাৰে মানুহজনৰ জোচ কিছু বেছিয়েই। মানিব লাগিব। শাহুমাক পিছফালে উঠাই উৎসাহতে চাগে ৰাস্তাৰ খলা-বমাবোৰো নেদেখা হ’ল। ময়ো অলপৰ কাৰণেহে বাচিলোঁ। কৃষ্ণ।
চাকৰিৰ পৰা অৱসৰৰ পিছত আজি প্ৰথম লগ পালোঁ কলিতাদাক। মোৰ খবৰ লৈ উঠিয়েই সুধিলে,
: শাহুমা ভালে আছেনে আপোনাৰ?
: আছে দিয়ক দাদা। বহুদিন অহাও নাই তেওঁলোক। আমিও যাব পৰা নাই।
: এইবাৰ আহিলে ক’ব। মাত এষাৰ দিম।
মনতে ভাবিলোঁ, কলিতাদাৰ জোচ আগৰ নিচিনাই আছে। অলপো কমা নাই। এইবাৰ শাহুমা আহিলেও চাগে বাইকত উঠোৱাৰ হেঁপাহ এটা মনত পুহি ৰাখিছে!
☆ ★ ☆ ★ ☆
12:56 pm
বঢ়িয়া লাগিল।
2:14 pm
ভাল লাগিল ☺️
8:11 pm
মজা লাগিল।
10:49 pm
বঢ়িয়া লাগিল