ফটাঢোল

লিমাৰিক -ধৰ্মজ্যোতি ভট্টাচাৰ্য

(১)
মনত এটা আশা আছিল হোৱা নাট্যকাৰ
সুন্দৰ সুন্দৰ নাটক লিখি লগাম তোলপাৰ
নাটক লিখি মৌলিক
সদায় থাকিম নিৰ্ভীক
পিছে দাদাই কৰিলে চোন সকলো ছাৰখাৰ।

(২)
দেখিছানে বাৰু দুশখন নাটকৰ ৰচক
নাটক দেখি তুমি মাৰিবা তভক
নিজেই হয় পৰিচালক
বাকী নাট্যকাৰ বালক
কাহিনী এটা ঘোলা ডিমা মাথো জাক জমক।

(৩)
শিল্পী বুদ্ধিজীৱী সাহিত্যিক লিখক সাংবাদিক
নাট্যকাৰ পৰিচালকেও হেৰাইছে দিক্ বিদিক
ভাল নালাগে হেনো নহ’লে ককটেইল
তেতিয়াহে হয় নাটক বেছিকৈ চেইল
নিজৰ গাতে চোন গোন্ধ কিয় কৰা চিক চিক।

*****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *