ফটাঢোল

মূল : আদাব, গল্পকাৰ : সমৰেশ বসু ,ভাষান্তৰ-মুনমুন সৰকাৰ

চহৰখনত ১৪৪ ধাৰা জাৰী কৰা হৈছে। দাঙ্গা হৈছে হিন্দু-মুছলিমৰ মাজত। মুখামুখি ৰণ- দা, যাঠি, ছুৰি, লাঠি লৈ মানুহবোৰ ওলাই আহিছে। তাৰোপৰি চাৰিওপিনে গুপ্তঘাতকৰ দল- চোৰাংচোৱাৰ দৰে আঘাত হানি ফুৰিছে।ডকাইতৰ দলেও তেওঁলোকৰ অভিযানত নামি পৰিছে। মৃত্যুৰ বিভীষিকাময় এই আন্ধাৰ ৰাতিয়ে তেওঁলোকৰ বন্য উল্লাসক তীব্ৰতৰ কৰি তুলিছে। বস্তিবোৰ জ্বলি ছাৰখাৰ হৈছে। মৃত্যুকাতৰ নাৰী-শিশুৰ চিঞৰে কেওপিনে পৰিবেশ বিভৎস কৰি তুলিছে। ভূতৰ ওপৰত দানহ পৰাদি আকৌ সৈন্য বাহিনীৰ গাড়ীবোৰ ঘূৰি ফুৰিছে। আইন শৃংখলা বজাই ৰাখিবলৈ শূন্যলৈ গুলি চালনা কৰিছে।

দুই ফালৰ পৰা দুটা গুলি আহি এটা স্থানত মিলিত হৈছে। ৰাস্তাৰ কাষৰ ডাঙৰ ডাষ্টবিনটো ওলোটাকৈ পৰি আছে আলি দুটাৰ মাজত অকণমান ভাঙি চিঙি পৰি আছে। তাৰে চোপ লৈ আলিমূৰৰ পৰা মানুহ এজনে বগুৱা বাই ওলাই আহিছে। মূৰ তুলিবলৈ সাহস কৰা নাই, জড়ৰ দৰে পৰি থাকিল অলপদেৰি। কাণ উনাই শুনি থাকিল দূৰৈৰ পৰা ভাঁহি অহা চিঞৰ। একো ধৰিব নোৱাৰি ‘আল্লা হু আকবৰ’ নে ‘বন্দেমাতৰম’।

হঠাৎ ডাষ্টবিনটো অলপ লৰি উঠিল। অচম্বিতে সিৰসিৰাই উঠিল দেহৰ সমস্ত সিৰা উপসিৰা। মানুহজনে যিমান পাৰি সিমান নিজকে কঠিনকৈ  প্ৰায় মৰা শ’ৰ দৰে পেলাই থৈ দিলে। কেইটামান মুহূৰ্ত তেনেকৈয়ে পাৰ হ’ল। চাৰিওপিনে নিস্তব্ধতা।

কুকুৰ চাগে। খেদিবলৈ মানুহজনে ডাষ্টবিনটো অকণমান ঠেলি দিলে। অলপদেৰি সাৰ-সুৰ নাই। আকৌ লৰি উঠিল ডাষ্টবিনটো, ভয়ৰ লগতে এইবাৰ অলপ কৌতূহল উপজিল। লাহে লাহে মূৰ দাঙিলে সেইফালৰ পৰাও একেই মানুহ এজন উঠি আহিল। ডাষ্টবিনৰ দুই মূৰে দুজন মানুহ স্পন্দনহীন, নিশ্চল হৈ পৰি আছে। বুকুৰ ধপধপনিও যেন চুটি হৈ আহিছে। ধীৰ স্থিৰ চাৰিটা চকুৰ দৃষ্টি ভয়ত, সন্দেহত, উত্তেজনাত তীব্ৰ হৈ উঠিছে। কোনেও কাকো বিশ্বাসত ল’ব পৰা নাই। উভয়ে উভয়কে হত্যাকাৰী বুলি ধৰি লৈছে। চকুত চকু থৈ দুয়ো আক্ৰমণৰ সন্মুখীন হ’বলৈ সাজু হৈছে, কিন্তু বহুত দেৰি কোনোৱে কাকো আক্ৰমণ নকৰা দেখি দুয়োৰে মনত প্ৰশ্ন জাগি উঠিল হিন্দু নে মুছলমান? এই প্ৰশ্নৰ উত্তৰ পালেই যেন মাৰাত্মক পৰিণতি চাবলৈ পাব সেয়ে ইজনে সিজনক প্ৰশ্নটো কৰিবলৈ সাহস কৰা নাই। প্ৰাণৰ মায়া থকা দুয়ো পলাবও পৰা নাই ছুৰি লৈ ঘূৰি ফুৰা আততায়ীৰ ভয়ত।

বহুত দেৰি এনেদৰে সন্দিহান আৰু অস্বস্তিকৰ অৱস্থাত থাকি দুয়ো অধৈৰ্য হৈ পৰে। এজনে শেষত উপায়হীন হৈ সোধে,

: হিন্দু নে মুছলমান?

: তুমি কোৱা৷

সিজনে উত্তৰ দিয়ে। দুয়ো পৰিচয় স্বীকাৰ কৰিব বিচৰা নাই। সন্দেহৰ দোলনাত দুলি আছে তেওঁলোকৰ মন। প্ৰথম প্ৰশ্নটোৰ সলনি এইবাৰ এজনে সোধ,

: ঘৰ ক’ত?

: বুঢ়ী গঙ্গাৰ সিটো পাৰত- সুবইদাত। তোমাৰ?

: চাষাৰা- নাৰায়ণগঞ্জৰ ওচৰত। কি কাম কৰা?

: নাৱ আছে মোৰ নাৱ চলাওঁ। তুমি?

: নাৰায়ণগঞ্জৰ সূতাকলত কাম কৰোঁ।

আকৌ দুয়ো মনে মনে থাকে। ইজনৰ অলক্ষিতে সিজনে পৰস্পৰৰ চেহেৰা চাব খোজে। চেষ্টা কৰে পোছাক চাই অনুমান কৰিব পাৰি নেকি। আন্ধাৰ আৰু ডাষ্টবিনে অসুবিধাৰ সৃষ্টি কৰিছে।… হঠাৎ ওচৰতে কৰ’বাত হৈ চৈ শুনিবলৈ পোৱা গ’ল। দুইপক্ষৰ উদাত্ত কণ্ঠৰ ধ্বনি শুনিবলৈ পোৱা গ’ল। সূতাকলৰ মজদুৰ আৰু নাৱৰীয়া দুয়ো ভয়ত পেপুৱা লাগে।

: নিচেই ওচৰতে যেন লাগিছে।

সূতাকলৰ মজদুৰৰ কণ্ঠত আতঙ্ক ফুটি উঠিল৷

: ব’লা ইয়াৰ পৰা যাওঁগৈ।

ভয়াৰ্ত কণ্ঠত নাৱৰীয়ায়ো ক’লে। সূতাকলৰ মজদুৰজনে ক’লে,

: বহা বহা, নিজৰ প্ৰাণটোকেই অৱশেষত দিব খুজিছা নেকি?

নাৱৰীয়াৰ মনত সন্দেহৰ উদয় হ’ল। মানুহজনৰ কিবা বেয়া অভিপ্ৰায় আছে নেকি। তেওঁৰ চকুলৈ চালে সি! সেইজনেও চাই আছিল, চকুৱে চকুৱে পৰাত ক’লে,

: বহা, যেনেকৈ বহি আছা তেনেকৈ থাকা।

নাৱৰীয়াৰ মনটোত ভয় হ’ল, ই মোক কেনেবাকৈ ৰখাই থ’ব খুজিছে নেকি, যাবলৈ নিদিয়ে নেকি। তাৰ চকুহাল সন্দেহেৰে ভৰি পৰিল। সুধিলে,

: কিয়? কিয়?

: কি কিয়? মৰিবলৈ মন‌ আছে নেকি তোমাৰ?

কথা কোৱাৰ ভঙ্গীমাটো নাৱৰীয়াৰ ভাল নালাগিল। সম্ভৱ অসম্ভৱ নানানটা কথা ভাবি মনটোক দৃঢ় কৰি সি ক’লে,

: কিয় নাযাম? নগৈ এই আন্ধাৰ আলিমূৰত পৰি থাকিম নেকি?

মানুহজনৰ জিদলৈ চাই এইবাৰ সূতাকলৰ মজদুৰজনৰ মাতত সন্দেহ ফুটি উঠিল। ক’লে,

: তোমাৰ মতলব মোৰ ভাল লগা নাই। কোন জাতৰ তাকো নক’লা শেষত নিজৰ দলৰ মানুহ মাতি আনি যদি মোক মাৰি পেলোৱা?

: এইষাৰ আকৌ কি ক’লা হে?

স্থান-কালৰ কথা পাহৰি খঙত দুখত নাৱৰীয়াই চিঞৰি দিলে।

: ভাল কথা এটাই কৈছোঁ, বহা, মানুহৰ অন্তৰখন বুজি নোপোৱা?

সেই মাতত কি সন্মোহন আছিল নাজানো কিন্তু নাৱৰীয়া ভালেখিনি আশ্বস্ত হ’ল।

: তুমি গুচি গ’লে মই অকলে থাকিম নেকি?

অলপ হুলস্থূলবোৰ দূৰ হ’ল। আকৌ মৃত্যুৰ দৰে নিস্তব্ধতা, এটা এটা মুহূৰ্ত যেন মৃত্যুৰ প্ৰতীক্ষাত পাৰ হৈছে তেনেকুৱা পৰিবেশ। আন্ধাৰত আলিমূৰত ডাষ্টবিনৰ দুই কাষে দুটা প্ৰাণীয়ে নিজৰ নিজৰ বিপদৰ কথা ভাবে, ঘৰৰ কথা ভাবে , মাকৰ, ঘৈণীয়েকৰ, ল’ৰা-ছোৱালীৰ কথা, জীৱটো লৈ আকৌ ঘূৰি যাব পাৰিবনে ঘৰলৈ, নাই সিহঁত জীয়াই থাকিব- কথা নাই বাৰ্তা নাই হঠাৎ কৰ’বাৰ পৰা বজ্ৰপাতৰ দৰে দাঙ্গা আহি পৰিল। এই বজাৰখনতেই ইমান হাঁহি খিকিন্দালি আকৌ মুহূৰ্ততেই মাৰপিট, কটাকটি- তেজৰ গঙ্গা বোৱাই দিলে যেন। মানুহ এনেদৰে নিৰ্মম নিষ্ঠুৰ হৈ উঠে কেনেকৈ? কি যে অভিশপ্ত জাত! সূতাকলৰ মজদুৰজনে হুমনিয়াহ এটা কাঢ়ে লগে লগে নাৱৰীয়াৰ দীৰ্ঘশ্বাস ওলাই আহে।

: বিড়ি হুপিবা?

সূতাকলৰ মজদুৰজনে পকেটৰ পৰা বিড়ি উলিয়াই নাৱৰীয়াক দিলে। বিড়িটো হাতত লৈ অভ্যাসবশত দুই এবাৰ বিড়িত টিপা মাৰি কাণৰ কাষত দুই এবাৰ ঘূৰাই ওঠত গুজি ল’লে। সূতাকলৰ মজদুৰজনে তেতিয়া জুইশলাৰ কাঠি এডাল জ্বলাবলৈ চেষ্টা কৰিলে। প্ৰথমে লক্ষ্য কৰা নাছিল পিন্ধি থকা চোলাটোনো কেতিয়া তিতিছিল। জুইশলাৰ বাকচটো সেমেকি গৈছিল। বাৰে বাৰে মাৰি থাকোঁতেও নীলা ৰঙৰ ফিৰিঙতি মাৰি কাঠিডাল নুমাই থাকিল। বাৰুদ শেষ হোৱা  কাঠিডাল খঙত সি পেলাই দিলে।

: চাল্লা জুইশলাৰ বাকচটো সেমেকি গৈছে৷

আৰু এডাল কাঠি সি উলিয়াই ল’লে। নাৱৰীয়া যেন অকণমান অসহিষ্ণু হৈ সূতাকলৰ মজদুৰজনৰ ওচৰলৈ উঠি গ’ল।

: আৰে জ্বলিব, জ্বলিব, চাওঁ মোক দিয়াচোন।

সূতাকলৰ মজদুৰজনৰ হাতৰ পৰা জুইশলাৰ মাৰিডাল সি কাঢ়ি ল’লে। দুই এবাৰ ঘঁহাই ঘঁহাই সঁচাকৈয়ে জ্বলাই ল’লে এডাল মাৰি।

: সোবহান আল্লা। লোৱা লোৱা, জ্বলাই লোৱা বেগেতে।

ভূতে লম্ভাৰ দৰে অৱস্থা এইবাৰ ইজনাৰ। চেপি ধৰা ওঁঠৰ পৰা সৰি পৰিল বিড়ি।

: তুমি?

মৃদু বতাহ এছাটিয়ে ফুৱাই নুমাই দিলে মাৰিডাল। আন্ধাৰৰ মাজত পুনৰাই দুযোৰ চকু অবিশ্বাসৰ উত্তেজনাত ফেলফেলকৈ মেল খাই থাকিল। 

: হয় মই মুছলমান। তাতে কি হ’ল?

মজদুৰজনে ক’লে,

: একো হোৱা নাই কিন্তু…

নাৱৰীয়াৰ কাষলতিৰ হেঁচাত সোমাই  থকা মোনাটোলৈ চাই ক’লে,

: সেইটোত কি আছে?

: ল’ৰা-ছোৱালীহালৰ বাবে চোলা আৰু মানুহজনীৰ কাৰণে শাড়ী। কাইলৈ আমাৰ ঈদ আছে নাজানা নেকি?

: বেলেগ একো নাই নহয়?

সূতাকলৰ মজদুৰজনৰ সন্দেহ দূৰ হ’ব খোজা নাই।

: মিছাকৈ ক’ম নেকি বিশ্বাস নাই হোৱা যদি চাই লোৱা৷

বুলি মোনাটো আগবঢ়াই দিলে।

: আৰে ভাই, কিয় চাম কোৱা? কিন্তু দেশ-দুনীয়াৰ অৱস্থা দেখা নাই জানো, কেনেকৈনো পটক কৈ বিশ্বাস কৰিম কোৱা?

: সেইটো বাৰু সঁচা কথা। ভাই তোমাৰ ওচৰত আকৌ বেলেগ কিবা নাইতো?

: ভগৱানৰ শপত খাই ক’ব পাৰোঁ, বেজী এটাও নাই লগত। প্ৰাণে বাচি ঘৰলৈ উভতি যাব পাৰিলেই হ’ল।

তেওঁ কাপোৰ কানি জাৰি জোকাৰি দেখাই দিয়ে।

আকৌ দুয়ো ওচৰাওচৰিকৈ বহি ল’লে। বিড়ি জ্বলাই অলপদেৰি ধুমপান কৰি ল’লে।

: হেৰি নহয়…

নাৱৰীয়াই এনেদৰে কথা পাতে যেন কোনোবা আত্মীয় বন্ধুৰ সৈতে পাতিছে।

: হেৰি নহয় মোক ক’ব পাৰিবা নে, এই যে কটা-কটি, মৰিয়ামৰি কি কাৰণত হৈছে এয়া?

মজদুৰজনে বাতৰিকাকতৰ খবৰ ৰাখে অলপমান, সি ক’লে,

: দোষ তোমালোকৰ সেই লীগৰ মানুহবোৰৰ গাত, সিহঁতেই সংগ্ৰামৰ দোহাই দি ধ্বংসযজ্ঞ চলাইছে।

নাৱৰীয়াই কটূক্তিৰ সুৰত ক’লে,

: সেইবোৰ মই বুজি নাপাওঁ। মই সুধিছোঁ মাৰপিট কৰি কি হ’ব? দুই পক্ষৰে মানুহ মৰিব, দেশৰ কি ঘটিটো হ’ব?

: আৰে, ময়ো একেটা কথাকেই কওঁ। কিনো হ’ব, ঘেণ্টাটো হ’ব।

বুঢ়া আঙুলিটো দেখুৱাই কয় সি। 

: তুমি-মই মৰিম আৰু ল’ৰা-ছোৱালী হালে ভিক্ষা কৰি ফুৰিব। যোৱা বছৰৰ ৰায়টত মোৰ ভনীজোঁৱাইক টুকুৰা টুকুৰ কৰি পেলালে। ভনীজনী বিধৱা হ’ল, ল’ৰা-ছোৱালী হালৰ দায়িত্ব মোৰ কান্ধত পৰিল। চখত নকওঁ বুজিছা নেতাবোৰে সাতমহলীয়া ঘৰত ভৰিৰ ওপৰত ভৰি তুলি হুকুম জাৰী কৰি বহি থাকিল আৰু চাল্লা মৰণ হ’ল আমাৰ দৰে মানুহবোৰৰ।

: মানুহ নহয় আমি কুকুৰৰ পোৱালিৰ দৰে কামোৰ মাৰিবলৈ লৈছোঁ ইটোৱে সিটোক। নিষ্ফল খঙত নাৱৰীয়াই আঠুদুটাক খুব জোৰেৰে সাবটি ধৰিলে।

: হয়।

: আমাৰবোৰৰ কথা কোনে ভাবে? এই যে দাঙ্গা লাগিল, খাবলৈ খুদকণ কোনোবা বাপেৰে দিবনে; নাওখন ঘূৰাই পাম নে? বাদামতলিৰ ঘাটত কোন অতলত বুৰাই দিছে চাগে- কি ঠিক? জমিদাৰৰ মূল মানুহজন প্ৰতিমাহে এবাৰকৈ মোৰ নাৱত উঠি নইৰাৰ চাপৰিত কাছাৰীৰ কাম লৈ গৈছিল। তেওঁৰ হাত যেন হজৰতৰ হাত, বখচিচ দিছিল পাঁচ টকা, নাৱৰ ভাড়া হিচাপে দিছিল পাঁচ টকা, একেলগে দহ টকা পাইছিলোঁ। মোৰ মাহেকৰ বজাৰৰ খৰচ। এতিয়া আৰু হিন্দু মানুহ উঠিব নে মোৰ নাৱত?

সূতাকলৰ মজদুৰজনে কিবা এটা ক’বলৈ লৈছিলহে তেনেতে কেবাটাও গধুৰ গধুৰ বুট জোতাৰা খোজ কাণত পৰিল। মূল ৰাস্তাৰ পৰা যেন খোজকেইটা সিহঁতৰ কাষ চাপি আহি আছে সেই বিষয়ে একো সন্দেহ নাই। মনত আশংকা লৈ দুয়ো দুয়োলৈ চায়।

: কি কৰিম?

নাৱৰীয়াই পটাপট নিজৰ মোনাটো খামুচি ধৰে।

: ব’লা পলাই যাওঁ।

: কিন্তু কোনফালে যাম? চহৰৰ বাট পথ মই চিনি নাপাওঁ।

নাৱৰীয়াই ক’লে,

: বʼলা যেনি চকু যায় তেনিয়ে যাম। এনেই পুলিচৰ মাৰ খোৱাত নাই। সিহঁতক মই বিশ্বাস নকৰোঁ।

: এৰা! ঠিকেই কৈছা, কিন্তু যাম কেনি? আহি পালেহি দেখোন।

: এই পিনে।

আলিটোৰ পৰা দক্ষিণৰ ফালে বাট দেখুৱালে নাৱৰীয়াই। ক’লে,

: কেনেবাকৈ যদি এবাৰ বাদামতলিৰ ঘাটলৈকে যাব পাৰোঁ,তেনেহ’লে আৰু চিন্তা নাই।

মূৰ তল কৰি আলিমূৰ পাৰ হৈ সিহঁত দৌৰিবলৈ ধৰিলে, পাটুয়াটলি ৰোগত আহি ৰʼল। নিস্তব্ধ বাট পথ ইলেকট্ৰিক লাইটৰ পোহৰত জিলিকি আছে। দুয়ো এবাৰলৈ থমকি ৰʼল। কোনোবাই আকৌ খাপ পাতি ৰৈ থকা নাইতো? কিন্তু দেৰি কৰিলেও নহ’ব ৰাস্তাৰ ইমূৰৰপৰা সিমূৰলৈকে ভালদৰে নীৰিক্ষণ কৰি সিধা পশ্চিমৰ ফালে দৌৰ মাৰিলে। অলপদূৰ যোৱাৰ পিছত সিহঁতৰ পিছ ল’লে ঘোঁৰাৰ খোজৰ শব্দই। চালে বহুদূৰৰ পৰা অশ্বাৰোহী এজন তেওঁলোকৰ পিনে আহি আছে। ভাবিবলৈ সময় নাই। বাওঁহাতে মেতৰসকলে যাতায়াত কৰা ঠেক ৰাস্তাটোত আত্মগোপন কৰিলে। অলপদেৰি পিছতেই বৃটিছ অশ্বাৰোহী এজনে ৰিভলভাৰ হাতত লৈ তীব্ৰবেগেৰে সেই বাটেদি পাৰ হৈ গ’ল এনেকুৱা লাগিল যেন ঘোঁৰাৰ খুৰাকেইটা সিহঁতৰ বুকুত পৰিছে। শব্দটো বহু দূৰলৈ যোৱাৰ পিছত সিহঁতো ওলাই আহিল।

: কাষে কাষে আহি থাকা।

সূতাকলৰ মজদুৰজনে ক’লে। বাটৰ কাষে কাষে সন্ত্ৰস্ত, ভীতিগ্ৰস্ত হৈ দ্ৰুতগতিত সিহঁত গৈ থাকিল৷ চেপা মাতেৰে নাৱৰীয়াই ক’লে,

: ৰʼবা।

সিজন উচপ খাই ৰৈ দিয়ে।

: কি হ’ল?

: এইপিনে আহা

সিজনাৰ হাতত ধৰি নাৱৰীয়াৰই তাক পাণদোকান এখনৰ আঁৰ কৰি থিয় কৰালে।

: সেইপিনে চোৱা।

তাৰ সংকেত অনুসৰণ কৰি সন্মুখলৈ চালতেই সূতাকলৰ মজদুৰজনে এশ গজমান দূৰত থকা ঘৰ এটাত পোহৰ দেখিলে। ঘৰ সংলগ্ন বাৰান্দাত দহ-বাৰজনমান বন্দুকধাৰী পুলিচ ৰৈ আছে। আৰু সিহঁতক সেই ব্ৰিটিছ বিষয়াজনে কিবা কৈ আছে পাইপেৰে ধোঁৱা উৰুৱাই। বাৰান্দাৰ কাষতেই মুকলিত ঘোঁৰাৰ জিন ধৰি আৰু এজন পুলিচ ৰৈ আছে। অশান্ত চঞ্চল ঘোঁৰাটোৱে কেৱল ভৰি মাৰি আছে।

নাৱৰীয়াই ক’লে,

: সেইডোখৰ ইচলামপুৰ আৰক্ষী চকী। অকণমান আগলৈ গ’লে কাষেৰে বাহিৰফালে যিটো ৰাস্তা ওলাইছে সেই ৰাস্তাৰে বাদামতলিৰ ঘাটলৈ যায়।

সূতাকলৰ মজদুৰজন আতঙ্কত শিয়ঁৰি উঠিল,

: কি কৰিম তেন্তে?

: সেয়ে কৈ আছোঁ তুমি থাকা, ঘাটলৈ গৈ কি কৰিবা?

নাৱৰীয়াই ক’লে,

: এইটো হিন্দুসকলৰ জেগা আৰু ইচলামপুৰ হ’ল মুছলমানৰ ঠাই। এইকণতে ক’ৰবাত ৰাতিটো কটাই পূৱা গুচি যাবা।

: আৰু তুমি?

: মই যাওঁ।

উদ্বেগ আৰু আশংকাত নাৱৰীয়াৰ মাত থোকাথুকি হয়।

: নোৱাৰিম ভাই, নোৱাৰিম মই থাকিব। আঠদিন হ’ল ঘৰৰ কোনো খবৰ নোপোৱা। কি বা হৈ আছে একমাত্ৰ আল্লাই জানে। কেনেবাকৈ ইচলামপুৰৰ ৰাস্তাত সোমাই ল’ব পাৰিলেই হ’ল। নাও নাপালেও নাই বুঢ়ীগঙ্গা সাঁতুৰি পাৰ হ’ম।

: আৰে, নাই নাই কি কৰা, কি কৰা তুমি?

উৎকণ্ঠাত সূতাকলৰ মজদুৰজনৰ মাত চেপা খাই যায়। নাৱৰীয়াৰ কামিজ টানি ধৰে,

: কেনেকৈ যাবা তুমি?

আবেগ আৰু উত্তেজনাত তাৰ মাত কঁপিবলৈ ধৰে।

: মোক এৰি দিয়া ভাই। কিয় নুবুজা, কাইলৈ ঈদ। ল’ৰা-ছোৱালীহালে আজি ঈদৰ জোন চালেই হ’বলা। কিমান আশা পুহি ৰাখিছে চাগে মনত নতুন চোলা পিন্ধিব, বাপেকৰ কোচত উঠিব। মানুহজনীয়ে চকুৰ পানীৰে বাট নেদেখা হৈছে।নোৱাৰিম ভাই নোৱাৰিম৷ মনটো ভাল লগা নাই৷

কান্দোন এটা উজাই আহে তাৰ। সূতাকলৰ মজদুৰজনৰ বুকুখন চিৰিং কৈ মাৰে। কামিজ ধৰি থকা হাতৰ বান্ধোন শিথিল হয়।

: যদি তুমি ধৰা পৰি যোৱা?

ভয় আৰু অনুকম্পাত তাৰ মাত নোলোৱা হয়।

: নোৱাৰে ধৰিব, ভয় নকৰিবা। ইয়াতেই থাকা উঠি নাযাবা, এই ৰাতিৰ কথা নাপাহৰোঁ কেতিয়াও ভাই। ভাগ্যত থাকিলে পুনৰ লগ পাম। আদাব।

: ময়ো নাপাহৰোঁ ভাই। আদাব।

নাৱৰীয়াই অতি সন্তৰ্পণে বাট ল’লে। সূতাকলৰ মজদুৰজনে এবুকু উদ্বেগ লৈ থিয় হৈ থাকিল। বুকুৰ ধপধপনি যেন বন্ধই নহ’ব। অশান্ত হৈ পৰিল সি। হে প্ৰভু, মানুহজনৰ যেন একো বিপদ নহয়।

এটা এটা মুহূৰ্ত ৰুদ্ধশ্বাসত কাটে। বহুত দেৰি হ’ল এতিয়ালৈকে গৈ পালেগৈ চাগে। আস্ ল’ৰা-ছোৱালী হালে কিমানযে আশা কৰি আছে চাগে নতুন চোলা পিন্ধিব। বাপেকৰ আলাসৰ লাড়ু। সূতাকলৰ মজদুৰজনে হুমুনিয়াহ কাঢ়ে। মৰম আবেগ আৰু কান্দোনত মানুহজনী ভাগি পৰিব গিৰিয়েকৰ বুকুত।

মৃত্যুৰ মুখৰ পৰা তুমি ঘূৰি আহিলা? মজদুৰজনৰ ওঁঠৰ কোণত হাঁহি বিৰিঙি উঠিল, নাৱৰীয়াই তেতিয়া নিজৰ পত্নীক… ধাম্…

ধক্ কৈ উঠিল তাৰ বুকুখন। বুটজোতা পিন্ধি কোনোবাই দৌৰাদৌৰি কৰিছে, কিবা এটা যেন কৈ আছে চিঞৰি চিঞৰি।

ডাকু ভাগতা হ্যায়।

সূতাকলৰ মজদুৰজনে ডিঙি মেলি চালে পুলিচ অফিচাৰে ৰিভলভাৰ হাতত লৈ বাটত কাৰোবাৰ গাত যেন জপিয়াই পৰিল। সমস্ত নিস্তব্ধতাৰ ওৰ পেলাই দুবাৰকৈ গৰজি উঠিল তেওঁৰ হাতত থকা অস্ত্ৰ।

ধাম্, ধাম্। দুটা নীলা নীলা ফিৰিঙতি। উত্তেজনাত সূতাকলৰ মজদুৰজনে নিজৰেই আঙুলি এটা নিজেই কামুৰি দিলে। জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি ব্ৰিটিছ অফিচাৰজন গলিটোৰ ভিতৰলৈ সোমাই গ’ল, ডকাইতৰ মৰণকাতৰ চিঞৰটো সি শুনিবলৈ পালে।

তাৰ বিহ্বল চকুহালত ভাঁহি উঠিল নাৱৰীয়াৰ তেজেৰে ৰাঙলী তাৰ ল’ৰা-ছোৱালী আৰু মানুহজনীৰ কাপোৰ। নাৱৰীয়াই যেন কৈছে,

: নোৱাৰিলোঁ ভাই। মোৰ ল’ৰা-ছোৱালী আৰু মানুহগৰাকীয়ে উৎসৱৰ দিনটো কান্দি কান্দি পাৰ কৰিব। শত্ৰুৱে মোক ঘৰলৈ উভতিবলৈ নিদিলে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to দীপ বৰা Cancel reply

Your email address will not be published.