এটা বিনামূলীয়া দৰৱ আৰু অলপ অপেক্ষা-মল্লিকা শৰ্মা বৰদলৈ
সৰুতে আমি বৰ শান্ত শিষ্ট আছিলোঁ। ইমানেই শান্ত যে শুই থাকিলেহে আমালৈ মৰম লাগিছিল ঘৰৰ মানুহৰ। তেনেকুৱা শান্ত বয়সৰে কথা এটা প্ৰায়েই মনত পৰে। তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছোঁ। দৌৰা জঁপিওৱাৰ প্ৰকোপত মোৰ মাজে মাজে ভৰি এখন বিষাই থাকে। আমাৰ বিদ্যালয়ৰ কাষতে “আৰ্মী কেম্প” এটা আছে। দেউতাই ক’লে, আহোঁতে কেম্পৰ ডাক্তৰক দেখুৱাই আহিবিচোন। তাতে ভাল ডাক্তৰ থাকে। দেখুৱাবলৈও সুবিধা। পাৰিবি দে বুলি সাহসো দিলে। মই আৰু মোৰ বান্ধৱী সেইদিনাই দেউতাই কোৱামতেই ডাক্তৰৰ ওচৰ পালোঁগৈ। বৰ বিশেষ বিচাৰিবলগীয়া নহ’লেই। তাৰ আগতে অকলে, মানে ডাঙৰ কোনোবা লগত নোযোৱাকৈ ডাক্তৰৰ ওচৰলৈ গৈ পোৱা নাই আমি। অলপ ভয় খাইছিলোঁ যদিও খুব সহজভাৱে ভিতৰলৈ সোমাই গ’লোঁ। বহাৰ লগে লগেই গহীন মাতটোৰে ডাক্তৰে সুধিলে,
: ব’লিয়ে ক্যা প্ৰব্লেম হে?
ক’লোঁ,
: পাৱ মে দৰ্দ৷
তেতিয়া সিমানখিনি হিন্দী ক’বলৈ শিকিছোঁ যদিও ক’বলগীয়া পৰিস্থিতি অহা নাছিল। যা হওক কৈ উঠি নিজকে বহুত চোকা ছোৱালী যেন ফীল এটা হ’ল। এইবাৰ গপচত বহিলোঁ। কাষতে বান্ধৱীজনী। ডাক্তৰে ভৰিখন অকাই পকাই চাই বিষাইছে নে নাই সুধিলে। সেইখিনি সময়ত ভৰিৰ বিষো ক’ত জানো পলাইছিল, ভয়তে য’তে চুলে তাতেই মূৰ দুপিয়াই থ’লোঁ। দুটামান দৰব দিলে, লগতে কেনেকৈ খাব লাগে বুজাই দিলে। ইমান সহজতে দৰব পাই যোৱা কথাটোত খুব ফূৰ্তি পালোঁ দুয়োজনীয়ে। এইবাৰ লগৰজনীয়ে ভাবিলে, কিনিব নালাগে যেতিয়া তায়ো দুটামান দৰব ঘৰলৈ লৈ যাব। পিচে নিব কিহৰ দৰব? ভুনভুনাই ভুনভুনাই দুয়োজনীয়ে আলোচনা কৰি “পেটৰ অসুখৰ” দৰবকে লৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ। ইতিমধ্যে ডাক্তৰে আমাৰ ফালে সন্দেহৰ চাৱনি দিবলৈ আৰম্ভ কৰিছিল। তেওঁ আকৌ সুধিলে,
: ঔৰ কুছ হে?
: ছাৰ ইচক’, …
ক’বলৈ লৈ ৰৈ গ’লোঁ, ইয়ে ৰাম, পেটৰ অসুখক হিন্দীত কি বুলি বা কয়, সেইটো দেখোন নাজানোৱেই। লেট্ৰিন নে টয়লেট? পেট চলনা? এফালৰ পৰা ভাবি ভাবি অৱশেষত দুয়োজনীয়ে একেলগে ক’লোঁ “ডায়েৰিয়া”। তেওঁৰ সন্দেহ এইবাৰ বিশ্বাসত পৰিণত হওঁ হওঁ। ডায়েৰিয়া হোৱা মানুহনে এই দুজনী, তেনে এক ভাৱেৰে চাই, সুধিলে,
: আট্ছা, কিতনী বাৰ হুৱা?
তাই লগে লগে সত্য হৰিচন্দ্ৰ হৈ ক’লে,
: একবাৰ৷
সৰু ছোৱালী বুলিহে নথপৰিয়ালে ডাক্তৰে।
: একবাৰ?
ডাক্তৰৰ মুখখন দেখিয়েই তাই এইবাৰ উত্তৰ সলাই “দ’বাৰ” কৰিলে। মুখৰ ভিতৰতে তেওঁ চাগৈ আমাক বকিছিল, দুবাৰ গ’লেই ডায়েৰিয়া বুলি কোনে শিকাই পঠিয়ালে ইহঁতক, আহিল আৰু ফ্ৰী দৰব নিবলৈ। এইবাৰ আকৌ তেওঁ কিবা এটা সুধিলে, যিটো আমি এজনীয়েও বুজি নাপালোঁ। কেৱল বুজি পালোঁ প্ৰশ্নটোত থকা “নৰমেল” শব্দটো। বুজি পোৱাৰ উলাহতে আমি একপ্ৰকাৰ চিঞৰি উঠিলোঁ, “নৰমেল নৰমেল”। তেওঁ চকু ডাঙৰ কৰি যেনেকৈ চালে, তেওঁৰ ঠাইত আমাৰ দেউতাহঁত হোৱাহেঁতেন ফলা খৰিৰে কোবালেহেঁতেন চাগৈ। নাচাবনো কিয়, দুবাৰ নৰমেল পাইখানা হোৱা ডায়েৰিয়া ৰোগী এয়ে প্ৰথম দেখিছে চাগৈ ডাক্তৰে। দীঘলীয়াকৈ হিন্দীতে কিবা বুজালে আমাক, যিখিনি আমাৰ চাৰিখন কাণৰ এখনেৰেও নোসোমাল। কিহে পাইছিল ফ্ৰী দৰবৰ লোভত পৰিবলৈ বুলি নিজৰ ওপৰতে খং উঠি চকু চলচলীয়া হ’ল। মিছা কথা কোৱা বুলি আমাক কেম্পতে বান্ধি থৈ দিয়ে যদি কি হ’ব? নাই তেনেকুৱা নহ’ল যেনিবা। দৰব পালোঁ, লগতে এগালমান উপদেশো। আমাৰ ওপৰত থকা বিশ্বাসৰ বাবেই, তেওঁ বাৰে বাৰে কৈছিল, এনেই যেন দৰবটো কোনেও নাখায়। ঘৰলৈ গৈ সেইদিনা কাকো পাত্তাই নিদিলোঁ, কম ডাঙৰ কাম কৰি গৈছিলোঁনে?
দিন গৈ থাকিল, পিচে আমাৰ দুয়োজনীৰে দেখোন পেটৰ অসুখ নহ’লেই। আমি আলোচনা কৰি পেট বেয়া হ’ব বুলি খাবলৈ ভয় কৰা বস্তুবোৰো খালোঁ, পিচে নাই যে নাই পেট কামোৰণি এটাও নহ’ল। ধেই বিধিয়ে দিলেও বিধাতাই নিদিয়ে। ইমান কষ্ট কৰি অনা দৰব এনেই যাবলৈ দিব পাৰিনে। আমাৰ নহ’লেও ওচৰ পাঁজৰৰে কাৰোবাৰ হ’লেও ভাল লাগিলহেঁতেন। পিচে সৰল মন হ’লেও এনে পাপী চিন্তাত ভগৱানেও তথাস্তু ক’বলৈ বেয়া পায়। এদিন জলকীয়া সনা কেঁচা আমৰ লগত পানীও খালোঁ, ক’তা অতি হেঁপাহৰ পেটৰ অসুখটো তথাপিও নহ’লচোন। ছমাহ ঘূৰি বছৰো হ’বৰ হ’ল, আমাৰ লগতে কাৰোৱেই পেটৰ অসুখ নহ’ল, আমাৰ বিশ্বজয়ৰ আনন্দও ইমানতে শেষ হ’ল। ৰৈ ৰৈ দৰবৰ এক্সপায়েৰী ডেটো পাৰ হ’ল। পিছত দৰবকেইটা তাই খালে নে পেলালে সোধা নহ’ল। আজি বাইছ তেইছ বছৰ পিছতো পাহৰিব নোৱাৰাকৈ সেই দৰবকেইটালৈ মৰম থাকিয়েই গ’ল। দৰবকেইটাৰো আমালৈ মৰমেই লাগিছিল চাগৈ, নহ’লেনো এদিনলৈও খাবলগীয়া নহয়নে? যিমান হ’লেও নৰমেল ডায়েৰিয়া হোৱা, এনেই মুখৰ কথা নেকি!
☆ ★ ☆ ★ ☆