ফটাঢোল

নগেনৰ ইন্টাৰভিউ – পলাশ শইকীয়া।

আমাৰ নগেন এটা ইন্টাৰভিউ দিব গ’ল।

ইন্টাৰভিউৱাৰ – তুমি বৰ্তমান কি কৰি আছা।
নগেন – ইন্টাৰভিউ দি আছোঁ চাৰ।
ইনটাৰভিউৱাৰ – নহয় পেছা হিচাপে কি কৰা।
নগেন – একো নকৰো মই এজন নিবনুৱা।
ইনটাৰভিউৱাৰ – নিবনুৱা যদি ঘৰতে থাকা নিশ্চয়। ঘৰত থাকিলে কি কৰা। মাক ৰন্ধা বঢ়া বা দেউতাক কিছু কামত সহায় কৰা তেনেহ’লে।
নগেন – নহয় চাৰ। দেউতাই কিনি দিয়া মটৰ বাইক খন লৈ ঘূৰি ফুৰো আৰু মন গ’লে বা সুবিধা পালেই অসম বন্ধ দিওঁ।

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *