লিমাৰিক- স্বপনজ্যোতি
১
বিয়াগোম ঠিকাদাৰ হলিৰাম নাথ
কেৱল টকাৰ খক দিন ৰাতি বাদ
অইন সকলো পাছ
টকাহে সবাৰে আগ
প্ৰেচাৰে চুগাৰে ধৰি গিলে সুদা ভাত।
২
পাবত গজা লিখাৰু হৰিণী মহন্ত
এটা দুটা কিবা লিখি ভেমহে অনন্ত
যদিহে ভুলতো তুমি
কৈছা অপছন্দ বুলি
শ্মশান যাত্ৰাৰ কৰি দিব বন্দৱস্ত।
৩
নিতৌ সন্ধিয়া “ফিটিং” নগেন কাকতি
হাতত ঝাড়ু লৈ থাকে পদূলিত মালতী
মালতী পত্নীৰ নাম
ঝাড়ুৰে আদৰা কাম
তথাপিও নিলাজ পুনঃ একেই গতি।
৪
অংকৰ যেন যমৰাজ মাষ্টৰ ছাত্ৰ
ত্ৰিভূবন দেখুৱাই পাহৰিলে সূত্ৰ
ঘৰতে পয়মাল হ’ল
থিয়’ৰী নিমিলা হ’ল
মাষ্টৰণী পলাই গ’ল নেচালে গোত্ৰ।
৫
“মুঠেই নলওঁ মই ক’ভিডৰ বেজী
সকলো গোকাট মিছা মাথোঁ কাৰচাজী
ফাল্টু কথা “গৰ্মেন”ৰ
না! কাম নাই মাস্কৰ
অক্সিজেন নাকত লৈ GMC ত আজি!
৬
লালাজীৰ “ষ্টক ফুল” চাৰিটা গোদাম
লকডাউন? আহি গ’ল “লক্ষ্মী” মেডাম!
বেপাৰ গৰম হ’ব
এক্সট্ৰা কামাই হ’ব
ধূতিত লগায় পকেট আৰু চেফ্টি বুটাম।
৭
দুপইচা ঘটো বুলি যেনে তেনে কৰি
লোন লৈয়ো কিনিছিলোঁ বেটাৰীৰ গাড়ী
কাৰ্ফিউটো হ’ল কাল
লোন হ’ল হাড়মাল
কিস্তিটো দিবলৈ বেচো তামোলৰ বাৰী।
☆ ★ ☆ ★ ☆
7:49 am
বৰ সুন্দৰ লিমাৰিক? ভাল লাগিল??