ফটাঢোল

অথঃ শইকীয়া সংবাদ -লক্ষ্যদ্বীপ গগৈ

আমাৰ শইকীয়াই হাত-ভৰি ছেল খুৱাই এটা চকু উখহাই ঘৰ সোমালেহি। তাকে দেখি ভয় খাই শইকীয়ানীয়ে সুধিলে,

: হেৰি কি হ’ল ক’ত কেনেকৈ দুখ পালা?

শইকীয়া:- এঃ নক’বা আৰু… স্কুটী এখনে খুন্দিয়াই থৈ গ’ল।

শইকীয়ানী:- কোন আছিল গম পালা নেকি? স্কুটীখনৰ নম্বৰ নোট কৰিলা নাই?

শইকীয়া:- বিষত স্কুটীখনৰ ৰং আৰু নম্বৰ দেখাই নাপালো কিন্ত ছোৱালীজনী বগাকৈ ধুনীয়া আৰু চুলিখিনি দীঘল আছিল। তাই নীলা জিন্স আৰু বগা টি-ছাৰ্ট পিন্ধি আছিল। লাইট পিংক কালৰৰ লিপষ্টিক লগাইছিল লগতে দীঘল কাণফুলি এযোৰ পিন্ধিছিল।

ইয়াৰ পাছত বোলে শইকীয়াৰ ইটো চকুও উখহিল।

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *