ফটাঢোল

হাস্যৰসে জীৱনলৈ কঢ়িয়াই আনে সুন্দৰতা আৰু সুস্বাস্থ্য

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আশীষধন্য হৈ মানৱজাতিয়ে উন্নতিৰ জখলাৰে আজি দুৰন্ত গতিৰে উধাইছে যদিও সকলো মানুহৰ মনৰপৰা একপ্ৰকাৰে নিশ্চিহ্ন হৈ পৰিছে মনৰ শান্তি আৰু মুখৰ হাঁহি।এনে এক জটিল সন্ধিক্ষণত ‘ফটাঢোল’ ফেছবুক গ্ৰুপৰ ব্যঙ্গ সাহিত্যক পুণৰুজ্জীৱিত কৰাৰ যি প্ৰচেষ্টা,সেয়া সঁচাই শলাগিবলগীয়া।

অসমীয়া সাহিত্যত ‘নৱৰস’ৰ এক উপাদান হৈছে ‘হাস্যৰস’।’বৈষ্ণৱ সাহিত্য’ত এই ৰসৰ প্ৰভাৱ তেনেকৈ দেখা নাযায়।আনহাতে সাহিত্যৰ প্ৰাণবস্তুৱেই হৈছে ‘ৰস’।অৰ্থাৎ ‘ৰস’ অবিহনে সাহিত্য নিষ্প্ৰাণ।সাহিত্য জগতত বৈচিত্ৰপূৰ্ণ  ৰস সৃষ্টি কৰি পাঠকক অনিৰ্বচনীয় আনন্দৰ সন্ধান দিয়াটোৱেই সাহিত্যিক এজনৰ মূল লক্ষ্য।নাট্যশাস্ত্ৰ প্ৰণেতা ভৰতৰ মতে……

‘ন ৰসাদৃতে কশ্চিতৰ্থ প্ৰৱৰ্ত্ততে।’

অৰ্থাৎ ৰসৰ অবিহনে কাব্যৰো কোনো অৰ্থ নাই।

ন প্ৰকাৰৰ ৰস হৈছে—–আদি বা শৃংগাৰ, বীৰ,ভয়ানক,কৰুণ,বীভৎস,হাস্য,শান্ত,অদ্ভুদ আৰু ৰৌদ্ৰ।তুলনামূলকভাৱে হাস্যৰসকেই সাহিত্যত উত্তম ৰস হিচাপে গণ্য কৰা হয়।

অসমীয়া সাহিত্যত প্ৰকৃত হাস্যৰসৰ আৰম্ভ হয় গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ যুগত(১৮৭০-১৮৯০)।বাক চাতুৰ্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস,সহানুভূতিপূৰ্ণ কৰুণামিশ্ৰিত হাস্যৰস আৰু বিদ্ৰুপাত্মক হাস্যৰস অসমীয়া সাহিত্যত প্ৰকৃততে এইটো যুগৰপৰাই আৰম্ভ হয়।ইতিমধ্যে ওঁঠৰশ শতিকাৰ ষাঠিৰ দশকত ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হয় অসমৰ সেইগৰাকী প্ৰখ্যাত ব্যঙ্গ সাহিত্যিক,যি পিছলৈ অসমীয়া সাহিত্যত ‘সাহিত্যৰথী’ নামৰ এক বিৰল আৰু বিচিত্ৰ সন্মানৰ অধিকাৰী হয়।অসমীয়া ব্যঙ্গ সাহিত্যৰ পুৰুধা ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰথত আৰোহণ কৰি অসমীয়া ব্যঙ্গ সাহিত্যই গগনচুম্বী উচ্চতা লাভ কৰিবলৈ সক্ষম হয়।

প্ৰায় এককভাৱেই তেওঁ ব্যঙ্গ সাহিত্যক অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দি গ’ল।তেওঁৰ উত্তৰ প্ৰজন্মই কিন্তু ব্যঙ্গ সাহিত্যৰ সেই গতিধাৰাক প্ৰবাহমান কৰি ৰাখিবলৈ সক্ষম হৈছে বুলি একে আষাৰে ক’ব নোৱাৰি।

অৱশ্যে কোনো কোনো সাহিত্যিকে ব্যঙ্গ সাহিত্যক জীয়াই ৰাখিবৰ বাবে অপ্ৰাণ চেষ্টা কৰি আছে,সেয়াও সত্য।আজিৰ দিনত ‘ব্যঙ্গ সাহিত্য’ৰ প্ৰতি মানুহৰ ৰাপ তুলনামূলকভাৱে কম দেখা যায়।বহুতে আকৌ ব্যঙ্গ সাহিত্য চৰ্চাক এক তৰল কাম বুলিহে বিবেচনা কৰে।প্ৰকৃততে একোটা ব্যঙ্গ লেখা লিখাটো ইমান সহজ কথাও নহয়।বিপৰীতে ক’ব লাগিব যে ব্যঙ্গ লেখা এটা প্ৰস্তুত কৰাটো অত্যন্ত জটিল কামহে।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই পৃথিৱীখনকে এখন সৰু গাঁৱলৈ পৰিবৰ্তন কৰি পেলালেও মানুহৰ মনবোৰৰ পৰিধি যেন পূৰ্বতকৈও ঠেকহে হৈ পৰিল।ব্যস্ততা আৰু স্বাৰ্থপৰতাই মানুহক এনেকৈ গ্ৰাস কৰি পেলালে যে মানুহে আজি হাঁহিবলৈও পাহৰি গ’ল।মানুহৰ মনবোৰ যেন ফৰকাল নহয়।প্ৰতি মূহূৰ্ত্ততে যেন মানুহৰ মনবোৰ একধৰণৰ কৃষ্ণ মেঘে আৱৰি ৰাখে।সকলো চিন্তাক্লিষ্ট,মুখত কাৰো হাঁহি নাই।তাহানিৰ দিনৰ গাঁৱৰ ৰাস্তা ঘাট আৰু নদীৰ তীৰৰ সেই উচ্ছল হাঁহিবোৰ আজিকালি ক’ৰবাত হেৰাই গ’ল।

সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই কৈছিল যে—–

‘হাঁহিব নজনা মানুহবোৰ হয় দেৱতা নহয় চয়তান।’

আমাৰ অসমীয়া সমাজখনত মানৱতা আজি যিদৰে স্খলিত হ’বলৈ আৰম্ভ কৰিছে,সেইবোৰ দেখি শুনি ক’ব পাৰি যে ‘দেৱত্ব’ গুণ আমাৰপৰা সুদূৰপৰাহত।আজিৰ পৃথিৱীত মানৱতাই বিপন্ন।তেন্তে আমি চয়তানৰ শাৰীলৈ আহিলো নেকি?আজি আমি নিজে নিজক এইটো প্ৰশ্ন কৰিবৰ হ’ল।

মনৰ কালিমাবোৰ ধুই পৰিষ্কাৰ কৰিব নোৱাৰিলে হঁহা অথবা হাস্যৰসৰ সোৱাদ ল’বপৰা  অসম্ভৱ।কাৰণ দুৰ্জনে কেৱল নিজৰ কুকীৰ্তিসমূহ ঢাকি ৰখাৰ প্ৰয়াসতে হাঁহিবলৈ পাহৰি যায়।

হাঁহি,আনন্দৰ অবিহনে মানৱ জীৱনৰ কিবা অৰ্থ থাকিব পাৰে বুলি নাভাবোঁ।আজিৰ যুগৰ প্ৰতিযোগিতাৰ নিগনী দৌৰত কিছুসংখ্যক ব্যক্তিয়ে নিজৰ অস্তিত্বকে পাহৰি গৈছে।পাহৰি গৈছে যে তেওঁক জীৱনত প্ৰকৃততে কি লাগে।গগণচুম্বী ধনৰ পৰ্বতে বিলাসিতা কিনিব পাৰে কিন্তু মানুহৰ মন-প্ৰাণ জুৰ পেলোৱা সেই হাঁহিটো কিনিব নোৱাৰে।বিলাসিতাই দিয়ে আলস্য আৰু ৰোগ।আনহাতে মনৰ নিভৃততম কোণৰপৰা নিৰ্গত হোৱা সেই প্ৰাণচঞ্চল হাঁহিটোৱে দিব পাৰে সুস্বাস্থ্য আৰু অপৰিসীম মানসিক আনন্দ।সেয়ে বিলাসিতাৰ পিছত দৌৰাসকলে হাঁহিবলৈও পাহৰি যায়।

যুগৰ সৈতে খোজ মিলাই আমি চলিবই লাগিব।যি যুগত যি ধৰ্ম সেয়া  আমি পালন কৰিবই লাগিব।অন্যথা যুগ পৰিবৰ্ত্তনৰ সৈতে ডাইন’চ’ৰবোৰে নিজকে খাপ খুৱাই ল’ব নোৱাৰি পৃথিৱীৰপৰা নিঃশেষ হৈ যোৱাৰদৰে মানৱ জাতিও পৃথিৱীৰপৰা নিঃশেষ হৈ যাব।কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যুগৰ সৈতে খাপ খাবলৈ গৈ আমি হাঁহিবলৈ পাহৰি যাম,নিজক পাহৰি যাম অথবা সততা পৰিহাৰি দুৰ্নীতিৰে ধন ঘটিম।ধনে মানুহক আধুনিক নকৰে,মানুহক আধুনিক কৰে মনেহে।উদাহৰণস্বৰূপে দুৰ্নীতিৰে ধনৰ পাহাৰ গঢ়ি হাতত নানাধৰণৰ পাথৰ,মাদলি ধাৰণ কৰি,পুৰণিকলীয়া নিৰৰ্থক নীতি নিয়মকে জীৱনৰ আধাৰ বুলি মানি চলা মানুহক আধুনিক বুলিব নোৱাৰি।আধুনিক হ’বলৈ মনৰ পৰিধি বহল হ’ব লাগিব আৰু এলান্ধুকলীয়া ৰীতি-নীতিবোৰ বৰ্জন কৰি নতুন চিন্তাৰে মনটোক সজাব পাৰিব লাগিব।এনে কৰিব নোৱাৰিলে আমাক উত্তৰ প্ৰজন্ময়ো মনত নাৰাখিব কাৰণ যিদৰে আন্ধাৰ বিনাশি পোহৰ অহাটো নিশ্চিত,একেদৰে আজিৰ সমাজখনৰ পুৰণিকলীয়া ৰীতি-নীতিবোৰো এদিন নিঃশেষ হ’বই।সেয়ে তেতিয়া এই সমাজ ধ্বংস কৰা  কথাবোৰৰ লগতে আমাৰো কোনো প্ৰাসঙ্গিকতা নাথাকিব।

আজিৰ যুগৰ ব্যস্ততাভৰা জীৱনত মানুহৰ সময়ৰ অভাৱ।এজনে আনজনক দিব নোৱাৰা বস্তুটোৱেই হ’ল সময়।পুৰণি যৌথ পৰিয়ালবোৰ ভাগি পৰিয়ালবোৰ একক হৈ পৰিল।সেয়ে প্ৰতিটো পৰিয়ালৰ বাবে সহায়ৰ হাতৰ সংখ্যাও কমি আহিল।এজন বা দুজন মানুহেই পৰিয়ালৰ সকলো স্বম্ভালিব লগা হোৱাৰ বাবে মানুহৰ সনয়ৰ অভাৱ ঘটিল।কিন্তু এনে জটিল সন্ধিক্ষণতো কিছু সংখ্যক ব্যক্তিয়ে আচৰিতধৰণে ‘সময়ৰ অভাৱ’ কথাষাৰক প্ৰত্যাহ্বান জনাই সাহিত্যচৰ্চা কৰিছে।ফেছবুক গোট কিছুমানত ব্যঙ্গ সাহিত্যৰো চৰ্চা চলিছে।প্ৰকৃততে এই শ্ৰেণীৰ মানুহখিনিয়ে বুজি পায় যে জীৱনৰ প্ৰকৃত সুখ আৰু আনন্দ ক’ত লুকাই থাকে।

বহু ৰোগৰ বাবে হাঁহিক মহৌষধৰূপে গণ্য কৰা হয়।মনত কলুষতা নথকা মানুহে প্ৰাণখুলি হাঁহিব পাৰে।আৰু যেতিয়া মনত কলুষতাই নাথাকিব,তেতিয়া শৰীৰত ৰোগৰ পৰিমাণো কমিব,ই ধুৰুপ সত্য কথা।কাৰণ মানুহৰ মন আৰু শৰীৰ পৃথক বস্তু নহয়।যিদৰে পঞ্চইন্দ্ৰিয়ই বাহ্যিক জগতৰপৰা লাভ কৰা অনুভূতিয়ে আমাৰ মনত প্ৰভাৱ পেলায় একেদৰে মনৰ প্ৰভাৱো শৰীৰৰ ওপৰত পৰে।মন ভাল নাথাকিলে শৰীৰত কোনো ৰোগ নাথাকিলেও নিজকে ৰুগীয়াযেন অনুভূত হয়।সেয়ে মনক সদায় প্ৰফুল্ল ৰখাৰ প্ৰয়াস কৰিব লাগে।আজিৰ যুগত মনক প্ৰফুল্ল কৰি ৰখাৰ আটাইতকৈ সহজ উপায় হ’ল ব্যঙ্গ সাহিত্যৰ চৰ্চা।আমি যদি দিনটোৰ কোনো এক নিৰ্দিষ্ট সময় বান্ধি লৈ সেই সময়খিনিৰ সৈতে কোনো সন্ধি নকৰি ব্যঙ্গ সাহিত্য চৰ্চা কৰোঁ অথবা আমাৰ পৰিয়ালৰ সৈতে হাঁহি ধেমালীৰে কটাওঁ,সি আমাৰ জীৱনত মহৌষধৰদৰে কাম কৰি আমাক দুঃশ্চিম্তা আৰু ৰোগবোৰৰপৰা আঁতৰত ৰাখিব।

কোনো মানুহ অমৰ নহয়।জন্মিলে মৰিব লাগিবই।এই ধুনীয়া পৃথিৱীখন এৰি আমি সকলো এদিন গুচি যাব লাগিব।যক্ষই যুধিষ্ঠিৰক প্ৰশ্ন কৰিছিল——–

: পৃথিৱীত সবাতোকৈ আশ্চৰ্যৰ কথাটো কি?

যুধিষ্ঠিৰৰ উত্তৰ…….

: সকলো মানুহে জানে যে তেওঁৰ এদিন মৃত্যু হ’ব আৰু মৃত্যুৰ পিছত তেওঁ পূৰ্বৰ অস্বিত্বলৈ কোনোকালে উভটিব নোৱাৰিব।তথাপি মানুহে জীয়াই থকাৰ আয়োজনত এনেদৰে সময় ব্যতীত কৰে, যি সঁচাই এক আশ্চৰ্য,সঁচাই এক ব্যঙ্গ।

জীৱনটোক উপভোগ কৰিবলৈ,জীৱনৰ ৰসাস্বাদন কৰিবলৈ হাঁহিব লাগিব।হাঁহিৰ অবিহনে জীৱনটো পানী নথকা নাদৰ দৰে,যাৰ অস্তিত্ব আছে,কিন্তু নাই কাৰো তৃষ্ণা পূৰাবপৰা ক্ষমতা।হাঁহি বিয়পি যায়….ই স্তব্ধ নহয়।এজনৰ হাঁহিয়ে আন বহুজনৰ মনত প্ৰফুল্লতা আনি দিব পাৰে।ই সোঁচৰা ৰোগৰ দৰে….কিন্তু ভাল অৰ্থতহে।

আমি সকলোৱে মিলি সমাজখন সুন্দৰ কৰিবলৈ হ’লে সাহিত্যচৰ্চা কৰিব লাগিব আৰু অানকো সাহিত্য চৰ্চা কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰিব লাগিব।সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভ কৰি থৈ যোৱা ব্যঙ্গ সাহিত্যৰ সেই প্ৰৱাহক আক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিব লাগিব।হাঁহি আনন্দৰদ্বাৰা নিজে প্ৰফুল্লিত আৰু ৰোগমুক্ত হৈ থকাৰ লগতে এই হাঁহি আনলৈও বিয়পাব পাৰিব লাগিব।সূৰ্যৰ আলোকৰ প্ৰতাপত কলীয়া মেঘবোৰে পৃষ্ঠভঙ্গ দিয়াৰদৰে আমাৰ হাঁহিয়ে নিজৰ লগতে আনৰ মনৰ দুঃশ্চিন্তাৰূপী কলীয়া মেঘবোৰ আঁতৰ কৰিব লাগিব।এই দুঃশ্চিন্তাই বহুতো অথন্তৰৰ মূল।দুঃশ্চিন্তাৰ বাবেই সংঘটিত হয় বাৰে বাৰে আত্মহত্যাৰদৰে হৃদয়বিদাৰক ঘটনা।আমি তাহানি ডাকে কৈ যোৱাৰদৰে আঁঠুৱা চাই ঠেং মেলিব জানিলে জীৱনৰ বহুতো বিপদ বিঘিনি দূৰতে বিদূৰ হ’ব।আমাৰ সৰু সৰু পৰিয়ালবোৰক আমি সদায় সুখী কৰিবলৈ যৎপৰোনাষ্টি চেষ্টা কৰিও ব্যৰ্থ হওঁ কাৰণ আমি নাজানো যে যান্ত্ৰিকতাই দিয়া আনন্দ ক্ষণিক,কিন্তু কিতাপৰ পাতত পোৱা আনন্দ দীৰ্ঘস্থায়ী।সৰু সৰু পৰিয়ালৰ অভিভাৱকে ল’ৰা-ছোৱালীৰ হাতত যন্ত্ৰবোৰ তুলি দি নিজে সাময়িক বিৰতি লোৱা অথবা নিজৰ কাম বিঘিনি নঘটালৈ কৰাৰ মানসিকতা সলনি কৰি নিজ সন্তানক সময় দিব লাগিব।তেওঁলোকক সুন্দৰ পৃথিৱীখন প্ৰকৃততে উপভোগ কৰিবলৈ হাঁহিবলৈ শিকাব লাগিব।মাতৃভাষাৰ চৰ্চা নিজেও কৰিব লাগিব আৰু সন্তানকো কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰিব লাগিব।

‘ফটঢোল’ ফেছবুক গ্ৰুপৰ সমাজখনত হাঁহি বিয়পোৱাৰ যি প্ৰচেষ্টা, সেয়া নিঃসন্দেহে শলাগ ল’বলগীয়া।আজি বহুতেই এই গ্ৰুপটোত যেন ক্ষন্তেক বিৰতি লৈ মনবোৰ ফৰকাল কৰি পুণৰ পিছদিনাৰ জীৱন যুদ্ধৰ বাবে প্ৰস্তুত হয়।গ্ৰুপটোৰ লগতে ‘ফটাঢোল ই-আলোচনী’খনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।ইয়াৰ লগতে আলোচনীখনৰ লগত জড়িত থকা সমূহ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।লগতে এইবাৰৰ আলোচনীখনৰ বাবে নিজৰ সময় খৰচ কৰি লেখা একোটা যুগুতাই আমালৈ পঠোৱা প্ৰতিজন লেখক-লেখিকালৈ আন্তৰিক ধন্যবাদ।

‘ফটাঢোল’ৰ মহৎ প্ৰচেষ্টা সফল হওক।হাঁহিয়ে সকলোৰে জীৱনবোৰ সুন্দৰ কৰক আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।তাৰেই কামনাৰে——–

সম্পাদক

 

ফটাঢোল ই-আলোচনী

পঞ্চম বৰ্ষ,তৃতীয় সংখ্যা

☆ ★ ☆ ★ ☆

19 Comments

  • কমলা দাস

    খুব সুন্দৰ কৈ লিখিলা অৰবিন্দ। ভাল লাগিল

    Reply
  • ডলী

    ভাল লাগিল সম্পাদকীয়

    Reply
  • জিতু

    সম্পাদকীয় ভাল লাগিল।

    Reply
  • পল্লৱী কৌশিক শৰ্মা

    সুন্দৰ সম্পাদকীয়। হাস্যৰসৰ বিষয়ে সুন্দৰ লেখা এটা পঢ়িবলৈ দিয়াৰ বাবে ধন্যবাদ তোমাক।
    অভিনন্দন জনালোঁ ।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল সম্পাদকীয় । জীৱনত সুখী হবলৈ হাঁহিব পাৰিব লাগিব, সেইয়াই ভিটামিন ?

    Reply
    • কৰবী দেবী

      সুন্দৰ সম্ভাৰেৰে এখন সৰ্বাংগসুন্দৰ আলোচনী যুগুতালে ।আন্তৰিক অভিনন্দন জনালোঁ। হাস্যৰসৰ বিষয়ে সুন্দৰকৈ প্ৰকাশ কৰিলে লেখাটোত।

      Reply
    • বন্দিতা জৈন

      ভাল লাগিল পঢ়ি সম্পাদকীয় টো

      Reply
  • ৰাজু কুমাৰ নাথ

    বৰ সুন্দৰ সম্পাদকীয়,অভিনন্দন যাচিলোঁ প্ৰভূ।।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল অৰবিন্দ

    Reply
  • Pranita Goswami

    সুন্দৰ সম্পাদকীয়। সুখ-দুখ মানুহৰ জীৱনৰ লগৰী। দুখবোৰক প্ৰত্যাহ্বান জনাই হাঁহিৰে আগুৱাই যোৱাজনে জীয়াই থকাৰ মাদকতা উপলব্ধি কৰিব পাৰে।

    Reply
  • pankaj protim

    এই জীৱন সুখ দুখেৰে ভৰা। তথাপি হাঁহিবোৰ হেৰাই যাবলৈ নিদিয়াকৈ ধৰি ৰখাটো মানৱ সভ্যতাৰ কৰণীয় । ভাল লাগিল পঢ়ি ছাৰ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল সম্পাদকীয় পঢ়ি৷

    Reply
  • ৰামানুজ জি

    সম্পাদকীয় ব্যংগৰসৰ আলমত আগবঢ়া বাবে বৰ ভাল লাগিল….

    Reply
  • জ্যোতিৰূপা

    বৰ সুন্দৰ সম্পাদকীয়৷

    Reply
  • প্ৰবাল খাটনিয়াৰ

    বৰ সুন্দৰ সম্পাদকীয় লিখনি।

    Reply
  • কলচুম

    বৰ সুন্দৰ সম্পাদকীয়

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    বৰ ভাল লাগিল সম্পাদকীয়টো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *