ফটাঢোল

নতুন জোতাযোৰ-মৌচুমী গগৈ

যোৱা সপ্তাহত অনলাইনত স্পোৰ্টচ শ্বো এযোৰ অৰ্ডাৰ কৰিছিলোঁ।কালি জোতাযোৰ আহি ঘৰ পালেহি।ভালদৰে বহাই লৈ খা- খবৰ লৈ থাকোঁতেই পতিদেৱে জোতাযোৰ ধুনীয়া লাগিছে বুলি মাত এষাৰ দিলেহি।জোতাযোৰৰ লগতে ময়ো গপতে গঙ্গাটোপটো যেন হৈ ক’লোঁ —–

: মোৰ পচন্দৰ বস্তুবোৰ সদায়েই ইউনিক হয় ।গতিকে ভাল নলগাৰ প্ৰশ্নই নাহে।

 এইবাৰ সেইজনে ক’বলৈ ধৰিলে ……

: মই যে ইমান ডাঙৰ কথাটো জনাই নাছিলোঁ নহয়!মই সদায়েই নিজকে তেনেই সাধাৰণ মানুহ বুলিয়েই ভাবি আছিলোঁ।আজিহে মোৰ ইমান গুণ আছে বুলি গম পালোঁ।আজিৰপৰা মোৰ মাটিত ভৰি নপৰিবই যেন পাইছোঁ।

 মই  (আচৰিত হৈ) 

 :হেৰি,অলপ ব্ৰেক মাৰকচোন।ইমান স্পীদত কোনফালে যায়!আপোনাৰ আকৌ বেলুনৰ দৰে ফুলিবলৈ কিহে পালে?

: কিয় ,তুমিয়েই দেখোন কৈছা যে তুমি সদায়েই ইউনিক বস্তু পচন্দ কৰা।মই যে ইউনিক গমেই পোৱা নাছিলোঁ।

: কিছুমান মানুহে ভুল ধাৰণাবোৰ মনত লৈয়েই সন্তুষ্ট লভিব বিচাৰে।——মই লাহেকৈ ক’লোঁ।

: মানে ?——তেখেতে সুধিলে ।

মই (গহীনত )

:আপোনাক ‘ইউনিক’ বুলি মই কেতিয়া কৈছিলোঁ।মই জোতাযোৰৰ কথাহে কৈছোঁ।ক’ত জোতাযোৰ আৰু ক’ত আপুনি।আকাশ আৰু পাতালৰ দৰে পাৰ্থক্য। 

সেইজনৰ মুখখন পাম্প যোৱা বেলুনটোৰ দৰে হ’লেই।

 মইও দুগুণ উৎসাহেৰে তেওঁলৈ চাই ক’লোঁ,—–

: ‘ইউনিক’ মানুহেহে ‘ইউনিক’ বস্তু ভাল পায় ,গতিকে ‘ইউনিক’ কোন হ’ব পাৰে কওকচোন। আচলতে মইহে ‘ইউনিক’ ন! আপুনিতো আইকণিক। 

 কথাষাৰ ক’বলৈহে পালো ,সেইজনাই চোফাখনত আৰু অলপ বহলাই বহি ল’লে।

 ময়ো তাকে দেখি লাহেকৈ ক’লোঁ,—–

:হেৰি ,চোফাখনত ভালকৈ ধৰি থাকক দেই! বেছিকৈ ফুলি বেলকনিৰ ফালে উৰি গ’লে মই ৰিস্ক নলওঁ দেই!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published.

error: Content is protected !!