ফটাঢোল

জ’ৰ-সে-ব’-ল—- “ব’ল-বম “-প্ৰান্তৰ ভাগৱতী

প্ৰায় দহ পোন্ধৰ বছৰমান আগৰ কথা । শাওন মাহ সোমালে মনতো ভাল লাগি যায়।সোমবাৰে পুৱাতে উঠি ছোৱালীজনীক ফুৰাব নি ব’ল ব’ম যাত্ৰীসকলক দেখুৱাওঁ। আগতে সৰুকালত দেখিছিলোঁ শাওন মাহৰ সোমবাৰটোত মায়ে ব্ৰত কৰিছিল,দেউতা জীয়াই থকালৈকে। আমি নিৰামিষ ভাত খাইছিলোঁ দিনত আৰু ৰাতি; মায়ে ৰাতি কেৱল ৰুটী আৰু গাখীৰ খাইছিল। তেতিয়া ব’ল ব’ম নামৰ যে কিবা উৎসব আছে আমি নাজানিছিলোঁৱেই। নব্বৈৰ দশকৰ শেষভাগত পঢ়া-শুনা সামৰি ঘৰ আহি দেখিলোঁ এটি বেলেগ দৃশ্য। শাওন মাহৰ দেওবাৰে সন্ধিয়া আমাৰ ওচৰৰ বিহাৰী সম্প্ৰদায়ৰ কিছু লোক,চাহবাগান, প্ৰাক্তন চাহবাগানৰ কিছু লোকে দেওবাৰে সন্ধিয়া ধূতী,গেঞ্জী পিন্ধি কান্ধত লাঠি এডালত সৰু মলা বা কলহ  বা হাতত সৰু কলহ এটা লৈ সুন্দৰ ভাৱে পাঁচ ছয়জন মিলি আমাৰ ঘৰৰ সমুখেৰে খোজকাঢ়ি  যাত্ৰা কৰিছে বিশ্বনাথ ঘাট অভিমুখে । লগে লগে আগত যোৱা জনে গাই গইছে…..

“জ’ৰ চে ব’ল’….ব’ল ব’ম……প্যাৰ চে ব’ল’…..ব’ল’ বম।”

লগে লগে পিছত গৈ থকাকেইজনেও সঁহাৰি দি গাইছে…

 “ব’ল ব’ম ….ব’ল ব’ম।”

আগত যোৱাজনে গায়……

” ভোলা বাবা পাৰ কৰে্ৰগা।”

 পিছত যোৱা কেইজনে চিঞৰে…… 

 “পাৰ কৰে্ৰগা পাৰ কৰে্ৰগা।”

আকৌ আগৰ জনে গায়……

” জতাধাৰী পাৰ কৰে্ৰগা।”

পিছত থকা কেইজনে গায়……

“পাৰ কৰেগ্গা পাৰ কৰে্ৰগা।”

আকৌ আগৰ জনে গায়……..

 ” ত্ৰিশূলধাৰী পাৰ কৰ্ ৰেগা।”

লগে লগে পিছত থকা কেইজনে গায়……..

” পাৰ কৰ্ ৰেগা পাৰ কৰ্ ৰেগা।”

এনেদৰে ৰাতি বাৰ মান  বজালৈকে দুটা চাৰিটাকৈ  মানুহ গৈয়ে থাকে। ৰিণিকি ৰিণিকি ভাহি অহা মাতবোৰ কিবা এটাচোন ভালেই লাগিছিল শুনিবলৈ।

সোমবাৰে ৰাতিপুৱা সেইসকলে পুণৰ ঘাটৰপৰা কলহত পানী ভৰাই খোজকাঢ়িয়ে  উভতি আহে । আকৌ একেই কন্ঠস্বৰ ৰাতিপুৱা…….

“জোৰচে ব’ল’….. ব’ল ব’ম।”

তেনেদৰেই দিনবোৰ পাৰ হৈ হৈছিল । হঠাৎ কেইবছৰ মান আগৰপৰা সকলোবোৰ সলনি হৈ গ’ল। ব’ল ব’মৰ নামত গেৰুৱা বসন পিন্ধি এখন টেম্প’ বা পিক আপ বা সৰু ট্ৰাক বা ভান তাত কাণ তালমৰা  ডি জে মিউজিক বা চাউণ্ড চিষ্টেম লগাই ৰাইজৰ টোপনি ক্ষতি কৰি হুলস্হূলীয়া পৰিৱেশ এটাৰ সৃষ্টি হ’ল।  বেয়া লাগে এটাই যে দহ বছৰ আগতে মোৰ সৰু ছোৱালীজনীক সোমবাৰে  ৰাতিপুৱা সোনকালে উঠি ব’ল ব’মত যোৱা মানুহ দেখুৱাব নিছিলোঁ।তায়ো সিহঁতৰ লগত সঁহাৰি দি গাইছিল 

“বু’ল ব’ম ….বু’ল ব’ম “”!!! 

 কিন্ত এতিয়া মোৰ সৰু লৰাটোৰ ক্ষেত্ৰত  সোমবাৰে  ৰাতিপুৱা তাক ফুৰাবলৈ লৈ যাওঁতে ‘ব’ল ব’ম ধাৰী’ সকলৰ কাণ তালমৰা মিউজিক শুনি  ক’বলগীয়া হৈছে

” ব’ল….ঘৰ ব’ল,ভিতৰ সোমা।  নহলে তোৰ কাণৰ পৰ্দা ফাটিব।”

এৰা! কোনে কৈছে পৰিবৰ্তন হোৱা নাই বুলি? হৈছে । আমাৰ এচাম অসমীয়া মানুহৰে ভাল পৰিবৰ্তন হৈছে। কাণ তাল মৰা গান বজাই গাড়ীত উঠি নাচি বাগি বাবাৰ প্ৰসাদ গোটেই ৰাতি টানি টানি ভক্তসকল একো একোজন ‘মহান ভক্ত’লৈ পৰিবৰ্তন হৈছে ।কাৰণ আজি কালি বেছিভাগ ব’ল ব’ম যাত্ৰী ভক্ত আমাৰ অসমীয়াহে । বাহ!  একো একোজন ভক্তৰ ‘দ্ৰেচ’ কি চাবা !! গেৰুৱা ৰঙৰ হাফ পেন্ট,গেৰুৱা টি চাৰ্ট মাজত ভোলানাথৰ ছবি আৰু গাড়ীত হাই ভলিউমত বিহাৰী,ভোজপুৰী ডিস্ক’ গানৰ তালে তালে নাচি বাগি বাবাৰ প্ৰসাদ বা দেবতাৰ মদিৰা পান কৰি কি চেও ! গানৰো কোব কি চাবা!!

 “তু লগেলা লু লিপষ্টিক ..হিলেলা চাৰা  District ..হায় কমৰিয়া .. উফ কমৰিয়া ……..।”

যি গান শুনিলে মহাদেৱ যে পলাই ফাট মাৰিব খাটাং। কেতিয়াবা ভাবোঁ আমিও এপাক মাৰি আহোঁ নেকি ?? পিচে ভয় লাগে । যাওঁতেই এই মহান অৱতাৰী ভক্ত সকলৰ এই ৰূপ। মাজনিশা বা কি ৰূপ লয় ??? তাতকৈ প্ৰভুক বিচনাৰপৰাই মনে মনে চিন্তা কৰি সেৱা জনাই শুই থকাই ভাল।

আজিৰপৰা ৩০ বছৰ আগতে নৱম শ্ৰেনীত পঢ়া ইংৰাজীৰ পাঠ এটা এতিয়াও মনত আছে । বৃটিচ লেখক AG Gardiner ৰ ” Rule of the road”। 

তাত পঢ়া এষাৰ বাক্য এতিয়াও মনত আছে। 

” Liberty is not only a personnel affairs but also a social Conduct.”  

আপোনাৰ স্বাধীনতা আছে গান শুনিবলৈ । কিন্ত ৰাতি বাৰ বজাত টেটু ফালি গান বজাই ওচৰ চুবুৰীয়াক অসুবিধা দিয়াৰ অধিকাৰ নাই। কাৰণ ই ভাল  Social conduct নহয়। ওঁঠৰ শতিকাতে বৃটিছসকলে অনুধাৱন কৰা এই Social Conduct আজি একবিংশ শতিকাতো আমি খাৰখোৱাসকলে অনুধাৱন কৰিবপৰা হোৱাগৈ নাই ।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *