ফটালিমাৰিক-ধনজিৎ বৰুৱা
১)
বিপদ আহে জাতিলৈ সৰৱ হওঁ আমি সকলো
কথা বোৰ বুজিও কিন্তু উত্তৰ পুৰুষক নক’লো
জাতিৰ বাবে কলম মাত্র
পাছলৈ হম পুতৌৰ পাত্র
প্ৰতি দিন শতৰু এখোজ বাঢ়়ে ঠাইতে ৰৈ গ’লো
২)
বাচি আছো মাত্র সেয়াই বহু ডাঙৰ কথা
সমস্যা যেন বৰ বান ভঙা চাঙৰ বেথা
দেশ সমাজৰ কি অৰ্থ
জীৱন শক্তি কিয় ব্যৰ্থ
কৰ্মহীন মাথো সকলো কলা জ্ঞানৰ লেঠা ।
☆ ★ ☆ ★ ☆
12:38 pm
সচেতন লিমাৰিক।