ফটাঢোল

ফায়াৰিং স্কোৱাদৰ সোৱাদ-ত্ৰিদিপ আৰ শৰ্মা

ম‍ই দেখোন কথাটো একদম পাহৰিলোঁ। সঁচাই পাহৰিলোঁ। অক্কণো মনত নাই। ইমান ভুলক্কৰ কিয় হৈছোঁ বাৰু, মতলব কেচটো কি?

পিচে কি পাহৰিলোঁ, সেইটো নোসোধাই ভাল। মানে সেইতোৱেইটো পাহৰিলোঁ কিনো পাহৰিলোঁ মই। (ছেঃ কথাটো বৰ বেয়া হ’ল নেকি। ইমান ইমপৰ্টেণ্ট কথাটোনো পাহৰিব লাগেনে। বৰ কষ্ট হয় এনেকুৱা হ’লে।

আজি কিছুদিনৰ পৰা এনেকুৱা খুব হোৱা হৈছে। পাহৰি যাওঁ কথাবিলাক। কিবা জৰুৰী কথা পাহৰিলে পিছত কিমান কেজেং লাগে বা লাগিব পাৰে, সেইটো জনাজনেহে জানে। আৰু তাতকৈ ডাঙৰ পয়মাল হয় কোনে কোৱা কথা পাহৰিলোঁ সেইটো লৈ। কিছুমানে কোৱা কিছুমান কথা পাহৰিলে ন’ প্রব্লেম, চলি যাব। পিচে ‘কোনোবাই’ কোৱা কিছুমান কথা পাহৰিলে একদম জিনা হাৰাম হৈ যাব পাৰে।

ইমান সৰু বয়সত এই ফুলকুমলীয়া মনটো কিয় এনেকৈ মামৰে ধৰিলে বুজি পোৱা নাই। মাত্র পাঁচটা দশকৰ এটা এটাকৈ মন মতলীয়া কৰা বসন্ত গৰকা এই এধানমান মনটো কিয় হঠাৎ এনে ভুল-ভুলেইয়াত সোমাই পৰিল, কেনেকৈ গম পাম বাৰু?

নাতি-পুতিৰে ভৰা ঘৰ, ফূৰ্তিতেই থাকোঁ দেখোন। ৰাতিপুৱাই কুকুৰ দুটা লৈ মৰ্নিং ৱাক কৰোঁ, ৰাস্তাত পিলপিলাই থকা বুঢ়াকেইটাক হেল্ল’ হাই কওঁ। কুকুৰ দুটা বৰ ভাল জাতৰ, একদম দমেস্তিকেতেড মঙৰেল জাত। সেই যেনি তেনি দেখা পোৱা এলছেচিয়ান বা ড’ভাৰমেনতকৈ বহু বেলেগ, বহু ইউজাৰ ফ্ৰেণ্ডলি। ইহঁত দুটাৰ প্ৰতিপালন, থকা-খোৱা লৈ মই একো টেনচন ল’ব নেলাগে। ৰৈ যোৱা ভাত, মাছৰ কাঁইট এক্কোকেই না বুলি নকয়। আৰু যিমানেই ৰ’দ-বৰষুণ নিদিয়ক কিয়, কালু আৰু ডালুয়ে কাঠি, মানে বাৰাণ্ডা এৰি নেয়ায় মোৰ ঘৰটো হেয় জ্ঞান নকৰে। ইমানেই ভাল। ইহঁতৰ লগত খেলি থাকোঁ, মন ভালো থাকে কিন্তু তথাপিও কিয় কথাবোৰ ইমান পাহৰোঁ, বুজি নেপাওঁ।

পো-নাতি-বোৱাৰী তৰা সংসাৰ। সকলোৱে মিলি টেলিভিছনত ‘ভাৰাঘৰ’ চাওঁ। হেমন্ত কাকতিৰ কথা-কাণ্ড মোৰ নিজৰেই যেন লাগে। কিন্তু হ’লে কি হ’ব, পিছদিনা আকৌ সেই পুৰণা বেমাৰটোৱে উক দিয়ে। সৌ সিদিনাৰ কথা। চিল্লি ফলগভেদ যে চচুৰাল’ৰ পৰা ৰাতিৰ নাইট চুপাৰত অহা এজনক বাছ ষ্টেণ্ডৰ পৰা ৰিচিভ কৰি ৱেলকাম কৰিবলৈ গৈছিল শ্ৰীমতীয়ে। কালু-ভালুক লগত লৈ প্ৰাতঃ ভ্ৰমণৰ পৰা ঘূৰি আহি আগফালে কোনোবা এজনক বহি থকা দেখিহে কথাটো মনত পৰিল। মানে আজি আকৌ ফায়াৰিং স্কোৱাদ ফেচ কৰিব লাগিব। পিচে ঘৰৰ ৰাইজ শুই উঠাৰ আগতেই আলহীৰ লগত ভাল ভাল কথা পাতি তেখেতক মেছ-ফিক্সিং কৰি মোৰ ফলীয়া কৰি ল’লোঁ। টোপ দিলোঁ গধূলি এপাক পাৰ্কৰ ফালে ফুৰাব লৈ যাম বুলি, ধুনীয়া মহিলা চাব, পেদেল মৰা ব’টিং কৰিব। কথাই কথাই গম পালোঁ, তেখেতৰো ‘ফূর্তি পানীৰ চখ আছে, কিন্তু ঘৰত নট এলাউদ। হ’ব, ন’ প্রব্লেম, গধূলি আমাৰ ক্লাব, মানে নেওগৰ ঘৰৰ ফালে ওলাই যাম বাৰু। দত্ত বৰ ভাল মানুহ, মোৰ অফাৰ দুটা সাদৰেৰে গ্ৰহণ কৰি মোক বিন্দাচ থাকিব ক’লে। মানে মই তেখেতক ৰাতিপুৱা ৰিচিভ কৰি ৱেলকাম কৰিলোঁ বুলি দত্তই ঘৰভ ক’ব, তেত্ৰিছ কোটি দেৱতায়ো এতিয়া কথাটো নুই কৰিব নোৱাৰে। ফায়াৰিং স্কোৱাদ কেঙ্কেল।

পিচে লেঠাটো এতিয়াহে লাগিল। ক’ৰ পৰা আৰম্ভ কৰি ক’ত পৰিলোঁ পাহৰিলোঁ দেখোন। আচলতে কি ক’ব ওলাইছিলোঁ, কিয় ক’ব ওলাইছিলোঁ মনত নপৰা হ’ল। বিচাৰিব লাগিব যোৱা কেইদিনমানৰ ভিতৰৰ ট্রিবিউনখনত ব্রেন’লিয়াৰ এড এটা দেখা যেন পাইছিলোঁ। কিন্তু ব্রেন’লিয়া আজিকালি পায় নে নেপায় নেজানো। পাই যদিও ক’ত পায় পাহৰিলোঁ। নহ’লে ওচৰৰ গাঁওত ব্রাহ্মী শাক বিচাৰি কেইঘৰমানত তাগিদা দিব লাগিব।

দেখিছেনে, এই পুৰণা কথাবোৰ ঠিকেই মনত আছে – ব্রেন’লিয়া, ব্রাহ্মী শাক, এটছেত্রা এটছেত্রা। কিন্তু নতুন কথাবোৰ কিয় মনত নেথাকে বাৰু?? যোৱা শনিবাৰৰ কথা। ছেকেণ্ড চেটার্দে উপলক্ষে অফিচ অফিচ খেলিব নোযোৱাকৈ হ’ল। ভালেই হ’ল, চাৰিআলিৰ সাপ্তাহিক হাটলৈ ওলাই গ’লোঁ স্কুটাৰখন লৈ। মোৰ হেলমেটটো অলপ কেৰেক হোৱা কাৰণে ল’ৰাটোৰ ফুল-মাস্কখন তাক নোকোৱাকৈ ধাৰলৈ লৈ ল’লোঁ। মাজে মাজে তাৰ বাইকখনো চুই চাওঁ, কিন্তু এনিথিং বিয়ন্দ দেট সাহস হোৱা নাই। এই বয়সত নট-বল্টু ঢিলা হ’ব লাগিলে পিএফৰ গোটেইখিনি ডাক্টৰ-হস্পিটালক বার্থডে গিফ্ট দিয়াহে হ’ব। তাতকৈ মোৰ যোৱা দুটা দশকৰ লগৰী ভেচপাখনেই ভাল। স্পীড বঢ়ালে এক্সিডেণ্ট হ’ব, বিলো ফাটি পৰিলেও বৰ বেছি দুখ নেপাওঁ। মানে আগৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। এইখন প্রথম লোৱাৰ সময়ত, মানে আমাৰ বিয়াৰ ঠিক পাছতেই এবাৰ শ্ৰীমতীক লৈ ওলাই গৈছিলোঁ ফৰ এ লং ৰাইদ৷ তাৰ পাছত কি হ’ল, কিয় হ’ল কেনেকৈ হ’ল প্লিজ নুসুধিব লাজো লাগে, ভয়ো লাগে, বেয়াও লাগে বেচেৰীলৈ। তেওঁ মোৰ স্কুটাৰত বহুদিনলৈ উঠা নাছিল সেই লং ৰাইদৰ পাছত। মই চলাব পৰা হৈ থাকিলেহে উঠিব। বিৰাট গভীৰ প্রেম কাহিনী তাৰ পাছত প্ৰায় আধা বছৰ, খুউব মৰমৰ আদান-প্রদান, সনা-পিতিকা মোৰ আঁঠু আৰু ভ’লিনিৰ মাজত।

গ’ল নহয় আকৌ মোৰ কথাখিনি অবাটে। চাৰিআলিৰ সাপ্তাহিক হাটলৈ বুলি ওলাই কিবা লং ৰাইদৰ কথা বলকিব লাগি গ’লোঁ। মানে ফৰগট দ্যা মেইন লাইন। কৈছোঁ নহয়, কথাবোৰ কিবা পাহৰি যাওঁ দেখোন। বজাৰৰ পৰা দুই মোনা কিবাকিবি আনি ঘৰ পোৱালোঁহি। শ্ৰীমতীক কৈ একাপ চাহ খালোঁ। তাৰ পাছত লাগি গ’লোঁ নিজৰ কামত। বজাৰৰ পৰা অনা জহা চাউলখিনি সৰু টেমাটোত, খেজুৰিৰ গুৰখিনি পিচ পিচকৈ টুকুৰা কৰি প্লাষ্টিকৰ ডাব্বাটোত, বাঁহ-গাজখিনি থেতেলিয়াই ৰ’দত মেলি মানে ঠিক তেনেকুৱা হেল্প কৰি দিলো শ্ৰীমতীক।

গধূলি আগফালে বহি আছোঁ আমি দুয়ো।  গধূলি মানে ঠিক সেই যে ঘৰৰ লাইট নুমাই থৈ ৰাস্তাৰ লাইটৰ পোহৰত ঘৰৰ সঁহ ওলাই যাওক বুলি ভবা হয় ঠিক তেনেকুৱা সময়ত। নাতিনীক লৈ বোৱাৰী মাকৰ ঘৰলৈ যোৱা আজি এমাহমানেই হ’ল। ইহঁত দুটা নাই, ৰাতিপুৱাই পিকনিক খাব গৈছে নিজৰ নিজৰ পল্টনৰ লগত, এঘাৰ বাৰটাৰ আগতে আহি নেপাব। আমি দুয়ো বহুতদিনৰ মূৰত আজি এনেকৈ নিৰিবিলিকৈ পাইছোঁ। খুব কথা পাতিম আজি। পুৰণা দিনৰ কথা পাতিম। হয়তো এপাক ওলাই যাম। মানে ৰোমাণ্টিক ৰোমাণ্টিক টাইপ গধূলি কৰা ইভিনিং ৱাক। আহোঁতে হয়তো, মানে শ্ৰীমতীয়ে এলাও কৰে যদি, এটা সৰু, মানে কোৱাৰ্টাৰ চাইজৰ ঘটং পানী আনো বুলি মনে মনে ভাবি আছোঁ। দেবী চানা নেপাওঁ যদি বিকাজী ভুজিয়া এক পেকেট লগতে অনাতো বেয়া নহ’ব কিজানি।

হঠাৎ মনত পৰিল যে দুপৰীয়া ৰিক্সাৱালাটোৱে মোৰ পৰা দহটকা বেছিকৈ ল’লে। লগে লগে ৰিয়েলাইজ কৰিলোঁ আজিয়ে মোৰ মৃত্যু অনিবাৰ্য্য। কনকৰ দোকানৰ ওচৰত ষ্টেণ্ড কৰি থোৱা মোৰ ভেচপাখনৰ ওপৰত নতুন হেলমেটটো এতিয়ালৈ থাকিবনে?? শ্ৰীমতীক একো ক’বলৈ চাঞ্চ নিদিয়াকৈ মই কোঁকোৱাই ওলাই গ’লোঁ, পাছে পাছে মোৰ চাৰিঠেঙীয়া কেনাইন লগৰী দুটা। ইহঁতে আজি পাক্কা কিবা এটা এডভেঞ্চাৰ হ’ব বুলি গম পাইছে চাগে। ৰিক্সা এখন পালে ভাল আছিল।

কিয় পাহৰা হৈছোঁ কথাবিলাক? আজি গম পাম ফায়াৰিং স্কোৱাদ মানে কি। বাচি থাকোঁ যদি পিছত ক’ম তাৰ সোৱাদৰ কথা। আৰু ক’ম ‘কনকৰ দোকানৰ ওচৰত পকেটত হাত ভৰাই স্কুটাৰৰ চাবি…

মোৰ আজি কি গতি হ’ব? মই দেখোন কথাটৈ একদম পাহৰিলোঁ। সঁচাই পাহৰিলোঁ। অক্কণো মনত নাই। ইমান ভুলবোৰ কিয় হৈছে বাৰু, মতলব কেচটো কি?

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *