ফটাঢোল

গান্ধী জয়ন্তী-শ্ৰুতিমালা মিশ্ৰ

নতুনকৈ পোৱা চাকৰিটোত জইন কৰিবলৈ কাহিলীপুৱাই উঠি গা-পা ধুই গোঁসাইঘৰত সোমাই ঈশ্বৰক সেৱা কৰি ৰেডী হৈছোঁ। মা-দেউতাৰ ভৰি চুই সেৱা কৰি ঈশ্বৰক চিন্তি গন্তব্যস্থললৈ ওলালোঁ।  লানি লানি সেউজীয়া বিৰিখৰ মাজেৰে যোৱা ৰাস্তাটো, অʼত এটা ডোঙা, তʼত এটা ডোঙা। টেম্পʼৰ থেকেচনিত কঁকালটো কেৰেচকৈ উঠিলে বহুবাৰ। তথাপিও ‌একো এটাই প্ৰথম চাকৰিত যোগদান কৰাৰ অদম্য উৎসাহক ম্লান কৰিব পৰা নাই। 

লাইন লাইন টিনপাতেৰে ঘেৰি সৰু সৰুকৈ বন্ধা ঘৰ, ডাঙৰ ডাঙৰ ফিচাৰী আৰু ফিচাৰীৰ পাৰে পাৰে দীঘলীয়া কলগছৰ শাৰীৰে স্কুলখন থকা গাঁওখন। দেখিয়েই বুজিলোঁ সংখ্যালঘু সম্প্ৰদায়ৰ গাঁও। সোমাইয়েই বুকুলৈকে পৰা এমুখ দাড়িৰে সেয়া হেডচাৰ। প্ৰয়োজনীয় ডকুমেণ্টচখিনি দি জইন কৰাৰ কামখিনি কৰি উঠি‌ হেডচাৰে আগবঢ়াই দিয়া হাতল নোহোৱা চকীখনত বহি এবাৰ চকু ফুৰাই চালোঁ স্কুলখনৰ চাৰিওফালে। এইখনেই মোৰ কৰ্মক্ষেত্ৰ। চাকৰি পোৱাৰ সময়ৰ যি শিহৰণ সেই শিহৰণে মনত ঢৌ তুলি থাকিল। পিছদিনা ডিউটীলৈ বুলি সোনকালেই ওলালোঁ।

ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাৰ পিছতেই তৃতীয় শ্ৰেণীৰ ক্লাছৰূমলৈ ৰেজিষ্টাৰটো লৈ প্ৰৱেশ কৰিছোঁ। 

“আচ্ছালাইৱালেকুম দিদি।” 

নমস্কাৰৰ সলনি এই প্ৰভাতী সম্ভাষণ পাই চকু দুটা ডাঙৰকৈ মেলি চালোঁ। 

“বাইদেউ বা চাৰ ক্লাছৰূমলৈ আহিলে সদায় নমস্কাৰ দিব লাগে দেই সকলোৱে।  সকলোৱে কোৱা নমস্কাৰ।” 

“নমস্কাৰ দিদি।” 

দিদিৰ সলনি যে সহজে বাইদেউ নোলাব বুজিলোঁ। 

লাহে লাহে ‘দিদি’তেই অভ্যস্ত হৈ পৰিলোঁ।  গৰমৰ দিনত হেঁফাই-ফেঁফাই কোনোমতে ক্লাছৰুমত সোমাই ৰোলকলটো কৰোঁহে, সমস্বৰে চিঞৰেই – 

“দিদি, লেহা দেন‌। লেহা দেন‌ দিদি।” 

দিন গৈ আছে এইদৰে। লাহে লাহে তেওঁলোকৰ মাত-কথাৰ লগত অভ্যস্ত হৈ পৰিলোঁ। ভাষাটোও অলপ-অচৰপ আয়ত্বলৈ আহিল। এইদৰে দুমাহমান যোৱাৰ পিছত আহিল গান্ধী জয়ন্তী। প্ৰভাতী বন্দনাৰ পিছত গান্ধীজীৰ ফটোত মাল্যাৰ্পণ কৰি চাকি-বন্তি জ্বলাই তেখেতৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিলে হেডচাৰে। আগদিনাই দুজনমানক গান্ধী জয়ন্তী উপলক্ষে ঘৰত গান আৰু কবিতা প্ৰেকটিছ কৰি আহিবলৈ দিছিলোঁ। সেইমৰ্মে এজনক মাতিলোঁ গান গাবলৈ। 

:  মুমতাজ, চাজিনা, আহা গান এটা গাবা তোমালোকে। ইয়ালৈ আহা।” 

: হে দিদি, আমি যাইচতো।

ইমান সময়ে এটাও হুলস্থূল নথকা ৰূমটোত গানৰ সুৰ এটা গমগমাই উঠিল- 

“চুকুৰবাৰকে আইগো, চনিবাৰকে আইগো, হুকু হুকু আল্লা, দিদি আমাৰ আইগো ঘৰে, হুকু হুকু আল্লা।” 

চশমা চিটিকি পৰিবলৈ বাকী গান শুনি। 

: হেই এইজনী, এইবিলাক গান্ধী জয়ন্তীত গোৱা গান হʼবলা! মই সেইদিনা ক্লাছত যে শিকাই দিছিলোঁ ৰামধুনটো, সেইটোহে গাব লাগে।

হেডচাৰে কাষলৈ আহি লাহেকৈ কʼলে 

: চাইৰুণ দিদি। জাইন দেওন এইগো। 

গান্ধী জয়ন্তীৰ ধামাকা মাৰেই যোৱা নাই; আহিল নহয় আৰু এদিনৰ ঘটনাৱলী। 

ক্লাছৰ বʼৰ্ডত গোট গোট আখৰেৰে লিখি লিখি দি পঢ়াই গৈ আছোঁ- 

“এইটো হ’ল ‘অ’। ‘অ’ৰে অমিতা। এইটো হ’ল ‘আ’। ‘আ’ৰে আম। এতিয়া কোৱা তোমালোকে।” 

: দিদি, ‘অ’তে অমিতা।

:  উম, তাৰপিছত এইটো কি? 

: তাৰপৰে এইটা অ, অ কাচে একটা দাণ্ডা। আৰ তাৰ কাচে এইটা চুধা ‘ম’। এইটা বোলে ‘আম’।

মই ( মূৰে-কপালে হাত দি) – “হৈছে আৰু অʼ।” 

এইদৰে আহি আহি ‘ম’ আহি পালোঁ। কিতাপত থকা মহাত্মা গান্ধীৰ ফটোটো‌ দেখুৱাই কʼলোঁ – 

: এয়া দেখিছা নহয়। এয়া হৈছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী। এখেতৰ ফটো আগতে দেখিছানে তোমালোকে?

: হে দিদি, দেখচি আমি।

: আচ্ছা। ক’ত দেখিছা তোমালোকে এখেতৰ ফটো? 

: হে দেখচি দিদি আমি। এই মানুচটা না, আমি দেখচি। নোটেৰ মধ্যে থাকুন, একটা লাঠী লৈয়া।

মূৰ ঘূৰাই নপৰিলোঁ কেনেবাকৈ উত্তৰ শুনি। 

আকৌ এদিন আহিল কাজিয়া এখন মিটমাট কৰাৰ পাল। দুজনৰ মাজত কাজিয়া লাগিল। এজনে আহিল গোচৰ দিবলৈ। সুধি আনজন কোন তাক মাতিবলৈ দিলোঁ। হাতেৰে পকাই ইংগিতেৰে আনজনক মাতিছে –

: আয়ুন এইখানে।

গোটেই ঘটনাটো কি হ’ল বুলি বৰ্ণনা কৰিবলৈ দিওঁতে মাৰ খোৱাজনে সিজনক পিঠিৰ একেবাৰে সোঁমাজতে থিয় গোৰ এটা দি দেখুৱাই দিছে কেনেকৈ মাৰিছে। মূৰে-কপালে হাত দি মূৰত এলেপামান নৱৰত্ন তেল ঘঁহি ঘঁহি চিন্তা কৰি বহি আছোঁ –

“হে প্ৰভু, ৰিটায়াৰমেণ্টৰ দিনালৈ মোৰ তালুত যি দুই-এডাল চুলি আছে সেইকেইডাল বচাই ৰাখিবা আৰু।”

☆ ★ ☆ ★ ☆

12 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!