ফটাঢোল

কৌতুক – পদ্মলোচন ভৰদ্বাজ

পতি পত্নী ৰাতি বিয়া খাই ঘৰ পাইছেহি। দেৰি হোৱা বাবে পত্নীৰ অলপ অলপ খং উঠি আছিল।

পত্নী: চাওঁ মোক চাবি দিয়ক আৰু আপুনি টৰ্চ ধৰক।

জবৰদস্তি তলা খুলিবৰ চেষ্টা চলিল প্ৰায় তিনি মিনিট মান।  তলা নোখোলেহে নোখোলে। পত্নীৰ খং তুঙ্গত উঠি হিমালয় পাইছে।

পতি: মই চেষ্টা এটা দিওঁ !

পত্নী: পাৰে যদি খোলক। মই টৰ্চ ধৰোঁ।

লাহেকৈ চাবি লগাওঁতেই তলাটো খুলিল। পতিয়ে পত্নীৰ ফালে চালে,

পত্নী: এতিয়া গম পালে নহয় টৰ্চ কেনেকৈ ধৰিব লাগে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *