ফটাঢোল

ফটালিমাৰিক- ধনজিৎ বৰুৱা

১) সামাজিক

আমি সমাজৰ সকলো কৰিম (নলগাওঁ যদিও হাত)।

বেপাৰ পথাৰ সকলো সোণ হ’ব (আমাৰ অংশ তাত)।

সভাপতি সম্পাদক বিত্ত-সচিব,

শ্বহীদ হোৱাটো সঁচাই নচিব,

গৰিহণা দিওঁগৈ  ব’ল সৰুপোনা মানুহবোৰ মাত। 


২) নিচা 

হ’ব পাৰে নিচাৰ পানী থকা পাত্রটি বৰ থুনুকা।

বটল গিলাচৰ মৃদু খুন্দাত কাণত বাজে মধুৰ জুনুকা।

ছিয়েৰচ টু দা টিয়েৰ্চ,

পাত্র ভেদে গিয়েৰচ,

বিভিন্ন গুণৰ জুই দাদা কিছুমান নিচা বিনে সেমেকা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *