ষড়যন্ত্ৰ-জয়ন্ত দাস
গাঁওখনৰ খোৱাপানীকণৰ সমস্যাটো আজি কেইবামাহো ধৰি সমাধান নহ’ল৷ যোৱা প্ৰায় ৮-১০ মাহ ধৰি বিশুদ্ধ খোৱাপানীৰ নামত চৰকাৰখনে কেৱল ঘোলাপানীহে যোগান ধৰিলে৷ পানীৰ সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি গাঁওৰ মানুহখিনিয়ে এখন দৰ্খাস্ত লিখি জীতেনৰ হাতত নগৰৰ কাৰ্য্যালয়টোলৈ পঠিয়াই দিলে৷ জীতেন গাঁওখনৰ আটাইতকৈ শিক্ষিত আৰু ভদ্ৰ ল’ৰা৷ সিয়ো গাঁওখনৰ বাবে এইখিনি দ্বায়িত্ব ল’বলৈ পাই ভালেই পালে৷
অসমীয়া আমাৰ মাতৃভাষা৷ অনুগ্ৰহ কৰি সকলোৱেই অসমীয়া ভাষাতেই নিজৰ কামবোৰ কৰে যেন৷
কাৰ্য্যালয়টোৰ নাম ফলকৰ তলত লিখা কথাখিনি পঢ়ি জীতেনে বৰ ভাল পালে৷ তাৰ বৰ গৌৰৱবোধ হ’ল৷
ভিতৰলৈ সোমাই গ’ল সি৷
: চাৰ, আছেনে?
কোঠাৰ বাহিৰত বহি থকা পিয়নজনক সুধিলে৷
: চাৰে, এতিয়া চাহ খাই আছে৷ অলপ সময় অপেক্ষা কৰিব লাগিব৷
: কিমান সময়?
পিয়নজনৰ উত্তৰত সি পুনৰ সুধিলে৷
: কিমান সময় ক’ব নোৱাৰিম৷ কিন্তু তেওঁ চাহ খোৱা শেষ হ’লেই কলিং বেলটো বজাই দিব আৰু তেতিয়াহে কোনো মানুহ ভিতৰত প্ৰবেশ কৰিব পাৰিব৷
: বাৰু, বাৰু হ’ব দিয়ক৷ প্ৰয়োজন যেতিয়া মোৰ, অপেক্ষাটো কৰিবই লাগিব৷
জীতেনে হাঁহি মাৰি পিয়নজনক ক’লে৷
সি মোবাইলটো উলিয়াই লৈ ফটাঢোলৰ ই-আলোচনীখন পঢ়িব ধৰিলে৷ বহুসময়লৈকে বেলটো নবজাত সি বিৰক্ত হ’ল৷
: কি হ’লহে চাহাবৰ চাহ খোৱা শেষেই নহ’ব নেকি?
: ইমান অধৈৰ্য্য কিয় হৈছে? কৈছোঁৱেই চোন, তেওঁৰ চাহখোৱা হ’লে বেলটো বজাব বুলি৷
ঠিক সেই সময়তেই চাৰৰ কোঠাৰ দৰ্জাখন খোল খালে আৰু এজনী প্ৰায় ২১-২২ বছৰীয়া ছোৱালী কোঠাটোৰ পৰা হাঁহি হাঁহি উলাই আহিল আৰু কাৰ্য্যালয়টোৰ অইন এটা কোঠালৈ সোমাই গ’ল৷
: চাৰৰ চাহখোৱা হ’ল নিশ্চয়৷ সাজু হৈ লওক৷ এতিয়াই তেখেতে বেল বজাব ৷
পিয়নজনৰ কথা শুনি জীতেনেও তাৰ মূৰৰ চুলি কেইডাল আঙুলিৰে এনেই ঠিকঠাক কৰি ল’লে৷
সঁচাকৈয়ে সেই সময়তেই বেলটো বাজি উঠিল৷ পিয়নজনে কোঠাৰ দৰ্জাখন খুলি জীতেনক ভিতৰলৈ প্ৰবেশ কৰিব দিলে৷
সি ভিতৰলৈ সোমাই গ’ল৷ এজন মস্ত শকত-আৱত মানুহ চকীখনত বহি আছে৷ তেওঁৰ প্ৰকাণ্ড শৰীৰৰ ভৰটো চকীখনে কোনোমতেহে ধৰি ৰাখিব পাৰিছে৷
: অঁ, কি অসুবিধা হ’ল তোমাৰ?
বিষয়াজনে জীতেনক ভৰিৰ পৰা মূৰলৈ নিৰীক্ষণ কৰি সুধিলে৷
মানুহজনৰ মাত শুনি জীতেন আচৰিত হ’ল৷ দেখিবলৈ যিমান শকত-আৱত তাৰ তুলনাত মাতটো যথেষ্ট সৰু৷ যেন কোনোবাই মুখত সোপা মাৰিহে ধৰিছে৷ কথাখিনি কোনোমতেহে ভিতৰৰ পৰা ওলাই আহিছে৷
: চাৰ, আমাৰ গাঁওখনত খোৱাপানীৰ খুব অসুবিধা হৈ আছে৷ সমস্যাটোৰ বিষয়ে অৱগত কৰিবলৈ আৰু লগতে স্থায়ী সমাধানৰ বাবে এখন দৰ্খাস্ত দিব আহিছিলোঁ৷
: ঠিক আছে বহা৷ চাওঁ, দিয়া দৰ্খাস্তখন৷
: এইখন চাৰ৷ অনুগ্ৰহ কৰি সমস্যাটোৰ শীঘ্ৰেই সমাধান কৰে যেন৷
কথাখিনি কৈয়েই জীতেনে দৰ্খাস্তখন বিষয়া জনৰ ফালে আগবঢ়াই দিলে৷
: আৰে এয়া কি লিখি আনিছা? কিহৰ দৰ্খাস্ত এইখন?
বিষয়াজনৰ কথাত জীতেনে কিবা ক’ব খোজাৰ আগতেই তেখতৰ ফোনৰ ৰিং ট’নটো বাজি উঠিল৷
“তু ইচ তৰহ মেৰে জিন্দেগী মে চামিল হ’৷ যাহা ভী যাওঁ ইয়ে লগতা হে ” . ….
সম্পূৰ্ণ ৰিং ট’নটো বাজি উঠাৰ পিছতহে তেওঁ ফোনটো ধৰিলে৷
: আৰে বিজিত তই?
বিষয়াজনে ইমান জোৰে চিঞৰ উঠিল যে জীতেন চক খাই উঠিল৷ কোনোমতেহে চকীৰ পৰা নপৰাকৈ থাকিল৷ এই মানুহজনে ইমান জোৰত চিঞৰি কথা ক’ব পাৰিছেনে? তাৰ সন্দেহ হৈ গ’ল৷
: আৰু ক, ইমান দিন ক’ত আছিলি তই? কেনেকৈ মনত পৰিল?
ফোনত সিফালৰ পৰা উত্তৰ শুনি এইবাৰ তেওঁ ঢেকঢেকাই হাঁহিব ধৰিলে৷
: আৰে তই ফোন কৰা বাবে বিৰাট ভাল লাগিছে দোষ্ট৷ এনেদৰেই প্ৰায় আধা ঘণ্টামান ফোনত কথা পাতি পাতি ফোনটো ৰাখিলে৷
: অঁ, তুমি কি কামত আহিছিলা?
জীতেনৰ ফালে চাই বিষয়াজনে সুধিলে৷
: চাৰ, খোৱাপানী সমস্যাৰ সমাধান বিচাৰি দৰ্খাস্ত এখন দিব আহিছিলোঁ৷
: হয় হয় মনত পৰিছে৷ পিচে দৰ্খাস্তখন ক’ত?
: চাৰ ফাইলটোৰ কাষত সেইখন৷
জীতেনে দেখুৱাই দিলে৷
: আৰে এয়া কি? অসমীয়াত যে লিখি আনিছা, এইখন পঢ়িব কোনে?
: তাৰমানে?
জীতেনে আচৰিত হৈ সুধিলে৷
শুনা এনেকুৱা সমস্যাবোৰ মই সমাধান কৰিব নোৱাৰোঁ৷ মোৰ ওপৰৰ বিষয়াজনেহে কিছু সহায় কৰিব পাৰিব৷ কিন্তু তেখেতে অসমীয়াতে লিখা এইখন পঢ়িব কেনেকৈ?
: কিয়? অসমত অসমীয়া ভাষাত নিলিখি জাৰ্মান ভাষাত লিখিম নেকি? আৰু আপোনাৰ ওপৰৰ বিষয়াজনে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ জানো এইটো চাকৰি লাভ কৰা নাই?
: ধেই, তুমি চাগৈ দেশখনত কি হৈ আছে গমেই নোপোৱা ৷ আজিকালি অসম লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অসমীয়া জনাৰ যে প্ৰয়োজন নাই জানা নে নাজানা? আমাৰ কাৰ্য্যালয়ৰ এই বিষয়াজনৰ সাতপুৰুষ অনা অসমীয়া৷ অৱশ্যে এখেতৰ পৰিয়ালটি বহুদিনৰ পৰা অসমত বাস কৰি আছে ৷ শুনা, তুমি দৰ্খাস্তখন লৈ যোৱা৷ পাৰিলে ইংৰাজী নহ’লে হিন্দীত লিখি আনিবা৷
: কিন্তু চাৰ বাহিৰৰ ফলকখনত দেখোন অসমীয়াতে . ….
জীতেনৰ কথা শেষ হ’বলৈ নাপালে৷ বিষয়াজনে সুধিলে,
: তুমি কোনো দেৱালত“ ইয়াত প্ৰস্ৰাৱ কৰা নিষেধ” বুলি লিখি থোৱা দেখা নাইনে?
সি একো বুজিব নোৱাৰি উত্তৰ দিলে৷ “ হয় দেখিছোঁ”৷
: কোৱাচোন তাত জানো মানুহে প্ৰস্ৰাৱ কৰা বন্ধ কৰে? মই নিজেই তেনেকুৱা কিমানবাৰ কৰিছোঁ৷ গতিকে লাভ নাই। তাতকৈ তুমি এটা কাম কৰা…., কথাখিনি শেষ হ’বলৈয়ে নাপালে পুনৰ ফোনৰ ৰিংটনটো বাজি উঠিল “ তু ইচ তৰহ মেৰে জিন্দেগী মে …”
: এক মিনিট ৰ’বা দেই৷ শ্ৰীমতীৰ ফোন আহিছে৷
এক মিনিট বুলি এইবাৰ বা আকৌ কিমান মিনিট কথা পাতে! তথাপিও জীতেন এটা আশাত বন্দী হৈ ৰ’ল যে অন্তত: মানুহে নিজৰ স্ত্ৰীৰ লগত ফোনত বেছি দিঘলীয়া কথা নাপাতে৷ পৰস্ত্ৰীৰ লগত অৱশ্যে কথাটো সুকীয়া৷
সি আশা কৰা ধৰণেই সোনকালেই ফোনটো ৰাখিলে তেওঁ৷ তাৰপিছত জীতেনৰ ফালে চাই সুধিলে,
: এতিয়া এই দৰ্খাস্তখনৰ কি হ’ব কোৱাচোন? তুমি এনেকুৱা এটা ভাষাত লিখি আনিলা, যিটো মোৰ বাহিৰে ওপৰৰ কোনো বিষয়াই পঢ়িব নোৱাৰে৷ গতিকে তুমি এইখন লৈ যোৱা৷ পাৰা যদি অইন ভাষাত লিখি আনিবা৷ দৰ্খাস্তখন ভাজ কৰি তেওঁ জীতেনৰ হাতত দিলে৷
এনেতে চাহ খোৱা মেডামজনী পুনৰ কোঠাটোলৈ সোমাই আহিল৷
: আৰে চাৰ, এওঁ যোৱাই নাই?
: নাই ৰে মেঘালী৷ অসমীয়াতে দৰ্খাস্ত এখন লিখি আনি মোৰ মূৰটো চোবাই আছে এতিয়াও৷
বিষয়াজনৰ কথাত জীতেনৰ ধৈৰ্য্যৰ বান্ধ চিগি গ’ল৷ প্ৰছণ্ড খং উঠিল তাৰ৷ চকুকেইটা ৰঙা হৈ পৰিল ৷ ধমনীত ৰক্ত প্ৰবাহৰ গতি বাঢ়ি গল৷ হাতৰ শক্তিশালী মুঠিটোৰে বিষয়াজনক প্ৰচণ্ড ঘোচা কেইটামান দি সি কোঠাটোৰ পৰা ওলাই আহিল৷
“এয়া অসমীয়া জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নেকি”?
জীতেনে ভাবিবলৈ ধৰিলে৷
☆ ★ ☆ ★ ☆