ফটাঢোল

ভাৱৰীয়া শইকীয়াৰ কাহিনী-জয়ন্ত প্ৰীতম 

সেয়া আছিল আমাৰ শইকীয়াৰ শৈশৱকালৰ কথা। হয়তো তেতিয়া শইকীয়াৰ বয়স ১০-১১ বছৰ। শইকীয়াৰ ঘৰ তেজপুৰৰ এখন গাঁৱত।  গাঁৱত ঘৰ হোৱা হেতুকে বছৰত দুই এখন ভাওনা চাবলৈ পোৱাৰ লগতে কেতিয়াবা ভাগ্য ভাল থাকিলে সৰু-সুৰা ভাও এটাও শইকীয়াৰ ভাগ্যত পৰে। সেইবছৰ শইকীয়াহঁতৰ গাঁৱত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ ভাওনাখন মঞ্চস্থ কৰা হৈছিল আৰু শইকীয়াৰ ভাগত দ্ৰুমসেনা নামৰ ভাও এটা পৰিল। দ্ৰুমসেনা আছিল দুশাসনৰ পুতেক আৰু মহাভাৰতত যুধিষ্ঠিৰৰ সৈতে যুদ্ধ কৰি দ্ৰুমসেনাৰ মৃত্যু হৈছিল।

ভাওনাত ভাও লাভ কৰি শইকীয়াক আৰু কোনে পায়। শইকীয়া ভাওটো লৈ যথেষ্ট উৎসাহী হৈ পৰিছিল। কিন্তু ভাওটোত এটাই  দুখৰ কথা আছিল। সেইটো হ’ল, ভাওনাৰ আৰম্ভণিতে কৌৰৱৰ সৈতে কেৱল প্ৰবেশ কৰিব লাগে আৰু মাত্ৰ এফাকি বচন মাতি যুধিষ্ঠিৰৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিব লাগে। ভাওনাৰ দিনলৈকে সকলো ঠিকেই আছিল। কেৱল সাজপাৰ আৰু মেকআপ কৰাৰ পিছতহে শইকীয়াৰ মনত খেলালে যে এনেহেন মেকআপ আৰু সাজপাৰ পিন্ধি সি মাত্ৰ এফাকি বচন মাতি ইমান সহজতে নমৰে। ভবামতেই কাম। গোটেই ৰাতি শইকীয়াই নমৰি যুধিষ্ঠিৰৰ লগত যুদ্ধ চলাই থাকিল। যুধিষ্ঠিৰৰ লগতে ভাওনা সমিতিৰ সকলোৱে শইকীয়াক মৰিবলৈ কৈ থাকিল কিন্তু শইকীয়াই তেওঁলোকৰ লগতে যুধিষ্ঠিৰক কৈ থাকিল,

: ইমান সহজতে আমি মৰিব নাহি…ইমান সহজতে আমি মৰিব নাহি..!

**

আন এখন ভাওনাৰ কথা। তেতিয়া শইকীয়া অলপ ডাঙৰ হৈছে। শইকীয়াই মনে মনে এজনী গাঁৱৰ ছোৱালী এজনীক ভাল পাই আছিল। কিন্তু ছোৱালীজনীক ভাল পাওঁ বুলি মন খুলি ক’বলৈ শইকীয়াৰ সাহস নাছিল। সেই বছৰ শইকীয়াক পুনৰ ভাওনাত ভাও এটা দিলে। মনে মনে শইকীয়াই  ভাবিলে যে ভাওনাত সি ভাওটো ভালদৰে কৰি ছোৱালীজনীক তাৰ প্ৰতি আকৰ্ষিত কৰিব। 

কিন্তু এষাৰ কথা আছে নহয়, “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি” শইকীয়াৰ ক্ষেত্ৰতো সেইটোৱেই হ’ল। সেইবাৰ শইকীয়াৰ দিন বৰ এটা ভাল নাছিল। শইকীয়া ভাওনাৰ সাজপাৰ পিন্ধি সাজু হৈ থাকিল বচন মাতিবলৈ। আঁৰ চকুৰে মাজে মাজে শইকীয়াই প্ৰেয়সীক চাই চাই কল্পনা কৰি আছে যে দুৰ্দান্তভাৱে প্ৰৱেশ কৰি যেনে তেনে তাইক সেইদিনা শইকীয়াই আকৰ্ষিত কৰিবই কৰিব। পিচে শইকীয়াৰ ভাওনাত প্ৰৱেশ নাহেহে নাহে। ইতিমধ্যে প্ৰায়বোৰ ৰাইজ ঘৰলৈ গ’ল। শইকীয়াই মাত্ৰ প্ৰেয়সীলৈ চাই সান্ত্বনা লৈ আছিল যে অন্তত: তাই যোৱা নাই। কিন্তু শইকীয়াৰ দিন সঁচাকৈয়ে বেয়া আছিল সেইদিনা। অৱশেষত তায়ো গ’লগৈ ঘৰলৈ। 

প্ৰায় ৰাতিপুৱা হওঁতে শইকীয়াক প্ৰৱেশৰ বাবে চিঞৰিলে।

দুখতে, খঙতে (মুখৰ ভিতৰতে) মাত এটা মাতি “আৰু জীৱনত ভাওনা নকৰোঁ” বুলি কৈ শইকীয়া ঘৰলৈ ৰাওনা হ’ল!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *