ফটাঢোল

লিমাৰিক-ৰাজু কুমাৰ নাথ

ফেচবুকীয়া যুঁজ এঘৰী যুঁজি চাওঁ

শিয়াল পণ্ডিতৰ জ্ঞান বিচাৰি যাওঁ

কথাৰে বান্ধে সাগৰ

যুঁজোতে লাগে ভাগৰ

কামৰ ‘কা’ নাই মাথোঁ খুটি তাল বাওঁ।


শিয়ালৰ সভাত আজি লাগিল দন

ৰাজপাটলৈ আছিল শিয়ালীৰো মন

নিবোকা গেৰেলা ভাই

বিপদতো মাত নাই

খঙত শিয়ালীৰ উশাহ হৈছে ঘন।

বিতং খবৰ পাবলৈ ‘পৰ্টেল’ চালোঁ

জীয়া বানৈৰ জীয়েকক মৰা দেখিলোঁ

সাংঘাতিক জিনিছ্‌

জীয়াতে কৰে ফিনিছ্‌

উশাহটো ঘূৰাই কোনোমতে পলালোঁ।


ভদীয়া কুকুৰৰ আৰাও দীঘলীয়া

বোধন দাইটিৰ কইনা কুমলীয়া

ৰাং কুকুৰৰ জোপ

শিতানত বৰটোপ

মুধৰফালে আহি শিয়ালে দিছে হোৱা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *