ফটাঢোল

সাক্ষাৎকাৰ

তেখেত নাটকৰ এক বৰ্ণাধ্য যাত্ৰা৷ কৰ্ণাটকৰ পৰা অসমলৈ এই সেন্দুৰীয়া পথৰ তেখেত এক অক্লান্ত সাংস্কৃতিক কৰ্মী,নাটকৰ কথা হাড়ে হিমজুৱে বুজি পোৱা পুৰণা নাট্যকৰ্মী৷ 

তেখেত ভাগিৰথী৷ অভিনেত্ৰী তথা নাট্য পৰিচালনাক এক নতুন মাত্ৰা প্ৰদান কৰা এই গৰাকী শিল্পীৰ আমি লগ কৰিছিলোঁ,তেখেতৰ মনৰ কথা জানিবলৈ৷

ফটাঢোল: বাইদেউ নমস্কাৰ জনালোঁ ফটাঢোলৰ পৰা। 

ভাগিৰথী: নমস্কাৰ জনালোঁ ময়ো

ফ: বাইদেউ আমি আপোনাৰ লগত সাক্ষাৎকাৰ হিচাপে নহয় ঘৰুৱাভাবেহে কথা পাতিম। আলোচনা কৰিম নাটকৰ বিষয়ে, আপোনাৰ পছন্দৰ বিষয়ে, আপোনাৰ বিষয়ে জানিব খুজিম।

ভাগি: ময়ো ঘৰুৱাভাবে কথা পাতিলেই ভাল পাওঁ। বেছি ফৰমেলি হ’লে মই অসুবিধাহে পাওঁ। সাক্ষাৎকাৰনো কি দিম, কি ক’ম নিজৰ বিষয়ে। সাধাৰণভাবে আছোঁ আৰু নাটক, অভিনয়ৰ মাজেৰে জীয়ায়।

ফ: বাইদেউ প্ৰথমতে জানিব বিচাৰিম যে আপুনি মূল কানাড়াভাষী মানুহ। কৰ্ণাটকত আপোনাৰ জন্ম, ডাঙৰ-দীঘল হোৱা। তাৰ পিছত অসমৰ লগত আপোনাৰ সংযোগ কেনেকৈ হ’ল?

ভাগি: (হাঁহিৰে) এতিয়া আপুনি নিজে ভাবিব পাৰে যে কানাড়া ছোৱালী এজনী অসমত আহি স্থায়ীভাবে বাস কৰি আছে, অসমৰ বোৱাৰী হৈছে তাৰমানে সেইটো প্ৰেমে। প্ৰেমৰ বাহিৰে বেলেগ নাই। বহুতে আকৌ সোধে দেই যে আপোনাৰ স্বামী বেংকত কাম কৰে নেকি বা ডিফেঞ্চত কৰে নেকি? কাৰণ বেলেগ বেলেগ ৰাজ্যত বদলি হৈ থাকে চাকৰি। ভাৱে কৰ্ণাটকৰ পৰা বদলি হৈ আহিছে। বহুতৰ পৰাই এই প্ৰশ্নটো শুনো। কিন্তু মই একেষাৰে কওঁ মই অসমৰ বোৱাৰী। অসম মোৰ ঘৰ। গতিকে প্ৰেমেই মোক অসমলৈ আনিছে( আকৌ হাঁহে)।

ফ: মানে  বাহাৰুল দাক লগ পোৱাৰ পিছতহে আপুনি অসমত আহিছে নে আগতেও আহিছে? তাৰ আগতে অসমৰ বিষয়ে আপুনি জানিছিলনে?

ভাগি: বাহাৰুলক লগ পোৱাৰ আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া অসমৰ বিষয়ে এইকেইটা কথা শুনিছিলোঁ। অসম নৰ্থ-ইষ্টত আছে। অসমত তেল, চাহপাত আছে আৰু ছাত্ৰবোৰে কিবা আন্দোলন কৰি আছে। কিবা ক্ৰান্তি চলিছে।

ফ: মানে আপুনি জানিছিল অসম চাহপাত আৰু খাৰুৱা তেলৰ বাবে বিখ্যাত। লগতে ছাত্ৰ-ছাত্ৰীৰ আন্দোলন চলিছে মানে আপুনি ছাত্ৰসকলে কৰা আন্দোলনৰ কথা কৈছে।

ভাগি: হয় হয়। মোৰ দাদাৰ পৰা শুনিছিলোঁ যে আমাৰ দেশত অসম বোলা ৰাজ্যখন যে আছে নৰ্থ-ইষ্টত তাত ষ্টুডেণ্টবোৰে বহুত ডাঙৰ ক্ৰান্তি কৰিছে। ইমান নাজানো কাৰণ মই তেতিয়া বেছি বয়সৰ নাছিলোঁ। ১৭ বছৰমানহে আছিলোঁ। কিন্তু সেই আন্দোলন বহুত বিখ্যাত আছিল।

ফ: হয় হয়। সেই  ছাত্ৰ আন্দলনটোৱে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল।

ভাগি: হয় হয়। কিন্তু পিছত গম পালোঁ বাহাৰুলক লগ পোৱাৰ পিছত যে বাহাৰুলো সেই ছাত্ৰ আন্দোলনত জড়িত আছিল। কবিতা লিখিছিল, কলেজ এৰি গুচি গৈছিল। 

ফ: তাৰমানে আপুনি বাহাৰুল দাক লগ পোৱাৰ আগতে এই তিনিটা পৰিচয়েৰে জানিছিল অসমক।

ভাগি: হা: হা:। চাহ, তেল আৰু ছাত্ৰ আন্দোলন এই তিনিটাৰে জানিছিলোঁ।

ফ: বাৰু বাইদেউ আপোনাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ? আপোনাৰ শৈশৱকাল ক’ত কটাইছিল? স্কুল, কলেজ ক’ৰ পৰা কৰিছিল অলপ ক’বনে?

ভাগি: মোৰ শৈশৱকালৰ কথা ক’বলৈ হ’লে কওঁ মোৰ জন্ম মহীশূৰ জিলাৰ( মাইশ্বোৰ) এখন অতি ভিতৰুৱা গাঁৱত। আমি গ্ৰাম বুলি কওঁ। তাতে পঢ়া-শুনাও আৰম্ভ কৰিছিলোঁ। আমাৰ বংশটোৰ এটা বুৰঞ্জী আছে। আমি মূল মহাৰাষ্ট্ৰিয়হে। শিৱাজীৰ মহাৰাজৰ সময়ত মহাৰাষ্ট্ৰৰ পৰা আমাৰ পূৰ্ব পুৰুষে যুদ্ধ কৰিব আহিছিল কৰ্ণাটকত আৰু আমি যুদ্ধত হাৰোঁ। তেতিয়া যিখিনি মানুহ বাচি যায় যুদ্ধত তেওঁলোক উভতি নগ’ল মহাৰাষ্ট্ৰলৈ। কৰ্ণাটকতে থাকি গ’ল। ভিতৰে ভিতৰে লুকাই থাকিল। আৰু তাতে থাকি গ’ল, কানাড়া ছোৱালী বিয়া পাতি গ’ল।  আমি শুনিছোঁহে এইবোৰ। সেইকাৰণে আমাৰ বংশত অলপ দেশৰ প্ৰতি বা জাতিৰ প্ৰতি এটা দেশপ্ৰেম এতিয়াও আছে। মোৰ ককা প্ৰথম বিশ্বযুদ্ধত আফ্ৰিকা গৈছিল। মোৰ গাঁৱৰ বা বংশৰ বহুতো লোক এতিয়াও আৰ্মীত আছে। 

ফ: মানে আপোনালোকৰ বংশৰ এটা ঐতিহ্য আছে। 

ভাগি: হয় হয়। আমি তাত মুখিয়াল আছিলোঁ। মোৰ স্কুলীয়া শিক্ষা মোৰ গাঁৱতে হৈছিল। আমি মহাৰাষ্ট্ৰৰ আছিলোঁহে কিন্তু আমি কৰ্ণাটকৰে। আমাৰ ভাষা, শিক্ষা সকলো কানাড়ায়ে। 

ফ: এইবাৰ সোধো যে নাটকৰ বীজটো আপোনাৰ কেনেকৈ আৰম্ভ হ’ল?

ভাগি: নাটকৰ বীজ কেনেকৈ আহিল মানে মহাৰাষ্ট্ৰত যেনেকৈ গণেশ উৎসৱ পাতে তেনেকৈ কৰ্ণাটকতো গণেশ উৎসৱটো বহুত গুৰুত্বপূৰ্ণ। তাতো গণেশ উৎসৱ ডাঙৰকৈ কৰে। আৰু তাত থকা মাৰাঠী সম্প্ৰদায়খিনিয়ে গণেশ উৎসৱটো ভালকৈ কৰে। আৰু মোৰ দাদা, খুড়াহঁত যে আছে তেওঁলোকে গণেশ পূজাৰ সময়ত এখন এখন নাটক কৰে। মোৰ চাৰিজন দাদা যে। মই যেতিয়া সাতবছৰীয়া আছিলোঁ তেতিয়া মোৰ দাদা এজনে হাতত ধৰি সদায় নাটকৰ ৰিহাৰ্চেলত নিয়ে। আৰু তেনেকৈ গৈয়ে মোৰ নাটকখনৰ সম্পূৰ্ণ মনত থাকি গৈছিল ডায়লগবোৰ। আৰু নাটকবোৰ চাই চাই মোৰ মুখস্থ হৈ গৈছিল। 

ফ: নাটকবোৰ কিবা অনুষ্ঠানৰ আছিলনে?

ভাগি: হয়। এইবোৰ কম্পেনী নাটক আছিল। পৰম্পৰা আছে কৰ্ণাটকত এইবোৰ। গাঁৱে গাঁৱে গৈ এই নাটবোৰ কৰে। যাত্ৰাপাৰ্টিৰ দৰে। মানে শংকৰদেৱে যেনেকৈ চিহ্নযাত্ৰা কৰিছিল তেনেকৈ অতীজতো তাত কৰা হৈছিল। পৌৰাণিক নাট বা ধৰ্মমূলক নাটক মূল আছিল। এতিয়াও ভক্ত প্ৰহ্লাদ নামৰ নাটকখন মঞ্চস্থ হয় তাত। তেনেকৈয়ে নাটক চাই মোৰো নাটকৰ প্ৰতি আগ্ৰহ বাঢ়িল।

ফ: বাইদেউ আমি আপুনি নাটকৰ প্ৰতি কেনেকৈ আগ্ৰহী হ’ল জানিলোঁ। এতিয়া সোধো NSD লৈ আপোনাৰ যাত্ৰা কেনেদৰে ঘটিল। তাৰ অভিজ্ঞতা অলপ ক’বনে?

ভাগি: NHD বহুত পিছত আৰম্ভ হ’ল। তাৰ আগতে আমি গাঁৱতে ছোৱালীবোৰে লগ হৈ বিভিন্ন অনুষ্ঠানত লগ হৈ নাটক কৰিবলৈ ধৰিলোঁ। গণেশ ফেষ্টিভেলতো আমি নাটক কৰা হ’লোঁ নিজাকৈ। আৰু মোৰ নাটকৰ প্ৰতি আগ্ৰহ দেখি মোৰ সৰু দাদাই মোক “নিনাচাম” বুলি এটা ইনষ্টিটিউদ আছে তাত লৈ গ’ল। নিনাচাম এনেকুৱা এখন ঠাই বা এতিয়াও এচিয়াৰ ভিতৰত প্ৰথম এখন নাট্য স্কুল যি একেবাৰে গাঁৱৰ ভিতৰত অৱস্থিত। আৰু তাত ধুনীয়াকৈ ডিপ্লমা কোৰ্চ কৰিব পাৰি। আৰু তাত গৈহে জানিব পাৰিলোঁ যে NHD আছে। আমাক যিসকলে পঢ়াইছে NHD ৰ পৰা আহিছে, ফিল্ম ইন্সটিটউদৰ পৰা আহিছে বা কিছুমান ফৰেইনৰ পৰাও আহিছে শিকাবলৈ। নিনাচামটে আমি শিকিলোঁ নাটকৰ বিষয়ে।

ফ:নিনাচামত যাওঁতে আপুনি স্কুলীয়া ছাত্ৰীনে কলেজীয়া ছাত্ৰী?

ভাগি: মই পি.ইউ. পৰীক্ষা দি গৈছিলোঁ। মই পি.ইউলৈয়ে পঢ়িলোঁ। তাৰ পিছত মই টিচাৰ হ’ম বুলি টিচাৰ ট্ৰেইনিং ল’বলৈ গ’লোঁ। কাৰণ সেই সময়তে মোৰ দেউতা ঢুকাল। আমি পাঁচজনী ভনী আছিলোঁ। এজনীৰ বিয়া হৈছিল। এজনী ঢুকাইছিল। গতিকে আমি তিনিজনীয়ে নিজে উপাৰ্জন কৰিবলৈ  কিবাকিবি ট্ৰেইনিং ল’বলৈ ধৰিলোঁ। সেইকাৰণে আনুষ্ঠানিক শিক্ষা নকৰি প্ৰফেশ্যনেল ট্ৰেইনিঙত গুৰুত্ব দিলোঁ। টেইলৰিং, টিচাৰ ট্ৰেইনিং, ক্ৰাফ্ট আদিৰ। কিয়নো আমি জানিছিলোঁ যে জীৱনত মানুহে কোনো যদি বিদ্যা আয়ত্ব কৰে অথলে নাযায়। কেতিয়াবা নহয় কেতিয়াবা কামত দিবই। এজন বিখ্যাত লেখক দেউলৰ মহাদেৱা বুলি তেওঁ কৈছিল হৃদয়ত থকা বিদ্যা আৰু মাটিত পৰা বীজ কেতিয়াও অথলে নাযায়। সেই যে শিকিছিলোঁ মোৰ অথলে যোৱা নাই। টেইলৰিং মই আজিও কৰোঁ। নাটকৰে কষ্টিউম মই চিলাওঁ, নিজৰ দৰকাৰী কাপোৰ চিলাওঁ। তাত যোগা, ঘৰৰ কামো শিকাইছিল। গান্ধীজিৰ আশ্ৰমৰ দৰে। সেইবোৰ এতিয়া নাটকত কামত আহিছে। গতিকে কেৱল অভিনয় জানিলে নহ’ব। টিচাৰ ট্ৰেইনিঙৰ বাবে মই এতিয়া অভিনয়ৰ টিচাৰ। সেই আশ্ৰমত শিকাৰ পিছত মই নিনাচাম গ’লোঁ। টিচাৰ ট্ৰেইনিঙৰ শেষ পৰীক্ষা দিয়াৰ পিছতে দাদা গৈ উপস্থিত।

ফ: নিনাচামত যোৱাৰ সময়ত আপুনি কিমান বয়সৰ আছিল। আৰু কিমান দিনৰ কোৰ্চ আছিল?

ভাগি: মোৰ বয়স উনৈশ বছৰ আছিল। এবছৰীয়া কোৰ্চ আছিল আৰু এবছৰ ৰিপিদ কোৰ্চ। তাৰ পিছত অল ওভাৰ কৰ্ণাটকত নিনাচামৰ পৰা নাটক কৰিব লাগিব। ছমাহত পঞ্চাশখন নাটক কৰিছোঁ। সেই নাটকৰ জৰিয়তে কাৰ্ণাটকৰ বিষয়ে, ভাষাৰ, জীৱনৰ, নাটকৰ বিষয়ে শিকিলোঁ আৰু তাৰ পৰাই NHD লৈ যাবলৈ প্ৰেৰণা দিলে।

ফ: মানে আপোনাৰ নাটকৰ ফাউণ্ডেশ্যনটো কৰ্ণাটকতে আৰম্ভ হৈছে?

ভাগি: হয়। NHDলৈ যেতিয়া গ’লো‍ঁ মই একো নাজানিছিলোঁ থিয়েটাৰ, নাটকৰ বাহিৰে। না মই হিন্দী ক’ব পাৰোঁ না ইংৰাজী ক’ব পাৰোঁ। তাত দুয়োটা ভাষাতে হয়। মই ইণ্টাৰভিউত সোধোঁতে ক’লোঁ ইংৰাজী পঢ়িব পাৰোঁ আৰু হিন্দী ক’ব পাৰোঁ। তেওঁলোকে ক’লে হৈ যাব ইমান তাত গৈ ইংৰাজী ক’ব আৰু হিন্দী ভালকৈ  শিকিলোঁ। তাত গৈহে মই কৰ্ণাটকৰ পৰা ওলাই এখন ডাঙৰ জগত পালোঁ। বাহিৰৰ ৰাজ্যৰ অন্য ষ্টুডেণ্টক পালোঁ। যেনে অসমৰ পৰা বাহাৰুল আৰু অনুপ হাজৰিকা আছিল, বেংগলৰ পৰা সিদ্ধাৰ্থ চক্ৰৱৰ্তী, দিল্লীৰ পৰা আশীষ বিদ্যাৰ্থী আছিল,পুণেৰ পৰা আহিছিল আৰু হিমাচলৰ পৰা আহিছিল এজন। তাত গৈ সকলোকে লগ পাইহে মই বহুতক লগ পাই বহুত শিকিলোঁ।

ফ: বাহাৰুল দা আৰু অনুপ হাজৰিকা একে ক্লাচৰ আছিল নেকি?

ভাগি: হয়  হয়।

ফ: বাইদেউ আপোনাৰ এন এচ ডিলৈ আহা কথা গম পালোঁ। তাত বাহাৰুলদাৰ লগত কেনেকৈ সংযোগ হ’ল সেইবিষয়ে কওকচোন|

ভাগি: আমি ক্লাছমেট আছিলোঁ। প্ৰথম এন এচ ডি কেম্পাচত সোমাবৰ দিনাই বাহাৰুলক দেখিছিলোঁ।  প্ৰথমে মই তেওঁক চাউথ ইণ্ডিয়ান বুলিই ভাবিছিলোঁ, আৰু বাহাৰুলে মোক নৰ্থ ইণ্ডিয়ান বুলি ভাবিছিল। তাৰপিছত একেলগে তিনিবছৰে পঢ়িলোঁ। প্ৰথমে বন্ধুত্ব, তাৰপিছত প্ৰেম আৰু তেনেকৈয়ে সম্পৰ্কটো আগবাঢ়িল। অৱশ্যে আমাৰ প্ৰেম আজিকালিৰ ল’ৰাছোৱালীৰ দৰে নাছিল। আজিকালিৰ ল’ৰাছোৱালীয়ে ভৱিষ্যত পৰিকল্পনা কৰি যেনেদৰে আগবাঢ়ে, আমাৰ সেইটো নাছিল। আমি কেৱল প্ৰেমহে কৰিছিলোঁ, ভাৱিষ্যতে কি হ’ব সেইবিলাক বেকাৰ চিন্তা কৰা নাছিলোঁ (হাঁহে)। এবছৰমানলৈ আমি সম্পৰ্কটোৰ কথা লুকাই ৰাখিছিলোঁ। পিছত মই যেতিয়া এন এচ ডি শেষ কৰি কৰ্ণাটকত কাম কৰি আছিলোঁ, তেতিয়া প্ৰায় এবছৰমান পিছত বাহাৰুলে লগ ধৰিলে। তেতিয়াহে আমি বিয়া হোৱাৰ প্লেনিং কৰিলোঁ। সেইসময়তে লণ্ডনৰ ‘‘তাৰা আৰ্টছ” নামৰ কোম্পানীটোৰ পৰা মই নাটক কৰিবলৈ আমন্ত্ৰণ পালোঁ। আৰু তাৰ তিনিমাহ পিছতে বাহাৰুলেও সেই একেটা কোম্পানীতে অভিনেতা হিচাপে সোমায়|  

ফ:  লণ্ডনৰ এই কোম্পানীটোত কিমানদিনৰ বাবে চুক্তিবব্ধ হৈছিল?

ভাগি:এবছৰৰ বাবে চুক্তিবদ্ধ আছিলোঁ, নাটক আছিল ‘হীৰ ৰাঞ্জা’। তিনিমাহ নাটকৰ ৰিহাৰ্চেল হৈছিল, তাৰপিছত নমাহ আমি  ইউৰোপৰ বিভিন্ন ঠাইত নাটকখন কৰিলোঁ। তাৰপিছত ’গ্লোবেল থিয়েটাৰ’ নামৰ আন এটা দলৰ সতে চুক্তিবদ্ধ হওঁ। তাৰপৰা জাপানৰ টকিঅ’লৈ আহিলোঁ অভিনয় কৰিবলৈ। সেইখিনি সময়তে ইউৰোপীয় নাটক চালোঁ, জাপানৰ “ন” (Noh-জাপানৰ প্ৰাচীন নৃত্য-নাটিকা) চালোঁ, লগতে পৃথিৱীৰ বিভিন্ন নাটক, ইউৰোপীয় নাটক, জাপানী নাটক আদিৰ বিষয়ে যথেষ্ট কথা শিকাৰ সুযোগ পালোঁ।

ফ: বাইদেউ, আপুনি ক’লে যে আপুনি ইউৰোপ, জাপানত নাটক কৰিছে, তাৰ নাট্য সংস্কৃতি দেখিছে। ইউৰোপীয় নাটক, জাপানী নাটক আৰু ভাৰতীয় নাটকৰ মাজত কিবা সামঞ্জস্য দেখিবলৈ পায় নে অমিল আছে?  

ভাগি: ইউৰোপীয় নাটক বেলেগ। মানে ৱেষ্টাৰ্ণ (পশ্চিমীয়া) বেলেগ আৰু আমাৰ ইষ্টাৰ্ণ (প্ৰাচ্য) বেলেগ। আমি জাপানৰ “ন” চাবলৈ গৈছিলো। বিৰাট সুন্দৰ। তাৰ লগত আমাৰ সংস্কৃতিৰ মিল আছে।

ফ: কেৱল নাটকৰ কাৰণেই আপুনি সমগ্ৰ ইউৰোপ ঘূৰিলে মানে?

ভাগি: হয়। ইউৰোপ নহয়, নাটকৰ কাৰণে মোক কোনোবাই পৃথিৱীৰ বাহিৰত যাব দিলেও যাম। 

ফ: এন এচ ডিত পাঠ্যক্ৰম কি ধৰণে আৰম্ভ হয় আৰু আপুনি কি বিষয় আয়ত্ত কৰিছিল?

ভাগি: প্ৰথম বছৰটোত সামগ্ৰীকভাৱে সকলো শিকায়। তাৰপিছত এক্টিং (অভিনয়) অথবা ডিৰেকচন (পৰিচালনা) এটা বাচি ল’ব লাগে। মই, বাহাৰুল আৰু অনুপ হাজৰিকাই এক্টিং শাখাটোত পঢ়িলোঁ।

ফ: অভিনয়টোকে পেচা হিচাপে লোৱাৰ কথা তেতিয়াই ভাবিছিল নে বেলেগ পৰিকল্পনাও আছিল?

ভাগি: অভিনয়ক বাদ দি বেলেগ চিন্তা কৰিবলৈ নহ’লেই আমাৰ। বাহাৰুলৰ আব্বাক যেতিয়া প্ৰথম লগ পাওঁ, তেতিয়া মই তেখেতক এটাই অনুৰোধ কৰিছিলোঁ যে তেখেতে মোক যাতে নাটক কৰিবলৈ মানা নকৰে। বিয়াৰ আগত বাহাৰুলৰ আব্বা হজত গৈছিল আৰু যোৱাৰ সময়ত আমি মুম্বাইত তেওঁক দেখা কৰিছিলোঁ আৰু তেতিয়া তেওঁ কৈছিল যে মই নাটক কৰিবলৈ মানা নকৰোঁ, কিন্তু মোৰ এটা চৰ্ত আছে যে তোমালোকে একেলগে থাকি নাটক কৰিব লাগিব। ওপৰৱালাৰ ইচ্ছা তাৰপিছত আমি বিয়া পাতিলোঁ আৰু আজিলৈ নাটককে অৱলম্বন কৰি জীয়াই আছোঁ। বেলেগ চিন্তা আৰু কৰা নহ’ল।

ফ: বিয়াৰ পিছত আপুনি অসমলৈ গুচি আহিল। কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি যে অসমত নাথাকি দিল্লী বা মুম্বাইত থাকিলে আৰু বেছি ভালকৈ প্ৰতিষ্ঠা হ’ব পাৰিলোঁহেঁতেন!

ভাগি: য’তে নাথাকিলেও নাটকেই কৰিম যিহেতু অসমত থাকিয়ে কৰিম। দিল্লী বা মুম্বাইত কৰিলেই যে ভাল, মোৰ সেই অনুভৱটো নাই, থকা উচিতো নহয়। সাংস্কৃতিক বিপ্লৱ যদি হ’ব লাগে অসমতে হওক। যোৱা প্ৰায় পঁচিশ ত্ৰিশ বছৰ আগত অৰ্থাত্‍ আমি যেতিয়া আৰম্ভ কৰিছিলো তাতকৈ এতিয়া বহুতখিনি অসমৰ নাটক আগবাঢ়ি গৈছে। মই নকওঁ যে আৰু কৰিবলগীয়া নাই, কিন্তু যথেষ্টখিনি সলনি হৈছে, উন্নতি হৈছে। এতিয়া বহুত ল’ৰা-ছোৱালী ওলাই আহিছে, এন এচ ডি গৈছে। সকলোৱে দিল্লী মুম্বাই গুচি গ’লে ইয়াত ইমানখিনি নহ’লেইহেঁতেন|    

ফ: বাইদেউ, আমি আপোনাৰ জীৱনৰ বহুত কথাই জানিলোঁ, এতিয়া আপোনাৰ আৰু বাহাৰুলদাৰ অতি হেঁপাহৰ ‘ছিগাল’ অনুষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিছোঁ। ‘ছিগাল’ আপোনালোকৰ মানসপুত্ৰৰ নিচিনা, জনাওকচোন অনুষ্ঠানটো কেনেকৈ আৰম্ভ কৰিলে আৰু বৰ্তমান কি কৰি আছে?

ভাগি: আমি যেতিয়া অসমলৈ আহিলোঁ, তেতিয়া অসমত অপেছাদাৰী নাটকৰ অৱস্থা বৰ ভাল নাছিল। কিছুমান সৰু সৰু নাটকৰ স্কুল বা অস্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ আছিল। স্থায়ীভাৱে কেৱল ইন্দ্ৰ বণিয়া ছাৰ, মুন্না আহমেদ আদিৰ একোখন সৰু সৰু স্কুল আছিল। আমি নিজেও বহুত সৰু সৰু কৰ্মশালাত শিকাবলৈ গৈছিলোঁ। বাহাৰুলে চাইকেল চলায়ো বহুঠাইত নাটক শিকাব গৈছিলগৈ। এই প্ৰশিক্ষণবোৰ সধাৰণতে সপ্তাহত এদিন বা দুদিন বা দেওবাৰে দেওবাৰে হৈছিল। তাৰপিছত এদিন বাহাৰুল আৰু মই চিন্তা কৰিলোঁ যে এনেকৈ নহয়, স্থায়ীভাৱে কিবা এটা কৰিব লাগিল, য’ত অভিনয়ক অধিক প্ৰনালীবদ্ধভাৱে আৰু সম্পূৰ্ণভাৱে ল’ৰা-ছোৱালীয়ে শিকিব পাৰে। এন এচ ডিত থাকোঁতেও বাহাৰুলে ‘সূৰ্য থিয়েটাৰ’ত এখন কৰ্মশালাত ভাগ লৈছিল। তেতিয়াও তেওঁৰ মগজুত অভিনয় স্কুল এখন খোলাৰ চিন্তা আহিছিল আৰু মই যেতিয়া অসমলৈ আহিলোঁ, দুয়োৰে চিন্তাৰ ফলতেই ‘ছিগাল’ৰ জন্ম হ’ল। পাঠ্যক্ৰমৰ ক্ষেত্ৰত এন এচ ডিয়েও আমাক সহায় কৰিলে। স্কুলখন 1990 চনত আৰম্ভ হ’ল যদিও, ‘ছিগাল’ নাট্যদলটো আমি এন এচ ডিত থাকোঁতেই জন্ম হৈছিল। তেতিয়া আমাৰ লগত আৰমান হাজৰিকা আছিল, ময়ো সদস্য হ’লোঁ, ‘ছিগাল’ৰ ডিজাইন, ল’গ’ এইবোৰ তাতেই জন্ম হ’ল।   

ফ: ছিগালৰ পৰা অভিনয় প্ৰশিক্ষণ লাভ কৰাসকলে নাটকৰ লগতে জড়িত হৈ আছেনে নে বেলেগ বৃত্তিলৈও গৈছে?

ভাগি: সৰহসংখ্যকে নাটকৰ লগত জড়িত হৈ আছে আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। ‘ছিগাল’ত নাটক শিকি যোৱা ওঠৰজনেই পিছত এন এচ ডিৰ পৰা উত্তীৰ্ণ হৈ ওলাই আহিছে। গোটেই ভাৰততে এনে গ্ৰুপ নাই, য’ৰ পৰা ওঠৰজনে এন এচ ডিত ছিট পাবলৈ সক্ষম হৈছে।

ফ: এতিয়ালৈ আনুমানিক কিমানজনমান প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু কেনেধৰণে এই প্ৰশিক্ষণবোৰ দিয়া হয়?

ভাগি: সৰু ল’ৰা-ছোৱালীক ধৰিলেতো বহুত হ’ব, একেবাৰে সঠিককৈ এতিয়া ক’ব নোৱাৰিম। যথেষ্ট সংখ্যক ল’ৰা-ছোৱালীয়ে ইয়াত অভিনয় শিকি গৈছে। সৰু ল’ৰা-ছোৱালীবোৰক লৈ অহা মাক-দেউতাকবোৰে বাহিৰত বহি আড্ডা মাৰি থাকে। এদিন চিন্তা কৰিলোঁ তেওঁলোকক লৈয়ো দেখোন কাম কৰিব পাৰি। তেনেকে বহু অভিভাৱক-অভিভাৱিকায়ো নাটক শিকিলে, তাৰে বহুকেইজন এতিয়াও আমাৰ লগত জড়িত হৈ আছে। টেলেণ্ট সৱৰে ভিতৰত থাকে আচলতে, সেইটো বহুতে গম নাপায়। ইয়াত প্ৰতিজন শিকাৰুৱে যে অভিনয়ে শিকে তেনে নহয়, লাইট, কষ্টিউম, মঞ্চসজ্জাৰ পৰা আনুষাংগিক সকলো বিষয়েই শিকিব পাৰে। এয়া অতি দৰকাৰী, বিশেষকৈ অপেছাদাৰী নাটকৰ শিল্পীৰ কাৰণে। জীৱনত একো শিক্ষাই অথলে নাযায়। ভুল-শুদ্ধ বিচাৰ কৰিবলৈ শিকায়।

ফ: ভ্ৰাম্যমান নাটক চাইনে আপুনি? কি ক’ব ভ্ৰাম্যমান নাটকৰ বিষয়ে?

ভাগিৰথী: হয় চাওঁ। ভ্ৰাম্যমানে আৰ্থিক দিশত বহুত অভিনেতা-অভিনেত্ৰীক সহায় কৰিছে। বাহাৰুলেও চাৰিবছৰ ভ্ৰাম্যমানত অভিনয় কৰিছে। গতিকে ভ্ৰাম্যমানক আমি পাহৰিব নোৱাৰোঁ। কিন্তু নাটক আগতকৈ বহুত বেয়া হৈছে। ব্যৱসায় হিচাপে ঠিকে আছে, কিন্তু নাটকৰ গুণগত মান কমিছে। ভৱেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰৰ নাটকৰ কাহিনীত এটা গভীৰতা আছিল। সেইটো এতিয়া নাই। আমি অপেছাদাৰী নাটকবোৰে যিধৰণে নাটকৰ ক্ষেত্ৰত এক্সপেৰিমেণ্ট (সম্পৰীক্ষা) কৰোঁ, সেইবোৰ যদি ভ্ৰাম্যমান থিয়েটাৰে গ্ৰহণ কৰিলেহেঁতেন তেন্তে ভ্ৰাম্যমান থিয়েটাৰ আৰু বহুত ওপৰলৈ গুচি গ’লহেঁতেন| আকৌ আমি বছৰত দহটা-পোন্ধৰটা শ্ব’ পাওঁ, ভ্ৰাম্যমানে বছৰদিনেই নাটক কৰে। গতিকে কিছুমান ক্ষেত্ৰত ভ্ৰাম্যমানৰ পৰাও আমাৰ শিকিবলগীয়া আছে। দুয়োটাই যদি হাতত ধৰাধৰিকৈ আগবাঢ়ি যাওঁ, তেন্তে অসমৰ নাটক বহুত আগবাঢ়ি যাব।

ফ.ঢো.: ব্যৱসায়ৰ কথা ভাবি অপেছাদাৰী নাটকেও ভ্ৰাম্যমানৰ নাটকৰ দৰে কোৱালিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিছে নেকি? হিমাংশু প্ৰসাদ দাসৰ নাটকলৈ চালে আমি গম পাওঁ যে তেওঁ ভাল কাহিনীৰ লগতে ব্যৱসায়িক কথাটোৰ ওপৰতো  গুৰুত্ব দিয়ে।

ভাগিৰথী:  সৱৰে নিজৰ নিজৰ ষ্টাইল আছে। হিমাংশুৰ ষ্টাইলত হিমাংশুৱে কৰিছে, মোৰ ষ্টাইলত মই কৰিছোঁ। এইক্ষেত্ৰত কোনেও কাৰো ক্ষতি কৰিব নোৱাৰে। কথা হ’ল নাটকেৰে আমি কি ক’ব খুজিছোঁ, কি দিব খুজিছোঁ, সেইটোহে ডাঙৰ কথা।

ফ.ঢো.: এতিয়া মনোৰঞ্জনৰ অলেখ উপাদান হাতৰ মুঠিতে থাকে। টিভিত অসংখ্য চেনেল, অটিটি প্লেটফৰ্ম, ইউটিউব এইবোৰৰ মাজত নাটক কেতিয়াবা সংকটৰ মুখত পৰিব পাৰে নেকি?

ভাগিৰথী: সংকটৰ প্ৰশ্নই নাহে। আমি কি বিচাৰোঁ চাবলৈ সেইটোহে কথা। কোনোবাই চাব বিচৰাখিনি টিভিত নাপাবও পাৰে। মানুহক ভাল কোৱালিটি দিলে মানুহে চাবই। নাটকৰ দৰ্শক বঢ়াটোৱে মেইন কথা নহয়, নাটকখনে দৰ্শকক কি দিছে সেইটো ইম্পৰ্টেণ্ট। মানুহৰ চিন্তা যেনেকৈ সলনি হৈছে, নাটকেও বেলেগ বেলেগ চিন্তন, বেলেগ বেলেগ এক্সপেৰিমেণ্ট গ্ৰহণ কৰিছে। ‘ছিগাল’ নাটকখন লিখাৰ সময়ত নাট্যকাৰক মাৰিছিল। কিন্তু দহবছৰ পিছত সেইখনে মানুহে গ্ৰহণ কৰিলে। ‘এয়াই নাটক’ বুলি কোনো স্থায়ী সূত্ৰ নাই, নাটক বিভিন্ন ধৰণে হ’ব পাৰে। গতিকে সময় পৰিৱৰ্তন হ’লেও, নাটকলৈ সংকট আহিব বুলি ভবাটো শুদ্ধ নহয়|।  

ফ.ঢো.: বাইদেউ আপুনি জীৱনত পঞ্চাশখনতকৈও অধিক নাটকত অভিনয় কৰিছে। আপোনাৰ আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো, য’ত আপুনি অভিনয় কৰি আটাইতকৈ বেছি সুখী হৈছে? 

ভাগিৰথী: বহুত নাটক আছে, যিকেইটা চৰিত্ৰত অভিনয় কৰি মোৰ ভাল লাগিছিল। তাৰ ভিতৰত ‘শকুন্তলা’ নাটকখন মই একেৰাহে ত্ৰিশ বছৰ ধৰি কৰি আছোঁ। সেইটো চৰিত্ৰ মোৰ অন্যতম ভাল লগা চৰিত্ৰ। কেইবাটাও ভাষাত কৰিছোঁ এইখন নাটক।

ফ.ঢো.: ভাষাৰ কথা কওঁতে মনত পৰিল, আপুনি অদাহ্য চিনেমাখনত একেবাৰে নিখুঁতকৈ গ্ৰাম্য কামৰূপীয়া ভাষাত সংলাপ কৈছিল। মামণি ৰয়চমৰ ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ৰ “দুৰ্গা” চৰিত্ৰটোক আপুনি সুন্দৰকৈ ফুটাই তুলিছিল। ইয়াৰ কাৰণে আপুনি কেনেধৰনে প্ৰস্তুত হৈছিল ক’ব নেকি? 

ভাগিৰথী: আচলতে বিভিন্ন ভাষা শিকাত মোৰ সাংঘাতিক ৰাপ আছে। ভাষা এটা কোন ঠাইত কেনেকৈ কয় এইবোৰ জানি ভাল লাগে। ‘অদাহ্য’ৰ দুৰ্গা চৰিত্ৰটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই চৰিত্ৰটো কৰাৰ আগতে বহুতে আপত্তি কৰিছিল যে মই কানাড়া মানুহ এজনীয়ে ক’ত পাৰিম সেইটো চৰিত্ৰ কৰিবল। কিন্তু পৰিচালক শান্তনা বৰদলৈয়ে মোৰ ওপৰত পূৰা বিশ্বাস ৰাখিছিল। দুৰ্গা চৰিত্ৰটোক মই আত্মাত ধাৰণ কৰি লৈছিলোঁ, তাৰপিছত সৱ সহজ হৈ গৈছিল। দুৰ্গা চৰিত্ৰটো কৰাৰ আগতে মই মামণি ৰয়চমে লিখা সেই ঠাইবোৰলৈ গৈছোঁ, গোঁসানীহঁতৰ লগত কথা পাতিছোঁ, দুৰ্গা ক’ত আছিল, মাহেকীয়া হ’লে দুৰ্গা কোনডাল গছৰ তলত বহি আছিল, ক’ত খোজকাঢ়িছিল এইবোৰ সৱ মই নিজে চাই আহিছোঁ আৰু পিছত অনুভৱ কৰিলোঁ দুৰ্গা দেখোন ময়েই। দূৰ্গা চৰিত্ৰটোক মই আবাহন কৰি ল’লোঁ, আৰু দুৰ্গা চৰিত্ৰটো যেন মোৰ ভিতৰত সোমাই পৰিল। মোৰ ভিতৰত যি আছে সেই সকলো শূন্য কৰি চৰিত্ৰ এটাক নিজৰ মাজত ধাৰণ কৰিব পাৰিলে আন একোৱে সমস্যা নহয়। ভাষাৰ সমস্যা ইয়াত নগণ্য হৈ যায়। 

ফ.ঢো.: আপুনি কেইবাখনো চিনেমাত অভিনয় কৰিছে। কোনটো মাধ্যমত অভিনয় কৰি আপুনি বেছি সাৱলীল অনুভৱ কৰে? নাটক নে চিনেমা?

ভাগিৰথী: অভিনয় অভিনয়েই। কিন্তু থিয়েটাৰ হল ‘বেচিক’। যিকোনো অভিনেতাই নিজৰ ‘বেচ’টো শক্তিশালী কৰিবলৈ হ’লে থিয়েটাৰ কৰিবই লাগিব। তাৰপিছত তেওঁ চিনেমা, চিৰিয়েল যিয়েই নকৰক, সহজ হৈ যায়।

ফ.ঢো.: এগৰাকী সফল অভিনেত্ৰী হোৱাৰ আঁৰত কোনে আপোনাক সবাতোকৈ বেছি অৰিহণা যোগাইছে? কাৰ প্ৰভাৱ বেছিকৈ পৰিছে আপোনাৰ জীৱনত?

ভাগিৰথী: মোৰ অভিনয় জীৱনত যিসকল গুৰু বা শিক্ষক পাইছোঁ, আটাইৰে অৱদান আছে। কৰ্ণাটকৰ ‘নিনাচাম’ত মোৰ অভিনয়ৰ ভেটিটো গঢ়ি উঠিছিল। এন এচ ডিয়ে সেইটোক আৰু বেছি মজবুত কৰিলে। কেইবাগৰাকী বৰেণ্য ব্যক্তিক শিক্ষক হিচাপে পাইছোঁ, একেলগে কাম কৰিছোঁ, ‘গিৰিশ কাৰ্নাড’ চাৰৰ লগত কাম কৰিবলৈ পোৱাটোৱো মোৰ কাৰণে এটা ডাঙৰ শিক্ষা, এনেকৈয়ে শিকিছোঁ। তেখেতৰ লগত ” কানুড় কে ঠাকুৰাইন” বুলি দূৰদৰ্শণৰ ডিডি -১ ত মই কাম কৰিছোঁ। বহুত ভালদৰে শিকায় আৰু সহকৰ্মী সকলক বহুত সন্মান কৰে। সেই ধাৰাবাহিক খন কৰাৰ সময়ত মই মাক হ’ব ওলাইছিলোঁ। ডাঙৰ ছোৱালী জনীৰ জন্মৰ সময়ত। মোক গৰ্ভৱতী বুলি জানি বহুত সাৱধানে কাম কৰিব দিছিল। খোৱা লোৱাৰো সময়মতে যোগান ধৰিছিল। মুঠতে পৰিচালক বুলি নহয় তেওঁ এজন অভিভাৱকৰ দৰে কাম কৰে সহ অভিনেতা অভিনেত্ৰীৰ লগত।

ফ.ঢো.- এতিয়াৰ নাটক কৰা যুৱপ্ৰজন্ম আৰু আপোনালোকৰ কাম কৰা পাৰ্থক্যটো কেনেকুৱা?

 ভাগিৰথী: এতিয়াৰ ল’ৰাছোৱালীৰ লগত আমাৰ পাৰ্থক্যটো হ’ল আমি চৰিত্ৰ এটা ৰূপায়ণ কৰি কৰি শিকিছোঁ, কিন্তু তেওঁলোকে কাম  চাই, অভিনয়চাই শিকিছে। কিন্তু নিজেও চেষ্টা কৰে দেই। আজিকালিৰ ল’ৰা ছোৱালীও বহুত কষ্ট কৰে আৰু কাম শিকাৰ আগ্ৰহী।

ফ.ঢো.: নাটক বা অভিনয়ক বাদ দি আপোনাৰ আৰু কি নিচা আছে? আজৰি সময়ত কি কৰি কটায়?

ভাগিৰথী: কিতাপ পঢ়ো, চিনেমা চাও অথবা গান শুনো| এই তিনিওটাতে মোৰ নিচা আছে|

ফ.ঢো: আৰু খাদ্যৰ ক্ষেত্ৰত? অসমীয়া নে কানাড়া?

ভাগিৰথী: খাদ্যৰ ক্ষেত্ৰত মোৰ এনেকুৱা নাই যে এইটোৱে মোৰ সৱতকে প্ৰিয়। সৰুৰ পৰা ঘৰত যিটো খাইছিলোঁ সেই কানাড়া ষ্টাইলত ৰুটি ইয়াতো বনাওঁ আৰু অসমীয়া ব্যঞ্জন বুলি ক’লে বাঁহৰ গাজৰ লগত বনোৱা ব্যঞ্জন, মাছৰ টেঙা এইকেইটা প্ৰিয়। আচলতে সকলো খাদ্যয়ে মই ভালকৈ খাওঁ।

ফ.ঢো: অভিনয় জগততে এনেকুৱা কিবা ঘটনা মনত আছেনে, যিটো মনত পৰিলে এতিয়াও আপোনাৰ হাঁহি উঠে?

ভাগিৰথী: এনেকুৱা কথা কিছুমান আছে। নাটকত কেতিয়াবা হয় এনেকুৱা যে সংলাপটো ক’ব লাগিছিল বাহাৰুলে কৈ দিলোঁ মই। পিছত অকলে অকলে হাঁহি উঠে। অলপতে এটা শ্ব’ত কেৰেক্টাৰ এটা মঞ্চত সোমাই আহিব লাগে, কিন্তু সি অহা নাই। মই মঞ্চৰ পৰাই তাক চিঞৰিলোঁ ‘ঐ হাৰামজাদা তাত থিয় হৈ কি কৰিছা, আহ ভিতৰলৈ’। ৰাইজে সেইটো নাটকৰ সংলাপ বুলিয়ে ভাবিলে। পিচত হাঁহি উঠিছে বহুত।

ফ.ঢো: বাইদেউ, আপুনি অভিনয় কৰা দুখন চিনেমা মুক্তিৰ বাবে ৰৈ আছে। চিনেমা দুখনৰ বিষয়ে অকনমান জানিব খুজিছোঁ।

ভাগিৰথী: এখন আমাৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা, নাম “দ্যা চেভেন্থ ষ্ট্ৰিং”। এইখনত ছোৱালী এজনীৰ জটিল মনস্তত্বৰ ওপৰত নিৰ্মাণ কৰা হৈছে। কাহিনী আৰু মূল চৰিত্ৰত অভিনয় কৰিছে বৰ্ষা বাহাৰে। তাই আমাৰ ডাঙৰ জীয়ৰী। এইখন মুক্তি পাব 2 ডিচেম্বৰত। আপোনালোকে পাৰিলে চাব ছবিখন। আৰু আনখন “লালেটাপু 1983″, এই চিনেমাখন অসম আন্দোলনৰ এচোৱা হিংসাত্মক ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে, পৰিচালনা কৰিছে আদিত্যম শইকীয়াই। এইখন 25 নবেম্বৰত মুক্তি পোৱা কথা।

ফ.ঢো: বাইদেউ, আপুনি আজি আপোনাৰ যথেষ্ট মূল্যৱান সময় আমাক দিলে। তাৰকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। শেষত আমাৰ ‘ফটাঢোল’ আলোচনীলৈ দুষাৰ ক’ব নেকি?

ভাগিৰথী: হাস্য শব্দটোৱেই ইমান ধুনীয়া। হাঁহিৰ নিচিনা ধুনীয়া বস্তু আৰু কি থাকিব পাৰে? মানুহৰ জীৱনত ইমান গম্ভীৰ ঘটনা থাকে যে হাঁহিবলৈ পাহৰি যায়। অভিনয়তো ট্ৰেজেদী কৰাতকৈ কমেডি কৰা বহুত বেছি টান। মানুহক হঁহুওৱা ইমান সহজ নহয়। গভীৰ কথা এটাকো হাস্য ব্যংগৰে ক’ব পৰাটো আৰু বেছি টান। চাৰ্লি চেপলিনৰ নাটকত বিৰাট গভীৰ কথা এটাকো হাস্য ব্যংগেৰে কিমান সহজে কৈ দিয়ে। গতিকে হাস্য ব্যংগ আলোচনী এখন উলিয়াই থকাটো বিৰাট ভাল কথা হৈছে। মই এই আলোচনীৰ সকলো পঢ়ুৱৈকে শুভেচ্ছা জনালোঁ।

ফ.ঢো.: বহুত বহুত ধন্যবাদ বাইদেউ। আপোনাৰ অভিনয়ৰ যাত্ৰা অবিৰত ভাবে চলি থাকক।

ভাগিৰথী: ধন্যবাদ। আপোনালোকলৈও বহুত শুভেচ্ছা থাকিল। ফটাঢোলৰ যাত্ৰা, ব্যংগ সাহিত্যক আগুৱাই নিয়াত আপোনালোকৰ চেষ্টা সাৰ্থক হওক।

☆ ★ ☆ ★ ☆

2 Comments

  • Arabinda Goswami

    লেখাটো পঢ়িবলৈ আধাঘণ্টামান লাগিল।অথচ গমেই নাপালো কেনেকৈ সময়খিনি পাৰ হৈ গ’ল।মাজে মাজে বাইদেৱে হাঁহিৰ খোৰাক যোগালে।বৰ ভাল লাগিল।বিশেষকৈ মঞ্চত থাকিয়েই বাহাৰুলক গালি পৰাতো।বৰ্ণাঢ্য জীৱন পৰিক্ৰমা।

    Reply
  • ডলী

    মোৰ সৌভাগ্য এনেকুৱা এজন শিল্পীৰ সান্নিধ্য পোৱাটো। ধন্যবাদ ফটাঢোল।

    Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *