ফটাঢোল

অনলাইন প্ৰেম তা না না না-কৰবী দেৱী

অৱশেষত সহকৰ্মী বৰাৰ বুদ্ধিমতে শইকীয়াই পত্নীক স্মাৰ্ট ফোন এটাকে কিনি দিয়াটো সঠিক বুলি ভাবিলে। অন্যথা কিমান আৰু পাতি হাঁহৰ লেখিয়া একেসোপা পেক্ পেকনি শুনিব ঘৈণীয়েকৰ। এদিনতো শইকীয়াই দুখতে ঘৰৰ পৰা ওলাই পিছফালৰ পুখুৰীটোৰ ঢিপ পাইছিলগৈয়ে। বোলে মহাপাপত ভূগিলেও ভূগিম। প্ৰেতাত্মা হৈ মাজনিশা আন্ধাৰতে ঘূৰিম। তথাপিও পত্নীৰ পেক্ পেকনি্ বোৰ শুনি শুনি জীৱলৈ নাই আৰু! তদুপৰি পত্নীক মৰি হ’লেও এসেকা দিবলৈ ইচ্ছা। পাওকচোন মতাটো নোহোৱাত কোনে কিমান সাহস দিয়ে..? কোনে সঁহাৰি জনায়..? পিচে ঢিপটোত ৰওঁতে হঠাতে দুচকুত ভাঁহি উঠিল জীৱন বীমাৰ এজেণ্টটোৰ কথা। হৰি হৰি, কেনেবাকৈ মৰি গ’লে ঘৈণীয়েকে যি সোপাহে টকা পাব, টকাৰ লোভতে কোনোবাই উঠাই দিয়ক। তেতিয়া দেখোন শইকীয়াৰ আত্মাটোৱে বেছিহে কষ্ট পাব। একোতো ক’বও নোৱাৰিব। অৱশ্যে ভয় খুৱাই মাৰিবলৈ ভাল হ’ব। কিন্তু আজিকালি প্ৰেতাত্মালৈ ভয় কৰিবলৈ মানুহবোৰ ৰাতি শুবও লাগিব নহয়। মোবাইল ডালতে দেখোন নিশাচৰ প্ৰাণীৰ দৰে ভ্ৰমি ফুৰে। ছেঃ বৰ চিন্তাৰ কথা। মৰাৰ সিদ্ধান্ত লগতেই সলাই পেলালে শইকীয়াই । 

পিছদিনা মনৰ যাতনাবোৰ বৰাক কোৱাৰ লগে লগেই বৰাই এটাই পৰামৰ্শ দিলে,

: এটা স্মাৰ্ট ফোন কিনি দিয়ক। ছ’চিয়েল মিডিয়াত আজিকালি কাজিয়া লাগিবলৈ, অবাইচ মাতেৰে গালি-শপনি পাৰিবলৈ বিভিন্ন অজুহাত আছে। বিভিন্ন আপডেট আহে।

বৰাৰ কথামতে শইকীয়াই দিলে ঘৈণীয়েকক স্মাৰ্ট ফোন এটা কিনি। প্ৰথম কেইদিনমান বৰ শান্তিত সময় কটালে শইকীয়াই। পত্নীয়ে সোনকালে কাম-বনবোৰ অঁতাই মেলি মোবাইলটোৰ লগত ব্যস্ত হৈ পৰে। শইকীয়া খুচ। পিচে আজি কেইদিনমানৰ পৰা শইকীয়াৰ মনত  সন্দেহৰ বীজ এসোপামানে শিপাবলৈ ধৰে। কাৰণ তেওঁৰ পত্নীয়ে যিতি সময়তে মোবাইলটোত ভিডিঅ’ কলিং কৰাত ব্যস্ত হৈ পৰে। শইকীয়াই সুধিলেই জকজকাই উঠে। বোলে, 

“মোৰ কলেজীয়া দিনৰ বান্ধৱী। চালোঁ আৰু এপাক। তাতে কিহৰ ইমান ফৰফৰনি..?” 

নিৰুপায় হৈ বৰাক ক’লে সবিশেষ। বৰাই দিলে শইকীয়াকো ফেইচবুক একাউণ্ট এটা খুলি। পিচে প্ৰফাইল ফটোখন গুগুলৰ পৰা চাৰ্চ কৰি কোনোবা হেণ্ডচাম বয় এজনৰ দিলে। অৱশ্যে শইকীয়া খুচ। 

“আই ঐ দেহি, মাৰ্ক জুকাৰবাৰ্গৰ পৃথিৱীত ইমান ধুনীয়া ধুনীয়া ছোৱালী।”

শইকীয়াৰ মন উখল-মাখল হৈ পৰে। হঠাৎ এখন ডিপিত দুচকু স্থবিৰ হৈ পৰে। ইমান মৰম লগা ছোৱালী। দিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট। লগে লগে একচেপ্ত। আৰম্ভ হৈ গ’ল হাই, হেল্ল’। এতিয়া আৰু শইকীয়া-শইকীয়ানীৰ মাজত কোনো বিবাদ নাই। নিজগুণে দুয়ো ব্যস্ত নিজৰ নিজৰ ভাৰ্চুৱেল বন্ধু /বান্ধবীৰ লগত। 

আজি দেওবাৰ। শইকীয়াৰ মন উগুল-থুগুল। আজি প্ৰথমবাৰৰ বাবে শইকীয়াই তেওঁৰ প্ৰেমিকাক ভিডিঅ’ কল কৰিব। শইকীয়াই ডি পিখন যে নিজৰ নহয় স্পষ্টকৈ কৈ দিয়া স্বত্বেও ছোৱালীজনীয়ে কোনো ধৰণৰ আপত্তি  নকৰিলে। বৰঞ্চ ক’লে, 

“মনৰ পৰা ভাল লাগে তোমাক। ডি পি ৰ কথা কিয় আনিছা?” 

নিশা পত্নী টোপনি যোৱালৈ শইকীয়াই অপেক্ষা কৰি আছে। কিন্তু পত্নীৰ টোপনিৰ কোনো লক্ষণেই নাই। 

সেইটোকে খুচৰি আছে। সিফালে ছোৱালীজনীয়ে অধৈৰ্য হৈ দিলে ভিডিঅ’ কল কৰি। শইকীয়াই কি কৰোঁ, কি নকৰোঁ বুলি ভাবোঁতেই পত্নীয়ে মোবাইলটো কাঢ়ি লয়। লগে লগে পত্নী বেহুচ। কাৰণ তেওঁ যিজন পুৰুষক আজি প্ৰথমবাৰ দেখা পোৱাৰ অধীৰ উল্লাস বুকুত ৰাখি অধৈৰ্য হৈ ভিডিঅ’ কল কৰি দিলে, সেয়া দেখোন তেওঁৰেই পতিদেব। তেন্তে দুয়ো ছদ্মৰূপ ধাৰী মনুষ্য। 

দুয়োৰে ডি পিৰ আঁৰৰ কাহিনী ফাদিল হোৱাত আমন জিমনকৈ বহি আছে দুফালে মুখ ঘূৰাই। 

“হায়ৰে ফটাপ্ৰেম। কিয় এনেকৈ দুঃখ দিলা বুকুত। গৈ গৈ সেই একেটা ঘাটতে পানী খাব লাগেনে..? মৰ এতিয়া বতিয়াই।” 

দুয়ো পেটে পেটে ভোৰভোৰাই আছে। 

এতিয়াও ভোৰভোৰায়েই আছে….।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী

    বহুত ভাল লাগিছে। খুব হাঁহিলোঁ।

    Reply
  • RIMJHIM Borthakur

    Moja

    Reply
  • কমলা দাস

    😂😂😂মজা লাগিল।থাকক দুয়ো পেটে পেটে ভোৰভোৰাই!

    Reply
  • অভিজিত কলিতা

    ইয়াৰ পাছত শইকীয়া শইকীয়ানীয়ে নিজৰ ডিফেঞ্চত কি কি কৈছিল, সেইখিনিও জানিবৰ মন গল।

    ভাল লাগিল

    Reply
  • Ranjan Das

    Ha..ha..ha…🤣🤣🤣 moja lagil

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *