ফটাঢোল

ৰচনা-ৰূপাঞ্জলী ডেকা

ৰচনা এখন লিখিবলৈ ল’লো । বিষয়বস্তু হিচাপে কি বাচি লওঁ তাকেই গুণাগঁথা কৰি আছিলো,হাততে ফণীখন লৈ চুলিৰ জোঁট সামৰি।হঠাতে মিচিকিয়া হাঁহি এটা ওঁঠত বিৰিঙি উঠিল।যেন কিবা এটা বৰ সাংঘাতিক বিষয়বস্তুৰহে উৎঘাটন কৰিলো।পিছে অহৰহ আমি প্ৰত্যেকেই আদৰ কৰি সৌষ্ঠৱ ম্লান নহ’বলৈ কৰা চেষ্টাৰ আঁৰত থকা আমাৰ নিজৰ এবিধ বস্তু আছে আৰু যাক নিৰ্বাচন কৰিলো ৰচনাৰ বিষয়বস্তু হিচাপে।পিছে সেয়ানো কি?নিঃসন্দেহে প্ৰশ্ন উঠিছে নহয়নে?আন একো নহয় আমাৰ চুলিখিনিহে ।।

এতিয়া পিছে কাৰ চুলিৰ কথানো লিখিম!আচলতে মোৰ নিজৰেই অদ্ভুত চুলি কেইডালৰ কথাহে লিখিবলৈ ল’লো।

মহিলা অথবা পুৰুষ উভয়ৰে প্ৰিয়তম নহয়নে নিজৰ চুলি খিনি?ভালে ভালে নিজৰ নিজৰ মূৰটো শুৱনি কৰি থাকক বুলিয়েই কত যে কি কোম্পানীৰ, কত উৎপাদিত বস্তুৰ প্ৰতি আমি মন মেলি চাওঁ।তথাপি চুলিখিনিয়ে যেন আমাৰ মনটো জয় কৰিব নোৱাৰে।ক’ৰবাত যেন লেশমান হ’লেও আপত্তি থাকে।হেন জানি বেজাৰ সামৰি তথৈবচ চুলিৰ অৱস্থা, তাক ভিন্নতাৰে ভৰাই দিবলৈ আমি যে কত কি নতুন নতুন উপায়ৰ সন্ধানত নামো! মনত এনেদৰে আশা পাঙো যে এইবাৰ সাংঘাতিক কিবা এটা হব,মোক একেবাৰে কিবা বেলেগ যেন দেখা হ’ব। যিহওক এনে চিন্তাৰে মনৰ কোণ এটা আৱৰাই ৰখাত মই নিজেই কোনে গুণে কম নহয় আৰু তাৰ ফলাফলত কত যে কি কৰিলোঁ!

সৰুৰেপৰাই নিজৰ ভাঁজ থকা চুলিৰ হেতু আপত্তিৰ শেষ নাই।গুপুতে মনত ভাবিবলৈ লওঁ মোৰ যদি চিধা একোছা চুলি হ’ল হয়, বাহ্!কি যে নকৰিলো হয়!

জীৱনত প্ৰথম ধুনীয়া চুলিৰ সপোনত ডুবি হেয়াৰ কাটিং কৰিবলৈ বহিলো পীৰা পাৰি।হাতত কেঁচী, আইনা আৰু এখন সৰু ফণী লৈ হাজিৰ দেওবৰীয়া ৰাজহুৱা হেয়াৰ কাটিং অনুস্থানৰ বিশেষ ব্যক্তি আমাৰ ডাঙৰ বৰদেউতা। বৰদেউতা আমাৰ পৰিয়ালৰ আটাইতকৈ বিশেষ ব্যক্তিজন আছিল।অল্পভাষী ,গহীন-গম্ভীৰ বৰদেউতাৰ কথাত কোনোৱে আপত্তি কৰা নাছিল।আজি তেওঁ আমাৰ মাজত নাই।পৰিয়ালৰ সকলো শিশুৰ কেশসজ্জাৰ অবৈতিক দায়িত্বভাৰো তেওঁ নিজেই স্বেচ্ছাই গ্ৰহণ কৰিছিল। এলবামৰ পাতত নিজৰ হেয়াৰ কাটিঙৰ পিছত ৰঙা ফ্ৰক পিন্ধি দেউতাৰ কেমেৰাত প’জ দি উঠা ফটো এখন বিচাৰি পালোঁ।এনেধৰণে প’জ দিছো যেন নিজকে অপূৰ্ব সুন্দৰী দেখা গৈছে, গৰ্বতে এই প’জ দিছো।পিছে চুলিখিনিলৈ যেতিয়া চকু গ’ল আমাৰ পাকঘৰৰ ডাঙৰ কাঁহৰ বাটিটোলৈহে মনত পৰিল। কিজানিবা বৰদেউতাই এই বাতিটো পিন্ধাইহে চুলিখিনি কাটিছিল ।।

শৈশৱৰ পৰা আঁতৰি আহি  কৈশোৰৰ দোকমোকালিৰ কিছু কথা মনলৈ আহিল। চুলি চিধা হ’বই লাগিব তাৰ বাবে এইবাৰ আকৌ যিটোহে ভাঁজ দি চুলিখিনি এডাল টিকনি বান্ধি গপচ দিছিলোঁ!তথাপি কোনো কাম নিদিলে।এনেকুৱা সময়ত মোৰ বৰদেউতাৰ ফালৰ বাইদেউ এগৰাকীয়ে দিহা পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিল। তাইৰ দিহামতেই  চুলিবোৰ কটালো।কটালো মানে একেবাৰে ল’ৰাৰ লেখিয়া।তাইৰ কথাটো আছিল যে এনেকৈ চুটিকৈ কটালে চুলিবোৰ পিছত দীঘল হ’লে চিধা হ’ব।এবাৰ কটালো একো ফল নহ’ল বাবে আকৌ এবাৰ কটালো।পিছে এতিয়া সৰস্বতী পূজাৰ ফটোবোৰ এলবামত দেখিলেই এনে লাগে যেন একোছা জপৰা চুলিৰে সজা এটা চৰাইৰহে বাহ আছিল সেয়া।

আশা এৰিলো ইমানতে চুলি চিধা হোৱাৰ।যেনেকৈ আছে থাকক। এনেকৈয়ে চলি আছিল, পিছে এইবাৰ আকৌ চুলি চিধা কৰি লোৱাৰ চাঞ্চ আহি গ’ল 

মাৰ্কেটত।যিফালেই চাওঁ সকলোৰে চিধা চুলি । ইস্ত্ৰি কৰি চিধা কৰি দিব পৰা উপায় ওলাই গ’ল।গতিকে আৰু কোনে পায়!আগপিছ নাভাবি এদিন সোমায়েই গ’লো পাৰ্লাৰ এখনত।বহু বছৰৰ মূৰত আকৌ পুৰণি সপোনটো মোৰ জাগি উঠিল।পিছে এইবাৰ সপোন ফলিয়াই গ’ল। চিলচিলীয়া মিহি চুলিখিনি বতাহত উৰুৱাই ঘৰ পালোঁ। পিছে কমেন্টবোৰ ঘৰে বাহিৰে এনেকুৱাহে হ’ল….

“ইচ্ ইচ্!কি কৰিলি!ইচ্ ৰাম! ভগৱানে যিখিনি দিছে তাত সন্তুষ্ট হ’ব নোৱাৰে…. বৰ ষ্টাইল একেবাৰে!”

আৰু ইমানেইনে? মোৰ মাৰ গালিৰ সুৰৰ স্কেলডাল আৰু উৰ্দ্ধগামী হ’ল। আইনাত চাই নিজকে ক’লো….

“ইচ্!ইমান ভাল লাগিছে! ইহঁতে কিবা জানিলেহে ষ্টাইল কি!”

 খুজি খুজি ভাল লগা কথাটো শুনিবলৈ শ্ৰীমানক সুধিলোঁ…

“কেনেকুৱা লাগিছে?

তেওঁ গহীনকৈ ক’লে… 

“কেনেকুৱা লাগিব আৰু! বৰষুণত ভিজা শালিকা এজনীয়ে ৰ’দ দেখি নিজৰ পাখিবোৰ জোকাৰি দিলে যেনেকুৱা দেখি, সাইলাখ তেনে লাগিছে তোমাক।”

হ’ল বুলি আৰু ইমান অপমান সহ্য কৰিব পাৰিনে?লগে লগেই ক’লো…

” চুপ থাকা।

তেওঁ ক’লে…

“তুমি সুধিছিলা বাবেহে আচল কথাটো কৈছিলোঁ।” 

যাহওক,মোৰ ইস্ত্ৰি কৰা চুলিখিনি বেছি দিন চিধা হৈ নাথাকিল।নতুনকৈ যিমানেই চুলি বাঢ়িল, এনেকুৱা ৰূপ ল’লে যে মই কল্পনাত এনেদৰেই আঁকিলো যেন টিঙৰ চালৰ ঘৰ এটাত টিং শেষ হোৱাৰপৰা আকৌ অলপ খেৰৰ চালৰ ডিজাইন কৰা হৈছে।নিজে নিজেই কাটি মেলি আকৌ আগৰ ৰূপত আহিলোঁ। শ্ৰীমানে ক’লে বোলে…

“তোমাক দেখি পঞ্চতন্ত্ৰৰ সাধু এটাহে মনলৈ আহিছে।”

 মই বোলো…. “কিনো?”

তেওঁ ক’লে বোলে…

“পুনঃ মুচিক ভৱ।”

মই মুখ বেকেটাই ইমানেই ক’লো ,নিজৰ এটাই কমন ডাইলগ, বোলো চুপ থাকা তুমি । 

ইমানতে চুলি চিধা কৰাৰ আশা চিৰদিনৰ বাবে বাদ দিলোঁ।পিছে চুলিখিনিৰ কিবা এটা নকৰিলে শান্তি পামনে?গতিকে এইবাৰ কালাৰ কৰাৰ কথা ভাবিলোঁ। ক’লা চুলিৰ মাজে মাজে ৰঙা ৰঙা পোহৰ । বাহ্! কি সুন্দৰ!!কল্পনা মতেই কাম । এইবাৰ শ্ৰীমানে কমেন্ট কৰাৰ আগতেই মই কৈ থলো তুমি একো নকবা কিন্তু একো ষ্টাইল নাজানা তুমি। মোৰ দাবী তেওঁ বিনা প্ৰতিবাদে স্বীকাৰ কৰিলে।পিছে মোৰ মাৰ কমেন্টৰপৰা ক’ত হাত সাৰিম?

“এইবোৰ কি কৰিলি?মোৰ পকা চুলিত জেতুকা দিলে যেনে দেখি সাইলাখ তেনেই দেখিছে।কি দিন আহিল! আমাৰ বয়সত চুলি পকিছে, ইহঁতে আকৌ নিজে চুলি পকাই লৈছে।বিশেষ গুৰুত্ব নিদিলো।চুলি উৰুৱাই দুর্গাপূজাত গাঁৱৰ ঘৰলৈ গৈছিলোঁ।দুগৰাকী আইতাৰ আকৌ মোৰ চুলিৰ ওপৰতহে চকু পৰিল।ইগৰাকীয়ে সিগৰাকীক ক’লে…

“বোৱাৰীৰ ইত্তেতে চুলি পক্সি চৱচোন!”

কিছুদিন ভালদৰে গ’ল।পিছে চুলিৰ ৰং এনে হ’বলৈ ল’লে যেন পকা তামোলৰ ৰংহে ,লগতে ই আকাৰ ল’লে ঠিক বাচন মাজিবলৈ ব্যৱহাৰ কৰা জাবৰবিধৰ লেখিয়া। গতিকে “পুনঃ মুচিক ভৱ।”….হোৱাৰ বাহিৰে আন ৰাস্তা নাছিল।

যাহওক ইমানতে মোৰ নিজৰ চুলিখিনিৰ কথাৰ সামৰণি মাৰিলো।আগন্তুক দিনত আকৌ নতুন আইদিয়া লগাই চুলিৰ ওপৰত গৱেষণা কৰিয়েই থাকিম দিয়কচোন । 

বাৰু,হাঁহিৰপৰা ফালৰি কাটি এটা কথা ক’ব বিচাৰিছো। যিমানেই আধুনিকতাৰ পৰশেৰে  আমি নিজকে আজিকালি সজাই নাৰাখোঁ কিয়, একোয়েই নকৰা আমাৰ বৰমা, মা নতুবা গাঁৱৰ সেই আইতাগৰাকীৰ ছাল ,চুলি এতিয়াও সুন্দৰ হৈ আছে।নিজৰ অভিজ্ঞতাৰ পৰা ইমানেই বুজি উঠিছো যে এইবোৰ কৰিলে কিছুদিন ভালেই লাগে পিছে বহুত বেছি কেমিকেলৰ ব্যৱহাৰৰ বাবে আচলতে চুলিবোৰে কষ্ট পায়।তথাপি মনটো কিবা বান্ধি ৰাখিব পাৰি নেকি?চুলিৰ ওপৰত অত্যাচাৰ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *