গোন্ধ-বিদিশা শইকীয়া
দুপৰীয়াৰ আকাশত তেতিয়া বেলিটোৱে এফালৰ পৰা সৱ ডেই পুৰি নি ভষ্ম কৰাৰ মানসেৰে ভষ্মাসুৰৰ ৰূপ লৈ ফুৰিছিল। শইকীয়াৰ ঘৰৰ বোৱাৰী, মানে ৰবিনৰ জীৱন সংগী মেঘমল্লিকাই বাৰান্দাতে বহি অলপ পৰ হামিয়াই, হিকটিয়াই থকাৰ পাছত ইউটিউবটোকে খুলি ল’লে। লকডাউনৰ সময় যদিও ৰবিন অকণমান ওলাই গৈছে চুবুৰীয়া এঘৰলৈ বস্তু এপদ বিচাৰি। মেঘমল্লিকাৰ এতিয়া কৰিবলৈও বৰ বিশেষ একো কাম নাই। পিচে তাইৰ মনটোতহে কথা এটাই মাজে মাজে খুন্দিয়াই আছে। দুদিনমানৰ পৰা লগৰ কেইজনীৰ ষ্টেটাচ্ চাব নোৱাৰা হৈছে। যিহে বিধে বিধে ৰান্ধিছে নহয়। মল্লিকাৰ মনটো কিবাখন কৰি উঠে। ‘ ইস্ সিহঁতেহে পাৰে নেকি? কামে-কাজে ময়োতো পিছপৰা নহয়। সোনকালেই কিবা এটা বনাই ষ্টেটাচ দিবই লাগিব।’ তাই মনতে ভুনভুনাই উঠে।
সেই কথাই কাম। আজি মল্লিকা ইউটিউব খুলি বহিল। শিকি লৈ কিবা নতুন বনাব। অলপ দেৰিৰ অনুসন্ধানৰ শেষত সিদ্ধান্ত হ’ল যে মানুহজনৰ আৰু নিজৰো পছন্দৰ ৰসগোল্লাকে বনোৱা যাওক। এনেও হোটেল আদি বন্ধ হোৱাৰ পৰা কিমান যে খাব মন গৈ আছে অ’।
লৰালৰিকৈ কামত লাগি গ’ল মল্লিকা। প্ৰথমেই ৰেচিপিটো কাগজ এখনত নোট কৰি ল’লে। হিন্দীত কৈ যোৱাখিনিৰ অসমীয়া অনুবাদ তাই নিজেই পাৰিলে। সিহঁতে গাঁওৰ এঘৰৰ পৰা দৈনিক গাখীৰ লয়। মল্লিকাই ভাবিলে, ভালেই হ’ল। আজিৰখিনি গাখীৰ তেনেকৈয়ে আছে। তেওঁ পাত্ৰ এটাত গাখীৰখিনি উলিয়াই লৈ ৰেচিপি মতেই কামত লাগিল। সময়ত হৈ উঠিল চকচকীয়া বগা কেবাটাও ৰসগোল্লা। ৰসগোল্লাকেইটালৈ চাই মল্লিকাৰ বৰকৈ লোভ লাগিল। পিচে লোভটো সেপ ঢুকি গিলি পেলাই তাই সুন্দৰকৈ মিঠাইকেইটা সজাই পেলালে।
খচক্ খচক্ খচক্
সোঁ-বাওঁ সকলো ফালৰে পৰা কেবাখনো ফটোও তুলিলে।
ফটোকেইখন তুলি থাকোঁতেও মিঠাইকেইটাই যেন ৰিঙিয়াই মাতিছিল মল্লিকাক, “আমাক খা আক’ আহ। সজাই থ’বলে বনাইছ’ নি?”
তাইৰ হাত এখন মেল খাইছিলেই। কোনোমতে লোভ সামৰিলে।
“মানুহজন আহক। তেতিয়া একেলগে খাম।”
এইবুলি ফটোকেইখনকে আপলোড কৰিবলৈ তাই উঠি গ’ল। মানুহে বৰ ভাল পাইছে। কি কি যে কমেণ্ট অ’। মল্লিকাৰ বুকুখন ফুলি উঠিল। দুজনীমানে ৰেচিপিও সুধিছে। তেনেকুৱাতে ৰবিন আহি পালে। “অলপ ব্যস্ত আছোঁ। ৰেচিপি দিম বাৰু দেই।” বুলি ৰিপ্লাই এটা কৰি তাই ৰবিনৰ ওচৰ পালেগৈ।
পানীৰ গিলাচটো এহাতে আগবঢ়াই দি আনহাতে আগবঢ়াই দিলে ৰসগোল্লা। মুখত ফুটি উঠিল গৌৰৱৰ হাঁহি, “দেখিছা, তোমাৰ পত্নী কিমান কামৰ মানুহ!” পত্নীৰ হাতৰ মিঠাইৰ সুৱাদ ল’বলৈ সিও একেকোবে হাত মেলি আহিল। এটা মিঠাই মুখত ভৰাই ল’লে। তায়ো অতপৰে অপেক্ষাৰ শেষত ভৰাই ল’লে আন এটা নিজৰ মুখত।
“অ’ শেষ। এইটো গোটেই নেমু, নেমু গোন্ধাইছে যে। মুখত দিবয়ে নোৱাৰি।” মল্লিকাই বিৰবিৰালে। তাই বিবুধিত পৰিল। ভুলটো ক’ত হ’ল! মগজটোত পাৰে মানে জোৰ দি তাই ভাবিবলৈ লাগিল।
কেইটামান মুহূৰ্তৰ পাছত তাইৰ মনত পৰিল। গাখীৰখিনি ফাটিবলৈ বুলি যে এটা নেমু চেপিব দিছিল মোবাইলত, তাত দেখুৱা সৰু গোলাকাৰ নেমুটোৰ সলনি মল্লিকাই ডাঙৰ কাজীনেমু এটা গোটেইটো কাটি দিছিল। সেইটোৱেই ভুল হ’ল নেকি বাৰু? অ’ সেইটোৱেই চাগে।
তাইৰনো কি ভুল। তাই কিবা “এটা নেমু চেপি দিব।” বুলিহে লিখি লৈছিল। কিমান ডাঙৰ, কি কথা এইবোৰ সিহঁতে কোৱাও নাছিল নহয় কিবা। আৰু ভিডিঅ’ত দেখুওৱা নেমুটোৰ কথা এতিয়াহে মনত পৰিছে তাইৰ। অসমৰ নেমু যদি কমাই ল’ব বুলি সিহঁতে কৈ দিব লাগে নহয়। গোটেইখন খেলিমেলি লাগিল, ছেহ্।”
নিজৰ ভুলটো সামৰি-সুঁতৰি ভিডিঅ’ বনোৱা কেইটালৈ দোষটো ঠেলি দি এইবাৰ তাই আন এটা চিন্তাত পৰিল। ৰবিনক কি বুলি ক’ব?
“নেমুৰ গোন্ধত মই নিজেই মুখত দিব পৰা নাই এইসোপা। নাটনিৰ দিন। বস্তুসোপা নষ্ট হ’ল বুলি চিঞৰ-বাখৰ হোৱাৰ উপৰিও তাইৰ আত্ম গৌৰৱৰ ফুলি থকা বুকুখন, নাকৰ পাহি দুটা মৰহি শুকাই চোপ মাৰিব লাগিব। নাই নাই, এইটো হ’ব দিব নোৱাৰি।” তাই তৎক্ষণাৎ এটা বুদ্ধি খেলালে।
মল্লিকাই কৈ গ’ল।
:কেনেকুৱা পাইছা খাই! চিম্পলকে ৰসগোল্লাটো সবেই বনায়। মই অকণমান ইউনিক কৰিবলে চালোঁ। মানে খাওঁতে গম পাইছায়ে চাগে। এইকেইটা লেমন ফ্লেভাৰড্ ৰসগোল্লা। কৰ’নাৰ কাৰণে নেমু , ভিটামিন চি খাব কৈছে যে, সেইকাৰণে এইকিটা ট্ৰাই কৰিলোঁ নেমু দি। ইমিউনিটীও বাঢ়িল। মিঠাই খোৱাও হ’ল। ভাল লাগিছে নহয়!”
ৰবিনে হাঁহি তাইৰ শলাগ লৈ কথা সামৰিলে। মল্লিকাও ততাতৈয়াকৈ পাকঘৰলৈ গ’ল। চফ কেইটামান মুখত লৈহে তাইৰ হুচ্ আহিল। নহ’লে গোটেই মুখখন নেমু গোন্ধাই গৈছিল পায়।
☆ ★ ☆ ★ ☆
9:36 pm
মজা লাগিল পঢ়ি
12:02 pm
হাঃ হাঃ
7:16 am
এনে মজাআআ।