ফটাঢোল

পিকনিক-২০২২-নয়নজ্যোতি বৰঠাকুৰ

2022 নতুন বৰ্ষক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাই প্ৰায় ৫ বছৰ বিৰতিৰ পাছত লগৰ দুটামানৰ লগত ওচৰৰে ডিব্ৰু-চৈখোৱা যোৱাৰ পৰিকল্পনা কৰিলোঁ আৰু সকলোৰে সন্মতিত ৯ জানুৱাৰী দেওবাৰটোকেই ঠিৰাং কৰা হ’ল।সকলোৰে এটাই কথা আমি নিজৰ গাড়ী লৈ নাযাওঁ কাৰণ টেনচন ফ্ৰী হৈ স্ফূৰ্তি কৰিব লাগিব।তাৰ পাছত গাড়ী বন্দোৱস্ত কৰাৰপৰা বজাৰৰ লিষ্ট বনাই কিমান খৰচ হ’ব আৰু ভাগে প্ৰতি কিমান তুলিব লাগিব সকলো হিচাপ কৰা পৰ্ব আৰম্ভ হ’ল।

পাৰ্থ- এইবোৰ হিচাপ কৰি লাভ নাই কাৰণ যোৱাৰ আগদিনা শান্তনুৱে বাহানা বনাই নাযাওঁ বুলিয়ে ক’ব চাই থাক।

শান্তনু- সেইবোৰ ল’ৰাকালৰ কথা আছিল এতিয়া মই দস্তুৰমত দুজনী ছোৱালীৰ বাপেক, এতিয়া সেইবোৰ ফটুৱামি নক’ৰোঁ।মাত্ৰ এই বজাৰ-সমাৰ কৰা দায়িত্ব ল’ব নোৱাৰোঁ দেই।

মই – গৈ পায়ে চাহ একাপ, বয়ল কণী লোকেল, ব্ৰেড-জাম।তাৰপাছত মাংস ভাতেই ভাল হ’ব বুজিছ।

জান- ব্ৰেকফ্ৰাষ্টত এইটোৱে লোকেল কণীহে খাম বুলি কৈছে যেতিয়া সেইটো বজাৰৰ দায়িত্বও তাৰেই । 

পাৰ্থ-পানীৰ বটল কেইটা ময়ে যোগাৰ কৰি ঘৰত ৰাখিম দে ।

জান- বজাৰ হ’ব বাৰু কিন্তু কেৰাহী, গামলা সেইবোৰ কোনোবা টেণ্ট হাউচৰপৰাই লৈ ল’ম ।

জুন- সেইবোৰ দায়িত্ব মোৰ।কিন্তু চাবি যাতে ব্ৰয়লাৰ মাংস খাবলৈ নাপাওঁ।

ৰক্তোৎপল – ছাগলী মাংস মই কিনি দিম দে।ভাল মাংস পাবি।

মই- ৰ’হ ঔ!জুই জ্বলাবলৈ কেৰাচিন তেল, জুইশলা এটাও লৈ ল’ব লাগিব, এইটো বৰ পাহৰি যোৱা বস্তু। আৰু খৰিও লাগিব।

জান- সেইটো তোৰ দায়িত্ব।বাকী বজাৰ ময়ে কৰিম দে। মাত্ৰ চাবি যাতে গাড়ীৰ ড্ৰাইভাৰজনে সিবিধ নধৰে।

পাৰ্থ- সেইকাৰণে বামণিকে লৈছোঁ । ঘৰৰে ল’ৰা, তাতে লগৰো । সিও ভাল পাব দে।মাত্ৰ বহিবলৈ আৰু আঁৰ দিবলৈ কিবা ট্ৰিপাল-চিপাল এখন লৈ ল’ব লাগিব দেই।

মই – সৱ ঠিকেই আছে কিন্তু খাবলৈ কলপাত দুখনমানকে কাটি ল’ম, ভাল লাগিব দে… আৰু ঘৰৰপৰা নিজৰ গিলাচ লৈ লম নে কি?

সৱেই ঢেকঢেকাই হাঁহিছে।সেইবোৰ দেখিলে হাঁহিব হেৰৌ! 

মই- তেনেহ’লে লিষ্টত সুমুৱাই ৰাখ।নহ’লে পাছত সেইটো বুদ্ধিও নাথাকিবগৈ।

জান- চিধাকৈ ক’ব নোৱাৰ নি?এনেই সময়বোৰ বৰবাদ কৰি কথা কৈ থাক?

মই- তোৰ ক’ৰবাত মিটিং আছে নেকি? ইমান ব্যস্ত যে এক মিনিটো নষ্ট কৰিব নিদিয়?

সকলো আলোচনাৰ অন্তত ঠিক হ’ল যে শনিবাৰৰ দিনাই সকলো বস্তু যোগাৰ কৰি জুনৰ ঘৰত ৰাখি থ’ব আৰু পুৱা সোনকালেই যাত্ৰা আৰম্ভ হ’ব ।

সকলোৱে ফোনত কথা পাতি, হুৱাটচ এপত “পিকনিক-২০২২” বুলি গ্ৰুপ এটা খুলি প্ৰস্তুতিৰ অগ্ৰগতি খতিয়ান দাখিল কৰা বা লোৱা দুয়োটা পূৰ্ণ গতিত চলি থাকিল।মাজতে জুনে মেছেজতে খবৰ এটাও দিলে যে তাকে দেখি বোলে তাৰ মিছেছেও ওচৰৰ বোৱাৰী মানে শান্তনু, পাৰ্থৰ ঘৈণীয়েক আৰু দুগৰাকীমানক লগত লৈ পিকনিক ওলাইছে দিচাংমুখলৈ।যথাদিনৰ আগত মই খৰি কেইডাল, ব্ৰেকফাষ্টৰ বাবে লোকেল কণী ১০ টা যেনেতেনে গাঁৱৰ দুঘৰমানত বিচাৰি যোগাৰ কৰি ১০ টা বজাৰৰ কণীকে লৈ মুঠতে ২০ টা কণী প্লেটত বান্ধি জুনৰ ঘৰত থৈ আহিলোঁ।সিফালে সন্ধিয়া পাৰ্থক পালোঁ বজাৰত।সি অলপ সিটো ধৰে বাৰু।

তাক সুধিলোঁ….

“পানীতো দিলিগৈ নে?”

সি কৈছে সেইটোৱেই বাকী আছে । তাকেই ল’বলৈ আহিছোঁ।

মই বোলো তই দেখোন সেই বেলেগ পানী পোৱা দোকানখনৰপৰাহে ওলাই আহিছে?

সি কৈছে, 

“ধেই দুটা লৈ থৈছোঁ।পানীৰ কাৰ্টুনটোতে ভৰাই থ’ম। একেবাৰে জেগাত গৈ দুপেগ খাম আৰু দে । চিন্তা নকৰিবি, বেছি নাখাওঁ ।”

মই – “এই দুটাতকৈও বেছি লাগেনে?”

সি হাঁহি আঁতৰি গুচি গ’ল।ৰক্তোৎপলেও ছাগলীৰ মাংস ৩ কেজি কিনি দি আহিল।সিফালে জুনক বজাৰত পালোঁ, দেখিছোঁ মস্ত বেগ দুটা দাঙি দাঙি ইফালে-সিফালে বজাৰখনত ঘূৰি ফুৰিছে।

মই- ঐ, তই কি কৰি আছ?ইমান ডাঙৰ বেগ লৈ বজাৰ কৰিছ যে!আমি দেখোন বস্তুবোৰ থৈয়ে আহিলোঁ।

জুন- ধেই, নিজৰ পিকনিকৰ নহয় ঔ!এইজনীয়েও কাইলৈ মোক দেখি ওলাইছে নহয়, লীডাৰ হৈ ল’লে এতিয়া মৰিছোঁ মই।

মইও হ’ব দে, তই বজাৰ কৰ বুলি গুচি গ’লো।

পিছদিনাখন পুৱাই দোকমোকালিতে গাড়ীৰ হৰ্ণ ঘৰৰ পদূলিত পৰাত জোতাযোৰ ভৰিত ভৰাই গাড়ীত উঠিলোঁগৈ।বামণিয়ে বস্তু ক’ত তুলিব লাগিব কোৱাত ঘপহকৈ মনত পৰিল বৰমাৰ ঘৰৰপৰা সৰু মিঠাতেলৰ বটলত ভৰাই অনা “কেৰাচিন তেলকণ” লোৱাই নহ’ল। দৌৰি গৈ পলিথিনিৰে বান্ধি থোৱা তেলৰ বটলতো আনি আগৰ চিটৰ তলতেই থ’লো।গাড়ী গৈ জুনৰ ঘৰৰ সন্মুখত ৰখাই লাহেকৈ গেট খুলি শান্তনু, মই, বামনি সোমাই গৈ জুনক ক’ত কি আছে সুধিলোঁ।সিও বাথৰুমৰপৰাই ক’লে… 

“ফ্ৰীজৰ ২ নম্বৰ খাপতেই মাংসৰ টোপোলাটো আছে,আৰু বাকী বস্তুবোৰ ৰুমৰ বাওঁহাতে থকা বেগবোৰত আছে।সোঁহাতৰখিনি মানে টেবুলৰ সিফালে থকাখিনি মিছেছৰ পিকনিকৰ বজাৰ।”

লগে লগে মই ফ্ৰীজটো খুলি ওপৰৰফালৰপৰা ২ নম্বৰ খাপত টোপোলাটো দেখি কোনো কথা নুসুধি লৈ ল’লো। সিফালে শান্তনুহঁতে ৰুমত সোমাই বাওঁফালে যি য’ত পালে উঠাই ল’লে।তেনেতে পাৰ্থই ফোন কৰি পানীৰ বটলৰ কাৰ্টুনটো ল’লো নে নাই কনফাৰ্ম কৰিলে। বামনিয়ে ভিডিঅ’ কল কৰি দেখুৱাইছে একদম। তাৰপাছত জানৰ ঘৰৰপৰা কেৰাহী-ত্ৰিপাল লৈ পিকনিক অভিমুখে সকলো ৰাওনা হ’লো।

মৰাণ পায়েই ৬ বজাত শৰ্মা হোটেলত চাহকাপ খাই পুনৰ যাত্ৰা আৰম্ভ হ’ল।গানে-বাজনাই গাড়ী গোমগোমাই ঠিক ৮:৩০ মান বজাত গাড়ী ডিব্ৰুু-ছৈখোৱাৰ পিকনিকৰ স্থান পালোঁগৈ।সিফালে পুৱা বালিবোৰ সেমেকি থকাত বামনিয়ে মানে আমাৰ গাড়ীৰ ড্ৰাইভাৰে ফুল জোচত নৈৰ পাৰত ধোৱা-মেলা আৰু পানীৰ সুবিধা হ’ব বুলি আগবঢ়াই লৈ গৈ থাকোঁতে ঘপহকৈ গাড়ীৰ ভিতৰতে সৱ আগলৈ হাউলি চিটত খুন্দা মৰাৰ লগে লগে বামনিয়ে ক’লে, 

“ধেইৎতেৰি ধৰিবই নোৱাৰিলোঁ নহয়!”

সৱেই দেখিছোঁ গাড়ী আগটো তললৈ মূৰ কৰি আছে। লগে লগে দৰ্জা খুলি সকলো নামি গৈ চালোঁ।গাড়ীৰ আগচকা পলসত সোমাই বাম্পাৰলৈকে সোমাই গৈছে। সিফালে পিকনিকৰ ঠাইত আমি প্ৰথম পাৰ্টি।লগে লগে গোটেই গালে বামনিকেই গালি দিয়া আৰম্ভ কৰি দিলে। আমিও সমূহীয়া চেষ্টাৰে উঠাব চেষ্টা কৰিলোঁ নাই গাড়ী বেছিকৈহে সোমাই গ’ল।সিফালে গোটেইকেইটাই বামনিক বকিবলৈ লাগি গ’ল।

মই ক’লো, 

“হেৰৌ, সি নিজৰ গাড়ীখন পলসত সুমুৱাম বুলি সুমুওৱা নাই নহয় আৰু য’তেই সমস্যা তাতেই সমাধান আছে। তহঁতে খোৱা-বোৱাৰ ঠাইডোখৰ চা আৰু বস্তুবোৰ উলিয়াই নি জেগাত ৰাখগৈ, কিবা এটা কৰিম পাছত।”

তেনেতে আঁতৰত মানুহ এজন দেখি চিঞৰি চিঞৰি মাতিলোঁ।তেখেতেও যেনিবা ওচৰলৈ আহি সমস্যাটো দেখি ক’লে, 

“অলপ দূৰৈত এঘৰত 407 ট্ৰাক এখন আছে তালৈকে গৈ মালিকক সুধি চাব পাৰে।”

কথাটো মনপুতঃ হোৱাত পাৰ্থ আৰু বামনি মানুহজনৰ লগতে গাড়ীৰ সন্ধানত গ’লগৈ।সিফালে আমিও গাড়ীৰপৰা বস্তুবোৰ উলিয়াই নিৰ্বাচন কৰা ঠাইডোখৰত গৈ বস্তুবোৰ ৰখাত লাগিলোগৈ।তেনেতে মনত পৰিল আঁৰ কাপোৰ দিবলৈ দেখোন খুটিও নানিলোঁ আৰু চৌকাৰ ইটাও নানিলোঁ।লগে লগে আৰম্ভ হ’ল খুঁটি বিচৰা আৰু ইটা বিচৰাৰ পৰ্ব।ভগৱানৰ কৃপাত যেনিবা বৰ বেছি বিচাৰিব লগা নহ’ল।লাহেকৈ খুঁটিপুতি বেগৰপৰা বস্তুবোৰ এপদ-এপদকৈ উলিয়াবলৈ লাগিলোঁ।দেখিলোঁ কণীৰ প্লেটখন আছে আৰু ব্ৰেডৰ মাত্ৰ দুটা পেকেট আৰু বাটাৰ এপেকেট আৰু ৫ টকীয়া চচৰ পেকেট ৮ টামান আৰু লগতে ১০ টকীয়া কেকৰ পেকেট।

 মই জুনৰ ওচৰলৈ গৈ কথাটো ক’লত সি ক’লে, 

“ধেই এইবোৰ কিবা মিছেছহঁতৰ পিকনিকৰ বাবেহে নিছিলোঁ।এইবোৰ কোনে আনিলে?”

এইবাৰ মোৰ কণীৰ প্লেটখনৰ গাঁঠিকেইটা খুলি মাথা ঘূৰাই গ’ল কাৰণ সেইকেইটা ফাৰ্মৰ কণীহে তাকো বয়ল কৰি থোৱা।

মই সুধিলোঁ- 

“ঐ জুন, এইবোৰ দেখোন বয়ল কণী তাকো ফাৰ্মৰ গোটেই।কেচটো কি?”

এইবাৰ সেইটো ভিজা মেকুৰীটোৰ দৰে বহি পৰিল। মূৰে-কপালে হাত দি ক’লে, 

“আজি মই মৰিলোঁ।ৰাতি এপৰলৈকে এইবোৰ বয়ল কৰি মিছেছে থৈছিল সিহঁতৰ পিকনিকত নিবলৈ।এতিয়া সেইবোৰ নাপালে খালে আৰু আজি মোক!”

মোৰ হাঁহিমেই নে কান্দিম অৱস্থা । পৰিস্থিতিটো অলপ পাতলাবলৈ ক’লো 

“হ’ব দে, যি হ’ল হ’ল আৰু।সিহঁতে লোকেল কণী, জাম দি ব্ৰেড খাব দে।”

সি কৈছে, 

“তইটো একো নুশুন ন, মইহে গালি কেইটা শুনিম।”

মই- “একো নাই, এদিন বন্ধুৰ খাতিৰত পিকনিকৰ খাতিৰত শুনিলিয়েই যেনিবা, একো নহয় দে ।”

তাৰ পাছত তাৰ কি জানো সন্দেহ হ’ল, সি এফালৰপৰা বেগবোৰ খুচৰি চাই এইবাৰ মূৰে-কপালে হাত দি বহি ক’লে, 

“ধেইৎ, তহঁতি কোনে বেগবোৰ ৰুমৰপৰা গাড়ীত তুলিলি অ’?গোটেই শেষ কৰি দিলি।”

মই বোলো , 

“কি হ’ল ? শান্তনু আৰু বামনিয়ে তুলিছিল।”

এইবাৰ সি জকজকাই উঠিল, 

“বজাৰখনো কৰিব নোৱাৰে যে নোৱাৰেই, বেগকেইটাও ঠিক মতে তুলি আনিব নোৱাৰিলে।”

এইবাৰ শান্তনুৱে ক’লে, 

“তইহে ৰুমৰ বাওঁহাতে থকা বেগবোৰ আমাৰ বুলি কৈছিলি।মই ৰুমৰ ভিতৰত সোমাই টেবুলৰ সিফালে থকা বেগবোৰ লৈ আহিছোঁ।”

মই হাঁহি ৰখাব পৰা নাই । সিফালে জুনৰ চিন্তা এইবাৰ দুগুণে বাঢ়িল ।

মই- “ইমান চিন্তা কৰিব নালাগে দে।সিহঁতৰ পিকনিকৰ বজাৰো তয়ে কৰিছিলি যদি ক’চোন সৱ বজাৰেই কৰিছিলি নে কি?”

সি ক’লে, “সৱেই আছে কিন্তু শান্তনুৰ মানুহজনীয়ে কৌপাত লৈ ল’ম বুলি কোৱা কাৰণে সেইকেইটা কিনা নাছিলোঁ কিন্তু চাহৰ গিলাচ আছে বাৰু।আৰু জানৰ ঘৈণীয়েকে নিমখ, হালধী ঘৰৰপৰা ল’ম বুলি কৈছিল বোলে সেইকেইটাও কিনা নাছিলোঁ।বাকী আমাৰ বজাৰৰ লিষ্টখনেই লৈ বজাৰ কৰিছিলোঁ।”

এইবাৰহে মোৰ মূৰত সৰগ ভাগি পৰা যেন লাগিল। সিফালে লাহে লাহে দুই এটা দল আহি পিকনিকৰ ঠাইত  উপস্থিত হৈছেহি।মূৰে কাম কৰা নাই।পতককৈ মনত পৰিলে পাৰ্থ ওলাই গৈছে।তালৈকে ফোন কৰি সেইকেইটা বস্তু পালে কিনি আনিব ক’লো । সিও পালে লৈ যাম বুলি ক’লে আৰু সিহঁতে গাড়ীৰ মালিকৰ কাৰণে ৰৈ থকা বুলি ক’লে।তাৰপাছত খুঁটি পুতি শান্তনুৱে আঁৰ কাপোৰ বিচাৰি আছে নাই সেইখনো বোলে থাকি আহিল। গোটেইখন মানে হাঁহি হাঁহি বেহুঁচ । 

মই ক’লো “হ’ব দে যেনেকৈ যি হয় হ’ব আৰু চৌকাটোকে পাত ।তাৰ পাছত খানাত লাগি যাম।”

জানে লগে-লগে ইটাৰে চৌকা বনাই ৰেডী কৰিছে। তেনেতে দূৰৈত ৪০৭ ট্ৰাকখন দেখি আমি গিৰ্জনি পাৰি হাঁহিছোঁ । সিফালে মানুহ দুজনমানে কৈছে, 

“ৰাতিপুৱাই ধৰি আহিছে চাগে, গাড়ী পলসত ভৰাই দিছেহি একদম।”

মই বোলো, “কালি ৰাতিয়েই অহা তেজপুৰৰপৰা। নাখাম নে কিবা?”

সিফালে গাড়ীৰ পঞ্জীয়ন শিৱসাগৰৰ দেখি অলপ সন্দেহো কৰিছে।তথাপিতো পাৰ্থ নামিয়েই খোলা হালধী আৰু খোলা নিমখ কাগজৰে মেৰিয়াই মোৰ হাতত গুজি দি ক’লে, 

“এইটো ল,গাড়ীৰ মালিকৰ ঘৰৰপৰা খুজি আনিছোঁ।”

সিফালে বামনিয়ে কলপাত আৰু ডিমৰুপাত আনি মোক দি কৈছে, 

“এইবোৰত খালেহে আচল পিকনিকটো জমিব ।”

 এইবাৰ মই জানক কৈছোঁ, 

“ঐ চা, তই মই কওঁতে হাঁহিব বুলিহে কৈছিলি এতিয়া এয়াই গতি আমাৰ।”

জুনৰ মুখ শুকাই আছে যদিও কৈছে, 

“তোৰ মুখখনেই বেয়া । কিবা এটা কৰি থাকিলে উল্টা-চিধা কথাবোৰ কৈ থাকিবি অলপ।”

মই বোলোঁ, “হ’ব দে ভালকৈ কথাবোৰ ক’ব নাজান আৰু ৰাতিয়েই বস্তুবোৰ একেটা ৰুমতে নাৰাখি বেলেগ বেলেগকৈ ৰাখিব নেদেখিলি।ৰ’হ এতিয়া ঘৈণীয়েৰহঁতে গম পালে মাথা খাব তোৰ।”

এইবাৰ পাৰ্থই কথাবোৰ বুজি নাপাই সুধিলে কি হ’ল। মই ক’লো, 

“তহঁতৰ ঘৈণীয়েৰহঁতৰ পিকনিকৰ বজাৰ গোটেই শান্তনু আৰু বামনিয়ে তুলি আনিলে।”

তেনেতে বামনিয়ে ক’লে, 

“জুনেহে বাওঁহাতে থকা, টেবুলৰ সিফালে নথকাবোৰ আনিব কৈছিল।আমি ৰুমত সোমাই ঘূৰিয়ে দৰ্জা আৰু টেবুলৰ চুকত থকা বস্তুবোৰ লৈ আহিছোঁ।তাক ঘৰৰপৰা ওলাই আহোঁতে সুধিছোতো বাওঁহাতে থকাবোৰ হয় নে? বুলি সিও হয় বুলি কৈছে ।”

তেতিয়া জুনে কথাটো বুজি কৈছে’ 

“তহঁতক ঘূৰি লৈ সোঁ-বাওঁ চাবলৈ কোনে কৈছিল ?”

এইবাৰ পাৰ্থ জাঁপ মাৰি পানীৰ কাৰ্টুনটোৰ ওচৰলৈ গৈ কাৰ্টুনটো দেখিয়ে সি চিঞৰি উঠিল, 

“এইটো কোনে তুলিলে?মোক বামনিয়ে ভিডিঅ’ ক’ল কৰি দেখুৱাওঁতেও কনৰ্ফাম কৰি দিছোঁ।সেইটো ক’ত আছে ?” 

শান্তনুৱে কৈছে, “হ’ব দে পানীহে।গোটেই বস্তুৱেই খেলিমেলি তই পানীত মাথা মাৰি আছ ?”

পাৰ্থ- “ধেই পানীত মাথা মৰা নাই, জীৱনটো বচোৱাত মাথা মাৰিছোঁ।”

সিফালে মই হাঁহিত জানৰ পিঠিতে ঢকিয়াই দিলোঁ, সেইডালে মৰিলোঔ বুলি চিঞৰি দিয়াতহে গম পালোঁ । জানেও একো বুজি পোৱা নাই ঘটনা কি।

মই হাঁহি হাঁহি কৈছোঁ….

“এইটোৱে স্ফুৰ্তি পানীৰ বটল দুটা কিনি ভৰাই থৈছিলে। এনজয় কৰিবলৈ।”

সিফালে বামনিয়ে গাড়ীখন পলসৰপৰা তুলি গাড়ীখন পিকনিকৰ ঠাইলৈ লৈ আহিলে । ৰক্তোৎপলে গাড়ীখনৰ পৰা জেওৰাখৰি আৰু কাঠ খৰি দুডালমানৰ টোপোলা এটা লৈ নামি আহিছে।দেখিয়েই বুজিলোঁ ঘৰৰপৰা এইকেইটাই খৰিৰ মুঠাটোও আনিবলৈ পাহৰিলে। সি কৈছে, 

“বামনিয়ে খৰি ননাৰ কথাটো কোৱাৰ কাৰণে গাড়ীৰ মালিকৰ ঘৰত এইকেইটা পাই বুটলি আনিছোঁ।”

সিফালে পাৰ্থই বামনিক সুধিছে যে তাক ভিডিঅ’ কলত দেখুওৱা কাৰ্টুনটো কেলৈ নানিলে । সিও নাচোৰবান্দা, সি কোৱাটোকে আনিছে।পাছত গম পোৱা গ’ল ভুলতে তাৰ বেক কেমেৰা অন হৈ থাকোঁতেই সঠিক কাৰ্টুনটো দেখিছিল।পাৰ্থই কিন্তু বামনিয়ে প্ৰকৃততে দেখুৱাব বিচৰা কাৰ্টুনটো ফ্ৰণ্ট কেমেৰা অন কৰি দেখুওৱাটোহে আছিল।পাৰ্থই লৰাধপৰাত বেক কেমেৰাত দেখাতোকেই হয় বুলি কৈ থাকিল আচলতে সি ফ্ৰণ্ট কেমেৰাৰে দেখুওৱাটোত গুৰুত্বই নিদিলে পাছত ।যি কি নহওক সৱৰে চিন্তা কি হ’ব এতিয়া।কাৰণ সেইদুটা দেখা মানেই সকলো শেষ। গোটেই হুলস্থূল মানে কি হ’ব আজি সৱৰে চিন্তা। শান্তনুৱে কৈছে 

“আগতেও নাহোঁ এইবাৰো নহা হ’লেই ভাল আছিল।”

মই ঘড়ীটো চাই ক’লো, 

“য’তেই সমস্যা তাতেই সমাধান।তহঁতি এটা কথা ক’চোন, সিহঁতৰ গাড়ী কেইটাত ওলাব?”

শান্তনুৱে ক’লে ১০:৩০ মানত যাব চাগে।মই সুধিলোঁ…

 “গাড়ী কাৰ লৈছ আৰু ড্ৰাইভাৰ কোন ?”

 জুনে ক’লে, 

“তোৰনো সেইডাল কাৰ্টুনত থ’বলৈ কিহে পাইছিল? গাড়ীখন লগৰ এটাৰ ড্ৰাইভাৰে চলাব আমাৰ ইন’ভাখন নিব।”

মই লগেলগে ক’লো, “ড্ৰাইভাৰৰ ফোন নম্বৰটো দে।”

সি দিলে, মই ফোন লগালোঁ । লগে লগে তাক ক’ত আছে সুধিলোঁ সি ক’লে যে গাড়ীত বস্তু ভৰাই আছে । মই একমিনিটো পলম নকৰি তাক ক’লো যে, 

“তুমি পানীৰ কাৰ্টুনটো ফালি তাত থকা স্ফুৰ্তি পানীৰ বটলদুটা ফটাফট উলিয়াই গাড়ীতেই লুকুৱাই দিয়া নহ’লে তোমাৰ বেগ আছে যদি ভৰাই লোৱা আৰু ৰাতিকে 200 টকা এটা লৈ ল’বা সেই সহায়ৰ বিনিময়ত।”

সি কি বুজি পালে নাজানোঁ সি হাঁহিত কথা ক’বপৰা নাই। মই হেল্ল’ হেল্ল চিঞৰি আছোঁ।সি অলপ ৰৈ ফোপাই -ফোপাই কৈছে 

“হ’ব নয়ন দা, আপোনালোকে চিন্তা নকৰিব।”

মই এইবাৰ পাৰ্থক ক’লো “বচাই দিলোঁ, ৫০০ এটা দি দিবি।”

সি কৈছে, “দুশ টকাহে।পাঁচশ টকা কিহৰ আৰু ২০০ টকা  কোনে দিব ।”

মই-“বাকী ৩০০ টো মোৰ কনচাল্টেণ্ট ফ্ৰীজ আৰু যিকেইটাৰ মিছেছ পিকনিকত গৈছে সেইকেইটা তুলি দিব লাগিব।কাৰণ ইজ্জত তঁহতৰেই বাচিছে ন!”

সিহঁতে মুখেৰে নামাতিলে।সৱৰে খং শান্তনু আৰু বামনিৰ ওপৰত । এইবাৰ জানে ক’লে চাহ মই ফ্লাস্কত ঘৰৰপৰাই বনাই আনিছোঁ যি হ’ল হ’ল আৰু চাহকাপে ব্ৰেকফ্ৰাষ্টটো কৰি খানাত লাগিব লাগে।লগে লগে চাহ লৈ ব্ৰেড বাটাৰ, কণী আৰু কেকেৰে ব্ৰেকফাষ্টটো খাই চিধাই মই বামনিকেই ক’লো, 

“ঐ তই পইছাও ল’বি,আমাৰপৰা ফ্ৰীকেও খাবি সেইটো নহ’ব দেই।কেৰাহীকেইখনকে ধুই দেচোন ।”

সি ভুৰভুৰাই ক’লে, “৫০০ টকা গাড়ীৰ লগত গ’লেই। কিডাল থাকিলেগৈ মোলে?”

মই-“আমি চলাইছিলো নেকি?কিবা এটা হৈ যাব দে সেইবোৰ চিন্তা নকৰিবি ।”

সি আৰু জানে কেৰাহী ধুবলৈ লাগিলগৈ । সিফালে মই চিটৰ তলৰপৰা পলিথিনেৰে বান্ধি অনা কেৰাচিন তেলৰ বটলটো উলিয়াই আনি চৌকাৰ কাষত ৰাখিলোঁ। ওচৰতে কাঠৰ টুকুৰা এটা পাই বগা বজাৰ অনা বেগটোকে তাৰ ওপৰত দলিচা হিচাপে পাৰি চৌকাৰ সন্মুখতে পীৰা বনাই বহি লৈ চৌকাৰ একেবাৰে তলত পলিথিন দুটামান দি খৰি জাপি কেৰাচিন অকণ ঢালি অগ্নি দেৱতাৰ নাম লৈ জুই জ্বলাই দিলোঁ । তাৰ পাছত ভাতৰ বাবে কেৰাহীত পানী গৰম কৰিবলৈ দি মাংসৰ টোপোলাটো গাড়ীৰ ভিতৰৰপৰা উলিয়াই আনি ধুই লওঁ বুলি চৰিয়াটো আনিবলৈ গ’লো । আৰু শান্তনু, পাৰ্থই এতিয়াও পানীৰ কাৰ্টুনটোৰ দুখৰ কথাকেই পাতি থকা দেখি কটাৰীখন দি জানক লগত দি আলু, পিয়াঁজ কাটিবলৈ লগাই দিলোঁ।চৰিয়াটো বামনিক ধুই আনিবলৈ কৈ মই মাংসখিনিৰ টোপোলাটো জুইৰ কাষৰ পীৰাখনত বহি খুলি এইবাৰ আকৌ হাঁহিম নে কান্দিম অৱস্থা ।

ৰক্তোৎপলক মাতি সুধিছোঁ “তই কি ছাগলীৰ মাংস আনিছিলি ? এইবোৰ দেখোন বয়লাৰ মাংসহে ।”

ৰক্তোৎপলে আচৰিত হৈ চাই দেখি সেইটো হাঁহি ৰখাবপৰা নাই।মই জুনলৈ চালোঁ।

জুনে কৈছে “তোকতো মই কৈছিলোৱেই ২ নম্বৰ খাপটোতেই আছে বুলি ।”

মই ক’লো “দুই নম্বৰ খাপটোৰপৰাই আনিছোঁ । এইবোৰ মানে মিছেছহঁতৰ নেকি ?”

পাছত আলোচনাত গম পোৱা গ’ল সি তলৰপৰা দুই নম্বৰটোৰ কথা কৈছিল আৰু মই ওপৰৰপৰা হিচাপত ধৰি ২ নম্বৰৰ খাপটোত থকাখিনি লৈ আহিলোঁ।মই ক’লো, 

“হ’ব দে আৰু একেখন ঘৰতে দলপতি দুটা হ’লে এইটোৱেই বিপদ হ’ব।”

তেনেতে শান্তনুৱে ক’লে “মই কিন্তু ব্ৰয়লাৰ নাখাওঁ ।”

খোৱা-নোখোৱাৰ তৰ্ক কৰি থাকোঁতেই জুন, শান্তনু আৰু পাৰ্থৰ ম’বাইল তিনিওটা প্ৰায় একেসময়তে বাজি উঠিল। তিনিওটালৈ ঘৈণীয়েকবোৰে ফোন কৰিছে । মানে খেল গৰম।জুনে নিজৰ কৈফিয়ৎ দিছে।কিন্তু ফোনত কথাৰপৰা গম পাইছোঁ যে তাৰ মূৰত শিলাবৃষ্টি পৰিছে। শান্তনু আৰু পাৰ্থৰো অৱস্থা বেয়া।দুয়োটাই ঘৈণীয়েকহঁতক বুজাবলৈ লাগিছে আৰু সিহঁত অলপ আঁতৰি গ’লগৈ।মই সেইবোৰ চাই থকাতকৈ যি হ’ল হ’ল আৰু বুলি মাংসখিনি ধুই পীৰাখনত বহি জানক ক’লো

“মিঠাতেলৰ বটলটো দে, মাংসখিনি মঠি লওঁ মচলা, নিমখ দি।”

মাংসত মচলা, নিমখ, হালধি দি থাকোঁতেই জানে পীৰাখনৰ এটা চাইদত আধা লিঃ মিঠাতেলৰ সৰু বটলটো দি গ’লহি।মই পটককৈ খৰি কেইডাল চৌকাত দি ঘূৰি বাওঁহাতেৰে মিঠাতেলৰ বটলটো আনি মাংসত ঢালি দি দেখিছোঁ বিধিৰ বিপাকত ঢালিব লাগিছিলে মিঠাতেল কিন্তু ঢালি দিলোঁ মিঠাতেলৰ বটলত অনা কেৰাচিন তেল অলপ, লগে লগে বটলটো চিধা কৰি ইফালে-সিফালে চাইছোঁ নাই কোনেও দেখা নাই গোটেই কেইটা নিজৰ কামত ব্যস্ত । মই ক্ষন্তেকো পলম নকৰি চৰিয়া লৈ নদীৰ পানীত আকৌ মাংস ধুই দিলোঁ । তেনেতে বামনিয়ে হাত ধুবলৈ আহি মাংসৰপৰা তেলবোৰ বিৰিঙি যোৱা দেখি অলপ সন্দেহ কৰি সুধিছিল কিন্তু মই সেয়া কেনেবাকৈ চৰিয়াৰ তলত লাগি থকা কেৰাচিন তেল অকণমান বুলিয়ে কৈ থৈ দিলোঁ।অলপ দেৰি ধুই শুঙি চালোঁ নাই অলপ গোন্ধটো আছেই আকৌ ধুলোঁ তথাপিতো অলপ থাকিলেই।পুনৰ জাৰি-জোকাৰি যি কণ মচলা ৰৈ গৈছিল তাকেই দি হালধি, নিমখ আৰু এইবাৰ দাঙি দাঙি জুপি জুপি মিঠাতেলৰ বটল হয়নে নহয় পৰীক্ষা কৰিহে ঢালিলোঁ আৰু মঠি লৈ অলপ দেৰি তেনেকৈয়ে ৰাখি দিলোঁ।সিফালে জুনে মাজে মাজে ফোনত গালি শুনিয়ে আছে । আচলতে ঘৈণীয়েকহঁতে কণী বইল কৰি খোৱাৰ সময়তো নহ’লগৈ।

 মই ক’লো…

“ইমান কি টেনচন লৈ আছে, ভাতত দি থ’বলৈ দে পাছত ভাতৰ লগত খাই দিব । এনেও বুদ্ধি কৰি ঘৈণীয়েৰহঁতক ছাগলীৰ মাংস খুৱালিয়েই।”

ভাত কেইটা হোৱাৰ পাছত মাংসখিনি বনাবলৈ লৈ পুনৰ শেষ শুঙা এটা মাৰি চালোঁ কিন্তু গোন্ধ মাৰ যোৱা যেন নালাগিল।তথাপিতো হাৰ নামানি বনাই দিলোঁ আৰু হ’বলৈ লোৱাৰ ঠিক ৫ মিনিটমানৰ আগতে ওচৰৰ পাৰ্টিটোৰপৰা মচলা অলপ খুজি আনি পুনৰ দি দিলোঁ আৰু ধনীয়া দেখি তাকো খুজি আনি নমাই লৈ তাৰ ওপৰত ধনীয়া পাত ছিঙি দি দিলোঁ।আৰু আমাৰ মাংস ওচৰৰ পাৰ্টিক টেষ্ট কৰিবলৈ দি, সিহঁতৰপৰা মাছ এপিছ জোল অকণমানৰ সৈতে লৈ আনিলোঁ শান্তনুৰ বাবে, কিন্তু আঁৰ চকুৰে চাই দেখিলোঁ সিহঁতৰ ৰান্ধনিজনে মাংসকণ খাবলৈ নি শুঙি থৈ দিলে, ভাগ্য ভাল বেলেগ মানুহখিনি ফুৰিবলৈ গৈছিল । ভাত কেইটা বাঢ়িবলৈ ডিমৰুপাতখন তলত দি ওপৰত কলপাতখন দি ভাত কেইটা হেঁতাৰে সুন্দৰকৈ পাতত দি মাংস সৱৰে পাতত অলপ দি ময়ো বহিলোঁ।খাবলৈ মুখলৈ নি সকলোৱে ৰৈ গ’ল আৰু কৈছে….

“কিবা কেৰাচিন কেৰাচিন গোন্ধাইছে।”

 মই ক’লো…. 

“এহ মাংস গোন্ধোৱা নহয় ঔ জুই জ্বলাওঁতে অলপ কেৰাচিন ঢালি লৈছিলোঁ আৰু মাজতে জুইকুৰা নুমাওঁ যেন দেখোঁতে অলপ কেৰাচিন ঢালি দিছিলোঁ। সেই তাৰেই ধোঁৱা অলপ চাগে মাংসত লাগি অলপ গোন্ধ ৰৈ গ’ল।জলকীয়া আৰু পিঁয়াজ লৈ খাই দে।একো গোন্ধ নোলায়।আমাৰ ঘৰত সৰু থাকোঁতে এইটো গোন্ধ লৈয়ে ৰাতি চাকিৰ পোহৰত ভাত খাওঁ।মই কিন্তু একো গোন্ধ পোৱা নাই”…..বুলি পেটে পেটে ভগৱানৰ নাম লৈ খাবলৈ আৰম্ভ কৰি দিলোঁ।

সিফালে ওচৰৰ পাৰ্টিৰ ৰান্ধনিজনে কথাবোৰ শুনি হাঁহি আছে, হয়তো গম পালে তেওঁ কি ঘটিল আমাৰ লগত। যি কি নহওক তেনেকৈয়ে ভাতকেইটা খাই অলপ ফুৰি চাকি ঘৰমুৱা হ’লো।কিন্তু আহোঁতে সৱেই উগাৰ আৰু মুখৰ কেৰাচিনৰ ভাৱ আঁতৰাবলৈ য’তে-ত’তে পাণ, পাণ মচলা খাব লগা হ’ল।

এনেকৈয়ে ২০২২ ৰ আদৰণি পৰ্ব শেষ কৰিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    বাপৰে! পিকনিক খাবলৈ গৈ ভাল লটিঘটি হ’ল😁

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *