ফটাঢোল

কাইলৈ – হৰেকৃষ্ণ ডেকা

আপুনি ক’লে,
কাইলৈ দিম।
মই কাইলৈৰ বাবে ৰৈ আছোঁ।
আজি আহি আছে,
গৈ আছে।
আজি
আহি
আছে
গৈ আছে।
আপুনি ওঁঠত পেলাই দিম বুলি কোৱা
মৌটুপিৰ বাবে মই
ৰৈ আছোঁ।

********

3 Comments

  • ramanuj

    সুন্দৰ..

    Reply
  • অমৰ
  • বিদিসা

    কালিবোৰ যে কেতিয়া আজি, এতিয়া আৰু এইমাত্ৰ হব!!!! ভাল লাগিল কবিতাটি

    Reply

Leave a Reply to অমৰ Cancel reply

Your email address will not be published. Required fields are marked *