ফটাঢোল

সম্পাদকীয় – জীমণি গগৈ

হাঁহি, সুখ আৰু কিছু ব্যংগ

সৃষ্টিৰ প্ৰাণীসমূহৰ ভিতৰত একমাত্ৰ মানুহেই আৱেগ- অনুভূতিবোৰ শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে৷ মানুহে খং-ৰাগ, ভয়-ভীতি নতুবা দুখ-আনন্দ শব্দৰ মাধ্যমেৰে, মুখৰ অভিব্যক্তিৰ যোগেদি প্ৰকাশ কৰিব পাৰে৷ ইতৰ প্ৰাণীসমূহৰ মাজত মানুহৰ দৰে শব্দ নতুবা সুকীয়া আচাৰ-আচৰণ হয়তো আছে, কিন্তু সকলো মানুহৰ বাবে তেনে ভাষা বুজি পোৱা, অনুধাৱন কৰিব পৰা বোধশক্তি থকা সম্ভৱ নহয়৷ বিভিন্ন প্ৰকাৰৰ শব্দ উচ্চাৰণ, দৈহিক অভিব্যক্তিৰ মাধ্যমেৰে ইতৰ প্ৰাণীসমূহে নিজৰ স্বজাতিৰ আচাৰ-আচৰণ প্ৰকাশ কৰিব পৰা মাধ্যম থাকিব পৰাটো সম্ভৱ হ’ব পাৰিলেও নানা ধৰণৰ ৰসপূৰ্ণ, সৰস কথাৰে মানুহক আমোদ দিব পৰা, হহুঁৱাব পৰা সুবিধা কেৱল মানুহৰ বাবেহে সম্ভৱ বুলি সিদ্ধান্ত ল’ব পাৰি৷

ভাল লাগিলে হঁহা, দুখ লাগিলে কন্দা মানুহৰ সহজাত প্ৰবৃত্তি৷ এই দুয়োটাৰে যাৰ জীৱনত অভাৱ, তাকেই চয়তান হিচাপে অভিহিত কৰা হৈছে৷ আচলতে হাঁহি আৰু কান্দোনৰ সমষ্টিয়েই হ’ল মানৱ জীৱন৷ যাৰ জীৱনত হাঁহি আৰু কান্দোনৰ সমাহাৰ ঘটা নাই, তেওঁৰ জীৱনৰ সাৰ্থকতাই বা ক’ত? আমাৰ সমাজত হাঁহি নোপোৱা, কান্দি নোপোৱা লোক নাই বুলি ক’লে ভুল হ’ব৷ জীৱনত কেৱল দুখেই পাই কান্দি কান্দি জীয়াই থকা দুৰ্ভগীয়া লোক যিদৰে আছে তেনেদৰে ভোগ-বিলাসত মত্ত, অভাৱৰ সৈতে পৰিচয় নথকা লোকো আছে৷ কান্দি নোপোৱা মানুহকে সৌভাগ্যবান বা সুখী মানুহ বুলি বিবেচনা কৰাটো মুঠেও যুক্তিসংগত নহয়৷ অগাধ সম্পত্তিৰ গৰাকী হ’লেই বা ভোগ-বিলাসত মত্ত লোককে সুখী বুলি ধৰি ল’ব নোৱাৰি৷ অথবা ইয়াৰ বিপৰীত মেৰুত অৱস্থান কৰা লোকসকলকো একে আষাৰে দুখী বুলিও চিনাক্ত কৰিব নোৱাৰি৷ প্ৰকৃতাৰ্থত সুখী হ’বলৈ সুস্থ শৰীৰ, নিস্বাৰ্থ মনৰ লগতে আন বহুতো উপাদানৰ প্ৰয়োজন৷

সুখী মানুহেহে হাঁহিব জানে৷ সুখ নামৰ অনুভূতিটোৱেই সোঁচৰা প্ৰকৃতিৰ৷ এজন ৰঙীয়াল মানুহ য’তেই থাকিব তাতে ৰঙৰ নিজৰা বোৱাই আন দহজনকো তাৰ ভাগ দিব পাৰে৷ এনে প্ৰকৃতিৰ মানুহ আনৰ লগত সহজে মিলিব পাৰে, আনকি কেতিয়াবা পৰিৱেশ সাপেক্ষে তেনে লোক আন দহজনৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দুও হৈ পৰে৷ সুখৰ দৰে দুখো সোঁচৰা৷ বহুসময়ত দেখা যায় যে একোটা পৰিয়ালত একোজন লোকে পৃথিৱীৰ সমস্ত ভাৰ নিজৰ কান্ধত লৈ ফুৰাৰ দৰে মেজাজ এটা দেখুৱাই থাকে৷ তেওঁ নিজেতো সুখী হৈ থাকিব নোৱাৰেই, কদাচিতেও তেওঁৰ মুখৰ পৰা হাঁহি এটা সৰকি নপৰে৷ আনকি ঘৰৰ আন সদস্যই তেনে ‘অপকৰ্ম’ কৰিলে ‘ঘোৰ অপৰাধ’ বুলিহে বিবেচনা কৰা হয়৷ নিজেও শান্তিত নথকা আনকি আনকো শান্তিত থাকিবলৈ নিদিয়া ধৰণৰ এনে লোকৰ ঘৰত সততে মৰিশালীৰ নিস্তব্ধতাহে বিৰাজ কৰে! এনে পৰিয়ালত হাঁহিলেই বিপদ৷ ডাঙৰকৈ কথা পাতিলেও বিপদ!

এটা কথা ন-দি ক’ব পাৰি যে বেছিভাগ মানুহেই সুখৰ সন্ধান কৰে৷ সেই সুখ শাৰীৰিকো হ’ব পাৰে, মানসিকো হ’ব পাৰে৷ অৱশ্যে এই সুখ সন্ধানৰ পথ নিজৰ প্ৰকৃতি অনুসৰি সকলোৰে ক্ষেত্ৰতে স্বাভাৱিকতে বেলেগ বেলেগ হয় আৰু এই সুখৰ লগত হাঁহি, হাস্য, ব্যংগ তথা আন কিছুমান আনুষংগিক উপাদানৰ সম্পৰ্ক আছে ৷ বহুতে হয়তো ভাবিব পাৰে যে জীৱনত হাস্য-ব্যংগৰ প্ৰয়োজনেই বা কি? জীৱনৰ বাবে এই উপাদানবোৰ অতি প্ৰয়োজনীয় বুলি গণ্য কৰিব নোৱাৰিলেও মুঠেও দলিয়াই দিব পৰা বিধৰো নহয়৷ হাস্য-ব্যংগ তথা হাঁহিবিহীন জীৱন মচলাবিহীন আঞ্জাৰ দৰে৷ জীয়াই থকা দিনকেইটাত আমাৰ জীৱনলৈ যিদৰে ঘাত-প্ৰতিঘাত আহে; তেনেদৰে হাস্য-ব্যংগৰো প্ৰয়োজন আছে৷ হাঁহি তামাচাই জীৱনটোক সাৱলীল কৰি তোলাত সাৰ-পানীৰ যোগান ধৰে৷ এনে কিছু লোক আছে যি অতি গাম্ভীৰ্য্যপূৰ্ণ কথাৰ মাজতো হাস্যৰস উলিয়াই ৰসে চৌ-চৌৱাই পেলাব পাৰে৷ এনে প্ৰকৃতিৰ লোকক অৱশ্যে কিছুমানে ‘চেলেপু’ আখ্যা দিয়াটোত একো আচৰিত হ’ব লগা নাই৷ শুকান খৰি চেপি ৰস উলিয়াব পৰাটো সহজসাধ্য কথা নহয়৷ অতি বুধিয়ক, বাক-পটু মানুহৰ বাবেহে এনে কাৰ্য্য সম্ভৱ৷

জীৱন যাত্ৰাত আমি বিভিন্নজনক লগ পাওঁ৷ ইয়াৰে কোনোজনৰে আদৱ-কায়দা, ধৰণ-কৰণ, কথা কোৱাৰ ভাৱ-ভংগী একে নহয়৷ তাৰ ভিতৰত কোনোজনৰ কৰ্ম কাণ্ড, কথা কোৱাৰ শৈলী ইত্যাদি দেখিলে ভাল লাগিব পাৰে, বিৰক্তি লাগিব পাৰে নাইবা হাঁহি উঠিব পাৰে৷ কেতিয়াবা এনে ধৰণৰো অৱস্থা হয়- কিবা এটা ঘটনা বা কৰ্ম কাণ্ড ঘটি থকাৰ সময়ত দৰ্শক বা শ্ৰোতামণ্ডলীৰ মাজত কোনো ক্ৰিয়া-প্ৰতিক্ৰিয়া নহ’ব পাৰে, পাছত কিন্তু সেই ঘটনা মনত পৰি হাঁহি থাকিব লগীয়া হয় আৰু ‘পগলা হ’ল নেকি?’ জাতীয় বাক্যবাণ হজম কৰিব লগীয়া হয়৷ এনেধৰণৰ ব্যংগকে শ্ৰেষ্ঠ ব্যংগ আখ্যা দিব পাৰি৷

অৱশ্যে কেৱল হাঁহি মানেই ব্যংগ বা কৌতুক নহয়৷ ইয়াক ওলোটাকৈ ক’লে- সকলো ব্যংগই হাঁহি নহয়৷ অতি গম্ভীৰ বিষয়কো কেতিয়াবা ব্যংগাত্মক ধৰণে উপস্থাপন কৰি খং, ক্ষোভ, দুখ আদি সকলো একেলগে প্ৰকাশ কৰা হয়৷ এনেধৰণৰ উদাহৰণ অলেখ আছে৷ আজিকালি স্বাস্থ্যজনিত কাৰণতো হঁহাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলেও প্ৰমাণ কৰিছে৷ আমি সচৰাচৰ দেখি আহিছোঁ- আমাৰ মহাপুৰুষীয়া নাট-ভাওনা, অন্যান্য নাটক-চিনেমাৰ কাহিনীত জোৰ-জুলুম কৰি হ’লেও কিছু হাস্যৰস দৰ্শকক দিবলৈ চেষ্টা কৰা হয়৷ ইয়াক মচলা বুলি ক’লেও খাপ নোখোৱাকৈ নাথাকে৷ পিচে এই মচলাই খাদ্যবস্তু বা আঞ্জা জুতি লগা কৰি তোলে যদিও সেই মচলা সঠিক সময়ত সঠিক পৰিমাণত নিদিলে খাদ্যবস্তু ভাল হোৱাতকৈ বিস্বাদযুক্ত হৈ পৰাৰো আশংকা থাকে৷

মোৰ ব্যক্তিগত ধাৰণা মতে, হাঁহি আৰু অশ্ৰুৰ মাজতহে জীয়াই থকাৰ আচল সোৱাদ আছে৷ কিন্তু হাঁহি উঠা কথা কাণ্ডবোৰ এনে হোৱা উচিত যে আনক হঁহুৱাবলৈ চেষ্টা কৰাতকৈ সেই হাঁহিৰ উৎস হ’ব লাগে স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত৷

জীমণি গগৈ
সম্পাদক,
ষষ্ঠ সংখ্যা, প্ৰথম বৰ্ষ।
ডিচেম্বৰ, ২০১৭

48 Comments

  • Bijoy Mahanta

    সুন্দৰ

    Reply
  • বিকাশ শইকীয়া

    আলোচনীখন চকু ফুৰাই প্ৰথমে সম্পাদকীয়টো পঢ়লো। কথা তেনেধৰণৰে। মানুহ হ’লো যেতিয়া হাঁহিব আৰু হঁহুৱাব লাগে। তেতিয়াই জীৱনটো সাৰ্থক। ভাল লাগিল বাই। অভিনন্দন।

    Reply
  • মাধুৰীমা ঘৰফলীয়া

    শেহৰাতি । তথাপি গোটেই সংখ্যটো ওপৰে ওপৰে চকু ফুৰাই চালোঁ । বৰ ধুনীয়া হৈছে । লগতে সম্পাদকীয়টোও বৰ ভাল হৈছে । অভিনন্দন বা ।

    Reply
  • হাঁহিয়েই জীৱন৷ এই সংখ্যাৰ সম্পাদকীয় পঢ়ি ভাল লাগিল৷

    Reply
  • ramanuj

    সুন্দৰ সম্পাদকীয়…প্ৰথমখিনি দাৰ্শনিকতাৰে আৰম্ভ কৰি পিছৰছোৱালৈ সহজ সৰল হোৱাত বৰ মনোগ্ৰাহী হৈছে…
    আপোনাক অশেষ ধন্যবাদ তথা অভিনন্দন..

    Reply
  • Abinash Sarma

    এখন সুন্দৰ আলোচনী ।সম্পাদকীয়ও সুন্দৰ ।

    Reply
  • Krishna

    সম্পাদকীয় ভাল লাগিল পঢ়ি। হাঁহি এক মহৌষধি সঁচাই ☺

    Reply
  • Sankar Jyoti Bora

    সম্পাদকীয়টো পঢ়ি ভাল লাগিল i

    Reply
  • মন চুই গল।

    Reply
  • অঞ্জলি

    সম্পাদকীয় ধুনীয়া হৈছে

    Reply
  • Gitika Saikia

    হাঁহিৰ ওপৰত সহজ সৰলকৈ কৰা এই ব্যাখ্যা সঁচাকৈয়ে মনোগ্ৰাহী হৈছে। বৰ সুন্দৰ সম্পাদকীয়। সকলোখিনি পঢ়িব পৰা নাই যদিও ওপৰে ওপৰে চকু ফুৰাইছো। মানদ্বণ্ড বৰ উচ্চখাপৰ হৈছে।
    অভিনন্দন জীমণি।

    Reply
  • ঈশান

    মনোগ্ৰাহী সম্পাদকীয়। প্ৰবন্ধৰ বিষয়বস্তু আৰু মান অতি উচ্চস্তৰীয় হৈছে। অন্যান্য শিতানৰ লেখাসমূহ পঢ়িম এতিয়া। এটি সৰ্বাংগসুন্দৰ সংখ্যাৰ বাবে সম্পাদিকা নিঃসন্দেহে শলাগৰ পাত্ৰ। অভিনন্দন আৰু শুভেচ্ছা !!!

    Reply
  • যাজ্ঞবল্ক্য

    সুন্দৰ

    Reply
  • Manisha Kakati

    ধন্যবাদ জীমণিবা। এটি সুন্দৰ সংখ্যা উপহাৰ দিলে..

    Reply
  • জীতা দত্ত

    সম্পাদকীয় বৰ সুন্দৰ হৈছে

    Reply
  • Das Robisankar

    সুন্দৰ বিশ্লেষণ।
    সচাঁ কথাত কবলৈ গ’লে ভালদৰে, মনোগ্ৰাহীকৈ কথা ক’ব জনাতো যিদৰে এক কলা, সেই একেদৰেই কথাৰ মাজৰ পৰা হাস্য ৰস আহৰণ কৰিব পৰাও এক কলা ৷ যিসকল লোকে এই কলা আয়ত্ত কৰিছে বা কৰিব, তেওঁলোকৰ জীৱনত বোধকৰো এমোকোৰা হাঁহিৰ অভাৱ নহ’ব এজনৰ মুখত হয়তো বিৰক্তিকৰ একেখিনি কথাই আন এজনৰ মুখত আকৰ্ষণীয়, মনোগ্ৰাহী হৈ পৰিব পাৰে ৷

    Reply
  • WAHIDUD ZAMAN

    Excellent

    Reply
  • Akshsy Jyoti Handique

    হাঁহি হ’ল জীৱন যুঁজৰ নান্দনিক আহিলা

    ….হাঁহিৰ বাবেই সকলো জীয়াই….হাঁহিৰ বাবেই জীৱন ধিয়াই….এনেহেন অমৃত আছে তোমাতে লুকাই….

    তোমাৰ সম্পাদনাই ‘ফটাঢোল’ক ন-মাত্ৰা প্ৰদান কৰক….
    শুভকামনা হৃদয়ৰ পৰা…..

    Reply
  • Akshay Jyoti Handique

    হাঁহি হ’ল জীৱন যুঁজৰ নান্দনিক আহিলা

    ….হাঁহিৰ বাবেই সকলো জীয়াই….হাঁহিৰ বাবেই জীৱন ধিয়াই….এনেহেন অমৃত আছে তোমাতে লুকাই….

    তোমাৰ সম্পাদনাই ‘ফটাঢোল’ক ন-মাত্ৰা প্ৰদান কৰক….
    শুভকামনা হৃদয়ৰ পৰা…..

    Reply
  • বৰ সুন্দৰ সম্পাদকীয় লিখিছা জীমনি! অলপ দেৰি হ’ল পঢ়াত৷ হাঁহি যে আমাৰ জীৱনৰ এক অপৰিহাৰ্য্য অংগ তাক ইমান ধুনীয়াকৈ লিখিছা, ভাল লাগিল৷ সুন্দৰ সংখ্যা এটা সজাই পৰাই আগবঢ়াই দিয়া বাবে বহুত শুভেচ্ছা আৰু অভিনন্দন থাকিল৷

    Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়।

    সৰ্বাংগসুন্দৰ সংখ্যা এটা পাঠকক উপহাৰ দিয়াৰ বাবে অভিনন্দন জীমনি

    Reply
  • সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    Reply
  • Bhaskarjyoti saikia

    “সম্পাদকীয়” পঢ়ি ভাল লাগিল |

    Reply
  • Bhaskarjyoti saikia

    “সম্পাদকীয়” পঢ়ি ভাল লাগিল |

    Reply
  • ভাস্কৰজ্যোতি দাস

    সুন্দৰ সম্পাদনা৷ সুন্দৰ সম্পাদকীয়৷ হাস্য-ব্যংগ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ এই অংগৰ ব্যৱহাৰে এজন লোকক হতাশাৰ পৰা আঁতৰাই মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰে৷ জীৱনৰ ঘাট-প্ৰতিঘাটৰ মাজত এই হাস্য-ব্যংগবোৰে অমৃতৰ কাম কৰে৷ সম্পাদক জীমণিলৈ শুভেচ্ছা আৰু অভিনন্দন৷

    Reply
  • ইমৰাণ আলি

    সুখ-দুখ, হাঁহি-কান্দোন এইবোৰ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। সেই সকল ধন্য যিসকলে দুখৰ মাজতো হাঁহিৰ খোৰাক যোগায় কিন্তু সেইসকল তাতোতকৈ ধন্য যিসকলে আনৰ জীৱনত হাঁহিৰ খোৰাক যোগায়।
    সম্পাদকীয়টো পঢ়ি খুবেই ভাল লাগিল। শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

    Reply
  • জাহ্নৱী গগৈ

    সুন্দৰ

    Reply
  • জুৰি কটকী

    হাঁহিব আৰু হহুৱাব পৰাতোও মানুহৰ এটা সুন্দৰ কলা ৷
    হাঁহি জীৱন ধাৰনৰ মহষৌধ স্বৰূপ ৷ জীৱনত দুখ নথকা
    মানুহ নাই , কিন্তু এই দুখো পাতলবা পাৰি বা পাহৰিব পাৰি
    হাঁহিৰ মাজেদিয়ে ৷ সমনীয়াৰ লগতেই হওঁক বা যিকোনো
    বয়সৰ মানুহৰ লগতেই হওঁক ৰঙীয়াল কথা পাতি নিজেও
    হহাঁ বা আনকো হহুৱাব পৰাতোও এক সাধনা ৷ নহলে হাস্য
    ৰসাত্মক গ্ৰন্থ বা লেখনীৰ অধ্যয়ন কৰিও আমি হাঁহিৰে জীৱন জীপাল কৰিব পৰো ৷ হাঁহি জীৱনৰ মহষৌধ বাবেই হয়তো বাহিৰৰ দেশ বিলাকত হাঁহিৰ ক্লাবো আছে ৷ কিন্তু এই হাঁহিৰ খোৰাক যোগোৱা ব্যঙ্গাত্মক লেখনীয়ে হওঁক বা কথাই হওঁক হ’ব লাগিব গল্পচ্ছলে ৰস দিয়া ৰুচিপূৰ্ণ ৷ এই ক্ষেত্ৰত আমাৰ সাহিত্য প্ৰাচীন কালৰে পৰাই চহকী ৷ যি নহওঁক দোষ্টী ভাল পালো সম্পাদকীয়ৰ লগতে আলোচনী
    খন পঢ়ি ৷ আৰু দুটামান আছে পঢ়িব

    Reply
  • অনুৰাগ

    বৰ ভাল পালো সম্পাদকীয় বাইদেউ৷ হাঁহি জীৱনৰ মহৌষধ৷ হাঁহি অবিহনে জীৱন নিৰস— হাঁহি থাকক হহুৱাই থাকক৷

    Reply
  • পুনৰবাৰ সকলোকে ধন্যবাদ জনালো।

    Reply
  • Nang preronaa changmai

    অভিনন্দন মেম, সম্পাদকীয় পঢ়ি ভাল লাগিল।

    Reply
  • Excellent!

    Reply
  • সম্পাদকীয় পঢ়ি ভাল লাগিল বাইদেউ । আলোচনী খনৰ সফলতা কামনা কৰিলো।

    Reply
  • অভিজিত

    ভাল লাগিল সম্পাদকীয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *