ফটাঢোল

ৰাসৰ সঁচা অনুভৱ – প্ৰাঞ্জল আৰ এম শইকীয়া

আঘোণৰ পূৰ্ণিমাত মাজুলীৰ ৰাস
পিলিঙা ডেকাই নিমাতী ঘাট কৰিলেহি গ্ৰাস
ৰাস চোৱাৰ লৈ গইনা
আনিবলৈ মন কইনা
ফেৰীৰ পৰা নামিয়েই বাইক চালনৰ ত্ৰাস !
শৰতৰ পূৰ্ণিমাৰ নিশা শুভ্ৰ জ্যোতি
ক্ৰমান্বয়ে বাঢ়ি যায় মটৰ চাইকেলৰ গতি
কে টি এম নাইবা পালছাৰ
লগত থাকেই দি এচ এল আৰ
ৰাসথলীতে প্ৰেম হয় সাক্ষী জগতৰ পতি ।
মাজুলীৰ ৰাসত এতিয়া আধুনিকতা বাঢ়িল
ব্যৱসায়ৰ জাকজমকতাৰে বহু পৰিৱৰ্তন আহিল
সত্ৰবোৰ অৱশ্যে ব্যতিক্ৰম
বহুত বাধাকো কৰি অতিক্ৰম
সাতামপুৰুষীয়া কৃষ্টি ধৰি ৰাখিছে হ’বলৈ নিদি কাহিল !

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *