ফটাপ্ৰেম – পৰী পাৰবীন
প্ৰেমকাহিনী নাম্বাৰ ১:
কলেজলৈ গৈছো আৰু । এহ! নহয় হে , তাৰো অকণ আগৰ পৰা কওঁ । স্কুলত পঢ়ি থকা দিনৰ কথাৰে আৰম্ভ কৰো দেই। তেতিয়াই তামাম প্ৰেম মোৰ । সমানে সমানে পঢ়াতো চিৰিয়াচ মই । কিতাপৰ তলত বিস্ময় লুকুৱাই লৈ ৰঞ্জিৎ চাৰিংগীয়া, প্ৰশান্ত কুমাৰ দাস , জীমণি চৌধুৰীৰ গল্প পঢ়ো । ডায়েৰীত প্ৰেমৰ কবিতা লিখোঁ । গান লিখোঁ । হিটলাৰ দাদাই পাব বুলি খিৰিকীৰে গান লিখা কাগজৰ টুকুৰাবোৰ পেলাই দিওঁ । টুকুৰাবোৰ উৰি গৈ কাষৰ ঘৰত পৰেগৈ । কাষৰ ঘৰে আহি মাক কম্প্লেইন দিয়ে, “পাৰবীনক অলপ চকু দিবচোন । কোনোবাই চিঠি দিয়েনেকি” বুলি । পঢ়া ক্ষতি হোৱাৰ ভয়তে মায়ে মোৰ চুলি টুলি কাটি ল’ৰা বনাই থৈ দিলে । জুবিনৰে মোৰে প্ৰেমকাহিনী সিমানতে চেটেপ । অনামিকা, আশা, মায়াক এৰি জুবিনৰ কি গৰজ পৰিছে বাৰু মইহেন ল’ৰাৰ স’তে প্ৰেম কৰিবলৈ?
প্ৰেম কাহিনী নাম্বাৰ ২:
তাৰ পিছত কলেজ পালো। চুৰিদাৰ পিন্ধি অলপ ডাঙৰ হৈছো আৰু । চুলিখিনিও ল’ৰাতকৈ অলপ দীঘল কৰাৰ অনুমতি পালোঁ। আৰু অলপ আগুৱাই গৈ এটাৰ লগত অকণ অকণ হিয়া দিয়া নিয়া হওঁ হওঁ। তেৰাৰ লগতে এদিন চাৰিআলিত কফি খাই আছিলোঁ । শাক-পাচলিৰ বজাৰখন ওচৰতে আছিল । আমিও কথা পাতি পাতি মানুহবোৰৰ আলেখ-লেখ চাই আছো। পটল, ভেন্দি নে ফুলকবি, বিলাহীৰে বজাৰৰ বেগ ভৰাই লৈ যোৱা মানুহবোৰ চাই চাই তেৰাই মোক জোকালে, “মোৰ দ্বাৰা এই বজাৰ সমাৰ সম্ভৱ নহ’ব দেই। এইবোৰ তুমিয়ে কৰিবা”। বিজুলী গতিৰে চেলুলয়ডদৰ পৰ্দা দুখনমান মোৰ চকুৰ আগেৰে পাৰ হৈ গ’ল । টেপো-জেপোকৈ বজাৰৰ বেগ ডাঙি এগৰাকী মহিলা। সেয়া মই। ৰাইজে ভৰিৰ ওপৰত ভৰি তুলি টিভি চাই আছে। ইমপছিবল! ইমপছিবল!
দুই নম্বৰটোৰ সিমানতে ইতি। তেৰাই অলপ ট্ৰেজেদি গাইছিল, মই বোলো, এতিয়া আমাৰ কেৰিয়াৰ গঢ়াৰ সময়। পঢ়ি লওঁ। বাকীবোৰ পাছত। ডট ডট ডট ।
প্ৰেমকাহিনী নাম্বাৰ ৩:
চাকৰিত জইন কৰিলোঁ । চাকৰিৰ খাতিৰত বিভিন্ন টু়ৰ চলি থাকে। ছিলং, গেংটক, কলিকতা, চেন্নাই, দিল্লী এইবোৰ ঘূৰি ফুৰিলোঁ। শিক্ষা বিষয়ক চেমিনাৰসমূহত বিভিন্ন ৰাজ্যৰ পৰা জিলাসমূহৰ প্ৰতিনিধিসকল আহে । এবাৰ তেনে এখন চেমিনাৰ গুৱাহাটীৰ গ্ৰেণ্ড মেজেষ্টি হোটেলত অনুষ্ঠিত হ’ল। তিনিদিনীয়া কৰ্মশালা। উত্তৰ পূবৰ সমূহ প্ৰতিনিধিৰ সৈতে কেৰালা, পশ্চিমবংগৰ জিলা প্ৰতিনিধিও আছিল সেইখন চেমিনাৰত । প্ৰথমদিনাই মন কৰিলো, কেৰেলিয়ান এজনে ঘূৰি ঘূৰি মোলৈ চাই আছে (স্কেল টনা বুলি কওঁ দেই আমাৰ ভাষাত ) …
বেয়া ? নাই। নাই। বেয়া অকণোৱেই লগা নাই। পিছৰদিনা নামটো উলিয়ালোঁ । কিবা মহম্মদ বুলি আৰম্ভ কৰিছে দেখোন। তেতিয়াহলেতো চিন্তাই নাই। বপুৰাই ঘূৰি ঘূৰি চায়হে চায়, ওচৰলৈ আহি মাতিবলৈ সাহস নাই। সেইদিনা লগৰ কেৰেলিয়ান কেইজনেও মোৰ ফালে চাই চাই তাক কিবা জোকাই থাকিল যেন লাগিছিল । ভাষাও বুজি নাপাওঁ …
তাৰো পিছৰদিনা ময়ূৰে পেখম ধৰাৰ দৰে সাজিকাছি গৈছো। আজি কেৰেলিয়ানৰ লগত চিনাকী হ’বই লাগিব। পাৰিলে ফোন নম্বৰটো ……ডট ডট ডট। অৱশেষত শেষ সময়ছোৱা আহিল। চিনাকী হোৱাই নাই তেতিয়ালৈকে তেওঁৰ সতে। চেমিনাৰ শেষ হোৱাৰ পাছত সকলোৱে ইজনে সিজনৰ পৰা যোগাযোগৰ ঠিকনা লোৱাৰ সময়ত দেখিলো, কেৰেলিয়ানজন হোটেলৰ তললৈ নামি গৈছে । ময়ো নামি আহিলো। তলতেই চিনাকী হ’ম। লগতে ফোননম্বৰ ল’ম। আবেগেৰে এষাৰ পাতি বিদায় ল’ম ।
মোৰ ফোনটো হঠাতে বাজি উঠিল। স্ক্ৰীণখনলৈ চালো, হিটলাৰ দাদা, অগত্যা ফোন ধৰিলো,
“চেমিনাৰ শেষ হ’ল যদি নামি আহ। মই হোটেলৰ সন্মুখতে আছো।”
তললৈ নামি দেখো, হিটলাৰ দাদা ৰৈ আছে। ওচৰতে ৰৈ আছে কেৰেলিয়ান বন্ধু(?)। মোচৰ খাই যোৱা বুকুখন লৈ মুখেৰে একো নামাতি তলমূৰ কৰি আহি দাদাৰ বাইকত বহিলোঁ। তেওঁৰ সতে চিনাকী হোৱাও নহ’ল ।
ৰ’ব । কাহানী অভী ভী বাকী হে মেৰে দোষ্ট ।
সিদিনাই ৰাতিলৈ নৈশবাছত উঠি মই কৰ্মস্থলীলৈ, মানে ডিব্ৰুগড়লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিৰ আন্ধাৰবোৰতো এটা কথাই আমনি কৰি থাকিল, ফোন নম্বৰ বাদেই, সম্পূৰ্ণ নামটোকে জনা নহ’ল। চচিয়েল নেটৱৰ্কিং ওলোৱাই নাই তেতিয়া । মোবাইলটো ওলাইছেহে কোনোমতে। ঘৰলৈ আহি ভূচিত্ৰাৱলীখন পাত পাত কৰিলোঁ। সেইজন কেৰেলাৰ কোনখন জিলাৰ আছিল মনত পেলালোঁ। থিৰুৰ আছিল। ঠিক ঠিক। মনত পৰিছে বুলি কেফেত সোমাই নেট খুচৰিলোঁ । কেৰালাৰ ৱেবচাইটবোৰত শিক্ষা বিভাগৰ তথ্য মানে কৰ্মৰত মানুহৰ যোগাযোগৰ ঠিকনা বিচাৰি চলাথ কৰিলো। সফল নহলোঁ। বৰঞ্চ দুদিন পিছত টিভিৰ নিউজত হেডলাইন, “কেৰালাকে ধৰি বহু কেইখন ৰাজ্যৰ ৱেবচাইট হেক কৰিছে কোনোবাই। সন্দেহৰ আঙুলিটো বহিঃদেশলৈকে গৈছে”, তথাপি মই জোপোকা লাগিলোঁ ।
আকৌ চেলুলয়ডৰ পৰ্দা, মনৰ মাজত নিউজ এটা ৰেডি কৰিয়ে ল’লো, “ৱেবচাইট হেক কৰাৰ অপৰাধত আটক অসমৰ যুৱতী”, পুলিচ, হেণ্ডকাফ,মা, দাদা ইত্যাদি ইত্যাদি। দুদিনমানলৈ সেই চিন্তাত খাব নোৱাৰিলোঁ। শুব নোৱাৰিলোঁ।
মনৰ মাজত কেৰেলিয়ান প্ৰেমৰ কৰুণ পৰিসমাপ্তি সিমানতে ।
☆★☆★☆
10:40 am
তোমাৰ লিখনি সদায়েই প্ৰিয়। আনবোৰৰ দৰে এইটোও বৰ ভাল লাগিল।
9:39 pm
পঢ়ি ভাল লাগিল | কিন্তু দোষএটা থাকিগ’ল এবাৰটোযে প্ৰেম সফল কৰিব নোৱাৰিলে