প্ৰেৰণাৰ উৎস,মূলঃ গিৰীশ পংকজ – ভাবানুবাদঃহিমাংশু ভাগৱতী
চাকৰিৰ পৰা নিলম্বিত চাৰিজন মহাপুৰুষে মূৰে কপালে হাত দি গম্ভীৰ চিন্তাত মগ্ন হৈ বহি আছিল। অলপ পিছত আটায়ে হঠাৎ প্ৰাণায়ম কৰিবলৈ আৰম্ভ কৰি দিলে। এজনৰ মুখেৰে পুৰণা হিন্দী চিনেমাৰ দৰ্দভৰা গান ওলাল। আন এজনে আকৌ মন শান্ত কৰিবলৈ অনুলোম বিলোম আৰম্ভ কৰিলে। তৃতীয়জন কপাল ভাতিত আৰু চতুৰ্থজনে ভ্ৰামৰিত ব্যস্ত হৈ গ’ল। দৰাচলতে হৰিদ্বাৰৰ পৰা অহা সাধু এজনে চাৰিওকে পৰামৰ্শ দিছিল- “নিজৰ আত্মাৰ শান্তিৰ কাৰণে তোমালোকে প্ৰাণায়ম আৰম্ভ কৰা। ইয়ে তোমালোকৰ নিলম্বিত হোৱাৰ দুখ কিছু পাতল কৰাত সহায় কৰিব।”
কিছুদেৰি মূৰটো তলমূৱা কৰি কিবা আসন কৰি থকাজনে হঠাৎ উঠি ক’লে,” আমাৰ লগত চৰকাৰে সাংঘাটিক অন্যায় কৰিছে। পৃথিৱীত একমাত্ৰ আমিহে ভুল কৰিছোঁ নেকি? কিমান যে মানুহে দুৰ্নীতি কৰি আছে, সিবোৰকো চাচপেণ্ড কৰিব লাগে। আমাৰ ওপৰতহে ধুম পৰিল সকলোবোৰ । মই বুজি নাপাও, হঠাৎ তালাচী চলোৱা কাৰবাৰটো কিয় কৰে? সুবিধা পাইছোঁ, তাৰ লাভ উঠোৱাতো অন্যায় নেকি? সকলোৱে অলপ বাহিৰা পইছা ঘটিম বুলিয়েইতো চৰকাৰী চাকৰি কৰিবলৈ আহে।”
দ্বিতীয়জন মহাপুৰুষৰ কথা-বাৰ্তাবোৰ নিলম্বিত হোৱাৰ পিছত অলপ অলপ দাৰ্শনিক ধৰণৰ হ’বলৈ আৰম্ভ কৰিছিল। বেলেগ নিলম্বিত লোকক লগ পালে দাৰ্শনিকৰ দৰে বক্তৃতা দিবলৈ আৰম্ভ কৰি দিয়ে বাবে সেইজনক সকলোৱে পাগল হোৱা বুলিয়েই ভাবিবলৈ আৰম্ভ কৰিছিল। আচলতে নিলম্বনৰ বাবে মানুহজন যথেষ্ট চিন্তিত হৈছিল। বেচেৰাৰ জ্ঞান চকু পলমকৈ হ’লেও খোল খোৱা যেন লাগিছিল। সেইজন মহাপুৰুষে ক’লে, ” অঁ হে, ঠিক কৈছে। কিন্তু যেতিয়া বেয়া দিন আহে, ফোন বা এছ এম এছ কৰি তোমাৰ ওচৰলৈ গৈ আছো বুলি কৈ নাহে নহয়। আৰু সঁচা কথা ক’বলৈ হ’লে, আমিযে কিমান মানুহৰ ক্ষতি কৰিলোঁ! এতিয়া নিলম্বনৰ মুকুট পোৱাৰ পিছত দুখ কৰি কি হ’ব? দুখতে এতিয়া মোৰ ভিতৰৰ পৰা অকাস্মাৎ কবিতা এটা ওলাব খুজিছে,শুনক-
“বন্ধু, জ্ঞাতি সকলো আচৰিত হৈ গ’ল
আছিলোঁ মহা ধাৰ্মিক, কিয় নিলম্বন হৈ গ’ল
তীৰ্থযাত্ৰা আৰু বিদেশ ভ্ৰমণৰ প্ৰ’গ্ৰাম আছিল
নিলম্বিত হৈ সকলো পানী হৈ গ’ল।”
দ্বিতীয়জনে তৃতীয়জনক সুধিলে,” বাৰু , আপুনি কি কাৰণত চাচপেণ্ড হ’ল?”
তৃতীয়জনৰ মুখত সামান্য লাজুক হাঁহি এটা ঢৌ খেলি গ’ল। ক’লে-” মইতো মোৰ পি এ জনীৰ লগত…..। সকলোৱে এনেকুৱা কৰে, মইহে চাচপেণ্ড হ’ব লগা হ’ল। সকলোতকৈ দুখ লগা কথাটো কি জানে?”
” কি? কি?”, নিজৰ টেনচন বাদ দি বাকী কেইজনে একে সুৰতে সুধিলে।
” আমাৰ তেওঁ কিবাকৈ গম পায় গৈছিল যে মই পি এ জনীৰ লগত অলপ বেছিয়ে ব্যস্ত আৰু মত্ত আছিলোঁ । বচ, একেকোবে গৈ ওপৰ লেভেলত কমপ্লেইন কৰি দিলে। তেতিয়াৰ পৰা চাচপেণ্ড। পি এৰ দুখত এতিয়া পি থাকোঁ।…. আপুনি পিছে কিয় চাচপেণ্ড হ’ল?”
“মোৰ চাচপেণ্ড হোৱাৰ আঁৰত ইমান ৰোমাণ্টিক কাৰণ নাছিলহে।” আনজনে উত্তৰ দিলে। “মইতো ঘোচ লৈ হাতে-লোটে ধৰা পৰিলোঁ। দেখিছেনে কি বেয়া দিন আহিল।”
মানুহ এজনে নিজৰ কাম কৰাবলৈ আহিছিল। মোৰ একো নোলোৱাকৈ কাম কৰাৰ অভ্যাস নাই, গতিকে সন্মুখতে ক’লো পাঁচ হেজাৰ লাগিব। সিও ক’লে কালি এঘাৰ বজাত লৈ আহিম। দ্বিতীয় দিনা তালৈ ৰৈ বহি থাকিলোঁ। ঠিক এঘাৰ বজাতে আহি মোৰ হাতত পাঁচ হেজাৰ গুজি দিলে। টকাখিনি হাতত লৈ আলমিৰাটোৰ ফালে মুখ কৰিছিলো মাত্ৰ, চাৰিজন মানুহ যমদূতৰ দৰে ক’ৰবাৰ পৰা আহি মোক ধৰি পেলালে। মোৰ হাতত ৰং লাগি আছিল, যি ৰং ঘোচ দিয়া টকাবোৰত লগাই থোৱা আছিল। লগে লগে মোক গ্ৰেপ্তাৰ কৰি ল’লে। অনুসন্ধান হোৱাৰ পিছত মোৰ নিলম্বন হ’ল। এবছৰে হ’ল। কাকো মুখ দেখুৱাব নোৱাৰা অৱস্থা। যিয়ে লগ পায়, কি হ’ল সোধে। ভিন্ন মন্তব্য, ফুচ-ফাচ। বাহিৰলৈ ওলাব নোৱৰা অৱস্থা। ”
“মইয়ো ঘোচ লোৱা মামলাতে নিলম্বিত হৈছো।” আন এজনে ক’লে। ” আমাৰ দেশত বেছিভাগ নিলম্বন ঘোচ লোৱা কেছতে হয়। মোৰ কথা কি ক’ম, য’ত প’ষ্টিং হৈছিল একেবাৰে স্বৰ্গলোক। পইছা নিজে নিজে খোজ কাঢ়ি মোৰ ওচৰলৈ আহিছিল। ঘৰলৈ অহা লক্ষ্মী, কোনে উভতাই পঠাব। কিন্তু কি কৰিব, সমাজৰ কিছুমান হিংসাকুৰীয়াৰ মোৰ সুখ সহ্য নহ’ল। লগোৱা আৰম্ভ হ’ল। শেষত ধৰা পৰি নিলম্বন এবছৰ ধৰি। কোনো বাহিৰা ইনকাম নাই। দৰমহাটোও কাটি কাটি দিয়ে। ভাগ্য ভাল যে অলপ বাহিৰা পইছা জমা কৰিব পাৰিছিলোঁ । ”
“মোৰ কাহিনীও শুনক তেন্তে।” চতুৰ্থজন নিলম্বিত কাঠকুমাৰে আৰম্ভ কৰিলে। ” মোৰ হাতত গোটেই অৰণ্যখন আছিল।”
জংগলত সকলোপিনে মংগলে মংগল। হঠাৎ এদিন চয়তান এটা আহি মূৰত বহি ল’লে। গৰু-ছাগলীয়ে ঘাঁহ খোৱা দেখি দেখি মোৰো এদিন গোটেই অৰণ্যখন খাবলৈ মন গ’ল। গৰু-ছাগলীয়ে যি কাম কৰে মানুহে কিয় নোৱাৰিব? কিবা পাবলৈ হ’লে কিবা ত্যাগ কৰিবই লাগিব। ত্যাগী নোহোৱাকৈ সুখী হ’ব নোৱাৰি। গতিকে মই নিজৰ আদৰ্শ ত্যাগ কৰি জংগলখন খাবলৈ আৰম্ভ কৰিলোঁ। হাবি কমি গৈ থাকিল, মোৰ অট্টালিকা ডাঙৰ গৈ থাকিল। পইছা আহি থাকিল, ময়ো লৈ থাকিলোঁ। এনে সময়ো আহিল যে মোৰ ঘৰটো এক উল্লেখ্যযোগ্য দৰ্শন স্থলী হৈ গ’ল। চহৰ চাবলৈ অহা মানুহে মোৰ ঘৰটো চাবলৈও অহা কৰিলে। সকলোৰে মুখত মোৰ অট্টালিকাৰ কথা। সেইবাবে কাৰোবাৰ নজৰ লাগিল। চৰকাৰক কোনোবাই লগাই দিলে। এদিন হঠাৎ ঘৰত ৰেইড হ’ল আৰু মোৰ সকলো ৰসাতলে গ’ল। জংগলত অমংগল কৰা বাবে মোৰ নিলম্বন হ’ল। এবাৰ নিলম্বনৰ অৰ্ডাৰটোৰ ফালে আৰু এবাৰ ঘৰটোৰ ফালে চাই থাকোঁ এতিয়া। হাবিখন চাফা হোৱাৰ পৰা হাত সাৰিল, সেইটোৱে মোৰ ডাঙৰ দুখ। মূৰ্খ চৰকাৰ। মোৰ সকলো আৰাম সুবিধা কাঢ়ি জব্দ কৰিলে। এতিয়া ৰাতি ৰাতি উজাগৰে থাকি নিলম্বন প্ৰত্যাহাৰ কৰাৰ সপোন দেখি আছোঁ।
আটাইকেইজন নিলম্বিত মহাপুৰুষে নিজৰ নিজৰ ঐতিহাসিক কাম কাজৰ বিষয়ে ইজনে সিজনক বৰ নিষ্ঠাৰে বিৱৰণি দিলে। চাৰিওজনে এটা কথাত একমত হ’ল- আমি যদিও দুৰ্নীতি কৰি ধৰা পৰিছোঁ, আমাৰ মৰমৰ ল’ৰা ছোৱালীয়ে যাতে এনেকৈ ধৰা নপৰে তাৰ চেষ্টা কৰিম। সিহতঁক বুজাম, ঘোচ কেনেকৈ ল’ব লাগে।
এজনে আকৌ উৎসাহতে ক’লে-‘ মইতো এখন কিতাপে লিখিম ঘোচ লোৱাৰ টিপছ দি। কিতাপখন ইণ্টাৰনেটতো দি দিম। নানা ধৰণৰ দুৰ্নীতি কৰি কেনেকৈ বাচি থাকিব পাৰি, সেই বিষয়ে বিশেষ টিপছ থাকিব। আমি কৰা ভুলবোৰৰ পৰা শিক্ষা লৈ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিম। ঘোচ অবিহনে সকলো বিনোদন সম্ভৱ নহয়। কি কয় বন্ধুসকল?”
“বঢ়িয়া হ’ব, বঢ়িয়া হ’ব।” সকলোৱে একেলগে ক’লে।
চাৰিওজন মহাপুৰুষে শপত খালে -নিজৰ ল’ৰা-ছোৱালীক এনেকৈ ট্ৰেইনিং দিম সিহঁতে যাতে আমাৰ দৰে ধৰা পৰি নিলম্বন হোৱা যাতনা ভূগিব নেলাগে। কিবা কাৰণত যদি নিলম্বিত হয়ো; কম সময়তে ইমান ধন ঘটিব, যাৰ বাবে সিহঁতৰ একো ক্ষতি নহ’ব।
এজনে প্ৰস্তাৱ দিলে,” আমি দেখো এটা ৱেবছাইট বনাই ল’ব পাৰোঁ, নিলম্বিত ডট কম। ইয়াৰ জৰিয়তে আমি সকলো নিলম্বিত লোককে একগোট কৰিব পাৰিম। তাৰ পিছত ‘নিলম্বিত বিষয়া সংস্থা’ নামৰ সংগঠন এটা খুলি ল’ম। যিয়েই নিলম্বিত হ’ব, আমি সহায় কৰিম। ঘোচ লৈ যদি ধৰা পৰিছে, ঘোচ দি কেনেকৈ সাৰিব লাগিব তাৰো প্ৰশিক্ষণ দিম। আমাৰ চৰকাৰক লগ কৰি কও, নিলম্বিত কৰিব বিচাৰিছে কৰক; কিন্তু নামবোৰ মিডিয়াত দি নিদিব। ইমেজ বেয়া হৈ যায়। ওলাবলৈ লাজ লগা হয়। মন্ত্ৰী-নেতাসকলৰ কথা বেলেগ, তেওঁলোকৰ দুৰ্নীতি একোখন মহাকাব্য। দুৰ্নীতিৰ খবৰে তেওঁলোকৰ একো ক্ষতি কৰিব নোৱাৰে, লাভহে কৰে। কিন্তু আমাৰ দৰে সন্মান থকা মানুহ নিলম্বিত হ’লে যে কেনেকুৱা বেয়া অৱস্থা হয়। সংগঠিত হ’লে কামত আহিব।”
কথাখিনি সকলোৰে পচণ্ড হ’ল। ঠিক হ’ল যে অতি সোনকালে মূখ্যমন্ত্ৰীক লগ কৰি অনুৰোধ কৰা হ’ব, তেখেতে যাতে বিষয়টোত চকু দিয়ে। আলোচনা-বিলোচনাৰ অন্তত গোটেইকেইজনে ভাল হোৱাৰ আশা বুকুত বান্ধি ঘৰমুৱা হ’ল।
এনেকৈয়ে এই চাৰিজন নিলম্বিত মহাপুৰুষ অসংখ্য নিলম্বিত মানুহৰ প্ৰেৰণাৰ উৎস হৈ পৰিল।
☆★☆★☆
8:42 am
মজা , অপূৰ্ব অনুবাদ
11:13 am
সুন্দৰ পঢ়ি বৰ ভাল লাগিল ।
2:02 pm
ভাল লাগিল।
2:43 pm
ভাল লাগিছে।
9:12 am
খুৱ ভাল!