ফটাঢোল

লংকালৈ যোৱা সেই প্ৰথম দলঙখন (মুল- হৰিশংকৰ পৰচাই) – ভাবানুবাদঃ ৰিণ্টুমনি দত্ত

গড়কাপ্তানী বিভাগৰ উচ্চপদস্থ বিষয়া বাবুৰামে হঠাতে চাকৰিৰ পৰা অব্যাহতি লোৱাত মফচলীয় চহৰখনত যথেষ্ট বুবু-বাবাৰ সৃষ্টি হ’ল। সৰু চহৰখনৰ সকলোৰে মুখে মুখে কেৱল বাবুৰামৰ এই আকস্মিক সিদ্ধান্তৰ বিষয়ে আলোচনা। কাৰোবাৰ মতে বাবুৰামে এক বৃহৎ পৰিমাণৰ উৎকোচ লৈ ধৰা পৰাৰ ভয়ত হঠাৎ চাকৰিৰ পৰা অব্যাহতি ল’লে, কাৰোবাৰ মতে বাবুৰামে শহুৰেকৰ ঘৰৰ ফালৰ পৰা এক বিশাল ধনৰাশি উপহাৰ হিচাপে পালে আৰু সেই ধনেৰে বাবুৰামে নতুন ব্যবসায় আৰম্ভ কৰিবলৈ মনস্থ কৰিছে। পিছে বিভিন্নজনৰ প্ৰশ্নৰ বাবুৰামৰ ওচৰত এটাই উত্তৰ আছিল – তেওঁ ভগৱান শ্ৰীৰামৰ সেৱাত নিজকে বিসৰ্জিত কৰিছে আৰু ভগৱান শ্ৰীৰামৰ নিস্বাৰ্থ সেৱাৰ বাবেই তেওঁ চাকৰিৰ পৰা অব্যাহতি লৈছে।

ইমান উচ্চপদস্থ পদবীৰ পোষ্ট এটা তেওঁ এইদৰে আকস্মিকভাৱে এৰি দিয়া কাৰ্য্যই মোৰ মনতো খুদুৱনিৰ সৃষ্টি কৰিছিল। মনৰ উৎকণ্ঠা অৱদমিত কৰিব নোৱাৰি মই এদিন ৰাতিপুৱাই বাবুৰামৰ ঘৰ ওলালোগৈ। সেই সময়ত বাবুৰামে ঘৰৰ বাগিচাত হৰিণাৰ ছাল এখনত ধ্যানমগ্ন মানুহৰ দৰে বহি আছিল। তেওঁৰ কাষত এসোপা উকা কাগজ, সন্মুখত এটা কলম আৰু এটা চিয়াঁহীৰ দোৱাত। তেওঁক দেখি এনেকুৱা লাগিছিল যেন তেওঁ এক গভীৰ চিন্তাত মগ্ন হৈ আছে।

মোক সন্মুখত দেখি তেওঁ সুধিলে – “কি হে ডেকা ল’ৰা, কি সকামত আহিলা এইফালে?” ময়ো তেওঁৰ কাষতে মাটিতে বহি উত্তৰ দিলো -“বিশেষ একো নাই দাদা, বহুত দিন আপোনাক দেখা নাই। আজিকালি আপুনি চহৰৰ ফালেও ওলাই নাযায়। এইফালে কাম এটাত আহিছিলো, ভাবিলো আপোনাৰ খবৰ এটা লৈ যাওঁ‌।”
বাবুৰামে উত্তৰ দিলে -” ঠিকেই কৈছা ডেকা ল’ৰা। আজিকালি মই ঘৰতে সোমাই থাকো। প্ৰকৃততে মোৰ সম্পূৰ্ণ জীৱনশৈলীয়েই বদলি হৈ গৈছে। মই নিজকে সম্পূৰ্ণৰূপে প্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সমৰ্পিত কৰিছো। সন্ত তুলসীদাসে কোৱাৰ দৰে ৰাম-নাম জপ কৰাই এতিয়া মোৰ জীৱনৰ একমাত্ৰ উদেশ্য।”

অলপ ইতস্ততঃ হৈ মই তেওঁক সুধিলো -“কিন্তু চহৰৰ মানুহবোৰে দেখোন আপোনাৰ বিষয়ে বেলেগ কিবা-কিবিহে কয়!”

তেওঁ উত্তৰ দিলে -“মানুহে যি ক’ব বিচাৰে ক’বলৈ দিয়া। কুৎসা-ৰটনা, হিংসা-পৰশ্ৰীকাতৰতা ইত্যাদি মই মোৰ জীৱনৰ পৰা চাকৰিৰ পৰা অব্যাহতি লোৱাৰ দিনাই আঁ‌তৰাই পেলালো।”

অলপ সাহস গোটাই মই সুধিলো -“পিছে আপুনি চাকৰিৰ পৰা কিয় অব্যাহতি ল’লে? যদি আপুনি ক’বলৈ বেয়া নাপায় —“

মোৰ প্ৰশ্ন শুনি বাবুৰাম পুনৰ ধ্যানমগ্ন হ’ল। কিছুসময়ৰ পিছত চকু মেলি মোৰ চকুত চকু থৈ বাবুৰামে ক’বলৈ আৰম্ভ কৰিলে তেওঁৰ কথা –

সেইয়া এক দীঘল কাহিনী। স্বয়ং হনুমানজীয়ে মোক চাকৰিৰ পৰা অব্যাহতি ল’বলৈ আদেশ দিলে। এদিন হনুমানজীয়ে মোক সপোনত দেখা দিলে আৰু মোক ক’লে- “মুৰুখমতি, কিয় তই জীৱনৰ অমুল্য সময়বোৰ অফিচৰ কামত নষ্ট কৰি আছ, মেম’-চালান-নিবিদা লিখাত। প্ৰভুৱে তোক এইবোৰ কামৰ বাবে সৃষ্টি কৰা নাই। তই প্ৰভু শ্ৰীৰামৰ কথা লিখা আৰম্ভ কৰ। বাল্মীকিৰ ৰামায়ণ, ভৱভুতিৰ ৰামায়ণ আৰু তুলসীদাসৰ ৰামায়ণৰ মাজত অলপ হ’লেও পাৰ্থক্য নাই জানো! তয়ো এই যুগৰ লগত খাপ-খোৱাকৈ প্ৰভু শ্ৰীৰামৰ কাহিনী লিখা আৰম্ভ কৰ। কাইলৈয়েই তই চাকৰিৰ পৰা অব্যাহতি লৈ প্ৰভুৰ নামলৈ প্ৰভুৰ কথা লিখা আৰম্ভ কৰ। মোৰ আশীৰ্বাদ তোৰ লগত আছে। তোৰ উন্নতি অৱশ্যম্ভাৱী।”

হনুমানজীৰ আদেশ শিৰোগত কৰি মই পিছদিনাই অফিচলৈ গৈ ইস্তফা পত্ৰ দিলো আৰু ঘুৰি আহোঁতে প্ৰভুৰ কথা লিখিবলৈ অফিচৰ পৰা এসোপামান উকা কাগজ, দুটা কলম আৰু দুটা চিয়াঁহীৰ বটল লৈ আনিলো।

পিছদিনাৰ পৰাই মই প্ৰভু শ্ৰীৰামৰ কথা লিখিবলৈ আৰম্ভ কৰিলো। ইতিমধ্যে আধাতকৈ বেছি লিখি সম্পূৰ্ণ কৰিলো, দ্বাপৰ যুগৰ কথা। মাতা সীতাক উদ্ধাৰৰ বাবে প্ৰভু শ্ৰীৰামৰ সেনা লংকালৈ যাবলৈ নিৰ্মাণ কৰা দলঙখনৰ কথালৈকে লিখি ইতিমধ্যে সমাপ্ত কৰিলো। তুমি ইচ্ছা কৰিলে মই তোমাক সেই কাহিনী পঢ়ি শুনাব পাৰো।”

বহুত দেৰি তধা লাগি শুনাৰ পিছত মই মুখ খুলিবলৈ সুবিধা পালো। ক’লো – “এইয়া মোৰ সৌভাগ্য হ’ব, প্ৰভু শ্ৰীৰামৰ কাহিনী শুনি ময়ো জীৱনটো ধন্য কৰোঁ।”

বাবুৰামে কাগজৰ দ’মটো নিজৰ হাতলৈ আনি মোক ক’লে -” শুনা ডেকা ল’ৰা, মই তোমাক প্ৰভু শ্ৰীৰামৰ কাহিনী শুনাবলৈ প্ৰস্তুত। কিন্তু তুমি যদি মোৰ ৰাম-কথাত কিবা বিসংগতি বা অমিল পোৱা, সেইয়া অবিশ্বাস নকৰিবা। হনুমানজীয়ে মোক সপোনত দেখা দিয়াৰ দিনা নিজেই কৈ গৈছিল যে লিখি শেষ হোৱাৰ দিনাই তেওঁ পুনৰ আহি মোৰ লেখাখিনি অনুমোদিত হ’ল বুলি হস্তাক্ষৰ কৰি যাবহি। তেতিয়া মোৰ দ্বাৰা ৰচিত ৰাম-কথা অসত্য বুলি কোনো মৰতবাসীয়ে সন্দেহ কৰিব নোৱাৰিব।”

গলখেকাৰি এটা মাৰি বাবুৰামে মোক তেওঁৰ দ্বাৰা ৰচিত প্ৰভু শ্ৰীৰামৰ কথা শুনাবলৈ আৰম্ভ কৰিলে – “শুনা ভাই, যিখন দলঙেৰে প্ৰভু শ্ৰীৰাম আৰু তেওঁৰ বান্দৰ সেনা লংকালৈ গৈছিল ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ, সেইখন প্ৰকৃততে সমুদ্ৰৰ ওপৰত বানৰ সেনাই নিৰ্মাণ কৰা দ্বিতীয় দলঙহে আছিল। সেইখনৰ আগতেও সুগ্ৰীৱৰ বানৰ সেনাই লংকা আক্ৰমণ কৰিবলৈ সমুদ্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰিছিল, মোৰ শ্ৰীৰাম-কথাত সেই প্ৰথম দলঙখনৰ বিষয়ে বিশদভাৱে লিখিছো।”

পিন্ধি থকা বনিয়নটোৰে চশমাযোৰ মোহাৰি বাবুৰামে পুনৰ আৰম্ভ কৰিলে -” ৰাৱণৰ স্বৰ্ণলংকা আক্ৰমন কৰি সীতাক উদ্ধাৰ কৰিবলৈ প্ৰভু শ্ৰীৰামে বান্দৰ ৰজা সুগ্ৰীৱৰ বিশ্বাসী অভিযন্তা নল আৰু নীলক দ্বায়িত্ব দিলে। ৰজাৰ আজ্ঞা অনুসৰি দলঙ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অভিযন্তা নল আৰু নীলে প্ৰভু শ্ৰীৰামৰ ওচৰলৈ আহি সাষ্টাংগে প্ৰণাম কৰি তেওঁক দলঙ নিৰ্মাণৰ কাম শেষ হোৱাৰ কথা অৱগত কৰিলে। খবৰটো পাই প্ৰভু শ্ৰীৰামে আচৰিত হৈ ক’লে -“হে, কি কোৱা হে! এইয়া কেনেকৈ সম্ভৱ হ’ব পাৰে! সৌ সিদিনা মাথো মই দলঙৰ আধাৰশিলা স্থাপন কৰি আহিছিলো। সাধাৰণতে ইমান ডাঙৰ আধাৰশিলা স্থাপন অনুষ্ঠান পতা কামবোৰ ইমান সোনকালে কেতিয়াও সম্পূৰ্ণ নহয়, কিছুমানটো গোটেই জীৱনতো সম্পূৰ্ণ নহয়। অযোধ্যাৰ ৰজা হৈ থাকোতে মই প্ৰজাৰ অনুৰোধ ৰক্ষা কৰি কিমান বিল্ডিঙ, কিমান দলঙ আদিৰ আধাৰশিলা স্থাপন কৰিলো। বনবাসলৈ অহাৰ আগতে গুৰুদেৱ বশিষ্ঠৰ লগত সেইবোৰ চাবলৈ গৈছিলো, সেইবোৰ আধাৰশিলা দেখোন আধাৰশিলা হিচাপেই পৰি আছিল। ইটা-বালি-শিল এটুকুৰাও পৰা নাছিল তাত। কিন্তু তোমালোকে ইমান কম সময়ৰ ভিতৰতে দলঙখন তৈয়াৰ কৰি দিলা, আশ্চৰ্য্যজনক। মইটো সপোনটো ভবা নাছিলো, এইখন দলঙ কেতিয়াবা সম্পূৰ্ণ হ’ব বুলি। সঁ‌চা কথা ক’বলৈ গ’লে, মই যোৱা দুৰাতি টোপনি খতি কৰি লংকালৈ যোৱাৰ বেলেগ উপায় চিন্তা কৰি আছিলো। বাৰু যি কি নহওক, তোমালোকে সঁ‌চাকৈ প্ৰশংসাৰ যোগ্য কাম কৰিছা। ৰজা সুগ্ৰীৱ, কাইলৈ ৰাতিপুৱাই আমাৰ সৈন্যক দলঙেৰে লংকালৈ যাবলৈ সাজু কৰা।”

প্ৰভু শ্ৰীৰামৰ আদেশ শুনি সুগ্ৰীৱে আচৰিত হৈ ক’লে -“কিন্তু এইয়া কেনেকৈ সম্ভৱ হ’ব পাৰে প্ৰভু!! উন্মোচনী অনুষ্ঠান নপতাকৈ আমি কেনেকৈ দলঙ এখনত ভৰি দিব পাৰো! প্ৰভু, দলঙ বনোৱাই হয় উন্মোচনৰ বাবে। কোনোবাই যদি অকস্মাৎ সেই দলঙ পাৰ হ’বলৈ ব্যবহাৰ কৰে, সেইয়া নিতান্তই কাকতালীয়।”

সুগ্ৰীৱৰ কথা শুনি শ্ৰীৰামে উত্তৰ দিলে -“সুগ্ৰীৱ, তুমি জানা যে এটা এটা দিন মোৰ দেৱী সীতাৰ পৰা দূৰত থকাটো অসহনীয় হৈ আহিছে। তথাপিও তুমি কৈছা যেতিয়া, মই সন্মত হৈছো। সোনকালে দলঙখনৰ উন্মোচনী অনুষ্ঠান পতাৰ আয়োজন কৰা। পিছে দলঙখন উন্মোচন কৰিবলৈ কাক নিমন্ত্ৰণ দিম বুলি ভাবিছা?”

সুগ্ৰীৱে উত্তৰ দিলে -“প্ৰভু, মোৰ মতে দলঙখনৰ উন্মোচন আপোনাৰ শহুৰ ৰজা জনকৰ হতুৱাই কৰোৱাটোৱেই সমীচিন হ’ব। মাতা সীতায়ো এইটো কথা জানিলে বহুত সুখী হ’ব।”

সুগ্ৰীৱৰ কথা অনুসৰি প্ৰভু শ্ৰীৰামে সুগ্ৰীৱৰ বান্দৰ সেনাৰ বচা-বচা কেইজনমান সৈন্যক জনক ৰজাক নিমন্ত্ৰণ দিবলৈ মিথিলালৈ পঠালে। জোঁ‌ৱায়েকৰ অনুৰোধ ৰক্ষা কৰি ৰজা জনকে প্ৰায় এক সহস্ৰাধিক পালি-পহৰীয়া লৈ দলঙ উন্মোচনৰ বাবে আহিল। (ৰজা জনক আৰু তেওঁৰ পালি-প্ৰহৰীয়াৰ অহা-যোৱাৰ খৰচ সুগ্ৰীৱে বহন কৰিছিল, পিছত হিচাপ কৰি দেখা গ’ল যে সেই পইছাৰে এনেকুৱা আৰু দুখন দলঙ নিৰ্মাণ কৰিব পৰা গ’ল হয়)

ৰজা জনক আৰু তেওঁৰ পালি-প্ৰহৰীয়া আহি পোৱাৰ বেচ কিছু দিন পিছত দলঙৰ উন্মোচনৰ কাৰ্য্যসূচী ৰখা হ’ল, গ্ৰহ-নক্ষত্ৰ-মাহ-দিন-ক্ষণ আদি নিমিলাৰ বাবে সুগ্ৰীৱে প্ৰায় এমাহ ৰজা জনক আৰু তেওঁৰ সকলো পালি-প্ৰহৰীয়াৰ খোৱা-বোৱা আৰু থকাৰ যা-যোগাৰ কৰি দিব লগা হ’ল।

অৱশেষত সেই বিশেষ দিনটো আহিল। প্ৰভু শ্ৰীৰাম, সুগ্ৰীৱ আৰু তেওঁৰ সম্পূৰ্ণ বান্দৰ-সেনা, ৰজা জনকৰ লগত অহা সহস্ৰাধিক পালি-প্ৰহৰীয়াৰ উপস্থিতিত আয়োজন কৰা বিশাল জনসভাক উদ্দেশ্যি ৰজা জনকে তেওঁৰ ভাষণ আৰম্ভ কৰিলে -“উপস্থিত সুধীগণ, মোৰ জীয়ৰী সীতাক লংকাধিপতি ৰাৱণৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰাম আৰু ৰজা সুগ্ৰীৱৰ যৌথ উদ্যোগত নিৰ্মিত হোৱা এই বিশেষ দলঙখনৰ উন্মোচনৰ বাবে মোক নিমন্ত্ৰণ দিয়াৰ বাবে মই গৌৰৱান্বিত। এই আপাহতে এই অভাজনক এই সৌভাগ্য দিয়াৰ বাবে মই মোৰ জোঁ‌ৱাই শ্ৰীৰামচন্দ্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিলো। সুধীগণ, আপোনালোক সকলোৱে জানে যে দেশ এখনৰ উত্তৰোত্তৰ উন্নতিৰ বাবে দলঙৰ বৰ প্ৰয়োজন। দেশৰ উন্নতিৰ হকে কাম কৰাটো দেশৰ প্ৰত্যেকজন নাগৰিকৰে নৈতিক দ্বায়িত্ব আৰু কোনো দেশৰ উন্নতি তেতিয়াহে সম্ভৱ হয় যেতিয়া সেই দেশত বহুতো দলঙ নিৰ্মাণ কৰা যায়। পৃথিৱীৰ সকলো উন্নত দেশলৈ লক্ষ্য কৰা, দেখিবা তেওঁলোকৰ উন্নতিৰ মুখ্য কাৰণ সেই দেশত থকা হাজাৰ-হাজাৰ দলঙ। সেইয়ে মই বিশ্বাস কৰো যে আমি দেশৰ উন্নতি কৰিবলৈ অকল দলঙ নিৰ্মান কৰিব লাগে। দেশৰ সমগ্ৰ মাটি দলঙেৰে ভৰাই দিব লাগে, মাটিৰ ওপৰত দলঙ হওক, নৈৰ ওপৰত দলঙ হওক, সাগৰ-মহাসাগৰৰ ওপৰত দলঙ হওক। আনকি আকাশৰ মাজতো দলঙ নিৰ্মান কৰাৰ কথা আমি চিন্তা কৰিব লাগে। সুগ্ৰীৱৰ বান্দৰ সেনাই এইখন দলঙ নিৰ্মাণ কৰি দেশৰ উন্নতিত এক মহৎ অৱদান আগবঢ়াইছে। এই দলঙখনৰ নিৰ্মাণৰ লগত জড়িত সকলোকে অভিনন্দন জনাই মই দলঙখন জনসাধাৰণৰ ব্যবহাৰৰ বাবে মুকলি হ’ল বুলি ঘোষণা কৰিলো।”

ৰজা জনকৰ ভাষণ শেষ হোৱাৰ লগে লগে হাতচাপৰিয়ে গোটেই সভা ৰজনজনাই গ’ল আৰু ৰজা জনকে সোণৰ কেঁ‌চীৰে ফিটা কাটি দলঙখনত প্ৰথম খোজ দিলে। কিন্তু খোজ পৰাৰ লগে লগে দলঙখন হঠাতে ভাগি থাকিল, ভাগ্য ভাল আছিল ৰজা জনকৰ লগত থকা পালি-প্ৰহৰীয়াই তেওঁক দুখ পোৱাৰ পৰা ৰক্ষা কৰিলে।

দলঙখন আকস্মিকভাৱে ভাগি যোৱাত উপস্থিত সকলো হতভম্ব হ’ল। লগে-লগে প্ৰভু শ্ৰীৰামৰ আদেশত এখন দহজনীয়া তদন্ত কমিটি তৈয়াৰ কৰা হ’ল।

“ইয়াতেই মোৰ কাহিনী ৰৈ গৈছে৷”- বাবুৰামে এঙামুৰি এটা দি ক’লে- “কিয়নো দ্বাপৰ যুগত গঠন কৰা সেই তদন্ত কমিটিৰ প্ৰতিবেদন আজি কলিযুগৰ এই শেষ পৰ্য্যায়তো প্ৰভু শ্ৰীৰামৰ কাৰ্য্যালয়ত দাখিল হোৱা নাই। সেই প্ৰতিবেদন পোৱাৰ পিছতে মই কাহিনীৰ পিছৰখিনি লিখিবলৈ আৰম্ভ কৰিম।”

☆★☆★☆

6 Comments

  • যাজ্ঞবল্ক্য

    সুন্দৰ অনুবাদ ব্যংগ। আগলৈকো অনুবাদেৰে পাঠকক নতুন সোৱাদ দি থাকিব বুলি আশা কৰিলো।

  • Bijoy Mahanta

    সুন্দৰ

  • সুন্দৰ !!

  • সুন্দৰ ব্যংগ ৰচনা। অনুবাদো সাৱলীল ।ভাল লাগিল।

  • Manabendra Kr Sarma

    বৰ সুন্দৰকৈ অনুবাদ কৰিলে৷
    কলেজ আলোচনীত লিখা আপোনাৰ উপন্যাসিকাই মোক এতিয়াও আমনি কৰি থাকে ৰিণ্টুদা৷ লিখিবচোন তেনেকুৱাও কিবা৷

  • Padma Gogoi

    সুন্দৰ অনুবাদ ৷

error: Content is protected !!