ফটাঢোল

কৌতুক – হিমাংশু ৰাজখোৱা

ৰাজখোৱাৰ বিয়া। কাপোৰ-গহনা, মিঠাই, মাছ, মাংস ভাগে ভাগে বস্তুৰ লিষ্ট বনাইছে। বেলেগ বেলেগ বিভাগৰ সুকীয়া সুকীয়া মানুহে বনাই দিয়া লিষ্ট অনুসৰি সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞ সকলক বজাৰলৈ পঠিওৱা হৈছে। সেইমতে বস্তু আহি ঘৰ ভৰি পৰিছে। যথাসময়ত ৰান্ধনিয়ে দিয়া পাচলিৰ লিষ্ট লৈ ৰসেশ্বৰ মামাই পাচলি বজাৰ ঘূৰি ঘূৰি বস্তু লৈ ঘৰ পালেহি। অনান্য পাচলিৰ লগতে চাৰিটা ফিটফিটিয়া বস্তা দেখি ৰভতলিত থকা আটায়ে সুধিলে-

:: “এইকেইটাত কি আছে? ”

দীঘলকৈ উশাহ এটা লৈ মামাই পকেটৰ পৰা পাচলি বজাৰৰ লিষ্টখন উলিয়াই ক’লে-
” 20 কেজি ধনীয়া পাত বিচাৰোতে মজা ওলাই গ’ল বুইছা।কোনোমতে জানোবা যোগাৰ হ’লগৈ দেই!”

20 কেজি ধনীয়া! উৰহি গছৰ উৰ ওলাল। পাচলিৰ লিষ্টখনত সব বস্তুৰে কেজি হিচাপ লিখা হৈছিল। ভুলতে ধনীয়া 20 টকাৰ ঠাইত 20 কেজি লিখি থোৱা আছিল। কৃষ্ণ!!!

☆★☆★☆

 

One comment

  • Krishna

    ৰাজখোৱাৰ বিয়াৰ ৰাজকীয় কাৰবাৰ☺

    Reply

Leave a Reply to Krishna Cancel reply

Your email address will not be published. Required fields are marked *