ফটাঢোল

ছাতিয়ে ফালি পেলোৱা প্ৰেম বোৰ – অসীমা দত্ত শইকীয়া

তেতিয়া কলেজলৈ নতুনকৈ গৈছো। ঘৰৰ পৰা সাত কি:মি: দূৰত কলেজ। যাওঁ সেই ট্ৰাক খন চলাই মানে হিৰ’ চাইকেল খন লৈ।মৰ গৰমত মুখত সনা ফেয়াৰ লভলীয়েও ককাক আইতাকৰ বিয়া দেখি যায়গৈ।কলেজ পোৱালৈ মুখৰ যিটো ৰঙ ধৰেগৈ গৰুৱে মূতিলে তাতকৈ ভাল ৰঙ ওলাই। তাতে দুটা হাতে ধৰিও চাইকেলে তাইকেলে চাৰি আলিৰ মুখতে বহা মুচীৰ গাত তিনি লুটী খাই পৰো। গতিকে ভাবকছোন এটা হাতে ছাতি ধৰি চাইকেল চলালে ক’ত নপৰিম। গতিকে চৌ-ফলীয়া ৰ’দ মুখত লৈ সেইখন চাইকেলৰ সৈতে মুখৰ সেই ৰঙত কলেজৰ কোন ল’ৰাই চাব? নাচায় যি নাচায় লগৰ জনীকে মোকে ফিল্ডৰ গৰুটোৱেও নাচায়।কলেজীয়া দিন তেতিয়া ইমান ফ্ৰীদম নাছিল।হ’লেও লগৰ প্ৰায় খিনি চুৰি তাৰি কৰি বুকিঙ।সেৰসেৰীয়া দি থাকিলো লগৰ জনীয়ে মইয়ে। চাইকেল দুখন কেঁকোজেকোকৈ ষ্টেণ্ডত থওতে আঁতৰত থকা লগৰ দুটামানে কয়- “তহঁতৰ টেক্ট্ৰৰ দুখন বলে পাৰনে ……অলপ পাতলা নললি কিয় । চেচিছ দুটা চা বাহন দুখন চা”- খিকখিকাই হাঁহে। ……দুইজনীৰে মনত ইজনীয়ে সিজনীক নক’লেও বহুত দুখ। হ’লেও আমিও ছোৱালী মানুহহে কলেজলৈ পোৱা। ………ঘৰততো মতা মানুহ বুলিয়ে ভাবে মোক।এতিয়া কলেজতো……মনটোৱে বৰ বিনাই…।

ডিগ্ৰী পোৱালৈকে আমি দুজনী ভকতনী হৈয়েই থাকিলো। ক্লাছ অফ হ’লে ফিল্ডত বহি থকা লগৰ কিজনী পুলোঙ- পালাঙকৈ নোহোৱা হয়, মানে ডেটিঙত যায়।আমি দুজনী সেৰসেৰীয়া দি বহি থাকো ইজনীয়ে সিজনীৰ মুখলৈ চাই। এদিন ক’লো আমি দুজনী সত্ৰতে সোমাও ব’ল………তাতে ভকত হওঁগৈ। তাইৰ মুখত পগলাৰ দৰে হাঁহি। কলেজত গতি সেয়া তাতে আকৌ তিনি পচিছৰ ক্লাছটো দেৰিকৈ কৰি ঘৰ পালেহি দাদাই থালৰ থালৰ দি দুইজনীক কয়……”কত দেৰি কৰিলি”? (…সি যে হিটলাৰ আছিল ।…)… আয়ৌ আৰু দুখ লাগে কোনেও নাচায়ে ইফালে।… কিবা স্বৰূপত থাৰ্ড ইয়েৰৰ এজনে লগৰ জনীক ক’লে- অসীমাৰ শিশু আলোচনীত লিখা গল্প বোৰ ভাল লাগে। ……………কলেজৰ বেল মৰা চকিদাৰ কি কচম মোৰ বুকুত কলেজৰ বেলতো ধমৰ ধমৰ মাৰিছিল সিদিনা। ইফালে কৈছে গল্পকহে তথাপি আউ…… । তেতিয়াৰ পৰা ফেয়াৰ এণ্ড লভলী সৰহকৈ ঘঁহিবলৈ ল’লো। সি থাকেও আমি অহা যোৱা কৰা ৰাষ্টাতে মেচ কৰি। মুখামুখী হ’লে আই অ …………লাজতে মেকুৰীয়ে মাৰ খালে দৌৰাৰ দৰে চুকলৈ দৌৰিব মন যায় মোৰ।

………এদিন সি গজঙ গজঙ কৈ আহি আছে সিফালৰ পৰা।মই এইফালৰ পৰা।চাইকেল নাই।হাতত লগৰ জনীৰ ফল্ডিঙ ছাতিতো। সি আতঁৰতে হঁহা যেন কৰি চাই আহিছিল…………মই লাজতে কি কৰো নকৰোকৈ ছাতিটোকে মেলি লওঁ বুলি ছুইছতো টিপিলো। ……………ৰাম কৃষ্ণ মাজুলীৰ গোটেই কিখন সত্ৰৰ গোঁসাইক সন্মুখতে দেখিলো নহয়।ছাতিটোৰ নাল ডালৰ সৈতে তলৰ ডোখৰ হাততে থাকিল। সিডোখৰ মানে ওপৰ ডোখৰ চুইইইইইতকৈ দেৱালীৰ ৰকেট বমৰ দৰে উৰি গৈ তাৰ পেটত খুন্দা মাৰি ধাচচ কৈ মেল খাই গ’ল। সি ভয় খাই ওভতি যিটো দৌৰ মাৰিলে সেইদিনাৰ পৰা মোৰ মুখলৈকে নোচোৱা হৈ থাকিল। লগৰ জনীক বকিলো কি আন এইটো তই । তাই সিডোখৰ বুটলি যোৰা লগাই হাঁহিলে উধাই-মুধাই।বোলে ভাল কৰিবলেহে আনিছিলো ছাতিতো।।

……………………তাৰ পিছত পানী এচলু দি চিধাই হোমৰ গুৰিত। এতিয়া বিন্দাছ বুঢ়াকালত ……

6 Comments

  • Manash saikia

    আগতে পঢ়িছো যদিও আকৌ পঢ়ি হাঁহিছো৷

    Reply
  • Mousumi

    Bor hahilu dai

    Reply
  • কাকলি কলিতা

    অসীমা বা সীমাহীন হাঁহিৰ ভৰাঁল।

    Reply
  • Ratul kr.Das

    ভাল লাগিল।বহুবাৰ পঢ়িলো।

    Reply
  • Sunita Choudhury

    ভাল লাগিল পঢ়ি। বহুত হাঁহিলো।

    Reply
  • স্বপ্নালী পাচনী

    খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *